চৰাইদেউ – বিশ্ব ঐতিহ্যক্ষেত্ৰ
চৰাইদেউ – প্ৰবাদ অনুসৰি টাই আহোমসকলৰ ভাষাত চে-ৰাই-ডয় (চে-নগৰ, ৰাই-জিলিকা, ডয়-পাহাৰ, অৰ্থাত পাহাৰৰ ওপৰত জিলিকি থকা নগৰ) নামৰ ঠাইখণ্ডকে আজি চৰাইদেউ বুলি জনা যায়। প্ৰায় সাত শ বছৰীয়া বৰ্ণিল ইতিহাসৰ সাক্ষৰ বহন কৰি আজিও সগৌৰৱে মূৰ ডাঙি থিয় দি থকা এই চৰাইদেউ পাহাৰে আজি বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে। সাংস্কৃতিক ঐতিহ্যৰ শিতানত সমগ্ৰ উত্তৰ পূৱৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ আৰু বিশ্ব পৰ্যটনৰ মানচিত্ৰত সন্নিবিষ্ট হ’ল চৰাইদেউ মৈদামক্ষেত্ৰ। এই বিৰল স্বীকৃতিৰ আঁৰত লুকাই থকা ঐতিহ্য আৰু ইয়াৰ ইতিহাস, বৰ্তমান সম্পৰ্কে আমি আগবঢ়াব খুজিছোঁ এটি চমু আলোচনা।
আলোচ্য ঐতিহ্যক্ষেত্ৰৰ প্ৰথমটো খোজ আছিল আজিৰ পৰা প্ৰায় ৭৭০ বছৰৰ আগৰ ১২৫৩ খ্ৰীষ্টাব্দৰ কোনোবা এটা দিন। ইতিপূৰ্বে ১২১৫ খ্ৰীষ্টাব্দত চীন দেশৰ মাও লুং প্ৰদেশৰ পৰা নিজৰ জন্মভূমি এৰি স্বাধীন ৰাজ্য পতাৰ নিমিত্তে ইষ্টদেৱতা চোমদেউ বিগ্ৰহ, মঙ্গল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী- আই মে চাও লো, নাংচিন-চুম্-ফা আৰু য়েলে-য়ে-চিন-চুম্-ফা, দুজন পাত্ৰ মন্ত্ৰী, পাঁচজন কোঁৱৰ, চাৰিজন ৰাজপুৰোহিত, দুজন বাইলুং, ডা-ডাঙৰীয়া, বিষয়া-ৰাজখোৱা লগতে ১২,০০০ সৈনিক, ৩,০০০ ঘোঁৰা, খাম পেং নামৰ এটা দঁতাল হাতী, এজনী মাখুন্দী হাতী, সাঁচিপাতৰ বুৰঞ্জী পুথি, বানচেং পুথি, জ্যোতিষ আৰু চিকিত্সা শাস্ত্ৰৰ পুথি, ধৰ্মীয় পুথি, খেতিৰ সঁজুলি, যুদ্ধৰ সঁজুলি আৰু এবিধ খাৰ-বাৰুদৰ হিলৈ সহিতে স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাই ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰ পীঠত ভৰি দিছিল আৰু সেই ভূখণ্ডক অভিহিত কৰিছিল ম্যুং-ড্যুন-চুন-খাম অৰ্থাত সোণোৱালী শস্যৰ দেশ। পাহাৰৰ বুকুত কুকুৰা কাটি নাম দিছিল পাটকাই পৰ্বত।
সেই ঠাইতে ১৬ আঘোণ তাৰিখে নিজৰ মৰমৰ বগা ঘোঁৰাটো বলি দি মে-ডাম-মে-ফী পাতি পূৰ্ব পুৰুষলৈ পূজা আগবঢ়াই অস্থায়ীভাৱে ৰাজধানী পাতিলে আৰু নাম থ’লে ‘টিপাম’ অৰ্থাত ওখ চাপৰি বা সমতল ঠাই। ইয়াৰ পাছৰ ইতিহাস বিছাৰিলে পোৱা যায় স্বৰ্গদেউ চুকাফাই সেই ঠাই এৰি নতুন ঠাইত ৰাজধানী পাতিবৰ মন মেলিলে আৰু দিহিঙে-দিচাঙে উজাই-ভটিয়াই শেষত ১২৫৩ খ্ৰীষ্টাব্দত নগা পাহাৰৰ পাদদেশৰ চে-ৰাই-ডয়ত ভৰি থ’লে। ইয়াৰ পাছতে আৰম্ভ হ’ল চুতীয়া, কছাৰী, বৰাহী, মৰাণ সহিতে জনগোষ্ঠী আৰু জনসমষ্টিৰে এক সংমিশ্ৰণ, সমাহৰণ আৰু সমন্বয় সংস্কৃতিৰ বৃহত্তৰ আহোম ৰাজ্য গঠন প্ৰক্ৰিয়া।
