পিয়লি ফুকন – স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া শ্বহীদ
পিয়লি ফুকন আছিল এজন স্বাভিমানী অসমীয়া। স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া শ্বহীদ আছিল বীৰ পিয়লি ফুকন। পিয়লি ফুকনে সবল মনোবলেৰে ব্ৰিটিছবিৰোধী সংগ্ৰামত অসমৰ স্বতন্ত্ৰতা সেনানীক নেতৃত্ব দিছিল আৰু স্বদেশ তথা জাতিৰ ভৱিষ্যতৰ বাবে তেওঁ ফাঁচীকাঠত ওলমিব লগা হৈছিল। জীৱনৰ প্ৰথম সময়ছোৱাত যদিও পিয়লি ফুকনে কিছু বিতৰ্কিত কাম কৰিছিল কিন্তু শেষত অসম দেশ তথা জাতিৰ স্বাধীনতাৰ হকে নিজৰ প্ৰাণ বিসৰ্জন দি তেওঁ নিজৰ দেশভক্তিৰ নিদৰ্শন দাঙি ধৰিছিল।
পিয়লি ফুকনৰ জন্ম:-
পিয়লি ফুকনৰ জন্ম সম্পৰ্কে(ক’ত,কেতিয়া জন্ম লাভ কৰিছিল) কোনো তথ্য লাভ কৰিব পৰা নাযায়। পিয়লি ফুকন আছিল ৰঙাচিলা পথাৰৰ বিখ্যাত দুৱৰা পৰিয়ালৰ সন্তান। পিয়লি ফুকনৰ পিতৃ আছিল কুখ্যাত বদন চন্দ্ৰ বৰফুকন যি মানক অসমলৈ নিমন্ত্ৰণ জনাই আনিছিল আৰু তাৰপৰাই স্বাধীন অসমৰ উদিত সূৰ্য্য অস্ত গৈছিল। পিয়লি ফুকন বদন চন্দ্ৰ বৰফুকনৰ দ্বিতীয় সন্তান আছিল।
পিয়লি ফুকনৰ জীৱন:-
আহোমৰ শাসনকালত বৰফুকন নামনি অসমৰ শাসনকৰ্তা আছিল। আৰু বৰফুকনৰ কাৰ্য্যালয় আছিল গুৱাহাটীত। সেইসময়ত পিয়লি ফুকনৰ পিতৃ বদন চন্দ্ৰ আহোম ৰাজ্যৰ ৰাজমন্ত্ৰী বৰফুকন পদবীত অধিষ্ঠিত হৈ আছিল বাবে পিয়লি ফুকনে বেছিভাগ সময় গুৱাহাটীতে কটাইছিল।
বাল্যকালতে পিয়লি ফুকন এটা দুৰ্ঘটনাত পতিত হৈছিল যাৰ ফলত তেওঁ গোটেই জীৱনৰ বাবে ঘুনীয়া হ’বলগা হৈছিল। সেইসময়ত তেওঁৰ পিতৃ বদন চন্দ্ৰ বৰফুকনৰ হাউলিত বহু হাতী আছিল। এদিন পিয়লিয়ে বালক দাস নামৰ এটা অবাধ্য হাতীক বলাবলৈ চেষ্টা কৰিছিল। সেই হাতীটোক বলাবলৈ চেষ্টা কৰোঁতেই পিয়লি হাতীৰ পিঠিৰ পৰা বাগৰি পৰিল আৰু তেতিয়াৰ পৰাই পিয়লি ফুকন চিৰকালৰ বাবে খোৰা অৰ্থাৎ চাকোলা হ’ল। এই ঘটনাৰ পৰাই পিয়লি ফুকনক “চাকোলা পিয়লি” বুলি অভিহিত কৰা হয়। কিছু কিছু বুৰঞ্জীত উল্লেখ থকা অনুসৰি বদন চন্দ্ৰ বৰফুকনে মান আনিবলৈ ব্ৰহ্মদেশলৈ পুত্ৰ জন্মি আৰু পিয়লিকো লগত লৈ গৈছিল।
ব্ৰিটিছৰ বিৰুদ্ধে পিয়লি ফুকনৰ প্ৰথম বিদ্ৰোহ(১৮২৮):-
