জম্মু-কাশ্মীৰ – ইতিহাস, বৰ্তমান আৰু ভৱিষ্যত
জম্মু-কাশ্মীৰ, যাক সকলোৱে ভূ-স্বৰ্গ অথবা ‘জন্নত’ বুলি জানে সেই জম্মু কাশ্মীৰ প্ৰায়ে বাতৰিৰ শিৰোনামালৈ আহি থাকে। ই মূলতঃ পাকিস্তান তথা চীনৰ সৈতে থকা সীমা বিবাদৰ বাবে অহৰহ চৰ্চাত থাকে। ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতৰ স্বাধীনতাৰ সময়ৰ পৰাই ভাৰতৰ একেবাৰে উত্তৰ দিশত অৱস্থিত জম্মু কাশ্মীৰক লৈ ভাৰত-পাকিস্তানৰ মাজত তীব্ৰ ৰাজনৈতিক, কূটনৈতিক তথা সামৰিক যুঁজ সংঘটিত হৈ আহিছে। জম্মু-কাশ্মীৰক লৈ ভাৰত কেৱল বাহ্যিক ক্ষেত্ৰতে সমস্যাৰ সন্মুখীন হোৱা নাই, বৰং জম্মু কাশ্মীৰৰ ভিতৰত থকা বিচ্ছিন্নতাবাদীসকলৰ বাবে ভাৰতে আভ্যন্তৰীণভাৱেও সমস্যাৰ সম্মুখীন হৈছে। ইমানবোৰ সমস্যা আছে যদিও জম্মু কাশ্মীৰক পৃথিৱীৰ এখন অন্যতম উল্লেখযোগ্য পৰ্য্যটন স্থল হিচাপে গণ্য কৰা হয়।
জম্মু কাশ্মীৰৰ ইতিহাস –
কাশ্মীৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চল যেনে গিলগিট, জম্মু, আৰু লাডাখ বিভিন্ন সময়ত বিভিন্ন সাম্ৰাজ্যৰ অংশ আছিল। বছৰ বছৰ ধৰি এই অঞ্চলটো হিন্দু শাসক, মুছলমান সম্ৰাট, শিখ, আফগান, ব্ৰিটিছৰ নিয়ন্ত্ৰণত আছিল।
১০০০ খ্ৰীষ্টাব্দৰ আগৰ সময়ছোৱাত কাশ্মীৰ বৌদ্ধ আৰু হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। ঐতিহাসিকভাৱে কাশ্মীৰ নামটো কাশ্যপ নামৰ মুনিৰ পৰা হোৱা বুলি জনা যায়। ইয়াৰোপৰি, গোনান্দিত্য, কাৰ্কোটা, লোহাৰাৰ দৰে বহু বংশই কাশ্মীৰ আৰু উত্তৰ-পশ্চিম ভাৰতৰ ইয়াৰ আশে-পাশে থকা অঞ্চলত শাসন কৰিছিল।
১৩৩৯ চনলৈকে হিন্দু বংশৰ শাসনৰ ঠাইত শ্বাহ মিৰে কাশ্মীৰৰ প্ৰথম মুছলমান শাসক হৈ শ্বাহ মিৰ বংশৰ সূচনা কৰে। এই বংশৰ শেষৰজন স্বাধীন শাসক ইউছুফ শ্বাহক ১৫৮৭ চনত মোগল সম্ৰাট আকবৰে পৰাস্ত কৰে আৰু কাশ্মীৰ জয় কৰি মোগল সাম্ৰাজ্যৰ অংশ কৰি লয়। মোগল সম্ৰাট ঔৰংজেৱৰ উত্তৰাধিকাৰীসকল আছিল দুৰ্বল শাসক। পিছলৈ মোগলসকলে কাশ্মীৰ ধৰি ৰখাত ব্যৰ্থ হয়। মোগল শাসনৰ পিছত কাশ্মীৰ আফগান, শিখ, আৰু ডোগ্ৰা শাসকৰ দখললৈ যায়।
