আজিৰ শিৰোনাম
ৰাজ্যিক
১) উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ পিছতেই মূল্যায়নৰ বাবে হাহাকাৰ। বিদ্যালয়, মহাবিদ্যালয় প্ৰধানলৈ শিক্ষা সংসদৰ পত্ৰ- শিক্ষাৰ্থীৰ আভ্যন্তৰীণ, বাছনি পৰীক্ষাৰ জৰিয়তে মূল্যায়ন কৰা হ’ব আৰু ৩১ জুলাইৰ আগত ফলাফল ঘোষণা কৰা হ’ব। আভ্যন্তৰীণ, বাছনি আৰু ব্যৱহাৰিক পৰীক্ষা নপতা বহু শিক্ষানুষ্ঠান এতিয়া বিমোৰত।
২) ক’ভিড পৰিস্থিতি হ্ৰাস নোপোৱা জিলাকেইখনত সম্পূৰ্ণ ১০ দিনৰ বাবে দিয়া হ’ব লকডাউন। ২৩ জুনৰ পৰ্যালোচনা বৈঠকত হ’ব চূড়ান্ত সিদ্ধান্ত- কালি দুলীয়াজানত মুখ্যমন্ত্ৰীৰ এই ঘোষণা।
৩) হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বাতিল হোৱাৰ পাছত চৰম হতাশাত ভূগিছে একাংশ মেধাৱী শিক্ষাৰ্থী। এই কথাকে প্ৰমাণ কৰি লক্ষীমপুৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে বাছি লয় আত্মহননৰ পথ।
৪) অসম গেছ কোম্পানী আৰু বি চি পি এল পৰিদৰ্শন কৰি আশাবাদী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসম গেছ কোম্পানীয়ে নতুনকৈ দুই লাখ গ্ৰাহকক পাইপযোগে গেছ যোগান ধৰিবলৈ সক্ষম হ’ব- এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ।
৫) ৰাজ্যত যোৱা ২৪ ঘন্টাত ১৭৭৫ গৰাকী আক্ৰান্ত কোভিডত। ইয়াৰে গুৱাহাটীত আক্ৰান্ত ১৩৩ জন। ৰাজ্যত মৃত্যুৰ সংখ্যা ৩০ জন।
উৎস : অসমীয়া প্ৰতিদিন
ৰাষ্ট্ৰীয় –
১) জম্মু কাশ্মীৰৰ পি ডি পি দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী নইম আখটাৰৰ মৃত্যু। বিগত মে’ মাহৰ ১০ তাৰিখৰ পৰা গৃহবন্দী হৈ আছিল আখটাৰ। অহা ২৪ জুন তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত জম্মু কাশ্মীৰৰ আঞ্চলিক দলসমূহৰ আলোচনাৰ পূৰ্বে ভাৰত চৰকাৰে লোৱা এই পদক্ষেপ লক্ষণীয় হৈ পৰিছে।
২) আজি বিশ্ব যোগ দিৱস। ২০১৫ বৰ্ষৰ পৰা প্ৰতিবছৰে জুন মাহৰ ২১ তাৰিখে সমগ্ৰ বিশ্বত পালন কৰি অহা হৈছে বিশ্ব যোগ দিৱস। এইবৰ্ষৰ বিশ্ব যোগ দিৱসৰ মূলমন্ত্ৰ হৈছে “সুস্থতাৰ বাবে যোগ সাধন।” বিশ্ব যোগ দিৱসৰ অনুষ্ঠানৰ অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্তব্য – সমগ্ৰ বিশ্বই কোভিড ১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ কৰি থকা অৱস্থাত যোগ সাধন হৈছে আমাৰ বাবে এক আশাৰ ৰেঙণি। এই দুবছৰ ভাৰত তথা বিশ্বত যোগ সাধনৰ কোনো ৰাজহুৱা সভা অনুষ্ঠিত হোৱা নাই কিন্তু মানুহৰ যোগ সাধনৰ স্পৃহা হ্ৰাস পোৱা নাই।