প্ৰাচীন চৰাইদেউ নগৰৰ ভৌগোলিক অৱস্থিতি
উত্তৰে আৰু পূৱে | নিমনাগড় |
দক্ষিণে | লাদৈগড় |
পশ্চিমে | ৰাজগড় |
ৰাজ্যৰ পৰিসীমা | দীঘে-পুতলে প্ৰায় ১৫-২০ বৰ্গ কিঃমিঃ |
(যদিওবা চৰাইদেউ পাহাৰৰ নামেৰে পিছলৈ চৰাইদেউ জিলা গঠন কৰা হয়, এই মৈদামক্ষেত্ৰ চৰাইদেউ আৰু শিৱসাগৰ দুয়োখন জিলাৰে অন্তৰ্ভুক্ত বুলি ক’ব পাৰি যিহেতু চৰাইদেউ নগৰক্ষেত্ৰই দুয়োখন জিলাৰে সীমামূৰীয়া অঞ্চল সামৰি লৈছে।)
থোৰতে বৰ্তমানৰ চৰাইদেউ জিলা
মহকুমা ঘোষণাৰ তাৰিখ | ১৯৮৩ চনৰ ১৫ আগষ্ট |
জিলা ঘোষণাৰ তাৰিখ | ২০১৫ চনৰ ১৫ আগষ্ট |
মুঠ মাটিকালি | ১,০৮৭ বৰ্গ কিঃমিঃ |
মুঠ জনসংখ্যা (২০১১ লোকপিয়ল অনুসৰি) | ৪,৫৮,৬১৫ জন |
সাক্ষৰতাৰ হাৰ | ৭৪.১১% |
জিলা সদৰ | সোণাৰি |
নৈ-উপনৈ | দিচাং, তাওকাক, টিফুক |
উন্নয়ন খণ্ড | ৪ টা |
চৰাইদেউ কিয় বিখ্যাতঃ
এক কথাত ক’বলৈ গ’লে চৰাইদেউ আহোম শাসনকালৰ ৰাজধানী আছিল আৰু আহোম স্বৰ্গদেউসকলৰ সমাধিস্থলী। ইতিহাসৰ পাতত আহোম সাম্ৰাজ্যৰ বহুকেইখন ৰাজধানী চহৰ উজনি অসমত পোৱা যায় যদিও চৰাইদেউ ইয়াৰ ব্যতিক্ৰম। প্ৰথমজনা স্বৰ্গদেউ চাওলুং চুকাফাই দীৰ্ঘ সময় ধৰি (১৫০ বছৰ) স্থায়ী ৰাজধানী পাতি চৰাইদেউক এখন নগৰৰ ৰূপ দিছিল আৰু ইয়াতে ইহলীলা সম্বৰণ কৰিছিল। তেতিয়া তেওঁৰ ডা-ডাঙৰীয়াসকলে দেৱতাৰ মৰ্যদাৰে চৰাইদেউ পাহাৰত মৈদাম দিয়া প্ৰথাৰ আৰম্ভণি কৰে। মৈদাম শব্দৰ অৰ্থ হৈছে- মৈ মানে টাই ভাষাত শৱ আৰু দাম মানে দেৱতা অৰ্থাত দেৱতাৰ মৰ্যাদাৰে মৃতদেহ সমাধিস্থ কৰা। এই শৱদেহ সত্কাৰ পদ্ধতিটো অসমৰ বা ভাৰতৰ কোনো জাতিৰ সৈতে মিল নাই।
একক আৰু অদ্বিতীয় এই মৈদাম সংস্কৃতি আহোমসকলে তেওঁলোকৰ লগতে লৈ আহিছিল। বুৰঞ্জীৰ মতে এই পদ্ধতি প্ৰাচীন গ্ৰীচ আৰু মিছৰীয় সভ্যতাৰ সৈতে মিল আছে। মিছৰীয়সকলৰ পিৰামিডৰ আৰ্হি ইয়াত দেখিবলৈ পোৱা যায়। অৱশ্যে কেৱল মৈদামসমূহেই নহয়, এখন পূৰ্ণাংগ আৰু পৰিকল্পিত চহৰ হিচাপে চৰাইদেউক গঢ় দিয়া আৰু সুকীয়া স্থাপত্য-ভাস্কৰ্যৰে এক