তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ

(ৰজনীকান্ত বৰদলৈ আছিল অসমীয়া উপন্যাস সাহিত্যৰ বাটকটীয়া। উপন্যাস সম্ৰাট নামেৰে খ্যাত ৰজনীকান্ত বৰদলৈ আৰু তেওঁৰ সাহিত্যকীৰ্তি সম্পৰ্কে সাৰথিৰ এই বিশেষ লেখা)

১৮৯১ চনৰ কথা। ইংৰাজ বুৰঞ্জীবিদ ছাৰ এডৱাৰ্ড গেইটে লক্ষীমপুৰত চাকৰি কৰি থকা সময়তে তেওঁতকৈ নিম্ন পদবীৰ এজন অসমীয়া শিক্ষিত ডেকাক লগ পায়। অসম বুৰঞ্জীৰ প্ৰতি সদা উৎসুক গেইট চাহাবে ডেকাজনক অসম বুৰঞ্জীৰ সম্পৰ্কত কেইটামান প্ৰশ্ন সুধে, কিন্তু আমাৰ ডেকাজনে সেই সম্পৰ্কত কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে। সেই দেখি গেইট চাহাবে ডেকাজনক গৰিহণা দিয়াৰ সুৰত ক’লে– “তুমি অসমৰ শিক্ষিত ডেকা, এজন গ্ৰেজুৱেট। অথচ অসমৰ বিষয়ে একোৱেই নাজানা।”

এই কথাত আমাৰ ডেকাজনে লাজ পালে আৰু গেইট চাহাবৰ অনুপ্ৰেৰণাতেই তেওঁ অসমৰ ইতিহাস সম্পৰ্কে আতিগুৰি মাৰি পঢ়িবলৈ ল’লে। আৰু পাছলৈ সকলোকে আচৰিত কৰি সেইজন ডেকাই সৰ্বসাধাৰণ পাঠকে পঢ়িব পৰাকৈ কেইবাখনো মনোৰম বুৰঞ্জীমূলক উপন্যাস লিখি উলিয়ালে। নাম ৰাখিলে ‘মনোমতী’, ‘ৰহদৈ লিগিৰী’, ‘নিৰ্ম্মল ভকত’, ‘তাম্ৰেশ্বৰীৰ মন্দিৰ’, ‘ৰঙ্গিলী’, ‘দন্দুৱা দ্ৰোহ’ ইত্যাদি। হয়, আমি ক’বলৈ ওলাইছো অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ দেৱৰ কথাই।

জন্ম আৰু বংশ পৰিচয় –

ৰজনীকান্ত বৰদলৈৰ পূৰ্বপুৰুষ কনৌজৰ। সেইসময়ত যি ১২ ঘৰ বৰদলৈ অসমলৈ আহিছিল তাৰে ভিতৰত ‘বিজয়খৰি’ৰ ঘৰৰ দিহিঙীয়া বৰদলৈৰ পৰিয়ালে উজনি অসমৰ শিৱসাগৰৰ দিহিং নৈৰ পাৰত বাস কৰিছিল। অনুমান হয় তেওঁলোকে আহোম ৰজাৰ অধীনত ৰজাঘৰীয়া বিষয়বাবো ভোগ কৰিবলৈ পাইছিল। কিন্তু ১৯ শতিকাৰ আৰম্ভণিতে হোৱা মানৰ আক্ৰমণত তেওঁলোকে বসতি সলনি কৰিবলৈ বাধ্য হয়। মান ভগনৰ সময়ত দিহিংপৰীয়া বৰদলৈ পৰিয়ালটোৱে নামনি অসমলৈ পলাই আহি কামৰূপৰ হাজো অঞ্চলত বসতি কৰিবলৈ লয়। কিন্তু হাজোতো তেওঁলোক বেছি বছৰ নাথাকিল। হাজোৰ পৰা উঠি আহি তেওঁলোকে গুৱাহাটীৰ শিলপুখুৰীৰ ওচৰৰ পঞ্চৱতী আশ্ৰমৰ ওচৰত স্থায়ীভাৱে থাকিবলৈ লয়। এই পঞ্চৱতী আশ্ৰমৰ ওচৰতে থাকি মাটিৰ পিয়লৰ কাম কৰি পৰিয়াল পোহপাল নৰকান্ত বৰদলৈয়ে। আৰু এই নৰকান্ত বৰদলৈৰ ঔৰসতে জন্ম হৈছিল ৰজনীকান্ত বৰদলৈৰ ১৮৬৭ চনৰ ২৪ নৱেম্বৰ তাৰিখে।

