চুলি নাবান্ধিবা যাজ্ঞসেনী কবিতাত আধুনিক নাৰী চেতনা
সাম্প্ৰতিক যুগৰ এগৰাকী প্ৰথিতযশা কবি হৈছে কৰবী ডেকা হাজৰিকা। বহুকেইখন কবিতা সংকলন, সমালোচনা গ্ৰন্থ, উপন্যাস আৰু ভ্ৰমণ কাহিনী আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনক এক বিশেষ আয়তন প্ৰদান কৰিছে। এই গৰাকী কবিয়ে সত্তৰৰ দশকতে আত্মপ্ৰকাশ কৰি বৰ্তমান সময়লৈকে কাব্য চৰ্চাৰ ধাৰাটি নিৰৱচ্ছিন্নভাৱে প্ৰৱাহিত কৰি ৰাখিছে। তেখেতৰ উল্লেখযোগ্য কবিতা সংকলন কেইখন হ’ল–সুবাসিত যি যন্ত্ৰণা, মাটিৰ পৰা মেঘলৈ, চুলি নাবান্ধিবা যাজ্ঞসেনী, এমুঠি সোণালী তৰা ইত্যাদি।
‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ কবিতাটোত কৰবী ডেকা হাজৰিকাৰ বৈপ্লৱিক চেতনাৰে সিক্ত এটি সুন্দৰ কবিতা। এই কবিতাটো মহাভাৰতৰ এটি কালজয়ী চৰিত্ৰ যাজ্ঞসেনীৰ ওপৰত আধাৰিত। কবিয়ে কবিতাটোত যাজ্ঞসেনীৰ জৰিয়তে সমগ্ৰ নাৰী জাতিটোকে প্ৰতিনিধিত্ব কৰিছে। যাজ্ঞসেনী ৰূপী নাৰীৰ ক্ষোভ, লাঞ্ছনা, অপমান কবিতাটিত প্ৰকাশ পাইছে আৰু নাৰীৰ মৰ্যদাবোধ আৰু অস্তিত্ব ৰক্ষাৰ বাবে এক বৌপ্লৱিক জাগৰণৰ প্ৰয়োজন কবিয়ে অনুভৱ কৰিছে।
যাজ্ঞসেনী হৈছে সেইগৰাকী নাৰী, যিগৰাকীৰ কুৰুক্ষেত্ৰ ৰণৰ সূত্ৰপাত হোৱাত অলপ হ’লেও অৰিহণা আছিল বুলিব পাৰি। মহাভাৰতত বৰ্ণিত কাহিনী অনুসৰি দ্ৰুপদ ৰজাৰ নন্দিনী দ্ৰৌপদী অথবা যাজ্ঞসেনী আছিল পঞ্চপাণ্ডৱৰ প্ৰিয়া। ভাতৃবিৰোধৰ পৰিণতিত কৌৰৱ আৰু পাণ্ডৱৰ মাজত পাশা খেল অনুষ্ঠিত হৈছিল। এই পাশা খেলত অন্যান্য দ্ৰব্যৰ লগতে পত্নী দ্ৰৌপদীক পণ ৰাখি পঞ্চ পাণ্ডৱ পৰাজিত হৈছিল। পাশা খেলত জিকি দ্ৰৌপদীক পণ হিচাপে পাই দ্বিতীয় কৌৰৱ দুঃশাসনে ৰাজসভাৰ মজিয়াতে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিবলৈ উদ্যত হৈছিল। পঞ্চ পতিয়েও দ্ৰৌপদীক সেই ঘোৰ অন্যায়ৰ পৰা উদ্ধাৰ কৰিব নোৱাৰি মৌন হৈ ৰৈছিল। তদুপৰি ধৃতৰাষ্ট্ৰকে আদি কৰি পৰিয়াল-পৰিজন, গুৰুজন সকলো সেই নাৰকীয় দৃশ্যৰ নিৰ্বাক দৰ্শক হৈ ৰৈছিল।