সাংস্কৃতিক ঐতিহ্যৰ স্বাক্ষৰ ৰাখি থৈ যোৱা বাবেহে চৰাইদেউ মূলতঃ এখন উল্লেখযোগ্য পৰ্যটনস্থলী বুলি অভিহিত কৰিব পাৰি। এই মৈদামসমূহ কেৱল এক সমাধিস্থলেই নহয় বৰং ই মধ্যযুগৰ আহোম শাসনকালৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু প্ৰচলিত ধৰ্মীয় ৰীতি-নীতিৰ সাক্ষ্য বহনকাৰী অনন্য স্থাপত্য। বৰ্তমানেও চৰাইদেউ আৰু দাঁতিকাষৰীয়া অঞ্চলত প্ৰায় ৩৮৬ টা মৈদাম আছে বুলি জানিব পৰা যায়, তাৰে ৯০ টা ৰাজকীয় মৈদাম আৰু ইয়াৰ ভিতৰত ৩০ টা মৈদাম ভাৰতীয় পুৰাতত্ব বিভাগৰ তৰফৰ পৰা সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
চৰাইদেউ আৰু ঐতিহাসিক সমলঃ
প্ৰাচীন চৰাইদেউ নগৰ আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলত থকা ঐতিহাসিক সমল প্ৰত্নতাত্বিক কীৰ্তিচিহ্নসমূহ হৈছে- বুঢ়াগোঁহাই পুখুৰী, ৰহদৈ পুখুৰী, সোণাদৈ পুখুৰী, পেটুধোৱা পুখুৰী, ভেছেলী পুখুৰী, বাউলী পুখুৰী, চেতিয়া ফুকনৰ পুখুৰী, বাইলুং পুখুৰী, কুটা বৰফুকনৰ পুখুৰী, বৰপুখুৰী, দীঘলী পুখুৰী. মিঠাপুখুৰী, টেঙাপুখুৰী, শ ধোৱা পুখুৰী, কোৰ ধোৱা পুখুৰী, কনছেং বৰপাত্ৰ গোঁহাই পুখুৰী, লাংকুৰি দৌল, লাংকুৰি দেওশাল, মাইবেলা দৌল, ৰহদৈ আলি, ৰমণী আলি, ধোদৰ আলি, ৰহদৈ শিলাসাঁকো, ডৰিকা শিলাসাঁকো, চাৰিটা কুঁৱৰী মৈদাম, চাংমাই শাল, ৰজামৈদাম, শ-নিয়া আলি, চুকাফা মৈদাম, যুৰীয়া মৈদাম, ফুলেশ্বৰী কুঁৱৰীৰ মৈদাম ইত্যাদি। চৰাইদেউ মৈদামক্ষেত্ৰৰ ৯২.৫ হেক্টৰ (৫৭৬ বিঘা) ভূমি ক’ৰ (Core Zone) এৰিয়া আৰু ৭৫৪.৫২ হেক্টৰ অঞ্চল বাফাৰ এৰিয়া(Buffer Zone) হিচাপে বাচনি কৰা হৈছে।
আঠকোণীয়া বা অষ্টভূজাকৃতিৰ চৰাইদেউ মৈদামক্ষেত্ৰৰ মৈদামসমূহ নিৰ্মাণ সামগ্ৰীৰ ফালৰ পৰা মূলতঃ তিনিটা ভাগত ভাগ কৰা হৈছে- (১) মাটিৰে নিৰ্মিত (২) ইটাৰে নিৰ্মিত (৩) কাঠেৰে নিৰ্মিত। স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্বৰ কালৰ পৰা ইটাৰ ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা যায়।
মৈদামৰ অংশসমূহঃ
আহোমসকলৰ মতে মৈদামৰ তিনিটা ভাগ হৈছে ৰুংডাং কাৰেং, ৰুংডাং আৰু চাও-চালি।
ৰুংডাং হৈছে কাঠেৰে নিৰ্মিত বিশেষধৰণৰ পেৰা বা বাকচ য’ত মৃতদেহটো পেটুধোৱা পুখুৰী আৰু শ ধোৱা পুখুৰীত ধোৱাই আনি শুৱাই থোৱা হয়।