অসমলৈ বদন চন্দ্ৰ বৰফুকনে মান আনিছিল আৰু মানক অসমৰ পৰা খেদাবলৈ অসমলৈ ব্ৰিটিছ আহিল আৰু মানসেনাক ব্ৰিটিছে যুদ্ধত পৰাস্ত কৰি ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা ব্ৰহ্মদেশৰ ইয়াণ্ডাবু নামে ঠাইত বিখ্যাত “ইয়াণ্ডাবু সন্ধি”ত স্বাক্ষৰিত কৰিলে। আৰু এই সন্ধিৰ পৰাই অসম দেশ ব্ৰিটিছৰ অধীনলৈ গ’ল। ইয়াণ্ডাবু সন্ধিৰ পৰাই অসমৰ স্বাধীনতাৰ সূৰ্য্য মাৰ গ’ল।
পৰাধীনতাত কোনোদিন থাকিব নোৱাৰা বহুতো স্বাভিমানী অসমীয়াই অসমৰ পৰা ব্ৰিটিছক খেদাবলৈ অহোপুৰুষাৰ্থ কৰিছিল। আৰু তাৰে ভিতৰত প্ৰথমটো আছিল গমধৰ কোঁৱৰৰ বিদ্ৰোহ। ধনঞ্জয় বৰগোঁহাই, হৰনাথ,হৰকান্ত,জীউৰাম দুলীয়া বৰুৱা,নুমলী বৰগোঁহাই আদিৰ লগতে এই বিদ্রোহত গমধৰৰ কোঁৱৰৰ অন্যতম সহযোগী আছিল পিয়লি ফুকন আৰু তেওঁৰ ভাতৃ জন্মি। কিন্তু এই বিদ্ৰোহ সফলকাম হ’ব পৰা নাছিল। ব্ৰিটিছে কলিতে এই বিদ্ৰোহ নিপাত কৰিছিল আৰু পিয়লি ফুকনকে ধৰি আটাইকে আটক কৰিছিল কিন্তু পিয়লি ফুকনৰ লগতে অধিকাংশই ব্ৰিটিছৰ কাৰাগাৰৰ পৰা পলায়ন কৰিলে।
এই ঘটনাটোৱে কিন্তু পিয়লি ফুকনৰ লগতে সকলো বিদ্রোহীৰ মনোবলত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। পিয়লি ফুকনে সদায় নিজৰ বংশৰ পৰা দেউতাক বদন চন্দ্ৰ বৰফুকনে অসমলৈ মান অনা অপবাদটো মচিবলৈ যত্ন কৰিছিল আৰু সেইবাবেই তেওঁ অসম দেশক পুনৰ স্বাধীন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।
ব্ৰিটিছৰ বিৰুদ্ধে পিয়লিৰ দ্বিতীয় বিদ্ৰোহ(১৮৩০):-
১৮২৯ খ্ৰীষ্টাব্দত ব্ৰিটিছৰ কাৰাগাৰৰ পৰা পলাই গৈ পিয়লি ফুকনকে ধৰি সকলো বিদ্রোহীয়ে মটক ৰাজ্যৰ অন্তৰ্ভুক্ত লিগী নামৰ গাঁওখনত প্ৰৱেশ কৰিলে আৰু তাতে তেওঁলোকে পৰৱৰ্তী বিদ্ৰোহৰ সকলো পৰিকল্পনা কৰিলে। এই বিদ্ৰোহৰ প্ৰধান আঁচনি প্ৰস্তুতকৰোঁতা আছিল ধনঞ্জয় বৰগোঁহাই আৰু পিয়লি ফুকন নিজে। লগতে এই বিদ্ৰোহৰ আঁচনিত তেওঁলোকৰ সহযোগী আছিল -হৰনাথ, হৰকান্ত, জীউৰাম দুলীয়া বৰুৱা, বম চিংফৌ, ৰূপচন্দ্ৰ কোঁৱৰ আদি। তেওঁলোকে আহোম ৰাজ পুনৰুদ্ধাৰ কৰি ৰূপচন্দ্ৰ কোঁৱৰক আহোম সিংহাসনত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল।
