অসমীয়া কল্পবিজ্ঞান সাহিত্য
অসমীয়া কল্পবিজ্ঞান সাহিত্য ৰচনাৰ ধাৰা বিংশ শতিকাৰ পৰাহে আৰম্ভ হৈছে। সেয়া সম্ভৱ হৈছে পাশ্চাত্যৰ ইংৰাজী কল্পবিজ্ঞান সাহিত্যৰ অধ্যয়নৰ ফলত। যিহেতু ইউৰোপ, আমেৰিকা, ৰাছিয়া আদি দেশৰ কল্পবিজ্ঞান সাহিত্যৰ লেখক সকলেহে সাহিত্যৰ এই ধাৰাটো শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিছে। অৱশ্যে ভাৰতীয় প্রায়বোৰ প্ৰান্তীয় ভাষাৰ কল্পবিজ্ঞান সাহিত্যক প্রভাৱিত কৰিছে ইংৰাজী কল্পবিজ্ঞান সাহিত্যই। মাৰাঠী, বাংলা, গুজৰাটী, তামিল, ওড়িয়া, হিন্দী আদি বহুতো ভাষাত কল্পবিজ্ঞান সাহিত্য ইংৰাজী সাহিত্যৰ প্ৰভাৱৰ ফলত সৃষ্টি হোৱা। অসমীয়া লেখকসকলেও প্রভাৱিত হোৱাৰ অন্যতম কাৰণ হৈছে ইংৰাজী ভাষাৰ কল্পবিজ্ঞান উপন্যাস, গল্প, নাটক আদি অধ্যয়ন কৰাতো। অসমত প্রথম কল্পবিজ্ঞান সাহিত্যৰ আৰম্ভণি ঘটাইছিল হৰিপ্ৰসাদ বৰুৱাই ১৯৩৮ চনত। আৱাহন আলোচনীৰ পাতত তেখেতে প্রথম কল্পবিজ্ঞান গল্প প্রকাশ কৰে। আনহাতে কল্পবিজ্ঞান সাহিত্যৰ আন এটা ৰূপ নাটকৰ শুভাৰম্ভ ঘটে ১৯৫৬ চনত। তাৰপাছতে উপন্যাস প্রকাশ হয় ১৯৬০ চনত। দেখা যায় যে অসমীয়া কল্পবিজ্ঞান সাহিত্যত এই তিনিটা ৰূপৰ সাহিত্য ৰচনা হৈ আছে। ইংৰাজী ভাষাত কল্পবিজ্ঞান কবিতা লেখাও দেখা যায় যদিও অসমীয়া ভাষাত সেই প্রয়াস দেখা পোৱা নাযায়।
অসমীয়া কল্পবিজ্ঞান গল্প –
অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ শুভাৰম্ভ ঘটোৱা ‘বিচৰতৰীয়াৰ দেশ’ নামৰ গল্পটো প্রথমে আৱাহন কাকতৰ অষ্টম বছৰৰ সপ্তম সংখ্যাত প্রকাশ হৈছিল। ইয়াৰ পাছতে ১৯৩৮ চনত আৱাহনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে ‘ৰসায়ন’ নামৰ এটা কল্পবিজ্ঞান গল্প প্রকাশ কৰে। ‘বিচৰতীয়াৰ দেশ’ গল্পটোত ‘ফাগুনা’ নামৰ চৰিত্ৰটোৱে শিৱসাগৰৰ পূজাৰীৰ ওচৰত ভাং এচিলিম খাই আহে আৰু ৰাতি সি ভাঙৰ নিচাত সপোন এটা দেখা পায়। সেই সপোনটোতে ফাগুনাই বৃহস্পতি গ্রহৰ এজন আবাসীৰ সৈতে টেলিফোনত কথা পাতে। বিজ্ঞান-প্ৰভাৱিত এই গল্পটোক প্রথম অসমীয়া কল্পবিজ্ঞান গল্প হিচাপে স্বীকৃতি দিয়া হৈছে।
কিন্তু অসমীয়া কল্পবিজ্ঞান গল্প বিংশ শতিকাৰ প্ৰথমার্ধত ৰচিত হ’লেও ইয়াৰ অধিক বিকাশ লাভ হয় বিংশ শতিকাৰ আশীৰ দশকৰ পৰাহে। এই সময়ছোৱাৰ পৰাই বহু কেইজন লেখকে কল্পবিজ্ঞান গল্পৰ ক্ষেত্রখনলৈ অৱদান আগবঢ়ায়। সেই সকলৰ ভিতৰত নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, কুমুদেশ্বৰ বৰঠাকুৰ, সৌৰভ কুমাৰ চলিহা, ভবেন্দ্ৰ নাথ শইকীয়া, দিনেশ চন্দ্র গোস্বামী, ৰঞ্জু হাজৰিকা, শান্তনু তামুলী, বন্দিতা ফুকন, অভিজিত শৰ্মা বৰুৱা, ৰথীন্দ্রনাথ গোস্বামী আদিয়ে কল্পবিজ্ঞান গল্প ৰচনাত হাত দি অসমীয়া সাহিত্যক চহকী কৰিছে।