ৰুংডাং কাৰেং হৈছে ৰুংডাং বাকচ সমাধিস্থ কৰা ঠাইত নিৰ্মাণ কৰা গৃহ। ইয়াত মৃতকে জীৱিত কালত ব্যৱহাৰ কৰা সকলো সামগ্ৰী, আ-অলংকাৰ, যুদ্ধৰ তৰোৱাল, কাপোৰ, মুদ্ৰা ইত্যাদি পুতি থোৱা হয়। উল্লেখ অনুসৰি মৃতকৰ লগুৱা-লিকচৌ সকলকো জীৱিত অৱস্থাতে ইয়াত পোতা হৈছিল, অৱশ্যে পাছলৈ এই পৰম্পৰা বন্ধ কৰা হয়।
ৰুংডাং কাৰেঙৰ ওপৰত মাটিৰ এটা দৌল সজা হয় আৰু তাৰ ওপৰত এখন চাপৰ চালি সজোৱা হয় ইয়াকে চাও চালি বুলি জনা যায়। চাও চালিখন মূলতঃ সমাধিস্থলৰ সৌন্দৰ্যবৰ্ধন বাবে আৰু আহোম স্থাপত্যৰ এক অংশ হিচাপেহে নিৰ্মিত।
স্থাপত্যৰ ফালৰ পৰা চাবলৈ গ’লে ইয়াৰ আৰ্হি পিৰামিডৰ দৰে হ’লেও ইয়াত আহোমসকলৰ নিজা স্থাপত্য-কলাৰ নিদৰ্শন সুস্পষ্ট। মৈদামসমূহ মাটিৰ তলত একাধিক বিশাল কোঠালিৰে গঠিত, যাৰ ওপৰত গম্বুজময় অধিগাঁথনি থাকে আৰু মাটিৰ টিলাৰ আবৃত আৰু বাহিৰৰ পৰা ইয়াক অৰ্ধগোলাকাৰ টিলা যেন লাগে। মৈদামৰ উচ্চতা প্ৰায় ৫২ পৰ্যন্ত দেখিবলৈ পোৱা যায়। মৈদামৰ পৰিসীমাত আঠকোণীয়া এখন ইটাৰ বেৰা নিৰ্মাণ কৰা হৈছিল যাক গড় বুলি জনা যায়।
এই সকলোবোৰ মিলাই স্থাপত্যবিদসকলে একোটা মৈদামক পাঁচটাকৈ প্ৰত্নতাত্বিক অংশত চিহ্নিত কৰিছে- (১) গৰ্ভ(ভিতৰৰ অংশ) (২) টাই (বন্ধ অংশ) (৩) গা-মৈদাম (মাটিৰ টিলা অংশ) (৪) গড়(পৰিসীমাৰ দেৱাল) আৰু (৫) শিল আৰু মাটিৰে নিৰ্মিত তোৰণসদৃশ সজ্জা। কিছুমান মৈদাম অৱশ্যে দুখলপীয়া আৰু কেইবাটাও কোঠালি থকাও দেখিবলৈ পোৱা যায়।
চৰাইদেউ মৈদামৰ লুন্ঠনঃ
চৰাইদেউ মৈদামত ধন-সোণ আৰু অমূল্য ৰত্নৰ সন্ধানত পোন প্ৰথমবাৰৰ বাবে লুন্ঠন চলাইছিল মোগল আক্ৰমণকাৰী মীৰজুমলাই। ইয়াৰ পাছত ব্ৰিট্ৰিছৰ আমোলত বহুতবাৰ মৈদামসমূহৰ খনন আৰু লুন্ঠন হয়। তথ্য অনুসৰি টি. ব্ৰদি, চি. ক্লেইটন আদি ব্ৰিটিছ বিষয়াই ১৮৪৮ চনৰ জুন মাহত মৈদামৰ লুণ্ঠন আৰম্ভ কৰিছিল। ক্লেইটন আৰু তেওঁৰ দলে সোণৰ কেৰু, ৰূপৰ খৰিকা, বানবাতি, বানকাহি আৰু চূণ থোৱা সৰু বান এটা খান্দি উলিয়াইছিল যি পাছত বেডফৰ্ড বোলা এজনে কিনি লৈছিল। পৰৱৰ্তী সময়ত ১৯০৫ চনত আহোম কোঁৱৰ এজনক লৈ গৈ মৈদাম খন্দোৱাইছিল। এ