ল’ৰালিকাল আৰু শিক্ষাজীৱন

ৰজনীকান্ত বৰদলৈৰ লʼৰালিকাল আছিল অতি সংঘৰ্ষপূৰ্ণ। আনবোৰ শিশুৰ দৰেই হাঁহি ধেমালিৰে তেওঁৰ জীৱনৰ প্ৰথমছোৱা পাৰ হৈছিল যদিও নিয়তিয়ে মাত্ৰ ন বছৰ বয়সতে তেওঁৰ জীৱনৰ পৰা পিতৃক কাঢ়ি লৈ যায়। ফলত কেৱল পিতৃৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালটো অথাই সাগৰত পৰিছিল। সেইসময়তে পৰিয়ালটোক বিপদত পৰিবলৈ নিদি ধৰি ৰাখে তেওঁৰ মোমায়েক দুৰ্লভ চাংকাকতিয়ে। পৰিয়ালৰ দুদৰ্শাভৰা ছবিখনে প্ৰতিনিয়ত আমনি কৰি থকা ৰজনীকান্তই এইবাৰ একাগ্ৰতাৰে পঢ়িবলৈ লয়। সৰুৰে পৰা তীক্ষ্ণ বুদ্ধিসম্পন্ন বৰদলৈয়ে ১৮৮৫ চনত গুৱাহাটীৰ চৰকাৰী হাইস্কুলৰ পৰা দ্বিতীয় বিভাগত এন্ট্ৰেঞ্চ পৰীক্ষা পাছ কৰি কুৰি টকীয়া বৃত্তি লৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যাত্ৰা কৰে। কলিকতাত গৈ তেওঁ বিদ্যাসাগৰ কলেজত নামভৰ্তি কৰে আৰু অতি কম খৰচতে চলি ১৮৮৭ চনত প্ৰথম বিভাগত এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। এই সকলোখিনি সম্ভৱ হৈছিল বৰদলৈদেৱৰ পৰিশ্ৰম আৰু মোমায়েকৰ উৎসাহৰ বলত। ইয়াৰ পিছত তেওঁ স্নাতক শ্ৰেণীত নামভৰ্তি কৰি ১৮৮৯ চনত সুখ্যাতিৰে বি. এ. পৰীক্ষাত উত্তীৰ্ণ হয়।

এইখিনিতে কৈ থোৱা ভাল হ’ব যে, জ্ঞান পিপাসু বৰদলৈদেৱে বি. এ. পাঠ্যক্ৰমৰ সমান্তৰালভাৱে কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আয়ুৰ্বেদিক চিকিৎসাবিজ্ঞানৰ পাঠ্যক্ৰমটো নামভৰ্তি কৰিছিল। পিছে দুটা পাঠ্যক্ৰমক সমানে আগুৱাই নিব নোৱাৰি পাছলৈ তেওঁ ডাক্তৰী পাঠ্যক্ৰম পৰিত্যাগ কৰে।

