আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক

১) অৱশেষত বাতিল কৰা হ’ল হাইস্কুল শিক্ষান্ত, হাই-মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। অসম সাহিত্য সভা, আছু, এবছু আদি সংগঠনেৰে আলোচনাত মিলিত হোৱাৰ পাছতে এই ঘোষণা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

২) ৰাজ্যৰ দুই সহস্ৰাধিক বিদ্যালয়ত নাই নিয়মীয়া প্ৰধান শিক্ষক আৰু অধ্যক্ষ। ২০১৮ চনৰে পৰা বন্ধ মাধ্যমিক স্কুলত প্ৰধান শিক্ষকৰ নিযুক্তি। ২৫ বছৰ ধৰি বন্ধ হৈ আছে উচ্চতৰ মাধ্যমিক স্কুলৰ উপাধ্যক্ষ নিযুক্তি।

৩) সৰুসজাইত নিৰ্মিত কভিড হস্পিতেল পৰিদৰ্শন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে‌। দুদিনীয়া ভ্ৰমণসূচীলৈ উত্তৰ-পূৱলৈ অহা মন্ত্ৰী গৰাকীয়ে কামাখ্যা মন্দিৰো দৰ্শন কৰে। লগতে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ ঘৰত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়।

৪) তিনিটা ভাগত বিভক্ত কৰি মহিলাক ঋণ ৰেহাই দিয়া হ’ব। ধনী, চাকৰি, বিলাসী বাহন আৰু অট্টালিকা থকা পৰিয়ালে নাপায় ঋণ ৰেহাই।

৫) ৰাজ্যত যোৱা ২৪ ঘন্টাত ৩৭০৬ গৰাকী আক্ৰান্ত কোভিডত। ইয়াৰে গুৱাহাটীত আক্ৰান্ত ২০৮ জন। ৰাজ্যত মৃত্যুৰ সংখ্যা ৩৩ জন।

উৎস : অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয়

১) “উৰন্ত শিখ”ৰূপে খ্যাত অৰ্জন কৰা দৌৰবিদ মিলখা সিঙৰ মৃত্যু। কোভিড মহামাৰীৰ সৈতে এমাহজোৰা যুঁজৰ অন্তত যোৱা নিশা ১১.৩০ বজাত অৱশেষত হাৰ মানিলে কেতিয়াও হাৰ মানিব নোখোজা দৌৰবিদজনে। মৃত্যুৰ সময়ত মিলখা সিংৰ বয়স আছিল ৯১ বছৰ। যোৱা ১৩ জুনত কোভিডৰ ফলতে মৃত্যু হৈছিল মিলখা সিংৰ পত্নী নিৰ্মল কৌৰৰ।

২) জম্মু কাশ্মীৰত চলি থকা উন্নয়নৰ প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিবলৈ দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক। অমিত শ্বাহে সভাপতিত্ব কৰা এই সভাত উপস্থিত থাকে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, ৰাষ্ট্ৰীয় গৃহ সচিব অজয় ভাল্লা, আই বিৰ ডাইৰেক্টৰ অৰবিন্দ কুমাৰ, ৰ’ৰ চীফ সামন্ত কুমাৰ গোৱেল, চি আৰ পি এফৰ ডাইৰেক্টৰ জেনেৰেল কুলদ্বীপ সিং আৰু জম্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান দীলবাগ সিং।

৩) থিয়েটাৰ কামাণ্ডৰ সম্পৰ্কে পৰামৰ্শৰ বাবে গঠন কৰা হৈছে উচ্চস্তৰীয় কমিটি। পেনেলত আছে স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ উপ-প্ৰধান, চীফ অফ দা ডিফেন্স ষ্টাফ, আৰু গৃহ পৰিক্ৰমা, বিত্ত আৰু আইনৰ মন্ত্ৰালয়ৰ প্ৰতিনিধি।

৪) ভাৰতীয় নৌসেনা আৰু ইউৰোপীয় ইউনিয়নৰ মাজত এডেন উপসাগৰত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে মৈত্ৰী অনুশীলন। দুদিনীয়া এই যুদ্ধাভ্যাসত অংশ লৈছে ভাৰতীয় নৌসেনাৰ চাৰিখনকে ধৰি ভাৰতৰ মুঠ পাঁচখন জাহাজে।

৫) ভাৰতত অহা অক্টোবৰত আঘাত কৰিব পাৰে কোভিড ১৯ৰ তৃতীয় ঢৌৱে। বিশ্বৰ 40 জন স্বাস্থ্যসেৱা বিশেষজ্ঞ, চিকিৎসক, বিজ্ঞানী, ভাইৰোলজিষ্ট, এপিডেমিঅ’লজিষ্ট আৰু অধ্যাপকসকলে ৩ জুনৰ পৰা ৭ জুনলৈ কৰা এক অধ্যয়নত এইটো প্ৰকাশ হৈছে যে ভাৰতত দ্ৰুতভাৱে ভেকচিন প্ৰদান প্ৰক্ৰিয়াই এই তৃতীয় ঢৌক কিছু বাধা প্ৰদান কৰিব।