১৭৫২ চনত আফগান শাসক আহমেদ শ্বাহ আব্দলীয়ে কাশ্মীৰ দখল কৰে। ১৭৫০ চনৰ পৰা ১৮১৯ চনলৈকে কাশ্মীৰ আফগান ডুৰানী সাম্ৰাজ্যৰ অধীনত আছিল। আৰু ইয়াৰ পাছত শিখসকলে, ৰঞ্জিত সিঙৰ নেতৃত্বত কাশ্মীৰক শিখ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি মুছলমান শাসনৰ অন্ত পেলাইছিল। ১৯ শতিকাৰ আৰম্ভণিতে মহাৰাজা ৰঞ্জিত সিঙৰ নেতৃত্বত শিখসকলে কাশ্মীৰত নিয়ন্ত্ৰণ স্থাপন কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ জম্মুক শিখ সাম্ৰাজ্যৰ অন্তৰ্গত কৰিছিল। ১৮৪৬ চনত প্ৰথম ইংগ-শিখ যুদ্ধত ইংৰাজৰ হাতত পৰাস্ত নোহোৱালৈকে শিখসকলে কাশ্মীৰত শাসন কৰিছিল।
ব্ৰিটিছ অধিকৃত কাশ্মীৰ –
ইয়াৰ পিছত কাশ্মীৰ ব্ৰিটিছ সাম্ৰাজ্যৰ পালিত ৰাজ্যত পৰিণত হয় আৰু কাশ্মীৰৰ শাসনভাৰ ডোগ্ৰা বংশৰ অধীনলৈ যায়। ডোগ্ৰা বংশৰ মহাৰাজা গুলাব সিঙে ১৮৪৬ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ‘অমৃতসৰ সন্ধি’ স্বাক্ষৰ কৰিছিল। এই সন্ধিৰ অধীনত তেওঁ ব্ৰিটিছক ৫০ লাখ টকা আদায় দিছিল। ১৮৪৬ চনত ইষ্ট ইণ্ডিয়া কোম্পানীক কাশ্মীৰ আৰু আন কিছুমান অঞ্চলৰ বিনিময়ত গুলাব সিঙে ৭৫ লাখ টকা দিছিল। একক সত্তা হিচাপে জম্মু-কাশ্মীৰ একত্ৰিত হৈ প্ৰতিষ্ঠা হয় ১৮৪৬ চনত গুলাব সিঙৰ নেতৃত্বত।
ডোগ্ৰা আৰ্মীৰ এজন জেনেৰেল জোৰাৱাৰ সিঙে পিছলৈ লাডাখ, বাল্টিস্তান, গিলগিট, হুঞ্জা, ইয়াগিস্তানৰ দৰে উত্তৰ অঞ্চলত বহুতো অভিযানৰ নেতৃত্ব দি সৰু সৰু ঠাইসমূহ জম্মু কাশ্মীৰত একত্ৰিত কৰে। জম্মু-কাশ্মীৰ ১৮৪৬ চনৰ পৰা ১৯৪৭ চনলৈকে ডোগ্ৰা বংশৰ শাসিত ৰাজকীয় ৰাজ্য হৈয়েই থাকিল। তেতিয়াৰ ভাৰতৰ আন সকলো ৰাজকীয় ৰাজ্যৰ দৰে কাশ্মীৰেও আংশিক স্বায়ত্তশাসনহে লাভ কৰিছিল, কিয়নো শাসনৰ প্ৰকৃত বাঘজৰী আছিল ব্ৰিটিছৰ হাতত।
ভাৰত বিভাজনৰ সময়ত জম্মু কাশ্মীৰ –
ব্ৰিটিছ ভাৰত বিভাজনৰ সময়ত জম্মু-কাশ্মীৰ এখন ৰাজতান্ত্ৰিক ৰাজ্য আছিল। ব্ৰিটিছে সকলো ৰাজকীয় ৰাজ্যক নিজ ইচ্ছানুসৰি হয় পাকিস্তানত নহয় ভাৰতত যোগদান কৰিবলৈ সুবিধা দিছিল আনকি সকলো ৰাজকীয় ৰাজ্যক স্বাধীন হৈ থাকিবলৈও সুবিধা প্ৰদান কৰিছিল। সেই সময়ত কাশ্মীৰৰ শাসক আছিল মহাৰাজ গুলাব সিঙৰ নাতিয়েক মহাৰাজা হৰি সিং। মহাৰাজা হৰি সিং আছিল হিন্দু, কিন্তু জম্মু কাশ্মীৰ আছিল মুছলমান সংখ্যাগৰিষ্ঠ। তেওঁ ভাৰত বা পাকিস্তানৰ লগত একত্ৰিত হ’ব বিচৰা নাছিল।