অসমীয়া কল্পবিজ্ঞান গল্পৰ প্রথম পর্যায়টোৰ ভিতৰত নগেন্দ্র নাৰায়ণ চৌধুৰীৰ ‘ৰসায়ন’ গল্পটো লেখত ল‘বলগীয়া। গল্পটোত মানুহে আধুনিক বিজ্ঞানৰ জৰিয়তে প্রাচীন কালৰ চিকিৎসা শাস্ত্ৰৰ উত্তৰণ ঘটাই পৌঢ় মানুহৰ যৌৱন দান কৰিছে। চিকিৎসা বিজ্ঞানৰ সফলতা আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তাক এই গল্পটোৱে বহন কৰিছে। কুমুদেশ্বৰ বৰঠাকুৰে আৰ্থাৰ কনান ডয়েলৰ শ্বার্লক হোমছ্ ৰ কাহিনীৰ আদৰ্শত লিখা ‘গোলাই ছিৰিজৰ এটম বোমা’ কাহিনীটোও অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ প্রাথমিক পর্যায়ৰ এটি লেখত ল‘বলগীয়া কাহিনী। গুৱাহাটীত এটম বোমা বনোৱা, ইয়াৰ বিস্ফোৰণ ঘটোৱা আদি কার্য কাহিনীটোত পোৱা যায়। কিন্তু বিংশ শতিকাৰ দ্বিতীয়ার্ধৰ পৰা অসমীয়া কল্পবিজ্ঞান সাহিত্যলৈ নতুনত্ব আহে। সৌৰভ কুমাৰ চলিহাই কল্পবিজ্ঞান কাহিনী সৱল ভাৱে উপস্থাপন কৰে। সৌৰভ কুমাৰ চলিহাৰ কল্পবিজ্ঞান গল্পবোৰৰ ভিতৰত ‘আৱাজ’ (১৯৫০), ‘ওপৰত’ (১৯৬৩), ‘শেষ অনুৰোধ’ (১৯৯৩), ‘মৰূদ্যান’ আদি অন্যতম। আৱাজত শব্দৰ দ্বাৰা হোৱা অশান্তিত মানুহৰ প্রতিক্রিয়া আৰু শব্দ প্ৰদূষণৰ বাবে যন্ত্র নির্মাণ কৰা দেখুওৱা হৈছে। আনহাতে ‘শেষ অনুৰোধ’ গল্পটোত মানুহ আৰু ৰবটৰ মাজৰ সম্পৰ্কক দেখুওৱা হৈছে। আন এগৰাকী গল্পকাৰ ভৱেন্দ্ৰনাথ শইকীয়ায়ো কল্পবিজ্ঞান গল্প লিখাত হাত দিছিল। তেওঁৰ ১৯৬৮ চনৰ প্ৰকাশিত ‘গহ্বৰ’ এটা উৎকৃষ্ট গল্প। মানুহৰ শৰীৰৰ অংগ সংস্থাপনৰ কাহিনী এই গল্পত পোৱা যায়।
অসমীয়া কল্পবিজ্ঞান সাহিত্য জনপ্রিয় কৰাত দিনেশ চন্দ্র গোস্বামীৰ অৱদান বহু ওপৰত। বিংশ শতিকাৰ আশীৰ দশকৰ পৰা দিনেশ চন্দ্র গোস্বামীয়ে কল্পবিজ্ঞান সাহিত্যৰ বিকাশ খৰতকীয়া কৰি তোলে। তেখেতে জনপ্রিয় বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্য সম্পর্কীয় একাধিক প্রবন্ধ ৰচনা কৰিছে। নিজে কল্পবিজ্ঞান উপন্যাস, গল্প, নাটক লিখাৰ উপৰিও ইংৰাজী ভাষাৰ পৰাও কল্পবিজ্ঞান সাহিত্য অনুবাদ কৰিছে। বিংশ শতিকাৰ পৰা আৰম্ভ কৰি একবিংশ শতিকালৈকে দীর্ঘকাল সময় দিনেশ চন্দ্র গোস্বামীয়ে কল্পবিজ্ঞান সাহিত্য চর্চা কৰে। বাস্তৱ জীৱনত বিজ্ঞান ক্ষেত্ৰৰ সৈতে জড়িত থাকিবলগীয়া হোৱা হেতুকে বিজ্ঞানৰ প্রয়োজনীয়তা তেওঁ অনুভৱ কৰিছিল। সেয়ে দীনেশ চন্দ্র গোস্বামীয়ে বিভিন্ন প্রবন্ধ-পাতি, অনুবাদ আৰু মৌলিক সাহিত্য ৰচনাৰে অসমত বিজ্ঞান সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত ভূমিকা লোৱা দেখা যায়।
দীনেশ চন্দ্র গোস্বামীৰ কল্পবিজ্ঞান গল্পপুথি আঠখন। সেইবোৰ হৈছে- ‘ভদ্রতামাপক যন্ত্র’ (১৯৮৫), পোর্টেবল স্মেল এবজৰবাৰ্ (১৯৮৬), ‘এক তৰংগৰ দৰে’ (১৯৯৫), ‘অভিন্ন হৃদয়’ (২০০৪), ‘কল্প জগত’ (২০০৪), ‘দীনেশ চন্দ্র গোস্বামীৰ স্বনির্বাচিত গল্প’ (২০০৫), ‘অন্তৰ্বাহী’ (২০১১), ‘নতুন শতিকাৰ কল্পবাস্তৱ’ (২০১৬), আদি। ইয়াৰে ‘ভদ্রতামাপক যন্ত্র’খন অসমীয়া ভাষাত প্রকাশ হোৱা প্ৰথমখন কল্পবিজ্ঞান ভিত্তিক গল্প সংকলন। কল্পবিজ্ঞান গল্পবোৰত দীনেশ চন্দ্র গোস্বামীয়ে বিজ্ঞানৰ বিভিন্ন দিশক সামৰি লৈছে। ‘পৰিব্ৰাজক’ গল্পটোত এইচ. জি. ৱেলচৰ ‘দা টাইম মেচিন’ৰ দৰে অতীতলৈ ‘টাইম ট্রেভেল’ কৰা দেখুওৱা হৈছে। ‘পোর্টেবল স্মেল এবজৰবাৰ্’ গল্পত দুৰ্গন্ধ নাশৰ প্রয়াস আৰু যন্ত্র নির্মাণ কৰা দেখা যায়। ‘অভিন্ন হৃদয়’ গল্পত ক্ল’নিং সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা কৰা দেখা যায়। ‘সংক্রমণ’ গল্পত এইডচৰ ভয়াৱহতাক দেখুওৱা হৈছে।