১৮২৯ খ্ৰীষ্টাব্দৰ পৰাই পিয়লি ফুকন আৰু তেওঁৰ সহযোগীসকলে অস্ত্ৰ-শস্ত্ৰ আৰু যুঁজাৰু সংগ্ৰহ কৰা আৰম্ভ কৰিছিল। তেওঁলোকে প্ৰায় চাৰিশ(৪০০) মান যুঁজাৰু সংগ্ৰহ কৰি তৰাতলী নামৰ ঠাইত প্ৰশিক্ষণ দিছিল। তেওঁলোকৰ মূল পৰিকল্পনা আছিল – ব্ৰিটিছ খাৰঘৰ আৰু সামৰিক কোঠসমূহত অগ্নি সংযোগ কৰা। সেয়ে,তেওঁলোকে যুঁজাৰুসকলক বিশেষকৈ দূৰৰ পৰা কাঁড় মাৰি জুই লগাবলৈ প্ৰশিক্ষণ প্ৰদান কৰিছিল। পিয়লি ফুকনে নিজেই নেতৃত্ব লৈ গেলেকী আৰু জবকাত অস্ত্ৰ কাৰখানা, তিৰুপথাৰত লৌহ নিষ্কাশন আৰু খাৰঘৰ নিৰ্মাণ কৰাইছিল। লগতে তেওঁ অসমৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় নেতাসকল আৰু সাধাৰণ প্ৰজালৈও কেঁচু ৰসেৰে চিঠি লিখি ব্ৰিটিছৰ বিৰুদ্ধে জগাই তুলিছিল।
কিন্তু দুৰ্ভাগ্যবশত বিদ্ৰোহীসকলৰ আঁচনি ব্ৰিটিছৰ হাতত লাগিল আৰু হৰনাথক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল আৰু ৰংপুৰৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছিল। এই ঘটনাই কিন্তু পিয়লি ফুকন আৰু তেওঁৰ সহযোগীসকলৰ মনোবল কমাব পৰা নাছিল। ১৮৩০ খ্ৰীষ্টাব্দৰ ২৫ মাৰ্চৰ দিনা নিশা দেওপূজা পাতি বিদ্ৰোহৰ আৰম্ভণি কৰা হয়। তেওঁলোকে পোনপ্ৰথমে ৰংপুৰৰ ব্ৰিটিছ খাৰঘৰত অগ্নি সংযোগ কৰে। তথ্যমতে,জীউৰাম দুলীয়া বৰুৱাই নিজে অগ্নিযুক্ত কাঁড় মাৰি খাৰঘৰৰ চালত জুই লগাই দিছিল। তাৰপাছতেই ব্ৰিটিছ সৈন্যই তেওঁলোকক প্ৰত্যাক্ৰমণ কৰে আৰু খেদি যায়। কিন্তু তেওঁলোকে হাবিত আত্মগোপন কৰে।
সেইসময়তে কেপ্টেইন নিউভিল শিৱসাগৰত উপস্থিত হৈ বিদ্ৰোহীসকলৰ সন্ধানৰ বাবে অভিযান আৰম্ভ কৰে আৰু পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা, ৰূপচন্দ্ৰ কোঁৱৰ,বম চিংফৌ আদিক গেলেকী অঞ্চলৰ পৰা আটক কৰে। ধনঞ্জয় বৰগোঁহাই, হৰকান্ত আৰু পিয়লি ফুকনৰ ককায়েক জন্মি কোনোমতে ব্ৰিটিছৰ হাতৰ পৰা পলাই হাৰে। এনেদৰেই পিয়লি ফুকনৰ নেতৃত্বত হোৱা ১৮৩০ খ্ৰীষ্টাব্দৰ ব্ৰিটিছবিৰোধী বিদ্ৰোহ বিফলতাৰে অৱসান ঘটে।
পিয়লি ফুকনৰ বিচাৰ:-