উৎস – দ্যা হিন্দু

আন্তঃৰাষ্ট্ৰীয়

১. এষ্ট্ৰাজেনেকা বনাম ইউৰোপিয়ান ইউনিয়ন- ১৮ জুন, বুধবাৰে বেলজিয়ামৰ এখন আদালতে ঔষধ কোম্পানী এষ্ট্ৰাজেনেকা আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত ভেকচিনৰ যোগান সম্পৰ্কত হোৱা বিবাদৰ মীমাংসা স্বৰূপে এক বিশেষ আদেশ জাৰি কৰিছে। বেলজিমামৰ ব্ৰাচেলছৰ এই আদালতখনত এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে গোচৰ তৰি ইউৰোপিয়ান ইউনিয়নে কৈছিল যে, ঔষধ কোম্পানীটোৱে তেওঁলোকৰ সৈতে ভেকচিনৰ যোগান সম্পৰ্কত হোৱা চুক্তি ভংগ কৰিছে। আৰু ভেকচিনৰ যোগান ধৰাত পলম কৰিছে। এই গোচৰৰ মীমাংসা কৰি বেলজিয়ামৰ আদালতখনে এষ্ট্ৰাজেনেকাক আদেশ দিছে যে, এই বছৰৰ চেপ্তেম্বৰ মাহৰ ভিতৰত তেওঁলোকে ইউৰোপিয়ান ইউনিয়নক ভেকচিনৰ ৮০ মিলিয়ন ড’জ যোগান ধৰিব লাগিব। আৰু জুলাইৰ ২৬ তাৰিখৰ ভিতৰত ইয়াৰ প্ৰথম কিস্তি হিচাপে ১৫ মিলিয়ন ড’জ যোগান ধৰিব লাগিব। অন্যথা ঔষধ কোম্পানীটোৱে যোগান ধৰাত বিলম্ব হোৱা প্ৰতিটো ড’জৰ বিনিময়ত ১০ ইউৰোকৈ জৰিমণা ভৰিব লাগিব। আদেশটোক এষ্ট্ৰাজেনেকাই আদৰি লৈ কৈছে যে- তেওঁলোকে খুব সহজেই এই লক্ষ্য পূৰণ কৰিব পাৰিব। আনহাতে, তেওঁলোকৰ লেহেমীয়া টিকাকৰণ অভিযানৰ সমালোচিত হৈ অহা ইউৰোপিয়ান ইউনিয়নেও এই আদেশক আদৰণি জনায় কয় যে, এই আদেশে তেওঁলোকৰ টিকাকৰণ অভিযানক অধিক ত্বাৰাণিত কৰিব।

২. ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচন- ১৮ জুন, শুক্ৰবাৰে ইৰাণৰ ৬ কোটি জনতাই দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি জনক নিৰ্বাচনৰ বাবে ভোটদান কৰে। কৰোণা মহামাৰীৰ মাজতে অনুষ্ঠিত হৈ যোৱা এই নিৰ্বাচনত দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিয়ে সৰ্বপ্ৰথমে ভোদদান কৰি, দেশখনৰ সকলো ভোটাধিকাৰ প্ৰাপ্ত নাগৰিককে ভোটদান কৰিবৰ বাবে আহ্বান জনায়। দেশখনৰ সদ্যবিদায়ী ৰাষ্ট্ৰপতি হাচান ৰোহানীয়ে সৰ্বাধিক দুটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পাছত এতিয়া তেওঁৰ উত্তৰাধিকাৰী কোন হব সেই লৈ আন্তঃৰাষ্ট্ৰীয় মহলত ব্যাপক জল্পনা কল্পনা চলিছে। এই ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ চাৰিজন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। তেওঁলোক হৈছে- মোহচেন ৰেজাই, আমিৰ-হুছেইন গাজিজাদেহ হাছেমী, আব্দুলনাছিৰ হামেতী, আৰু ইব্ৰাহিম ৰাইচি।  এওঁলোকৰ ভিতৰত ইৰাণৰ বৰ্তমানৰ ন্যায়পালিকাৰ মুৰব্বী ইব্ৰাহিম ৰাইচিৰে জয়ৰ সম্ভাৱনা অধিক বুলি চৰ্চা হৈছে।