বি. এ. পাছ কৰাৰ পাছত বৰদলৈদেৱে আইন পঢ়িবৰ মানসেৰে লʼ কলেজত নামভৰ্তি কৰে। কিন্তু মোমায়েকৰ আৰ্থিক সাহায্যতে পঢ়ি থকা ৰজনীকান্তই ইমান দীঘলীয়াকৈ পঢ়ি থকাৰ সুযোগ লোৱাতো উচিত নহয় বুলি ভাবি আইনৰ শিক্ষা আধাতে এৰি গুৱাহাটীলৈ উভতি আহে।

কৰ্ম জীৱন আৰু পাৰিবাৰিক জীৱন-

গুৱাহাটীলৈ আহি ৰজনীকান্তই পোনপ্ৰথমে ৪০ টকীয়া দৰমহাৰ এটা কেৰাণীৰ চাকৰিত সোমায়। কিন্তু চোকা বুদ্ধিৰ ৰজনীকান্তই কেৰাণীৰ চাকৰিত বেছি দিন থাকিবলগীয়া নহ’ল। অতি সোনকালেই তেওঁ ‘কাননগো’ পদলৈ আৰু পাছত ‘চাব ডেপুটি কালেক্টৰ’ পদলৈ প্ৰমোচন পাই উত্তৰ লক্ষীমপুৰলৈ বদলি হয়। তাৰ আগতেই ৰজনীকান্তই গুৱাহাটীৰ কলিয়া বৰদলৈৰ কন্যা স্বৰ্ণময়ী দেৱীক বিয়া কৰায়। তেওঁলোকৰ পাঁচজন পুত্ৰ সন্তান আৰু পাঁচ গৰাকী কন্যা সন্তান আছিল। তাৰ পাছত বৰদলৈদেৱে ‘এক্সট্ৰা এছিটেণ্ট কমিছনাৰ’ পদলৈ প্ৰমোচন পাই গোলাঘাটলৈ বদলি হৈ কিছুদিন থকাৰ পাছত নগাঁৱলৈ বদলি হয়।

ৰজনীকান্ত বৰদলৈদেৱৰ পাৰিবাৰিক জীৱন বৰ সুখকৰ নাছিল। ডেকা কালতে তেওঁ নিজৰ প্ৰাণসম ভাতৃক হেৰুৱাইছিল। আকৌ নগাঁৱত চাকৰি কৰি থকা সময়তে তেওঁৰ প্ৰথম পুত্ৰ গোলোককান্ত বৰদলৈৰ মৃত্যু হৈছিল। এই শোকে তেওঁক একেবাৰে ভাঙি পেলাইছিল। সেইসময়তে তেওঁ অলপ শান্তি বিচাৰি তীৰ্থযাত্ৰা লৈ যায়। তীৰ্থযাত্ৰাৰ পৰা অহাৰ পাছৰ পৰাই তেওঁৰ মনত সাহিত্য সৃষ্টিৰ প্ৰতি এক প্ৰকাৰৰ তাড়না জাগি উঠে। আৰু জীৱনৰ মাজ বয়সৰ পৰা তেওঁ সাহিত্য সৃষ্টিত একাগ্ৰতাৰে নিমগ্ন হয়।

নগাঁৱৰ পাছত শিলচৰ, তাৰ পাছত মংগলদৈ, মংগলদৈৰ পাছত বৰপেটা আৰু চাকৰি জীৱনৰ শেষ সময়ছোৱাত তেওঁ ডিব্ৰুগড়লৈ বদলি হয় আৰু তাতেই তেওঁ নিগাজিকৈ থাকিবলৈ লয়। অতি পৰিশ্ৰমী বিষয়া ৰজনীকান্তৰ শৰীৰ বৰ শক্তিশালী নাছিল। সেয়ে ডাক্তৰৰ পৰামৰ্শ অনুসৰি ১৯১৮ চনত মাত্ৰ ৫১ বছৰ বয়সতে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