এই কবিতাটোত দ্ৰৌপদীৰ স্বাভিমান হৰণৰ সেই দুৰ্ভাগ্যজনক পৰিস্থিতৰ লগত প্ৰাসংগিকভাৱে আধুনিক নাৰীৰ অনুভৱৰ চিত্ৰণ ঘটোৱা হৈছে। সেই প্ৰাচীন নাৰীৰ স্বাভিমানৰ অংকুৰণৰ জৰিয়তে আধুনিক নাৰী জাতিৰ এক অপ্ৰতিৰোধ্য প্ৰতিবাদী সত্তা গঢ়ি তোলাৰ তীব্ৰ হাবিয়াস কবিগৰাকীৰ কবিতাটিত প্ৰকাশ পাইছে।
কবিতাটোৰ মাজেদি যুগে যুগে ভাৰতীয় সমাজ ব্যৌৱস্থাত নাৰী কিদৰে পুৰুষৰ হাতৰ পুতলা হৈ নিৰ্যাতিত হৈ আহিবলগীয়া হৈছে তাক প্ৰকাশ কৰাৰ লগতে ইয়াৰ প্ৰতিবাদস্বৰূপে নাৰীক আত্মমৰ্যদা অনুধাৱন কৰি নিজ শক্তিৰে প্ৰাপ্য মৰ্যদা আঁজুৰি ল’বলৈ আহ্বান জনাইছে। কবিয়ে কবিতাটিৰ প্ৰথমটি স্তৱকতে নাৰীক নিজ শক্তি সম্পৰ্কে সচেতন কৰি দিছে-
“কাল ভুজংগৰ দৰে বিয়পি পৰক
তোমাৰ কেশৰ মেঘালি।”
কাল ভুজংগই যিদৰে প্ৰচণ্ড বিষ ঢালি প্ৰাণচঞ্চলতা নিমিষতে হৰণ কৰি নিয়ে ঠিক তেনেদৰে কবিয়ে নাৰী শক্তিক জাগ্ৰত হৈ সমাজৰ এলান্ধুকলীয়া নীতি-পৰম্পৰাৰ অৱসান ঘটাই পৰিৱৰ্তন সাধিবলৈ আহ্বান জনাইছে।
কবিয়ে নাৰীক নিজ শক্তিৰে স্বতন্ত্ৰ তথা আত্মনিৰ্ভৰশীল হৈ উঠিবলৈ কৈছে যাতে পুৰুষৰ অধীন হৈ থাকিবলগীয়া নহয়। আজিৰ নাৰী নিজ মহিমাৰে উদ্ভাসিত হৈ উঠিবলৈ সক্ষম হ’লেহে শাসকসকলে প্ৰকৃতাৰ্থত তেওঁলোকক স্বাধীনতা প্ৰদান কৰিব। অন্যথা নাৰী সমাজৰ নামত, নাৰী সৱলীকৰণৰ নামত যি আইন-কানুন আছে সেয়া কাগজে-পত্ৰই আৱদ্ধ হৈয়ে থাকিব। পঞ্চপতিৰ পত্নী হৈও লাঞ্ছিতা হ’ব লগা হোৱাত দুঃশাসনৰ তেজেৰে চুলি নোধোৱালৈকে মুক্ত কেশেৰে থাকিব বুলি দ্ৰৌপদীয়ে যিদৰে ভীষ্ম প্ৰতিজ্ঞা কৰিছিল সেইদৰে বৰ্তমানৰ নাৰীয়েও নিজৰ অধিকাৰ বলেৰে সাব্যস্ত কৰিব লাগিব। আমাৰ কবিয়ে আধুনিক শিক্ষাৰ আলোকেৰে শিক্ষিতা হৈ উঠা নাৰীসকলৰ ওপৰত গভীৰ আস্থা পোষণ কৰি কৈছে-