৩) জম্মু কাশ্মীৰৰ বাৰমূলা জিলাৰ চ’পৰেৰ গোণ্ড ব্ৰাথ এলেকাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষত দুধৰ্ষ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ তিনিজন সন্ত্ৰাসবাদীৰ মৃত্যু। বহু হত্যা আৰু হিংসাৰ গোচৰ থকা মস্ত ৱাণ্টেদ অপৰাধী মোডাচিৰ পণ্ডিতৰ মৃত্যু হয় এই সংঘৰ্ষত।
৪) মহাৰাষ্ট্ৰৰ শিৱসেনা বিধায়ক প্ৰদীপ সৰনায়কৰ পত্ৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ। শিৱসেনাক বিজেপিৰ সৈতে একত্ৰিত হৈ চৰকাৰ গঠন কৰিবলৈ পৰামৰ্শ বিধায়কজনৰ। কেন্দ্ৰীয় অনুসন্ধানমূলক সংস্থাসমূহৰ ব্যাপক হাৰাশাস্তিৰ পৰা ৰক্ষা পৰিবলৈ থাকৰেক এই পৰামৰ্শ শিৱসেনাৰ বিধায়কজনৰ। তেওঁৰ অভিযোগ অনুসৰি, এই মিত্ৰতাৰ ফলত কেৱল লাভৱান হৈছে কংগ্ৰেছ আৰু এন চি পি। ক্ষতিৰ সন্মুখীন হৈছে শিৱসেনা।
৫) বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ তৃতীয় দিন – অজিংক ৰাহানেৰ ৪৯ ৰাণ আৰু বিৰাট কহলিৰ ৪৪ ৰাণৰ সহায়ত ভাৰতৰ সংগ্ৰহ ২১৭ ৰাণ। নিউজিলেণ্ডৰ বেগী বলাৰ কাইল জেমিছনে ৫ টা উইকেট দখল কৰি মেৰুদণ্ড ভাঙিলে ভাৰতৰ বেটিং লাইন আপৰ। ডেভন কনৱেৰ ৫৪ ৰাণৰ সহায়ত দুই উইকেটত ১০১ ৰাণ সংগ্ৰহ নিউজিলেণ্ডৰ। ভাৰতৰ হৈ এটাকৈ উইকেট দখল ৰবিচন্দ্ৰণ অশ্বিন আৰু ঈশান্ত শৰ্মাৰ।
উৎস -ইণ্ডিয়া টুডে
আন্তঃৰাষ্ট্ৰীয়
১. ইৰাণ পাৰমাণৱিক চুক্তি–
ইৰাণ পাৰমাণৱিক চুক্তিৰ পুনৰুদ্ধাৰ সম্পৰ্কত অষ্ট্ৰিয়াৰ ভিয়েনাত বিশ্ব শক্তি সমূহৰ আলোচনা। চুক্তিক লৈ এতিয়াও নিশ্চিত হব পৰা নাই বিশ্ব আমেৰিকা, জাৰ্মানী, ইৰোপিয়ান ইউনিয়ন আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহ। আনহাতে, ইৰাণৰ নৱনিৰ্বাচিত ইব্ৰাহিম ৰাইছিয়েও দেশখনৰ পৰা আমেৰিকান নিষেধাজ্ঞাসমূহ আতঁৰাবলৈ চেষ্টা কৰিব বুলি দেশবাসীক অংগিকাৰ কৰিছে। পাৰমাণিক প্ৰযুক্তি সম্পন্ন ৰাষ্ট্ৰ ইৰাণক পাৰমাণবিক বোমা নিৰ্মানৰ ক্ষেত্ৰত বাধা দিবলৈ, জাৰ্মানী, ইৰোপিয়ান ইউনিয়ন আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহে ইৰাণৰ লগত