ই অবৈধ খনন অথবা চুৰিকাৰ্য আজিকোপতি চৰাইদেউৰ কাষৰীয়া অঞ্চলত সময়ে সময়ে দুষ্টচক্ৰই চলাই আছে। উল্লেখযোগ্য যে চৰাইদেউৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলত বহুসময়ত বিভিন্ন সোণ-ৰূপৰ আ-অলংকাৰ উদ্ধাৰ কৰা হয়, যিবোৰ উপযুক্ত সংৰক্ষণৰ অভাৱত কালৰ বুকুত হেৰাই যায়। এইখিনিতে উল্লেখ কৰিব পাৰি যে, কেৱল খনন আৰু চুৰিকাৰ্যই যে চৰাইদেউৰ ক্ষতি কৰিছে এনে নহয়। মৈদামক্ষেত্ৰৰ কাষৰীয়া বহু অঞ্চল ব্ৰিটিছৰ আমোলতে আৰু তাৰ পাছতো চাহ বাগিছা নিৰ্মাণ, কৃষিভূমি, চৰণীয়া পথাৰৰ ব্যৱহাৰ কৰি তাৰ পূৰ্বৰ চিন-মোকাম নাইকিয়া কৰি পেলোৱা হ’ল। এইদৰে কেইবাটাও প্ৰজন্ম ধৰি মানুহে বহু মৈদামৰ অস্তিত্বকে নোহোৱা কৰি পেলালে বুলি ঠাৱৰ কৰা হয়।
চৰাইদেউ জিলা আৰু পৰ্যটনঃ
ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰৰ নামেৰে অঞ্চলটোক অসম চৰকাৰে ১৯৮৩ চনৰ ১৫ আগষ্ট তাৰিখে শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে ঘোষণা কৰে। আৰু পৰৱৰ্তী সময়ত চৰাইদেউ মৈদামৰ স্মৃতিতে ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে অসম চৰকাৰে চৰাইদেউ এখন পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰে। মৈদামক্ষেত্ৰৰ পৰা পূৱলৈ অৱস্থিত সোণাৰিত জিলা সদৰ স্থাপিত কৰা হয়। নৱগঠিত চৰাইদেউ জিলাৰ উত্তৰে আৰু পূৱে ডিব্ৰুগড় জিলা, দক্ষিণে নগা পাহাৰ আৰু পশ্চিমে আছে শিৱসাগৰ জিলা। উল্লেখযোগ্য যে, জিলা ঘোষণাৰ পাছৰে পৰা জিলা প্ৰশাসনৰ সহযোগত আৰু স্থানীয় লোকৰ উদ্যোগত চৰাইদেউ মৈদামক্ষেত্ৰত প্ৰতিবছৰে ‘চৰাইদেউ মহোত্সৱ’ নামেৰে এক অনুষ্ঠানৰ আয়োজন কৰি আহিছে। পৰ্যটনৰ ক্ষেত্ৰত জিলাখনৰ বাবে ই এক উল্লেখযোগ্য অনুষ্ঠান বুলি গণ্য কৰা হয়।
নৱগঠিত জিলা হিচাপে জিলাখনৰ অনুন্নত আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে চৰকাৰে সময়ে সময়ে বিশেষ পদক্ষেপ হাতত লৈ অহা পৰিলক্ষিত হয়। বুৰঞ্জীৰ পাতত বা কাগজে-পত্ৰই ইমানবোৰ ঐতিহাসিক সমল থকাৰ পাছতো জিলাখনৰ পৰ্যটনৰ দিশটো বহু পৰিমাণে দুৰ্বল হোৱাটো জিলাবাসী আৰু প্ৰশাসনৰ বাবে এক দুখৰ বিষয়। সমলসমূহৰ উপযুক্ত সংৰক্ষণৰ অভাৱ, ইয়াৰ চিনাক্তকৰণ আৰু বুৰঞ্জীলদ্ধ তথ্যৰ উপস্থাপনৰ অভাৱতো বহু সময়ত পৰ্যটকে এই সম্পদসমূহক উপেক্ষা কৰিবলগাত পৰে। আকৌ, তুলনামূলকভাৱে সৰু জিলাখনৰ বাট-পথসমূহৰ দুৰৱস্থা, থকা-খোৱাৰ সুব্যৱস্থাৰ অভাৱ আৰু উপযুক্ত যাতায়ত ব্যৱস্থাৰ অভাৱে পৰ্যটকক বিমুখ কৰে। অন্যহাতেদি এখন উন্নত মানদণ্ডৰ পৰ্যটনস্থলী হিচাপে দৰ্শনাৰ্থীক আকৰ্ষণ কৰিব পৰাকৈ সাংস্কৃতিক অনুষ্ঠান, সুসজ্জিত সৰৱ ব্যৱসায়িক প্ৰতিষ্ঠানৰ অভাৱ আৰু উপযুক্ত বিনিয়োগকাৰীৰ অভাৱত অঞ্চলটোৱে পৰ্যটনৰ এক মাইলৰ খুঁটি হৈ আজিও ভালদৰে থিয় দিব পৰা নাই।