অসমীয়া কল্পবিজ্ঞান সাহিত্যত বন্দিতা ফুকনৰো যথেষ্ট অৱদান আছিল। তেওঁ ৰচনা কৰা সৃষ্টিশীল কল্পবিজ্ঞান সাহিত্যৰ ভিতৰত শিশু, কিশোৰ, যুৱক আৰু প্রাপ্তবয়স্ক লোকৰ উপযোগী গল্প পোৱা যায়। বন্দিতা ফুকনে লিখা কল্পবিজ্ঞান গল্প সংকলনবোৰৰ ভিতৰত ‘সময় হৈছেনে’, ‘এক ৰহস্যৰ সন্ধানত’ এই দুখন অন্যতম। ‘সময় হৈছেনে’ সংকলনৰ ‘নিখুঁত’ শীর্ষক গল্পটো অসমীয়া কল্পবিজ্ঞান গল্পবোৰৰ ভিতৰত এটি শক্তিশালী গল্প। মানুহৰ জীৱনত যন্ত্ৰৰ প্ৰভাৱ আৰু যন্ত্ৰৰ ভয়াৱহতা গল্পটোত দেখা যায়। ‘চান’ নামৰ এটা ৰবটে কিদৰে নিখুঁতভাৱে ভাৰ্গৱক হত্যা কৰিলে তাৰ লোমহর্ষক বৰ্ণনা গল্পটোত পোৱা যায়। বন্দিতা ফুকনৰ আন এটা গল্প ‘এটোপাল ঘাম’ৰ বিষয়বস্তু শৰীৰবিজ্ঞান। লেখিকাৰ আন এটি গল্প ‘উদ্ধাৰ’। গল্পটো মহাকাশ জগত সম্পর্কীয়। অসমীয়া ভাষাৰ আন এজন কল্পবিজ্ঞান লেখক হৈছে শান্তনু তামুলী। চন্দ্ৰলৈ কৰা অভিযানক কেন্দ্র কৰি তেখেতে ১৯৬৪ চনত ‘হে চন্দ্র বিদায়’ শীর্ষক প্রথমটো কল্পবিজ্ঞান গল্প ৰচনা কৰিছিল। ‘মায়ামৃগ’ (১৯৯৮) শান্তনু তামুলীৰ এখন উৎকৃষ্ট কল্পবিজ্ঞান গল্প সংকলন।
সংখ্যাত কম হ’লেও আন বহুতো লেখকে অসমীয়া ভাষাত কল্পবিজ্ঞান গল্প লিখা দেখা যায়। অভিজিত শর্মা বৰুৱাই ‘ভুতুড়ে বিজ্ঞানী’ গল্পটোত পদার্থ বিজ্ঞানৰ চমত্কাৰী ফলাফল দেখুৱাইছে। আন এগৰাকী কল্পবিজ্ঞান কাহিনী লেখক ৰথীন্দ্রনাথ গোস্বামীয়ে ‘নয়নমনি’ শীর্ষক গল্পত কম্পিউটাৰ ভাইৰাছৰ আক্ৰমণক বিষয়বস্তু হিচাপে লৈছে। কম্পিউটাৰক লৈ জনপ্রিয় বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই ১৯৭৪ চনৰ নবেম্বৰ-ডিচেম্বৰ সংখ্যাৰ ‘আনন্দ সংবাদ’ত লিখা ‘কম্পিউটাৰ শিল্পী’ গল্পটোও অন্যতম। কল্পবিজ্ঞান গল্পও ক্ষীৰধৰ বৰুৱাই ছেগাচোৰোকাকৈ অনুবাদ কৰিছে। বিজ্ঞান সাহিত্য লেখক জয়ন্ত কুমাৰ শৰ্মাই ‘দধীচি’ শীর্ষক গল্পত ‘প্রমিথিউছ’ নামৰ যানখনে মহাকাশৰ সৌৰজগতৰ মাজেদি কৰা যাত্ৰা আৰু এই যাত্ৰাত মহাকাশৰ অভিজ্ঞতা বর্ণনা কৰিছে। অসমীয়া ভাষালৈ মৌলিক কল্পবিজ্ঞান গল্পও অনূদিত হৈছে। দীনেশ চন্দ্র গোস্বামীৰ ‘মহাকাশচাৰী’, ‘কাইলৈ এনে ঘটিছিল’, মীৰা গোস্বামীৰ প্ৰথম আৰু দ্বিতীয় দুটা খণ্ডত ‘লুছুনৰ গল্প’, বিনয় মোহন শইকীয়াৰ ‘জেৰমৰ মনোৰম গল্প’ আদি অন্যতম।
অসমীয়া কল্পবিজ্ঞান নাটক –