এই পাৰমাণৱিক চুক্তিখন ২০১৫ চনতেই আৰম্ভ কৰিছিল। কিন্তু ওবামাৰ পৰৱৰ্তী কালত ট্ৰাম্পে ইৰাণৰ লগত এই চুক্তি প্ৰত্যাহাৰ কৰি ইৰাণৰ ওপৰত বিভিন্ন অৰ্থনৈতিক নিষেধাজ্ঞা জাপি দিয়ে। যাৰ ফলত ইৰাণ অৰ্থনৈতিক ভাবে একেবাৰে দুৰ্বল হৈ পৰে। পিছে আমেৰিকাত এইবছৰ জ’ বাইডেন ক্ষমতালৈ অহাৰ পাছত সেই নিষেধাজ্ঞা কিছু পৰিমাণে উঠাই দিছে। আমেৰিকাই ইৰাণক কৈছে যে, যদিহে ইৰাণে তেওঁলোকৰ লগত পাৰমাৱিক চুক্তি খনত সন্মত হয় তেনেহ’লে তেওঁলোকে ইৰাণৰ ওপৰত থকা সকলো নিষেধাজ্ঞা উঠাই লব। ইৰাণৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিজনৰ কথাৰ পৰা এই পাৰমাণৱিক চুক্তি পুনৰ কাৰ্যক্ষম হৈ উঠিব যেন অনুমান কৰিব পৰা গৈছে।
২. ইৰাণৰ নতুন ৰাষ্ট্ৰপতি সম্পৰ্কত ইজৰাইলৰ প্ৰধান মন্ত্ৰী নেফেটালি বেনেটৰ প্ৰতিক্ৰিয়া–
ইজৰাইলৰ প্ৰধান মন্ত্ৰীজনে কালি এখন সংবাদ মেলৰ জড়িয়তে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য সমূহৰ লগতে ইউৰোপিয়ান ইউনিয়নক আহ্বান জনাই যে, ইৰাণক পাৰমাণৱিক বোমাৰ নিৰ্মানৰ পৰা বিৰত ৰখাবলৈ এইটোৱেই শেষ সুযোগ। তেওঁ লগতে, ইৰাণৰ বৰ্তমানৰ নেতাসকলক গণ হক্যাকাৰী বুলি ঘোষণা কৰি তেওঁলোকৰ হাতত পামাণৱিক অস্ত্ৰ পৰাটো কিমান ভয়ংকৰ কথা হব তাৰ বিষয়েও আশ্চৰ্য প্ৰকাশ কৰে।
৩. যুদ্ধ বিধস্ত আৰ্মেনিয়ানত অনুষ্ঠিত হৈ যায় সংসদীয় নিৰ্বাচন- যোৱা বছৰ আজাৰবাইজানৰ সৈতে যুদ্ধ কৰি পৰাজয়ৰ সন্মুখিন হোৱা আৰ্মেনিয়াৰ সংসদীয় নিৰ্বাচনৰ ভোটদান কালি অনুষ্ঠিত হৈ যায়। ভোটগণনাৰ ফলাফলত বৰ্তমানলৈকে আৰ্মেনিয়াৰ কাৰ্যকৰী প্ৰধানমন্ত্ৰী নিকল পাছিনিয়ান আৰু তেওঁৰ অসামৰিক চুক্তি দলে আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে।
৪. ব্ৰাজিলত কৰোণাৰ সংহাৰ অব্যাহত-
ব্ৰাজিলত কালি কৰোণা ভাইৰাছৰ ফলত মৃত্যু হোৱাৰ ব্যক্তিৰ সংখ্যাই ৫ লাখ অতিক্ৰম কৰিলে। এই ব্ৰাজিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে দ্বিতীয় স্থানত আছে।
৫. ইউৰো কাপ ২০২০
ইউৰো কাপত কালিৰ খেলৰ ফলাফল-
স্পেইন বনাম পোলেণ্ড ১-১
ইটালী বনাম ৱেলচ ১-০
ছুইজাৰলেণ্ড বনাম টুৰ্কী ৩-১
আজিৰ খেল-
উত্তৰ মেচিডনিয়া বনাম নেডাৰলেণ্ড
ইউক্ৰেইন বনাম অষ্ট্ৰিয়া
উত্স : বিবিচি ৱৰ্ল্ড নিউজ