৩. টকিঅ অলিম্পিক ২০২০- অহা ২৩ জুলাইৰ পৰা পৰা অনুষ্ঠিত হ’ব লগা টকিঅ’ অলিম্পিক সম্পৰ্কত জাপানত শেহতীয়াকৈ এক নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে। দেশখনৰ সংক্ৰামক ৰোগ আৰু জনস্বাস্থ্য সম্পৰ্কীয় বিশেষজ্ঞৰ এটা দলে জাপান চৰকাৰ আৰু অলিম্পিক গেমছৰ আয়োজক সমিতিক এইবাৰৰ অলিম্পিক গেমছ দৰ্শকৰ অবিহনেই অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। বিশেষজ্ঞসকলৰ মতে, দৰ্শক অবিহনে খেলসমূহ অনুষ্ঠিত কৰিলে, দেশখনত কৰোণা ভাইৰাছ সংক্ৰমণ পুনৰ বিয়পি পৰাৰ সম্ভাৱনা নুন্যতম হ’ব আৰু যদিহে ষ্টেডিয়ামসমূহত দৰ্শকক খেল উপভোগ কৰিবলৈ দিয়া হয় তেনেহ’লে দেশখনে পুনৰ এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে। আনহাতে, অলিম্পিক গেমছৰ আয়োজক সমিতিৰ সভাপতি জনৰ মতে, দৰ্শকৰ উপস্থিতিৰ মাজেৰেও খেলসমূহ নিৰাপদ ভাৱে অনুষ্ঠিত কৰিব পৰা যাব। ইতিপূৰ্বে জাপান চৰকাৰে দহ হাজাৰ দৰ্শকক ষ্টেডিয়ামত খেল উপভোগ কৰিবলৈ অনুমতি দিয়া হ’ব বুলি ঘোষণা কৰিছিল। বৰ্তমান বিশেষজ্ঞসকলৰ আহ্বানৰ পাছত জাপান চৰকাৰে বিষয়টো পুনৰ আলোচনা কৰিবলৈ বৈঠকত বহিছে যদিও এই সম্পৰ্কত এতিয়ালৈকে কোনো স্থিৰ সিদ্ধান্ত লব পৰা নাই।

৪. হংকঙৰ গণতন্ত্ৰপন্থী বাতৰি কাকত এপ’ল ডেইলীৰ বিৰুদ্ধে ষড়যন্ত্ৰ অব্যাহত–বৃহস্পতিবাৰে পুৱাৰ ভাগতে হংকং আৰক্ষীয়ে তালাচী চলাই হংকংৰ একমাত্ৰ চৰকাৰ বিৰোধী বাতৰি কাকত ‘এপ’ল ডেইলী’ৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে কাকতখনৰ পাঁচজন জ্যেষ্ঠ সাংবাদিকক গ্ৰেপ্তাৰ কৰিছিল। এই পাঁচজন সাংবাদিকৰে দুজনক অৰ্থাৎ কাকতখনৰ মুখ্য সম্পাদক ৰাইন ল’ আৰু মুখ্য কাৰ্যবাহী বিষয়া চেওং কিম-হোঙক হংকং আৰক্ষীয়ে এখন বিদেশী ৰাষ্ট্ৰৰ সৈতে গোপন সম্পৰ্ক থকাৰ অভিযোগত অভিযুক্ত কৰিছে। আৰু লগৰীয়া আন তিনিজন সাংবাদিকক জামিনত মুক্তি দিছে। উল্লেখ্য যে, চীন চৰকাৰে ২০২০ চনত পূৰ্বৰ বৃটিছ ঔপনিৱেশ থকা চহৰখনত এখন নতুন ৰাষ্ট্ৰীয় সুৰক্ষা আইন প্ৰৱৰ্তন কৰিছে। যিয়ে চহৰখনত বেইজিঙৰ অধিপত্য পূৰ্বতকৈও ব্যাপক কৰি তুলিছে। আনহাতে, হংকঙৰ গণতন্ত্ৰ কামী জনগণে চৰকাৰ আৰু আৰক্ষীয়ে ‘এপ’ল ডেইলী’ৰ বিৰুদ্ধে কৰা এই ষড়যন্ত্ৰৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ গঢ়ি তুলিছে। নাগৰিকসকলে বাতৰি কাকতৰ দোকানৰ পৰা এই কাকতখনৰ অতিৰিক্ত কপিসমূহ এক ব্যাপক হাৰত ক্ৰয় কৰি পেলাইছে। যাৰ ফলত পূৰ্বতে দৈনিক ৮০,০০০ বিক্ৰী হোৱা কাকতখনৰ বিক্ৰী বৃদ্ধি হৈ প্ৰায় ৫,০০,০০০ হৈছেগৈ।

৫. ইউৰো ২০২০- আজি ইউৰো কাপৰ প্ৰথমখন খেল অনুষ্ঠিত হয় ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত। এইখন খেলত স্কটলেণ্ড আৰু ইংলেণ্ডৰ স্কৰ আছিল, ০-০। আৰু গলবিহীন এই ড্ৰ’ খেলখন খেলিয়েই স্কটলেণ্ডে ইউৰো কাপত নিজৰ প্ৰথটো পইণ্ট সাব্যস্ত কৰিছে। আজি অনুষ্ঠিত হ’ব লগা আন দুখন খেল হ’ল ক্ৰমে হাংগেৰী বনাম ফ্ৰান্স আৰু পৰ্টুগাল বনাম জাৰ্মানী।

বাতৰিৰ উৎস- বিবিচি ৱৰ্ল্ড নিউজ

1 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x