বিশ্ব ঐতিহ্যৰ দিশে চৰাইদেউঃ
চৰাইদেউ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়াতো আছে বহুজনৰ কষ্ট আৰু ত্যাগ। অসম চৰকাৰৰ প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ বিষয়া সকলৰ লগতে স্থানীয় ৰাইজ তথা বুৰঞ্জীবিদ সকলৰ মাজত বিগত কেইবাবছৰো ধৰি অনুষ্ঠিত আলোচনাসমূহত বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ সম্ভাৱনীয়তা অধিক স্পষ্ট হৈ উঠিছিল। এই প্ৰক্ৰিয়াক আৰু গতিশীল ৰূপ দিয়াৰ বাবে পুৰাত্ববিদ ড০ কে চি নৰীয়াল ডাঙৰীয়াক অসম চৰকাৰে সাংস্কৃতিক বিশেষজ্ঞ হিচাপে নিয়োগ কৰে আৰু তেখেতৰ অংশগ্ৰহণতে চৰাইদেউ মৈদামৰ দচিয়াৰ প্ৰস্তুতকৰণকে ধৰি অন্যান্য আনুসংগিক কামসমূহ আগবাঢ়ি গৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোত স্থানীয় ৰাইজ আৰু দল-সংগঠনসমূহৰ সহযোগ অনস্বীকাৰ্য।
২৬ ছেপ্তেম্বৰ, ২০২২ তাৰিখে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ বাবে চৰাইদেউ মৈদামৰ খচৰা দছিয়াৰ প্ৰস্ততকৰণৰ কাম সম্পন্ন কৰি ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগ (Archaeological Survey of India) চমুকৈ ASI ক দাখিল কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যোৱা ২১ জানুৱাৰী ২০২৩ তাৰিখে চূড়ান্ত দছিয়াৰ ভাৰত চৰকাৰক দাখিল কৰা হয় আৰু ২৬ জানুৱাৰী ২০২৩ তাৰিখে ভাৰত চৰকাৰে এই দছিয়াৰ ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা (United Nations Educational, Scientific and Cultural Organization) চমুকৈ UNESCO লৈ প্ৰেৰণ কৰে। ৪ মাৰ্চ, ২০২৩ তাৰিখে UNESCO ৰ তৰফৰ পৰা অৱগত কৰা হয় যে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন পৰ্বত চৰাইদেউ মৈদামে স্থান লাভ কৰাৰ ক্ষেত্ৰত ইউনেস্ক’ সচিবালয়ৰ সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে।