মহাৰাজা হৰি সিঙে ভাৰত আৰু পাকিস্তানৰ লগত আলোচনা কৰি জম্মু কাশ্মীৰখনক স্বতন্ত্ৰ ৰাষ্ট্ৰৰ মৰ্যাদা দিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল। ৰাজ্যখনৰ যোগদানৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ অপেক্ষাত তেওঁ দুয়োখন দেশকে ষ্টেণ্ডষ্টিল এগ্ৰিমেণ্টৰ প্ৰস্তাৱ আগবঢ়ায়। ১৯৪৭ চনৰ ১২ আগষ্টৰ দিনা জম্মু কাশ্মীৰৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তান দুয়ো দেশক ষ্টেণ্ডষ্টিল এগ্ৰিমেণ্টৰ প্ৰস্তাৱ দি টেলিগ্ৰাম প্ৰেৰণ কৰে। আৰু ১৪ আগষ্টৰ দিনা পাকিস্তানে ইয়াৰ প্ৰতি সঁহাৰি জনায় যদিও বাস্তৱত কোনো আনুষ্ঠানিক চুক্তি স্বাক্ষৰিত নহ’ল। ই কেৱল এখন টেলিগ্ৰাফিক চুক্তিহে হ’ল। কিন্তু ভাৰতে জম্মু কাশ্মীৰক এই বিষয়ত আৰু আলোচনা কৰিব লাগিব বুলি বাৰ্তা প্ৰেৰণ কৰিলে আৰু তাৰ বাবে মহাৰাজা হৰি সিঙক প্ৰতিনিধি দিল্লীলৈ পঠিয়াবলৈ পৰামৰ্শ দিয়ে।
স্বাধীনতাৰ পাছৰ কাশ্মীৰ
ভাৰতৰ স্বাধীনতা আন্দোলনত কাশ্মীৰী লোকসকলে ব্যাপকভাৱে অংশ লৈছিল। তেওঁলোকে কেৱল ব্ৰিটিছ শাসনৰ পৰা মুক্তি পোৱাই নহয়, নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছত কেতিয়াও ডোগ্ৰা বংশৰ শাসনৰ অধীনত থাকিব বিচৰা নাছিল। কাশ্মীৰীসকলে ৰাজতন্ত্ৰতকৈ গণতন্ত্ৰক অগ্ৰাধিকাৰ দিছিল। জম্মু-কাশ্মীৰ সদায় এখন ধৰ্মনিৰপেক্ষ ৰাজ্য আছিল – হিন্দু, মুছলমান আৰু শিখ শাসনৰ ইতিহাস থকা। ইয়াৰ সংখ্যাগৰিষ্ঠ জনসংখ্যা মুছলমান হ’লেও তেতিয়া কিন্তু ইয়াৰ হিন্দু জনসংখ্যাও এক উল্লেখযোগ্য মাত্ৰাৰ আছিল। ভাৰতে ১৯৪৭ চনত কাশ্মীৰী জনসাধাৰণৰ আকাংক্ষা জানিবলৈ জনমত অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল। শ্বেখ আব্দুল্লাৰ দৰে জম্মু-কাশ্মীৰৰ নেতাসকলে উমৈহতীয়া মূল্যবোধ – ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ, আৰু সৰ্বভাৰতীয় জাতীয়তাবাদক বিশ্বাসত লৈ জনমত অনুষ্ঠিত হ’লে ভাৰত জয়ী হ’ব বুলি আত্মবিশ্বাসী আছিল।
কিন্তু ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰত পাকিস্তানৰ আক্ৰমণে কাশ্মীৰৰ ভৱিষ্যত চিৰদিনলৈ সলনি কৰি পেলালে। সেই সময়ত কাশ্মীৰী জনসাধাৰণৰ সঠিক আকাংক্ষা এতিয়াও জানিব পৰা হোৱা নাই – কিয়নো কেতিয়াও জনমত বা গণভোট অনুষ্ঠিত হোৱা নাছিল বা কৰিব পৰা নগ’ল।
