নগা লোক-সংস্কৃতিৰ চমু আভাস
ভাৰতৰ উত্তৰ পূৱ অঞ্চলৰ ৰাজ্য সমূহৰ ভিতৰত এক বৃহত্তম জনজাতি হ’ল নগা সকল। স্বাধীনতাৰ পৰৱৰ্তী সময়ত নগা সকলে ‘নাগালেণ্ড’ নামেৰে পৃথক ৰাজ্য পাতি বসবাস কৰিবলৈ লয়। এই নগাসকলৰ নগা নামকৰণ বা ‘নগা’ শব্দৰ উৎপত্তি সম্পর্কে নানা জনৰ নানা মত প্রচলিত হৈ আহিছে। কছাৰী সকলে এওঁলোকক ‘নাগৰা’ (নাগ্রা) বুলিছিল। ইয়াৰ অর্থ যুদ্ধপ্রিয় জাতি। বহুতে কয় যে ইয়াৰ পৰাই বর্তমান নগা শব্দৰ উৎপত্তি। বহুতে আকৌ ক’ব খোজে যে নগাবিলাকে প্রথমে সাপ পূজা কৰিছিল। নাগ (সাপ) শব্দৰ পৰা নগা হোৱা বুলি তেওঁলোকে অনুমান কৰে। কোনো কোনোৰ মতে ‘নগ্ন’ শব্দৰ পৰা নগা শব্দৰ উৎপত্তি হৈছে।
এনে ধৰণৰ ‘নগা’ শব্দৰ উৎপত্তি সম্বন্ধে নানা মত পোৱা যায়। কিছুমানৰ মতে নগাবিলাক বর্ণিণ্ড দ্বীপৰ ড্যাক (Dyak) জাতিৰ মানুহ। এই ড্যাক আৰু নগা জাতিৰ মাজত ঘৰুৱা বস্তুৰ নাম, গাঁৱলীয়া আৰু সামাজিক পদ্ধতি, কাৰুকার্য আদিৰ সামঞ্জস্য আছে। নগাবিলাকৰ মাজত বহুতো খেল বা ভাগ আছে। সেইবোৰ হ’ল -আও, আংগামা, চেমা, লাথো, কন্যাক, চাংতম, ফম, চাং, ৰােংমা, মেমিজ, টাংখুল, মাও, মাৰাম, জোমি, মৈৰাও, মাৰিংচ ইত্যাদি। তাৰ উপৰিও নাগালেণ্ডৰ চুবুৰীয়া মণিপুৰত বাস কৰা নগা সকলক কেঁচা নগা (ভূৱা নগা) বোলা হয়। এওঁলোকে সামাজিক আৰু সাংস্কৃতিক দিশত নাগালেণ্ড আৰু অসমত বাস কৰা নগা সকলতকৈ পৃথক।
নগা লোক-সংস্কৃতি :
সাধাৰণতে লোক সংস্কৃতি বুলি ক’লে এক বিশাল পৰিসৰ সামৰি লয়। তাৰ ভিতৰত লোক সংস্কৃতিৰ অন্যতম উপাদান কেইটা হৈছে- মৌখিক সাহিত্য, লোকাচাৰ, ভৌতিক সংস্কৃতি আৰু পৰিৱেশ্য কলা। মৌখিক সাহিত্যই লোক জীৱনত প্ৰচলিত হৈ অহা লোকভাষা, লোকবিশ্বাস, জনশ্রুতি বা লোক কাহিনী, লোক কবিতা, গীত মাত আদিক সামৰি লয়। তেনেদৰে উৎসৱ – পাৰ্বন, ধর্মীয় অনুষ্ঠান আদি লোকাচাৰ, লোক-কলা, সাজ-পাৰ, খাদ্যভাষ, গৃহসজ্জা আদিবোৰ ভৌতিক সংস্কৃতিয়ে আৰু লোক নাট্য, সংগীত, নৃত্য আদিবোৰ পৰিবেশ্য কলাই সামৰি লয়। গতিকে এইবোৰৰ প্রতি লক্ষ্য ৰাখি লোক সংস্কৃতিৰ সাধাৰণ উপাদান সমূহৰ সহায়ত নগা লোকজীৱন সম্পৰ্কে এটি আলোচনা তলত দাঙি ধৰা হ’ল।
ভাষিক পৰিচয় –
নগাসকলে চীন তিব্বতীয় ভাষা গোষ্ঠীৰ প্রায় ২০ টা মান উপভাষা ব্যৱহাৰ কৰা দেখা যায়। এই ভাষাসমূহৰ কোনো নিজস্ব লিপি নাই। ১৯৬৭ চনত নাগালেণ্ড বিধান সভাই ইংৰাজীক চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। তাৰোপৰি অসমীয়া আৰু স্থানীয় উপভাষাসমূহৰ সংমিশ্ৰিত ৰূপ এটা, যাক ‘নাগামিজ’ বুলি কোৱা হয়, এই নাগাজিম ভাষা নাগালেণ্ডৰ এটা বহুল প্রচলিত ভাষা। নগাসকলৰ প্রতিটো জনজাতিৰে নিজা নিজা দোৱান বা উপভাষা আছে। কিন্তু তেওঁলোকে ইটো খেলে আনটো খেলৰ দোৱান বুজি নাপায়। সেয়ে তেওঁলোকে পৰম্পৰৰ মাজত নাগামিজ ভাষাৰেই যোগাযোগ কৰে।