সেই অনুসৰি আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে (International Council on Monuments and Sites) চমুকৈ ICOMOS ৰ প্ৰতিনিধি লিম-চেন-চিয়ান আৰু ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগৰ বিষয়ববীয়াসকলে ২০২৩ বৰ্ষৰ ৭-৮ অক্টোৱৰ তাৰিখে পৰ্যবেক্ষণ কৰে। আৰু সকলো বিবেচনাৰ অন্তত আজি ২০২৪ বৰ্ষৰ ২৬ জুলাই তাৰিখে নতুন দিল্লীত অনুষ্ঠিত UNESCO ৰ ৪৬ সংখ্যক অধিৱেশনত চৰাইদেউ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়া হয়। চৰাইদেউ মৈডামক্ষেত্ৰ ভাৰতৰ ৪৩ তম আৰু অসমৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ তথা সাংস্কৃতিক ক্ষেত্ৰত উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো বিশ্ব ঐতিহ্যক্ষেত্ৰ।
এই স্বীকৃতিৰ কৃতিত্ব দিব লাগিব অসম আৰু ভাৰতীয় পুৰাতত্ব বিভাগৰ সকলো বিষয়-ববীয়াক, পুৰাতত্ব ড০ কে.চি. নৰিয়াল ডাঙৰীয়াক, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ৰাজহ মন্ত্ৰী যোগেন মহন ডাঙৰীয়াক, স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক আৰু সৰ্বোপৰি চৰাইদেউ মৈদামক্ষেত্ৰক ঐতিহ্যক্ষেত্ৰৰ ৰূপ দিবলৈ অহোপুৰুষাৰ্থ কৰা স্থানীয় দল সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়-ববীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ বিষয়-ববীয়াসকলক।
চৰাইদেউ মৈদামক্ষেত্ৰৰ ভৱিষ্যতঃ
বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ পাছতে চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ববাসীৰ আগত এক নতুন পৰিচয় লাভ কৰিলে। পৰ্যটনৰ ক্ষেত্ৰত চৰাইদেউ দেশী-বিদেশী পৰ্যটকৰ বাবে হ’ব এক উল্লেখযোগ্য স্থান। ইয়াৰ লগে লগে গৱেষণা আৰু নৃতাত্বিক, স্থাপত্যৰ অধ্যয়নৰ বাবে চৰাইদেউ এক আন্তৰ্জাতিক স্তৰৰ অধ্যয়নক্ষেত্ৰ হিচাপে চিহ্নিত হ’ব। যাৰ বাবে চৰাইদেউ মৈদামক্ষেত্ৰক সুন্দৰকৈ সজাই পৰাই তোলাৰ প্ৰয়োজন আছে। সমগ্ৰ অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নৰ অতীৱ প্ৰয়োজন। আমি আশা কৰিছো চৰাইদেউ মৈদামক্ষেত্ৰত এক বৃহত নিয়োগৰ সৃষ্টি হ’ব। ৰাজ্যৰ ইতিহাসত আটাইতকৈ দীৰ্ঘসময় শাসন কৰা জাতিটোৰ সম্ভ্ৰম আৰু সংস্কৃতিক বিশ্ববাসীৰ আগত পুনৰ এবাৰ দাঙি ধৰাত, অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰাত চৰাইদেউ মৈদামক্ষেত্ৰ এক মাইলৰ খুটি হৈ ৰ’ব।
তথ্য উত্সঃ ইন্টাৰনেট।