জম্মু কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ –
পাকিস্তানে যদিও জম্মু-কাশ্মীৰৰ সৈতে ষ্টেণ্ডষ্টিল চুক্তিত স্বাক্ষৰ কৰিছিল, এইয়া তেওঁলোকৰ কেৱল এটা আশ্বাসহে আছিল কিয়নো এইয়া কেৱল টেলিগ্ৰাফৰ চুক্তিহে আছিল। ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰত জনজাতীয় উগ্ৰপন্থীৰ আক্ৰমণৰ পৃষ্ঠপোষকতা কৰি পাকিস্তানে এই অনানুষ্ঠানিক ষ্টেণ্ডষ্টিল চুক্তি ভংগ কৰিছিল।
১৯৪৭ চনৰ অক্টোবৰ মাহত পাকিস্তানৰ পৰা পষ্টুন আক্ৰমণকাৰীয়ে কাশ্মীৰ আক্ৰমণ কৰি বৃহৎ অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ আনে। প্ৰথমতে জম্মু কাশ্মীৰ ৰাজ্যিক বলে এই আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা কৰে যদিও পাছত লাহে লাহে নোৱাৰা হৈ যায়। অৱশেষত উপায়ন্তৰ হৈ মহাৰাজা হৰি সিঙে ভাৰতৰ ওচৰত সহায়ৰ বাবে আবেদন জনায়।
ভাৰতে এই চৰ্তত জম্মু কাশ্মীৰক সহায়ৰ আশ্বাস দিয়ে যে হৰি সিঙে ভাৰতৰ লগত ইনষ্ট্ৰুমেণ্ট অৱ এক্সেচনত স্বাক্ষৰ কৰিব লাগিব অন্যথা ভাৰতৰ অঙ্গৰাজ্য নোহোৱা পৰ্যন্ত ভাৰতে জম্মু কাশ্মীৰক সহায় কৰিব নোৱাৰিব। মহাৰাজা হৰি সিঙে ভাৰতৰ সৈতে ২৬ অক্টোবৰৰ দিনা যোগদানৰ চুক্তিপত্ৰ(ইনষ্ট্ৰুমেণ্ট অৱ এক্সেচন)ত স্বাক্ষৰ কৰে। আৰু পৰিস্থিতি স্বাভাৱিক হ’লেই তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে জম্মু কাশ্মীৰৰ জনসাধাৰণৰ মাজত গণভোট অনুষ্ঠিত কৰা হ’ব বুলিও সহমতত উপনীত হ’ল৷
জম্মু কাশ্মীৰৰ ভাৰতৰ সৈতে সংযোগৰ ইনষ্ট্ৰুমেণ্ট অৱ এক্সেচনত মহাৰাজা হৰিসিঙে ১৯৪৭ চনৰ ২৬ অক্টোবৰত শ্ৰীনগৰত স্বাক্ষৰ কৰে আৰু সেইদিনাৰ পৰাই জম্মু কাশ্মীৰ ভাৰতৰ অঙ্গৰাজ্যত পৰিণত হ’ল। তাৰ লগে লগেই পাকিস্তান সমৰ্থিত জনজাতীয় আক্ৰমণক প্ৰতিহত কৰিবলৈ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে যুঁজত জঁপিয়াই পৰে। এইদৰে ভাৰত আৰু পাকিস্তানী সৈন্য বাহিনীয়ে ১৯৪৭-৪৮ চনত কাশ্মীৰক লৈ প্ৰথমখন যুদ্ধ কৰিছিল।