ধর্ম –
নগাসকল খ্ৰীষ্টানধর্মী জনজাতীয় লোক। নাগালেণ্ডৰ মূখ্য ধর্ম হ’ল খ্ৰীষ্টান ধর্ম। নাগালেণ্ডক পৃথিৱীৰ একমাত্র বেপ্তিষ্ট প্রধান ৰাজ্য বুলি জনা যায়। নাগালেণ্ডৰ খ্রীষ্টিয়ান সকলৰ ভিতৰত অধিকাংশই বেপ্টিষ্ট। ৰোমান কেথলিক, ৰিভাইভেলিষ্ট আৰু পেন্টাকোষ্টেলচ আদি সকল ৰাজ্যখনৰ আন খীষ্টান ধর্মালম্বী লোক।
লোকবিশ্বাস –
নগা লোক সমাজত আন সমাজৰ নিচিনাকৈ বহুতো জন বিশ্বাস বা লোক বিশ্বাস প্রচলিত। তেওঁলোকৰ লোকবিশ্বাসত সপোনৰ প্ৰভাৱ বেছি। যেনে – সপোনত বাঘে খালে অমঙ্গল হয়। ইয়াৰ উপৰিও বাটত যাওঁতে সাপে বাট আগচি ধৰিলে বা সাপটো বাওঁফালে গলে অমঙ্গল হয় বুলি তেওঁলোকে বিশ্বাস কৰে। এনেধৰণৰ বহুতো জীৱ জন্তুৰ লগত সম্পৰ্কীত লোক বিশ্বাস নগা সকলৰ মাজত প্রচলিত।
উৎসৱ-পাৰ্বণ –
খ্ৰীষ্টান ধর্ম গ্রহণ কৰা নগা সকলৰ বাবে বৰদিন বা খ্রীষ্টমাছ এটা অতি ডাঙৰ উৎসৱ। তদুপৰি নগাসকলৰ বেছি সংখ্যক লোকেই কৃষক হোৱাৰ বাবে নগাসকলৰ প্রধান উৎসৱ সমূহ কৃষি কেন্দ্রিক। এই উৎসৱ সমূহ তেওঁলোকে বৰ পবিত্ৰ বুলি গণ্য কৰে। নগা সকলৰ মুখ্য উৎসৱ সমূহ হ’ল– কন্যাক সকলৰ ‘আউলিং’, আঙ্গামীসকলৰ ‘চেকৰেনয়ি’, আওসকলৰ ‘মাৱেটতচু’ আৰু ‘ চুৰেংমং’, চেমা সকলৰ ‘চুলুনী’, চাও সকলৰ ‘ন্যকনলুম’, চাংতাম সকলৰ ‘মাংমাং’ ইত্যাদি।
মাৱোটচ সাধাৰণতে ইংৰাজী মে’ মাহৰ প্রথম সপ্তাহত পৰে। ইয়াৰ অৰ্থ এই যে, সামূহিক ভাৱে আগন্তুক বছৰৰ খেতি বাতি যাতে আশানুৰূপ হয়, তাৰ বাবে ভগবান ওচৰত প্ৰাৰ্থনা জনায়। আন এটা কৃষিকেন্দ্ৰিক উৎসৱ হ’ল চুৰেংমং। আও ভাষাত চুৰেংমং শব্দৰ অৰ্থ হ’ল ‘ঈশ্বৰ’। গুটি গজি উঠাৰ পিছত নগাবিলাকে আকৌ ঈশ্বৰৰ ওচৰত প্রার্থনা জনায় যাতে খেতি পথাৰত কোনো ৰকমৰ বিঘিনি নহয়। জুলাই মাহৰ প্রথম সপ্তাহত এই উৎসৱ পালন কৰা হয়।
এইবোৰৰ উপৰি নগা জনজাতি সমূহৰ মাজত সমন্বয় আৰু ৰাজ্যৰ কলাকৃষ্টিৰ প্রসাৰৰ উদ্দেশ্যে ২০০০ চনত নগালেণ্ড চৰকাৰে হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ আৰম্ভ কৰে। ৰাজ্যৰ পর্যটন আৰু কৃষ্টি বিভাগে আয়োজন কৰা উৎসৱটিত একেখন মঞ্চতে ৰাজ্যখনৰ সকলোবোৰ জনজাতিৰ কলা-কৃষ্টিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। প্রতি বছৰে ১ ৰ পৰা ৭ ডিচেম্বৰলৈকে হৰ্ণবিল উৎসৱ পালন কৰা হয়।
মৃতকৰ সৎকাৰ :