অসমীয়া ভাষাত কল্পবিজ্ঞান নাটক প্রথমে ৰচনা কৰিছিল নাট্যকাৰ অৰুণ শৰ্মাই। ১৯৫৬ চনত তেওঁ ‘স্থাৱৰ’ নামৰ প্ৰথমখন কল্পবিজ্ঞান নাটক ৰচনা কৰিছিল। স্থাৱৰ নাটকত আধুনিক বিজ্ঞান প্রযুক্তিৰ দ্ৰুত উন্নয়ণ দেখুওৱা হৈছে। তথ্য-প্রযুক্তিৰ প্রভূত উন্নতিৰ বাবে পৃথিৱীলৈ কেনেদৰে ভাবুকি আহিব পাৰে তাৰ ছবি দেখুৱাইছে নাটকখনত। পাৰমাণৱিক যুদ্ধ আৰু ইয়াৰ ফলত পৃথিৱী ধ্বংসৰ এখন ভয়াৱহ ছবি এইখন নাটকত দেখা যায়। ২০৫৬ ৰ পৰা ২০৭২ চনৰ ভৱিষ্যতৰ পৃথিৱীৰ ছবি নাটকখনত দেখুওৱা হৈছে। নাট্যকাৰ শ্যাম প্রসাদ শৰ্মাই কেইবাখনো কল্পবিজ্ঞান ভিত্তিক নাটক ৰচনা কৰিছে। তেওঁৰ কল্পবিজ্ঞান ভিত্তিক নাটকসমূহ হৈছে – ‘দেৱতাৰ অন্য ৰূপ’ (১৯৬৭), ‘বিশ্বাস’ (১৯৯২), ‘মথাউৰি’ (১৯৯২), ‘মমতাৰ মহাকাব্য’ (১৯৯৩), ‘মিলিজুলি মিতিৰালি’ (১৯৯৭), ‘শুভসূত্রপাত’ (১৯৯৯), ‘দোমোজা’ (১৯৯৯), ‘শেষ আশ্রয়’ (১৯৯৯) আদি। ‘দেৱতাৰ অন্য ৰূপ’ নাটকত বিজ্ঞান প্রযুক্তিৰে পৰিপূৰ্ণ ভৱিষ্যৎ পৃথিৱী এখন দেখা পোৱা যায় । ‘শেষ আশ্রয়’ নাটকত পৰিবেশৰ প্রতি মানুহৰ কৰণীয়, পৰিবেশৰ প্ৰতি নৈতিকতাবোধক দেখুওৱা হৈছে। আনহাতে ‘মমতাৰ মহাকাব্য’ নাটকত প্রাকৃতিক দুর্যোগ আৰু ধ্বংসলীলাৰ ছবি দাঙি ধৰা হৈছে। ভিন্ন বিষয়বস্তুক লৈ শ্যাম প্রসাদ শৰ্মাই কল্পবিজ্ঞান নাটক ৰচনা কৰা দেখা যায়।
দীনেশ চন্দ্র গোস্বামীয়েও একাধিক কল্পবিজ্ঞান নাটক ৰচনা কৰা দেখা যায়। তেওঁ দুকুৰিখন মান কল্পবিজ্ঞান নাটক ৰেডিঅ’ যোগে প্রচাৰ কৰিছে। সেইবোৰৰ ভিতৰত ‘পৰিব্রাজক’ (১৯৭৪), ‘বিজ্ঞাপন–বিজ্ঞাপন’, ‘এক তংগৰ দৰে’, ‘আলস্য’, ‘আলফা স্পন্দন’, ‘নিস্পৃহ’, ‘আশ্চর্য’, ‘উত্তৰণ’, ‘সংঘাত’, ‘সংযোগ’, ‘ৰবট বিজয়’ আদি উল্লেখযোগ্য। ‘পৰিব্রাজক’ নাটকত অতীতলৈ যোৱা অৰ্থাৎ ‘টাইম ট্রেভেল’ কৰা দেখা যায়। ইয়াত ‘পৰিব্রাজক’ গল্পটোকেই নাট্যৰূপ দিছে। ‘উত্তৰণ’ নাটকখনিত কম্পিউটাৰ নিৰ্ভৰ জীৱনৰ ছবি প্রকাশ হৈছে। মানুহৰ জীৱনলৈ আধুনিক বিজ্ঞান-প্রযুক্তিৰ সৃষ্টি কম্পিউটাৰে কেনেদৰে পলকতে কামবোৰ কৰি মানুহক সহায় কৰিছে সেয়া ‘উত্তৰণ’ ত দেখা পোৱা যায়। ‘ৰবট বিজয়’ নাটকখনিত মানুহৰ জীৱনত ৰবটে সহায় কৰা দেখা যায়। কিন্তু বুদ্ধিমান ৰবটবোৰে মানুহৰ জীৱনত নানা সহায় কৰি অৱশেষত নিজে ষড়যন্ত্র কৰি মানুহৰ বিৰুদ্ধে গৈ অধিকাৰ ল‘ব বিছাৰে। কিন্তু মানুহৰ ওচৰত অৱশেষত হাৰ মানি ৰবটবোৰ মানুহৰ অধীন হৈ পৰে। এনেদৰে বিভিন্ন বিষয় লৈ দিনেশ চন্দ্র গোস্বামীয়ে কল্পবিজ্ঞান নাটক ৰচনা কৰিছিল।
তেওঁলোকৰ উপৰিও সুশীল গোস্বামীয়ে ‘মন গুহাৰ অন্ধকাৰত’, অমৰজ্যোতি চৌধুৰীয়ে ‘সাংকেতিক’ আদি কল্পবিজ্ঞান নাটক ৰচনা কৰিছিল। সুশীল গোস্বামীৰ ‘মন গুহাৰ অন্ধকাৰত’ নাটকখনত মানুহৰ চিৰন্তন প্রবৃত্তিৰ কথা প্রকাশ কৰা হৈছে। মানুহৰ হিংস্র মনোভাৱ জানিবৰ বাবে চলোৱা প্রচেষ্টা আৰু সত্যতা প্রতিপন্ন কৰি দেখুওৱা হৈছে ‘মন গুহাৰ অন্ধকাৰ’ নাটকখনিত। আনহাতে অমৰজ্যোতি চৌধুৰীৰ ‘সাংকেতিক’ নাটকৰ বিষয়বস্তু কম্পিউটাৰ ভাইৰাছ। পিতৃ-পুত্ৰৰ মাজত হোৱা সংঘাত, তাৰ ফলস্বৰূপে পুত্ৰৰ দ্বাৰা কম্পিউটাৰ ভাইৰাছৰ জৰিয়তে কম্পিউটাৰত কৰা আক্রমণ দেখা পোৱা যায় নাটকখনত। অৱশ্যে অসমীয়া ভাষাত কল্পবিজ্ঞান নাটক খুউব কমেইহে লিখা হৈছে। আন আন নাট্যকাৰে কল্পবিজ্ঞান নাটক ৰচনা কৰিছে যদিও কল্পবিজ্ঞান নাটক গ্রন্থাকাৰে বা আলোচনীত খুউব কমেইহে প্ৰকাশ হোৱা দেখা গৈছে।
অসমীয়া কল্পবিজ্ঞান উপন্যাস –
অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ আন এটি বিভাগ কল্পবিজ্ঞান উপন্যাস বিংশশতিকাৰ দ্বিতীয়ার্ধত ৰচনা কৰা হয়। অসমীয়া ভাষাত কল্পবিজ্ঞান উপন্যাস পোনপ্ৰথমে প্রকাশ হৈছিল ১৯৬০ চনত ‘আমাৰ প্রতিনিধি’ত। ড° বিজয়কৃষ্ণ দেৱ শৰ্মই লিখা উপন্যাসখনৰ নাম আছিল ‘চন ২৪৬৬, ১ এপ্রিল’। ড০ বিজয়কৃষ্ণ দেৱ শৰ্মা ৰচিত কল্পবিজ্ঞান গ্রন্থ ‘চন্দ্রলোকত মানুহ’ (১৯৬৯) অসমীয়া সাহিত্যৰ সর্বপ্রথম বিজ্ঞানভিত্তিক উপন্যাসিকা। এক সফল অভিযানৰ অন্তত পৃথিৱীৰ মানুহ পোনপ্ৰথমে চন্দ্ৰৰ বুকুত অৱতৰণ কৰিছিল ১৯৬৯ চনত। লগে লগে মহাকাশত আৰু অধিক অভিযান চলোৱাৰ শুভাৰম্ভণি হৈছিল। এনে এক আৰম্ভণিৰ প্রয়াসতেই সৃষ্টি হৈছে ড° দেৱশৰ্মা ৰচিত কল্পবিজ্ঞান উপন্যাস ‘তুলসী তলত মৃগ পহু চৰে’। চন্দ্ৰলৈ যোৱাৰ যি দুৰন্ত অভিযান তাৰ সৰস বর্ণনা ইয়াত প্রকাশ পাইছে।
ড° বিজয় কৃষ্ণ দেৱশৰ্মাৰ উপন্যাসৰ পৰৱৰ্তী সময়ত অসমীয়া ভাষাত কেইবাজনো লেখকে কল্পবিজ্ঞান উপন্যাস ৰচনা কৰিছিল। সেইসকলৰ ভিতৰত নৱকান্ত বৰুৱা, দীনেশ চন্দ্র গোস্বামী, ৰঞ্জু হাজৰিকা, লক্ষ্মীনন্দন বৰা, শান্তনু তামুলী, অমূল্য হাজৰিকা, ৰথীন্দ্রনাথ গোস্বামী, ছাকিল জামান, বন্দিতা ফুকন, অভিজিৎ শৰ্মা বৰুৱা, হৰেকৃষ্ণ ডেকা আদিৰ নাম উল্লেখ কৰিব পাৰি।
নৱকান্ত বৰুৱাৰ একমাত্র কল্পবিজ্ঞান উপন্যাসখনৰ নাম হৈছে ‘অ-পদার্থ’। এইখন উপন্যাস প্রকাশ হয় ১৯৮২ চনত। উপন্যাসখনৰ কাহিনীটো চমুকৈ এনে ধৰণৰ-জৈৱ পদার্থবিজ্ঞানৰ প্ৰয়োগেৰে ৰক্তহীন অস্ত্রোপচাৰৰ এক অভিনৱ পদ্ধতি উদ্ভাৱন কৰিবলৈ ডাক্তৰ চলিহাই ডেকা ডাক্তৰ অঞ্জন চৌধুৰীৰ লগ লাগিল। ৰক্তপাতৰ প্ৰতি থকা ডাক্তৰ চলিহাৰ প্ৰৱল বিতৃষ্ণাৰ বাবেই তেনে পদ্ধতিৰ আৱিষ্কাৰৰ গৱেষণাত অগ্ৰসৰ হ‘ল। ডাঃ চলিহা আৰু ডাঃ চৌধুৰী এক বিধ্বংসী শক্তি ‘এন্টিমেটাৰ’ বা ‘অপদার্থ’ সৃষ্টি কৰিলে। পিছে এদিন ডাঃ চলিহা আতংক আৰু বিভীষিকাত শিয়ৰি উঠিল। কাৰণ নিজৰ আৱিষ্কাৰে বলি হিচাপে অঞ্জনৰ গৱেষণাগাৰত অৱস্থাতে লেবৰেটৰীতে মৃত্যু ঘটিল। শেষত ডাঃ চলিহাই আত্মসমালোচনা আৰু অনুশোচনাত দগ্ধ হৈ সেই ‘অপদার্থ’ শক্তিত নিজেই আত্মজাহ যায়।
অমূল্য বৰুৱাই অসমীয়া ভাষাত দুখন কল্পবিজ্ঞান উপন্যাস ৰচনা কৰিছে। উপন্যাস দুখনৰ নাম হৈছে – ‘আক্রমণ’ (১৯৮৩) আৰু ‘সন্ধান’ (১৯৯২)। যুদ্ধ-বিগ্রহত জিনীয় অভিযন্ত্ৰণ সম্ভাৱনীয় প্রয়োগৰ পটভূমিত ৰচিত হৈছে আক্ৰমণৰ কাহিনী। আমাৰ প্রতিৱেশী এখন শত্ৰুদেশত জিনীয় অভিন্ত্ৰণেৰে সৃষ্টি কৰা হ‘ল দুই ইঞ্চিমান এবিধ ডাঙৰ পৰুৱা। সিহঁতে ছয়ফুট উচ্চতালৈ জঁপিয়াব পাৰে। এটা জীৱন্ত মানুহ খাই শেষ কৰিবলৈ সিহঁতৰ সময় লাগে মাত্র এক মিনিট। প্রতিৱেশী দেশখনে সেই ৰণুৱা পৰুৱাৰ সৈন্যৰে আমাৰ দেশ আক্রমণ কৰি এফালৰ পৰা জীৱ-জন্তু, মানুহ নিঃশেষ কৰি আনিলে। কিন্তু এই ৰণুৱা পৰুৱাৰ গতি নিয়ন্ত্রক ‘কাম ৰস’ পাহাৰৰ নামনি পর্যন্তহে ছটিয়াব পাৰিছিল। ফলত পৰুৱাবোৰ অহা বাটেৰে উভতি গৈছিল আৰু অসমখন ৰক্ষা পৰিছিল। উপন্যাসখনত লেখকে বৈজ্ঞানিক তথ্যৰ লগতে ৰাজনৈতিক ব্যংগৰো অৱতাৰণা কৰিছে।