ব্ৰিটিছবিৰোধী বিদ্রোহত জড়িত থকাৰ অপৰাধত পিয়লি ফুকনক ৰাজদ্ৰোহী বুলি ঘোষণা কৰে। পিয়লি ফুকন প্ৰমুখ্যে সকলো বিদ্ৰোহী অসমীয়াৰ বিচাৰ কৰিবলৈ জয়সাগৰ পুখুৰীৰ পাৰত বৰ-পঞ্চায়ত বহোৱা হ’ল আৰু কেপ্টেইন নিউভিলৰ উপস্থিতিত বিচাৰকাৰ্য্য আৰম্ভ হয়। এই বৰ-পঞ্চায়তৰ পঞ্জায়তী বিচাৰকসকল আছিল মাধৰাম বৰগোঁহাই,ৰাধানাথ বৰবৰুৱা, মণিৰাম দেৱান, কাশীনাথ তামুলীফুকন। এই বৰপঞ্চায়তত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাজদ্ৰোহৰ অপৰাধত মৃত্যুদণ্ড প্ৰদান কৰিলে।
জয়সাগৰ পুখুৰীৰ পাৰত বহা এই বৰ-পঞ্চায়তত কেপ্টেইন নিউভিলে পিয়লি ফুকনক তুমি কিয় বিদ্ৰোহ কৰিছিলা বুলি সোধাত তেওঁ নিৰ্ভীকতাৰে উত্তৰ দিছিল “হয়,এইটো সত্য মই মোৰ দেশমাতৃক বিদেশীৰ হাতৰ পৰা মুক্ত কৰিব বিচাৰিছিলোঁ। পাৰিতপক্ষে কোনেও পৰাধীন হৈ থাকিবলৈ ভাল নাপায়। মই মৰণলৈ ভয় কৰি তোমালোকৰ বিৰুদ্ধে অস্ত্ৰ লোৱা নাই বুলি কেতিয়াও নকওঁ। “
পিয়লি ফুকনৰ ফাঁচী:-
১৮৩০ খ্ৰীষ্টাব্দৰ ২৬ জুলাইত শিৱসাগৰ পুখুৰীৰ উত্তৰ-পূৱ কোণত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ব্ৰিটিছে ৰাজহুৱাকৈ ফাঁচী-কাঠত ওলমাইছিল। পিয়লি ফুকনৰ ফাঁচী দিওৱাত সেইসময়ৰ ব্ৰিটিছসকলৰ প্ৰতি অনুৰক্ত মণিৰাম দেৱানেও আগ-ভাগ লৈছিল। বৃটিছ বিষয়াই ৰাজদ্ৰোহীক কেনেকৈ ফাঁচী দিয়া হয় বুলি প্ৰশ্ন কৰাত মণিৰামে কৈছিল-“ৰাজদ্ৰোহীক ডিঙিত ফটা মেখেলা আঁৰি ফাঁচী দিয়া হয়”। মণিৰাম দেৱানে এনেদৰে কোৱাত পিয়লি ফুকনে মণিৰাম দেৱানক উদ্দেশি কৈছিল-“মণিৰাম তয়ো দুৱৰা কাকতী বংশৰ, ময়ো সাতঘৰীয়া আহোমৰ দুৱৰা বংশৰ। মোক ফাঁচী দি প্ৰাণে মৰাই তোক নাটিলে,ভদ্ৰকুলত জন্ম লৈ সম্ভান্ত আনৰ মৰণ কালত এনে জ্বলন্ত অপমান কৰাইহে তোৰ সন্তোষ লাগিল। সেয়ে,ফাঁচীৰ জৰী ডিঙিত লৈ মই অন্তৰৰ পৰাই কৈছো যি দোষৰ বাবে মোৰ এনে দশা হৈছে তাত একো দুখ নাই মই দেশৰ বাবে মৰিছোঁ। জন্ম হলে মৃত্যু হবই। কিন্ত জীৱনৰ অন্তিমকালত এনে জঘন্য অপমান দি মোক মাৰিলি বাবে তয়ো বিনা দোষতে এইগছি ডোলতে পৰিবি”। আৰু পিয়লি ফুকনৰ কথা সত্য প্ৰমাণিত হৈছিল। মণিৰাম দেৱানেও ব্ৰিটিছবিৰোধী বিদ্রোহত হাত উজান দি ফাঁচীকাঠ ওলমিবলগীয়া হৈছিল।