আঙ্গামী, চেমা, লেঠা আৰু আন কেইবাজাতিৰ নগাই মানুহ মৰিলে ঘৰৰ ওচৰতে পুতি থয় আৰু মৃতকৰ সকলো সম্পত্তি কবৰৰ ওপৰত সজাই থয়। টাংখুলসকলৰ আদিম দস্তুৰ মতে, সাধাৰণতে ঘৰৰ বাহিৰতহে মৃতকৰ শৱ সৎকাৰ কৰা হয়। নির্দিষ্ট জোখৰ, শিলে ভৰা গাঁতত বাটৰ সমল লগত দি মৰাশ পোতা হয়। আও সকলে আকৌ মৃতকৰ শটো চাংঘৰ সজাই ওপৰ চাঙত থৈ দিয়ে, আৰু মৃতকৰ শৰীৰ গেলি পচি মাটিত পৰে, অন্যান্য জন্তুৱে খায়। এতিয়া অৱশ্যে বর্তমান সভ্যতাৰ প্ৰভাৱ পৰাৰ লগে লগে বহুতো প্ৰথাই লুপ্ত হ’বলৈ ধৰিছে।
সাজ – পাৰ :
তাঁত শালত কাপোৰ বোৱা পৰম্পৰা নগা সমাজত বহু প্রজন্মৰ পৰা চলি আহিছে। নগা সকলৰ প্রত্যেকটো খেলৰ জনগোষ্ঠীৰে কাপোৰত নিজস্ব কলাশৈলী আৰু ৰং দেখিবলৈ পোৱা যায়। তাঁতশালত নগাসকলে গাত লোৱা কাপোৰ, মেজত পৰা কাপোৰ, সাধাৰণ বস্ত্র আদিও বৈ ওলিয়াই ব্যৱহাৰ কৰে। প্রায় সকলোবোৰ জনগোষ্ঠীৰ ক্ষেত্ৰতে গাত লোৱা কাপোৰ বা শ্বাল খনে নগা সমাজত মানুহ এজনৰ সামাজিক স্থান সূচিত কৰে। নগা সমাজত প্রচলিত জনপ্রিয় শ্বালবোৰ হৈছে – আওসকলৰ চাংকটেপচু, চাংটাসকলৰ চুপং, য়িমচুংগাৰ সকলৰ ৰংখিম, চুংগেম খিম, আঙ্গমি সকলৰ ল’হে ইত্যাদি। অৱশ্যে বর্তমান প্রজন্মই পৰম্পৰাগত সাজ – পোছাকৰ উপৰি বিভিন্ন বিদেশী কাপোৰ পিন্ধে।
বাসস্থান :
নগাসকলৰ ডাঙৰ মানুহৰ বা চহকী মানুহৰ দুৱাৰ মুখত কটাকটি চিন বা মহৰ শিঙৰ চিন থাকে। আও, লোঠা, চেমা নগাবিলাকৰ ঘৰবিলাক চাংঘৰ। আঙ্গামীৰ ঘৰবিলাক ওলোটা ইংৰাজী (V) আখৰৰ আকাৰে সজা, ঘৰৰ ছাল দুয়োফালে মাটি চুই থাকে। অঙ্গামী গাঁওবিলাকত বতাহ বেছি। সেয়ে বোধকৰো এনে ধৰণে ঘৰ সজা হয়। আটাইকেইটা জনজাতিৰ নগাৰ মাজত ঘৰৰ দুৱাৰমুখত গৰু, ম’হ কাটি লাওখোলা থোৱা নিয়ম প্রচলিত। নগাসকলৰ ধানৰ ভঁৰালঘৰ গাঁৱৰ পৰা আধা মাইলমান দূৰৈত থাকে। ইয়াৰ অর্থ হ’ল হঠাৎ গাঁৱত জুই লাগিলে প্রাণৰক্ষাৰ উপায় ধান বা শস্যখিনি যাতে নষ্ট নহয়।
তথ্যৰ উৎস :
১। বৰা, দেৱজিৎ (সম্পা) : উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় লোক-সংস্কৃতি, এম আৰ পাব্লিকেশ্যন, পাণবজাৰ, গুৱাহাটী -১, তৃতীয় প্রকাশ, অক্টোবৰ, ২০১৬
২। ভট্টাচার্য, প্রমোদচন্দ্র (সম্পা) : অসমৰ জনজাতি, অসম সাহিত্য সভা, চন্দ্রকান্ত সন্দিকৈ ভৱন, যোৰহাট, কিৰণ প্রকাশন, ডি . কে . মাৰকেট, ধেমাজী, তৃতীয় প্রকাশ, অক্টোবৰ, ২০০৮
৩। শৰ্মা, নবীন চন্দ্র : অসমীয়া লোক সংস্কৃতিৰ আভাষ, বাণী প্রকাশ প্রাইভেট লিমিটেড, পাণবজাৰ, গুৱাহাটী – ১, ষষ্ঠ প্রকাশ, অক্টোবৰ, ২০১৬
৪। Hornbill festival official website – hornbillfestival.com/
আৰু পঢ়ক – কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
যুগুতাইছে- প্ৰতীক্ষা কলিতাই
[…] আৰু পঢ়ক- নগা লোক-সংস্কৃতিৰ চমু আভাস […]