‘সন্ধান’ উপন্যাসত পৃথিৱীত সঘনে হৈ থকা ভূমিকম্প, বানপানী, মানুহৰ মাজত বৃদ্ধি পোৱা অপৰাধ প্ৰৱণতা, মাছৰ মহামাৰী বেমাৰ, কম্পিউটাৰৰ ভুল নির্দেশ আদিবোৰৰ আঁৰত ‘মংগলিকা’ নামৰ গ্ৰহটোৰ মানুহতকৈও উন্নত জীৱবোৰৰ ভূমিকা থকাৰ কথা তদন্তৰ অন্তত জানিব পৰা যায়। বিশ্বব্রহ্মাণ্ডৰ অইন গ্রহৰ সৈতে মানুহৰ যোগসূত্র উপন্যাসখনত দেখা গৈছে।
অসমীয়া ভাষাত দীনেশ চন্দ্র গোস্বামীয়ে কেইবাখনো কল্পবিজ্ঞান উপন্যাস ৰচনা কৰিছে। অসমীয়া কল্পবিজ্ঞান সাহিত্যক জনপ্রিয় কৰিবলৈ আৰু ইয়াৰ প্ৰসাৰ ঘটাবলৈ বহুতো গল্প আৰু কেইবাখনো প্রবন্ধমূলক গ্রন্থ ৰচনা কৰিছে। বিদেশী গ্রন্থৰ কাহিনীও তেওঁ অনুবাদ কৰিছে। দীনেশ চন্দ্র গোস্বামীয়ে লিখা কল্পবিজ্ঞান উপন্যাসবোৰ হৈছে – ‘এজাক জোনাকীৰ জিলিকনি’ (১৯৯২), ‘শব্দ নিৰন্তৰ শব্দ’ (১৯৯২), ‘উষ্ম প্রবাহ’ (১৯৯৩), ‘অতি-বিশিষ্ট সমাজ’ (২০০৪), ‘আত্মজীৱনীৰ প্রয়াস’ (২০০৭), ‘দীব্য উপবন’ (২০০৯), ‘আত্মজীৱনীৰ দ্বিতীয় প্রয়াস’ (২০১৫) আদি। ইয়াৰে ‘এজাক জোনাকীৰ জিলিকনি’ উপন্যাসৰ পটভূমি মন্দাকিনী স্মৃতি বিজ্ঞানাগাৰ। উপন্যাসত নলা-নর্দমা আনকি মানুহৰ খাদ্যনলীতো পোৱা ই. কলাই নামৰ এবিধ বেক্টেৰিয়াৰ জিনত জেনেটিক কৌশলেৰে জোনাকী পৰুৱাৰ জিন প্রয়োগ কৰি পোহৰ দিয়াৰ চেষ্টা কৰা হয়। এই গৱেষণাৰ কামত অহৰহ লাগিবলৈ ধৰে অনু অধিকাৰী, পদ্মনাভন, পবন ভার্গৱ, কল্যান চৌধুৰী আদিয়ে। কিন্তু বিজ্ঞানাগাৰতে থকা ঈৰ্ষাপৰায়ণ প্রতাপ নাৰায়ন ভট্টাচার্য, বিদ্যুৎ চক্ৰৱৰ্ত্তী আদিয়ে ‘প্রজেক্ট লুছিফেৰিন’ৰ কামত বাধা দিবলৈ চেষ্টা চলায়। পিছে বিভিন্ন উৎসৰ পৰা বাধা পোৱা সত্বেও অৱশেষত অনু অধিকাৰী, পদ্মনাভন, পবন ভাৰ্গৱ, কল্যান চৌধুৰীহঁতৰ ‘প্রজেক্ট লুছিফেৰিন’ৰ কাম সফল হয়।
‘শব্দ নিৰন্তৰ শব্দ’ উপন্যাসত ‘ৰিজিঅ’নেল পাব্লিকেশ্যন এণ্ড্ প্ৰডাকশ্যন চেন্টাৰ’ত বিজ্ঞান সাহিত্যৰ চীফ এডিটৰ হিচাপে যোগদান কৰা ড০ চন্দন চৌধুৰীৰ গ্রন্থ প্রকাশৰ প্রচেষ্টা আৰু বিভিন্ন ব্যক্তিৰ পৰা পোৱা অসুবিধা আদিৰ কাহিনী পোৱা যায়। ‘উষ্ম প্ৰৱাহ’ উপন্যাসত অনুপম চৌধুৰী কলেজৰ পদার্থ বিজ্ঞানৰ ডেকা অধ্যাপক পংকজ ফুকনে ইলেক্ট্রনিক লেব আৰু প্রাণী বিজ্ঞান বিভাগৰ শিখা শৰ্মাৰ সৈতে গৱেষণাৰ কামত জড়িত হৈ পৰিল। তেওঁলোকৰ মাজত প্রেম, পংকজৰ বিভিন্ন আৱিষ্কাৰ আদিৰ মাজেৰে কাহিনীভাগ আগবাঢ়ি যোৱা দেখা যায়। ‘অতি-বিশিষ্ট সমাজ’ উপন্যাসত বিজ্ঞানাগাৰ বিমান মন্দিৰত বায়টেকনলজিৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ কথা বর্ণনা কৰা হৈছে। পঁইতাচোৰাক অধিক সক্রিয় কৰি ৰখা জিন বিলাহীত সংস্থাপন কৰি ‘জেনেটিকেলি মডিফাইড বিলাহী’ সৃষ্টি কৰি মানুহক অধিক সক্রিয় কৰি ৰখা প্রচেষ্টা ইয়াত দেখা পোৱা যায়। দীনেশ চন্দ্র গোস্বামীয়ে এনেদৰে বিভিন্ন বিষয়-বস্তুৰে কল্পবিজ্ঞানভিত্তিক উপন্যাস ৰচনা কৰিছে।