পিয়লি ফুকন আছিল ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰথম অসমীয়া(সম্ভৱত প্ৰথম ভাৰতীয়) শ্বহীদ। ভৰিৰে খোৰা হৈও তেওঁ অসম দেশখনক খোৰা হ’বলৈ দিবলৈ প্ৰস্তুত নাছিল আৰু নিজ দেশৰ স্বাধীনতাৰ হকে ব্ৰিটিছৰ বিৰোধিতা কৰি নিজৰ প্ৰাণ বলিদান দিছিল। পিয়লি ফুকন অসমীয়াৰ মাজত সদায় অমৰ হৈ থাকিব আৰু তেওঁক সকলো অসমীয়াই তেখেতৰ জাতিপ্ৰেমৰ বাবে চিৰদিনৰ বাবে মনত ৰাখিব।
অসমীয়া ৰূপালী পৰ্দাত পিয়লি ফুকন :-
স্বাধীনতা যুঁজাৰু তথা স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম শ্বহীদ পিয়লি ফুকনৰ স্বদেশ-প্রেম আৰু আত্মত্যাগ অসমৰ চলচ্চিত্ৰ জগততো চিত্ৰিত হৈছে। ১৯৫৫ চনত মুক্তি পাইছিল নটসূৰ্য ফণী শৰ্মাদেৱ পৰিচালিত কলা-বগা বোলছবি “পিয়লি ফুকন”। “ৰূপজ্যোতি প্ৰডাকচন”ৰ বেনাৰত আৰু গামা প্ৰসাদ আগৰৱালাৰ প্ৰযোজনাত পিয়লি ফুকন চলচ্চিত্ৰ নিৰ্মাণ হৈছিল।
“পিয়লি ফুকন” চিনেমাখনত তেখেতৰ জীৱন আৰু দেশ-প্ৰেমমূলক ভাৱ-ধাৰাৰ চিত্ৰণ কৰা হৈছে। “পিয়লি ফুকন” চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ। ফণী শৰ্মাদেৱে নিজেই এই চলচ্চিত্ৰৰ কাহিনী লিখিছিল।
বহু বিখ্যাত অসমীয়াই এই চিনেমাখনত অভিনয় কৰিছিল। চন্দ্ৰধৰ গোস্বামীয়ে অত্যন্ত নিপুণ অভিনয়ৰ পিয়লি ফুকনৰ জীৱন স্পষ্টকৈ ফুটাই তুলিছিল আৰু গমধৰ কোঁৱৰৰ চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মাই। ইয়াৰ লগতে জ্ঞানদা কাকতি, ইভা আচাও, ৰেবেকা আচাও, হীৰেন চৌধুৰী, বীণা দাস মান্না, ৰমেশ শৰ্মা, তুলসী দাস, ভূপেন বৰুৱা, দুৰ্গা গোস্বামী, বিবেক আগৰৱালা, নেইমুদ্দিন, ঝৰ্ণা আৰু নয়নীয়ে এই চলচ্চিত্ৰত অভিনয় কৰিছিল। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই তেখেতৰ সুমধুৰ সুৰেৰে এই চিনেমাখনৰ সংগীত সজাইছিল আৰু সকলোৰে ভিতৰত উল্লেখনীয় আছিল “”তেজৰে কমলাপতি” নামৰ বৰগীতটো।
পিয়লি ফুকন চলচ্চিত্রই প্ৰথমবাৰৰ বাবে ১৯৫৫ চনৰ তৃতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবি হিচাপে ৰাষ্ট্ৰপতিৰ “চাৰ্টিফিকেট অৱ মেৰিট” সন্মান লাভ কৰে।
[…] […]
[…] শাসনৰ কামনা কৰিছিল। সেইসময়ত পিয়লি ফুকন, গমধৰ কোঁৱৰ আদি অসমপ্ৰেমী যুৱকে কৰা […]