“বহুতো সহিলো দুখ অপমান
বহুতো দেখিলো নীতিৰ কামত অত্যাচাৰৰ নীতি
এতিয়া লভিছে আমাৰ নদীয়ে
উভতি বোৱা গতি।”
কবিয়ে সোঁৱৰাই দিছে যে আদৰ্শ ধৰ্মপত্নীৰূপে স্বামীৰ জুৱাৰ পণত বিক্ৰী হৈ যোৱা যুগ এতিয়া আৰু নাই। যুগ যুগ ধৰি নাৰীয়ে অতীতৰ পৰা দুখ কষ্ট সহ্য কৰি আহিবলগীয়া হৈছে। নীতিৰ নামত কত নাৰীয়ে নিজকে বিসৰ্জন দিবলৈও কুণ্ঠাবোধ কৰা নাই। কিন্তু ইমানবোৰ দুখ কষ্ট পোৱাৰ পাছতো নাৰীয়ে উচিত সন্মান আজিকোপতি পোৱা নাই। বাৰে বাৰে নাৰী লাঞ্চিত , বঞ্চিত , অৱলেহিত হৈ আহিছে। কিন্তু এতিয়া সেই নিৰ্মম অত্যাচাৰ সহ্য কৰাৰ দিন আৰু নাই নাৰীয়ে নিজৰ মৰ্যাদা নিজেই কাঢ়ি আনিব লাগিব। কেৱল মহাভাৰতৰ নাৰীয়ে নহয় সমাজত সাধাৰণ নাৰীৰ পৰা ৰাজপত্নীলৈকে সকলো সময়ৰ সকলো ঠাইৰ নাৰীয়ে এই কষ্ট কম-বেছি পৰিমাণে ভোগ কৰিবলগীয়া হৈছে। সেই সকলো নাৰীৰ প্ৰতি কবিৰ যি মানৱীয় আবেদন আৰু শক্তিশালী আৱাহন সি সাৰ্বজনীন আবেদন লাভ কৰিছে। কবিয়ে আশা প্ৰকাশ কৰিছে যে আধুনিক নাৰীসকল সচেতন হৈ সাহসেৰে ওলাই আহি অহোপুৰুষাৰ্থ কৰিব।
কবিয়ে সোঁৱৰাই দিছে-
“ভীৰু পুৰুষৰ
পণ হৈ আমি বহুত সহিলো ক্লেশ
এতিয়া তাকেই ওভোতাই দিয়াৰ ক্ষণ
মুকলি চুলিত
শোণিত সনাৰ ৰক্তিম আয়োজন।”
মহাভাৰতৰ সময়ৰ পৰা বৰ্তমানলৈকে এই সুদীৰ্ঘ পথছোৱাত নাৰী অতি পুতৌজনকভাৱে পুৰুষৰ দ্বাৰা নিৰ্যাতিতা হৈ আহিছে। আজিও নাৰীয়ে প্ৰকৃত স্বাধীনতা পোৱা নাই। সেয়ে কবিয়ে নাৰীসকলৰ মনত এক প্ৰতিবাদী শক্তি জগাই তোলাৰ প্ৰয়াস কৰিছে। মুকলি চুলিত শোণিত নসনালৈকে যাজ্ঞসেনীয়ে চুলি নাবান্ধিবলৈ কৰা সংকল্প স্মৰণ কৰোৱাৰ মাজেৰে কবিয়ে আধুনিক ধ্যান-ধাৰণাৰে পৰিপুষ্ট নাৰীশক্তিৰ নেতৃত্বত এটা সামাজিক বিপ্লৱৰ আহ্বান কৰিছে। ইয়াৰ জৰিয়তে নাৰীসত্তাৰ অস্তিত্ব আৰু মৰ্যদা ৰক্ষাৰ প্ৰতি এক জাগৰণৰ ইংগিত প্ৰকাশ পাইছে।
আৰু পঢ়ক- ন্যায়াধিকৰণ