চাহ ব্যৱসায়ী ৰজনীকান্ত

পৰিশ্ৰম কৰি ভাল পোৱা ৰজনীকান্তই অৱসৰ পাছৰ জীৱনটো আৰামদায়কভাৱে কটাব নিবিচাৰিলে। অৱসৰৰ কেইমাহমানৰ পাছতেই তেওঁ ডিব্ৰুগড়ৰ মাকুমত এখন চাহ বাগিছা খোলে। মাথো এখনেই নহয়, কিছুবছৰৰ ভিতৰতে তেওঁ কেইবাখনো চাহ বাগিছা খুলিলে আৰু এখন সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত হয়। কিন্তু সংঘাতে লগ নেৰা ৰজনীকান্তৰ এই ব্যৱসায়ো বৰ বেছিদিন ভালে নছলিল। ১৯৩১ চনত ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে দেখা দিয়া আৰ্থিক সংকটে বৰদলৈৰ জীৱনলৈকো কাল অমানিশা নমাই আনে। বজাৰত চাহৰ চাহিদা একেবাৰে কমি যোৱাৰ ফলত তেওঁ ধাৰ- ঋণেৰে জুৰুলা হৈ পৰে। শেষত তেওঁ উপায়হীন হৈ ডিব্ৰুগড়ৰ ঘৰ মাটি আৰু বাগিছা কেইখন বিক্ৰী কৰি ঋণমুক্ত হয় আৰু পুনৰ গুৱাহাটীত বসবাস আৰম্ভ কৰে।

ৰজনীকান্ত বৰদলৈৰ সাহিত্যকীৰ্তি

ৰজনীকান্ত বৰদলৈৰ প্ৰথম লেখা প্ৰকাশিত হৈছিল চন্দ্ৰকুমাৰ আগৰৱালা সম্পাদিত ‘জোনাকী’ কাকতত। ‘শৰীৰতত্ব’ নামেৰে প্ৰকাশিত এই লেখাটো আছিল মূলতঃ এটা চিকিৎসা বিজ্ঞান সম্বন্ধীয় প্ৰবন্ধ। সেই সময়ত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আয়ুৰ্বেদিক মহাবিদ্যালয়ত ডাক্তৰী পঢ়ি আছিল। তাৰ পাছত বহু দিন তেওঁ লেখা মেলা কামত হাত দিয়া নাছিল। বৰদলৈৰ মাজৰ সাহিত্যিকজন পুনৰ জাগি উঠিল ছাৰ এডৱাৰ্ড গেইটৰ সৈতে ঘটা সংযোগৰ পাছতহে। সেই সময়তে তেওঁ ১৮৯০ চনত কনকলাল বৰুৱা আৰু গোপাল কৃষ্ণ দেৰ সৈতে লগলাগি ‘সাবিত্ৰী সত্যবান’ নামৰ নাটখনি ৰচনা কৰি মঞ্চস্থ কৰে। ১৮৯৪ চনত তেওঁ গেইট চাহাবৰ অনুৰোধত মিচিং জনগোষ্ঠীৰ সমাজ জীৱন অধ্যয়ন কৰি Religion of The Miri’s নামেৰে এটা প্ৰবন্ধ লিখিছিল। লক্ষীমপুৰত চাকৰি কৰি থকা সময়ত তেওঁ মিচিং সমাজখন অতি ওচৰৰ পৰা পাইছিল। সেই মিচিং সমাজৰে এটা প্ৰণয় কাহিনীক লৈ ১৮৯৫ চনত তেওঁ লিখি উলিয়ায় ‘মিৰী জীয়ৰী‘ নামেৰে এখন কালোত্তীৰ্ণ উপন্যাস। উপন্যাসখনে গোটেই অসমজুৰি জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও বৰ্তমানলৈকে বহুকেইটা ভাৰতীয় ভাষালৈও অনূদিত হৈছে।

আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণিৰ সময়ছোৱাত বহুকেইজন সাহিত্যিকে উপন্যাস ৰচনা কৰিছিল যদিও ঔপন্যাসিক বুলি ক’লে পোনপ্ৰথমে ৰজনীকান্ত বৰদলৈৰ নামটোহে মনলৈ আহে। কিয়নো তেওঁ অতি সফলতাৰে সৈতে বুৰঞ্জী,দেশপ্ৰেম আৰু উপন্যাসৰ সংযোগ ঘটাইছিল। বুৰঞ্জীৰ চন-তাৰিখৰ প্ৰতি আগ্ৰহ নথকা সাধাৰণ পাঠকক তেওঁ উপন্যাসৰ মাধ্যমেৰে ইতিহাসৰ বিশেষ ঘটনাৱলী সমূহৰ এক কাল্পনিক অভিজ্ঞতাৰ সোৱাদ দিছিল। তেওঁৰ বুৰঞ্জীমূলক উপন্যাস ৰচনাৰ এই ধাৰাটো বৃটিছ উপন্যাসিক ছাৰ ৱাল্টাৰ স্কট আৰু বাংলা সাহিত্যিক বংকিম চন্দ্ৰ চেটাৰ্জীৰ পৰা অনুপ্ৰাণিত বুলি সাহিত্য সমালোচক সকলে ক’ব খোজে। তেওঁৰ দ্বাৰা ৰচিত বুৰঞ্জীমূলক উপন্যাসসমূহ হৈছে মনোমতী'(১৯০০), ‘ৰহদৈ লিগিৰী'(১৯৩৩), ‘নিৰ্ম্মল ভকত'(১৯২৫), ‘তাম্ৰেশ্বৰীৰ মন্দিৰ'(১৯২৫), ‘ৰঙ্গিলী'(১৯২৫), ‘দন্দুৱা দ্ৰোহ‘(১৯১৪) ইত্যাদি। ইয়াৰ উপৰিও তেওঁ ‘ভেলাই শৰ্মা’ ছদ্মনামেৰে এখন ব্যংগ অথচ আত্মজীৱনীমূলক ৰচনাও লিখিছিল। ‘গা-ধন’ নামেৰে এখন গল্পপুথিও ৰচনা কৰিছিল। ‘প্ৰদিপিকা’ আছিল তেওঁৰ দ্বাৰা সম্পাদিত একমাত্ৰ মাহেকীয়া সাহিত্য আলোচনী। যিখন এবছৰো অধিক কাল ধৰি প্ৰকাশিত হৈ আছিল।

মৃত্যু আৰু শেষ জীৱন

ৰজনীকান্ত বৰদলৈৰ গোটেই জীৱন আছিল কাৰুণ্যৰে ভৰপূৰ। ব্যতিক্ৰম নাছিল তেওঁৰ জীৱনৰ শেষৰছোৱা সময়ো। আৰ্থিক সংকটত সৰ্বস্ৰান্ত হৈ তেওঁ শেষ বয়সত গুৱাহাটীত বসবাস কৰিবলৈ লৈছিল। সেই সময়ত তেওঁ বহুদিন ধৰি বহুমুত্ৰ ৰোগত ভূগি আছিল। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাৰ দৰে উচ্চ ৰক্তচাপ আৰু পেৰালাইছিছ ৰোগেও আক্ৰমণ কৰি তেওঁ একেবাৰে বিছনা ল’বলৈ বাধ্য কৰালে। পিছে সেই সময়ত তেওঁৰ সাদৰী পত্নীৰ সেৱা-শুশ্ৰূষাই তেওঁৰ নৰক যান্ত্ৰণা বহু পৰিমাণে লাঘৱ কৰিছিল। দিৰ্ঘদিনীয়া ৰোগ যান্ত্ৰণাৰ অন্তত ১৯৪০ চনৰ ২৫ মাৰ্চ তাৰিখে অসমীয়া উপন্যাসৰ সম্ৰাট গৰাকীয়ে এই পৃথিৱীৰ পৰা চিৰবিদায় মাগে।

আৰু পঢ়ক- পদ্মনাথ গোহাঞিবৰুৱা

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x