পাক সমৰ্থিত জনজাতীয় উগ্ৰপন্থীৰ অধিকাংশকে জম্মু কাশ্মীৰ দখলৰ পৰা ভাৰতে সফলতাৰে খেদি পঠিয়ালে। কিন্তু ৰাজ্যখনৰ এটা অংশ পাকিস্তানৰ নিয়ন্ত্ৰণলৈ আহিল। আৰু বৰ্তমানো এই অংশ পাকিস্তানৰ অবৈধ দখলৰ অধীনত আছে। পাকিস্তানে এই অঞ্চলটোক ‘আজাদ কাশ্মীৰ’ বুলি কয়। ভাৰতে পাকিস্তানৰ নিয়ন্ত্ৰণত থকা জম্মু কাশ্মীৰৰ একঅঞ্চলটোৰ বাবে পাক-অধিগ্ৰহণ কৰা কাশ্মীৰ (PoK) শব্দটো ব্যৱহাৰ কৰে।
কাশ্মীৰক লৈ বহিঃবিবাদ –
জম্মু আৰু কাশ্মীৰ দখলৰ বাবে বাহ্যিকভাৱে ১৯৪৭ চনৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজত আৰু কিছু ক্ষেত্ৰত ভাৰত আৰু চীনৰ মাজত সংঘাতৰ এক ডাঙৰ বিষয় হৈয়েই থাকিল। পাকিস্তানে সদায় দাবী কৰি আহিছে যে কাশ্মীৰ উপত্যকা পাকিস্তানৰ অংশ হ’ব লাগে। এই সংঘাতৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত চাৰিখন যুদ্ধ সংঘটিত হয় – ১৯৪৭, ১৯৬৫, ১ ৯৭১ আৰু ১৯৯৯। ইয়াৰোপৰি, পাকিস্তানৰ পৰা প্ৰেৰিত আৰু লালিত – পালিত সন্ত্ৰাসবাদীয়ে জম্মু কাশ্মীৰক কেন্দ্ৰ কৰি নিৰন্তৰ সন্ত্ৰাসমূলক তথা কুটাঘাতমূলক কাৰ্যকলাপ চলাই থাকে।
কেৱল পাকিস্তানেই জম্মু কাশ্মীৰৰ অবৈধ দখল কৰা নাছিল। চীনেও জম্মু-কাশ্মীৰৰ লাডাখ অঞ্চলৰ আকচাই চীন অংশ দাবী কৰিবলৈ আৰম্ভ কৰিলে। ১৯৫০ৰ পৰা চীনে ক্ৰমান্বয়ে এই অঞ্চল দখল কৰিবলৈ আৰম্ভ কৰে আৰু ইয়েই ১৯৬২ চনত ভাৰত – চীন যুদ্ধৰ সূচনা কৰে।
কাশ্মীৰক লৈ আভ্যন্তৰীণ বিবাদ –
জম্মু কাশ্মীৰক লৈ ভাৰতৰ পাকিস্তান আৰু চীনৰ লগত সীমা সংঘাত থকাৰ উপৰি কিছুমান আভ্যন্তৰীণ বিবাদেও লগ এৰা নাই। হুৰিয়াত সন্মিলন, জম্মু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট, হৰকত উল জিহাদ আল ইছলামী, লস্কৰ-ই-তৈবা, জয়ছ-ই-মহম্মদ, হিজবুল মুজাহিদিন, হৰকত উল মুজাহিদিন, আল-বদৰ, আনছাৰ গাজৱত উল হিন্দ, ইণ্ডিয়ান মুজাহিদীন আদিৰ দৰে সংগঠনসমূহে জম্মু কাশ্মীৰৰ সাধাৰণ মানুহৰ মাজত বিচ্ছিন্নতাবাদী চিন্তা বিয়পাই আহিছে। ইয়াৰ লগতে মুজাহিদীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহে সন্ত্ৰাসমূলক কাৰ্য সংঘটিত কৰি জম্মু কাশ্মীৰত বিভিন্ন সময়ত বিভিন্ন কুটাঘাত কৰি আহিছে।
জম্মু কাশ্মীৰৰ বিশেষাধিকাৰ –
ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ দ্বাৰা জম্মু কাশ্মীৰক স্বায়ত্তশাসন আৰু বিশেষ মৰ্যাদা দিয়া হৈছিল ৷ ভাৰতীয় সংবিধানৰ ৩৭০, ৩৫এ আদি অনুচ্ছেদৰ জৰিয়তে জম্মু-কাশ্মীৰক বিশেষাধিকাৰৰ প্ৰদান কৰা হৈছিল।
৩৭০ অনুচ্ছেদত ভাৰতৰ আন ৰাজ্যৰ তুলনাত জম্মু-কাশ্মীৰক অধিক স্বায়ত্তশাসন প্ৰদান কৰা হৈছে।ৰাজ্যখনৰ নিজা সংবিধান আছিল আৰু নিজা পতাকা আছিল। ভাৰতীয় সংবিধানৰ সকলো অনুচ্ছেদ ৰাজ্যৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিল। ভাৰতীয় সংসদে গৃহীত কৰা আইনসমূহ জম্মু কাশ্মীৰ ৰাজ্যৰ বিধানসভাই সন্মতি দিলেহে ই জম্মু কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছিল। কাশ্মীৰত অকাশ্মীৰী ভাৰতীয়ই সম্পত্তি ক্ৰয় কৰিব পৰা নাছিল।
জম্মু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ আৰু জম্মু কাশ্মীৰৰ বিশেষাধিকাৰ কৰ্তন –
২০১৯ চনৰ ৫ আগষ্টত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৩৭০ নং অনুচ্ছেদৰ তৃতীয় দফাৰ অধীনত The Constitution (Application to Jammu and Kashmir) Order, 2019, জাৰি কৰে। ইয়াৰ ঠাইত পূৰ্বতে জম্মু কাশ্মীৰত the Constitution (Application to Jammu and Kashmir) Order, 1954 জাৰি হৈ আছিল।
ৰাষ্ট্ৰপতিৰ এই নতুন আদেশত উল্লেখ কৰা হৈছে যে ভাৰতীয় সংবিধানৰ সকলো আইন জম্মু-কাশ্মীৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। ১৯৫৪ চনৰ ৰাষ্ট্ৰপতিৰ আদেশত ভাৰতীয় সংবিধানৰ কিছুমান অনুচ্ছেদহে জম্মু কাশ্মীৰত প্ৰযোজ্য হ’ব বুলি নিৰ্দিষ্ট কৰা হৈছিল যদিও নতুন আদেশে এনে সকলো বাধা আঁতৰাই পেলালে। ইয়াৰ অৰ্থ আছিল কাৰ্যতঃ জম্মু-কাশ্মীৰৰ পৃথক সংবিধান বাতিল হোৱা আৰু অনুচ্ছেদ ৩৭০ আৰু ৩৫ এ ত থকা জম্মু কাশ্মীৰৰ বিশেষাধিকাৰ নস্যাৎ হোৱা।
২০১৯ চনৰ ৫ আগষ্টৰ দিনা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ (Jammu and Kashmir Reorganisation Act, 2019) খন ভাৰতৰ ৰাজ্যসভাত উত্থাপন কৰে আৰু পাছ হয়। আৰু ৬ আগষ্টৰ দিনা লোকসভাৰ পৰা এই বিধেয়কখন গৃহীত হয়। অৱশেষত ৯ আগষ্টৰ দিনা ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিয়ে এই বিধেয়কখনত স্বাক্ষৰ কৰাৰ পাছতেই আইনৰূপে স্বীকৃতি লাভ কৰে।