শান্তনু তামুলীয়ে শিশু সাহিত্যত মনোনিৱেশ কৰিছে। শিশু উপযোগী বহুতো গ্রন্থ তেওঁ প্ৰকাশ কৰিছে। শান্তনু তামুলীয়ে শিশু উপযোগী বিভিন্ন বিষয়ৰ গ্ৰন্থ অনুবাদো কৰিছে। শিশুৰ বাবে তেওঁ কেইবাখনো কল্পবিজ্ঞান উপন্যাস লিখিছে। কল্পবিজ্ঞান উপন্যাস ‘প্রাচীৰ’ত তেওঁ কম্পিউটাৰ ইমেজেৰী চিমুলেছন, আৰু কম্পিউটাৰ এইডেড্ ৰাইটিঙৰ দ্বাৰা কিদৰে এক কাহিনীৰ ৰচনা কৰিব পাৰি তাক দেখুৱাইছে। শান্তনু তামুলীৰ ৰচিত আন আন কল্পবিজ্ঞান উপন্যাস হৈছে ‘মায়াজাল’, ‘মানী বানী আৰু এখন ফুলনি‘, ‘গ্ৰহযুদ্ধ’ আদি। ‘ইলেকট্রনিক নামৰ ল’ৰাটো’ তেওঁৰ এখন অনুদিত কল্পবিজ্ঞান উপন্যাস।
বন্দিতা ফুকনে প্রাপ্তবয়স্কৰ লগতে শিশু উপযোগী কল্পবিজ্ঞান উপন্যাসো ৰচনা কৰিছে। বন্দিতা ফুকনে শতাধিক শিশু উপযোগী গ্রন্থ ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত মৌলিক গল্প-উপন্যাস, অনুদিত গ্রন্থ, জীৱনী গ্রন্থ উল্লেখযোগ্য। বন্দিতা ফুকনে লিখা কল্পবিজ্ঞান উপন্যাসবোৰৰ ভিতৰত ‘নতুন পৃথিৱী’ (২০০৫), ‘আপেক্ষিকতাবাদ তেওঁৰ বাবেই’ (২০০৭), ‘যদি’ (২০১১), ‘সন্ধান’ (২০১১), ‘চতুৰ্মাত্রিক’ (২০১২), ‘কিয় এনে হৈছে’ (২০১২), ‘সোণটিহঁতৰ বিপদ’ (২০১২), ‘মিনুৰ ৰবট সখী’ (২০১২), ‘আৱেগ আৰু যুক্তিৰে’ (২০১২), ‘সোণটিৰ ৰবট কুকুৰ’ (২০১৫) আদি অন্যতম। ‘আপেক্ষিকতাবাদ তেওঁৰ বাবেই’ গ্রন্থত মিৰাণ্ডা নামৰ গ্ৰহটোত পোহৰৰ গতিবেগ কম হোৱাৰ ফলত আপেক্ষিকতাবাদ সূত্রত সম্ভৱ হ‘ব পৰা ঘটনা কিছুমানৰ আলমত কাহিনী ভাগ ৰচিত হৈছে। ‘নতুন পৃথিৱী উপন্যাস’খনত উপন্যাসিকে বিছ-একৈশ শতিকাৰ স্বাৰ্থপৰ আওকণীয়া স্বভাৱৰ মানুহে গছ-গছনি, পাহাৰ আদি কাটি কিদৰে পৃথিৱীৰ পৰিৱেশ বিনষ্ট কৰিলে, আৱৰ্জনাৰে ভৰাই পেলালে, চি.এফ.চি. গেছ যধে-মধে ব্যৱহাৰ কৰাৰ ফলত অতি বেগুনীয়া ৰশ্মিয়ে পৃথিৱীৰ জীৱ-জন্তু সমূহ কিদৰে ক্রমান্বয়ে ধংস কৰিলে আৰু তাৰ ফলস্বৰূপে মানুহে কিদৰে বসবাসৰ উপযোগী অন্য গ্ৰহলৈ যাবলৈ আৰম্ভ কৰিলে তাক সুন্দৰকৈ প্ৰকাশ কৰিছে।
ৰঞ্জু হাজৰিকাই এতিয়ালৈকে মুঠ চৈধ্যখন কল্পবিজ্ঞান উপন্যাস ৰচনা কৰিছে। তেওঁ কল্পবিজ্ঞান উপন্যাসবোৰত মহাকাশ আৰু অন্য গ্ৰহৰ জীৱৰ প্রাধান্য দেখা পোৱা যায়। ৰঞ্জু হাজৰিকাই লিখা উপন্যাসবোৰৰ ভিতৰত অন্যতম কেইখনমান হৈছে – ‘সূর্য সন্ধান’ (১৯৯৭), ‘নক্ষত্ৰ জয়ৰ গান’ (১৯৯৯), ‘পৃথিৱীৰ শত্রু’ (২০০৩), ‘অন্য এক ধৰিত্ৰী’ (২০০৬) আদি। ইয়াৰে ‘পৃথিৱীৰ শত্রু’ উপন্যাসখনত বিজ্ঞানী পুন্দৰীকৰ নেতৃত্বত যোৱা দলটিয়ে সাগৰৰ মাজৰ অচিন দ্বীপত বহিঃগ্ৰহৰ প্রাণী আৱিস্কাৰ কৰিছিল। আন এক কল্পবিজ্ঞান লেখক অভিজিৎ শৰ্মা বৰুৱাইয়ো কেইবাখনো কল্পবিজ্ঞান উপন্যাস ৰচনা কৰা দেখা যায়। তেখেতৰ কল্পবিজ্ঞান উপন্যাসৰ ভিতৰত ‘প্রত্যাৱর্তন’, ‘ইপাৰ-সিপাৰ’, ‘আন্ধাৰত জোনাক’, ‘মায়াবন্ধন’, ‘নেন’ অভিনৱ জগত’ আদি অন্যতম।
উল্লেখিত লেখকসকলৰ উপৰিও আন কেইবাজনো লেখকে কল্পবিজ্ঞান উপন্যাস ৰচনা কৰিছে। ৰথীন্দ্রনাথ গোস্বামীৰ ‘কিংকিনীৰ বিদ্রোহ’ (২০০২) উপন্যাসত ৰবট আৰু মানুহৰ মাজৰ সংঘাত প্রকাশ পাইছে। ছাকিল জামানৰ ‘নীলা নীলা বেদনা’ উপন্যাসত ডি.এন.এ.ৰ পুনঃসংযোজন প্রযুক্তিৰে প্ৰখৰ স্মৰণ শক্তি আৰু বুদ্ধিমত্তাৰ অধিকাৰী জীৱ সৃষ্টিৰ বাবে কৰা গৱেষণা আৰু সেই গৱেষণা অপপ্রয়োগৰ ফলস্বৰূপে হোৱা কৰুণ পৰিণতি অংকন কৰা হৈছে।
লক্ষ্মীনন্দন বৰাৰ এখন কল্পবিজ্ঞান উপন্যাস হৈছে ‘কায়কল্প’ (২০০৪)। উপন্যাসখনত প্রাচীন ভাৰতত প্রচলিত কায়কল্প চিকিত্সাক আধুনিক বিজ্ঞানৰ সহায়ত উত্তৰণ ঘটাই মানুহৰ যৌৱন ধৰি ৰাখিব পৰা এবিধ ঔষধ প্রস্তুত কৰা হৈছে। ড° অনুজ কৃপালনীৰ জৰিয়তে জৈৱ-প্ৰযুক্তিবিদ্যাৰ যোগেদি মানুহে পুনৰযৌৱন লাভ কৰিব পৰা, যৌৱনক বিলম্বিত কৰা তথা আয়ুস বৃদ্ধি কৰা ‘কায়কল্প-২৫’ নামৰ ঔষধ আৱিস্কাৰ কৰা দেখুওৱা হৈছে। আধুনিক ভোগ বিলাসী সমাজখনৰ মানুহৰ প্রেম, যৌনাকাংক্ষা, প্ৰতাৰণা, প্রতিশোধ আদি চিৰন্তন মানৱীয় প্রবৃত্তিসমূহ সুন্দৰভাৱে উপন্যাসখনত প্ৰকাশ হৈছে৷
হৰেকৃষ্ণ ডেকাৰ একমাত্র কল্পবিজ্ঞান উপন্যাসখন হৈছে ‘আগন্তুক’ (২০০৮)। উপন্যাসখন বহিঃজগতৰ প্ৰসংগৰে ৰচিত হৈছে। দেৱীচৰণ ঠাকুৰেও এখন উপন্যাস ৰচনা কৰি থৈ গৈছে। উপন্যাসৰ নাম ‘মহাপ্রস্থানৰ পথ’ (২০১০)। এই উপন্যাসখন সন্ত্রাসবাদৰ আলমত ৰচিত হৈছে। এনেদৰে বহুকেইজন লেখকে কল্পবিজ্ঞান উপন্যাস ৰচনা কৰিছে। আনহাতে অসমীয়া ভাষালৈ কেইবাখনো কল্পবিজ্ঞান উপন্যাসৰ অনুবাদ হোৱা দেখা যায়। হেমবালা দাসে ১৯৫৬ চনত এইচ. জি. ৱেলচৰ ‘দ্যা ইনভিজিবল মেন’খন অসমীয়ালৈ ‘অদৃশ্য মানৱ’ নামেৰে অনুবাদ কৰে। দিনেশ চন্দ্র গোস্বামীয়ে ১৯৮৮ চনত জুল ভাৰ্নৰ ‘টুৱেন্টি থাউজেণ্ড লীগছ্ আণ্ডাৰ দ্যা ছী’খন ‘সাগৰৰ তলীয়েদি কুৰিহাজাৰ লীগ’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছে। ৰায়হান শ্বাহে ১৯৯০ চনত ‘আৰ্থাৰ কনান ডয়েলৰ ‘দ্যা লষ্ট ৱৰ্ল্ড’ উপন্যাসখন ‘বিলুপ্ত জগত’ নাম দি অনুবাদ কৰে। আন বহু লেখকেও ইংৰাজীৰ পৰা অসমীয়া ভাষালৈ কল্পবিজ্ঞান কাহিনী অনুবাদ কৰিছে।
অসমীয়া কল্পবিজ্ঞান সাহিত্য ৰ ক্ষেত্ৰখন অধ্যয়ন কৰিলে এনেদৰেই বিভিন্নজন লেখকে কম-বেছি পৰিমাণে গল্প, নাটক আৰু উপন্যাস আদি কল্পবিজ্ঞান কাহিনী ৰচনা কৰাৰ কথা জানিব পাৰি। অৱশ্যে অসমীয়া বিজ্ঞান বিষয়ক বহুতো লেখা প্রকাশ হৈছে যদিও কল্পবিজ্ঞান কাহিনীৰ সংখ্যা বেছিকৈ দেখা পোৱা নাযায়। অসমীয়া সাহিত্যৰ অন্যান্য প্রকাৰসমূহৰ তুলনাত কল্পবিজ্ঞান কাহিনীৰ ৰচনা খুব কম লেখকেহে কৰি আছে। অসমীয়া কল্পবিজ্ঞান কাহিনীক প্ৰসাৰতা দান কৰিবৰ বাবে লেখকসকলে অধিক মনোনিৱেশ কৰিলে। অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ধাৰাটো সবল হ’ব।
তথ্যৰ উৎস–
১। ক্ষীৰধৰ বৰুৱা (সম্পা): অসমীয়া বিজ্ঞান সাহিত্য : অতীতৰ পৰা বৰ্তমানলৈ, অসম বিজ্ঞান সমিতি, প্ৰথম প্ৰকাশ, ২০০৫
২। অমল চন্দ্ৰ দাস(সম্পা): অসমীয়া উপন্যাস পৰিক্ৰমা, বনলতা, গুৱাহাটী-০১, প্ৰথম সংস্কৰণ, ২০১২
৩। অনুৰাধা শৰ্মা পূজাৰী (সম্পা): সাতসৰী, ত্ৰয়োদশ বছৰ, দশম সংখ্যা, মে‘, ২০১৮
[…] আৰু পঢ়ক- অসমীয়া কল্পবিজ্ঞান সাহিত্য […]