এই আইনখনত উল্লেখ কৰা অনুসৰি জম্মু কাশ্মীৰ ৰাজ্যখন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত ভাগ হয়। এখন জম্মু কাশ্মীৰ আৰু আনখন লাডাখ। জম্মু কাশ্মীৰত বিধানসভা থাকিব কিন্তু লাডাখত বিধানসভা নাথাকিব কেৱল এজন উপ ৰাজ্যপালে শাসন কৰিব। জম্মু কাশ্মীৰৰ প্ৰশাসন ভাৰতীয় সংবিধানৰ ২৩৯ এ অনুসৰি চলিব। আৰু যেতিয়া প্ৰয়োজন হ’ব তেতিয়া জম্মু কাশ্মীৰক পুনৰ ভাৰতৰ পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্য্যাদা প্ৰদান কৰা হ’ব।
কাশ্মীৰৰ ভৱিষ্যত
কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু এতিয়াও আছে। কাশ্মীৰৰ এক স্বকীয় আৰু ধৰ্মনিৰপেক্ষ সংস্কৃতি আছে – ঠিক ভাৰতৰ বাকী অংশৰ দৰেই। কাশ্মীৰৰ লোকসকলৰ কাশ্মীৰিয়ত নামৰ এটা পৰিচয় আছে। যেনেদৰে ভাৰত চৰকাৰে জম্মু কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ মনত আস্থা আনিবলৈ তাৰ লগত ব্যৱধান দূৰ কৰিবলৈ জৰুৰী পদক্ষেপ গ্ৰহণ কৰা উচিত। তেনেদৰেই কিন্তু হিংসা, সন্ত্ৰাসবাদ, হত্যা কেতিয়াও ইয়াৰ উত্তৰ নহয়। জম্মু কাশ্মীৰৰ পৰাও ইয়াৰ প্ৰতি প্ৰয়াস লাগিব। ভাৰতৰ কেন্দ্ৰ চৰকাৰে বিভিন্ন বিচ্ছিন্নতাবাদী গোটৰ সৈতে আলোচনা আৰম্ভ কৰিছে।
পৃথক জাতিৰ দাবী কৰাৰ পৰিৱৰ্তে আলোচনাত অংশগ্ৰহণ কৰা বিচ্ছিন্নতাবাদীসকলৰ অধিকাংশই ভাৰতৰ সৈতে ৰাষ্ট্ৰৰ সম্পৰ্ক পুনৰ আলোচনা কৰিবলৈ চেষ্টা কৰিছে।কাশ্মীৰ সমস্যাৰ সমাধান বিচাৰিবলৈ ইয়াৰ সকলো অংশীদাৰে বিবেচনা কৰা উচিত। পাকিস্তান তথা চীনে বুজা উচিত যে জম্মু কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ। জম্মু কাশ্মীৰক নিজৰ লগত ৰাখিবলৈ ভাৰতে যিকোনো পন্থা হাতত ল’ব পাৰে। আমি আকৌ উৰি, বাৰমূলা, অনন্তনাগ, পুলৱামা, ৰিয়াচি আদিৰ দৰে ভাৰতীয় সৈন্যবাহিনী বা জম্মু কাশ্মীৰৰ নিৰীহ জনগণৰ ওপৰত পাকিস্তানসৃষ্ট সন্ত্ৰাসবাদী আক্ৰমণ হোৱাটো নিবিচাৰোঁ। ভাৰত চৰকাৰৰ লগতে আমি সকলোৱে বিচাৰোঁ শান্তি যি জম্মু কাশ্মীৰৰ সাধাৰণ জনগণেও বিচাৰে কিন্তু নিবিচাৰে কেৱল সন্ত্ৰাসবাদী সকলে। শেষত আমাৰ বাবে এটাই উত্তৰবিহীন প্ৰশ্ন, জম্মু কাশ্মীৰৰ সমস্যাৰ কেতিয়া শেষ হ’ব ?