তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

জ্যোতিপ্ৰসাদ আগৰৱালা

কুৰি শতিকাৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া সাংস্কৃতিক জগতখনলৈ অৱদানৰ ক্ষেত্ৰত বহুতেই তেওঁক শংকৰদেৱৰ পাছতেই স্থান দিব খোজে। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল একাধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, বোলছবি নিৰ্মাতা আৰু সংগ্ৰামী ৰাজনীতিক। তেওঁ আছিল আধুনিক অসমীয়া সংগীতৰ প্ৰৱৰ্তক লগতে প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ৰ নিৰ্মাতা। অসমীয়া সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাই ‘ৰূপকোঁৱৰ’ উপাধিৰে বিভূষিত কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত অসম চৰকাৰে তেওঁৰ মৃত্যুৰ দিনটোক অৰ্থাত্ ১৭ জানুৱাৰী তাৰিখটো গোটেই ৰাজ্যজুৰি ‘শিল্পী দিৱস’ হিচাপে উদযাপন কৰি আহিছে। এয়া ন দি ক’ব পাৰি যে, চৰকাৰী প্ৰচেষ্টা ন’হলেও তেখেতৰ মন পৰশা গীতবোৰৰ বাবেই তেওঁ প্ৰতিজন অসমীয়াৰ মাজত সদায়েই জীয়াই থাকিব।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম আৰু শৈশৱ কাল-

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। পৰমানন্দ আগৰৱালাৰ পিতৃ আছিল হৰিবিলাস আগৰৱালা- অসমীয়া ধৰ্ম পুথি ‘কীৰ্তন ঘোষা’ প্ৰথম ছপা কৰাওঁতা আৰু তেখেতৰ ভাতৃ আছিল বিখ্যাত অসমীয়া কবি আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা। সোণৰ চামুছ মুখত লৈ জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদ আগৰৱালাই সৰুৰে পৰা এক সংস্কৃতিবান পৰিৱেশত ডাঙৰ হৈছিল। তেখেতৰ দেউতাকো আছিল এজন ভাল গায়ক আৰু বেহেলাবাদক। ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদে জন্মৰ কিছু বছৰৰ পাছতেই পৰিয়ালৰ লগত তেওঁলোকৰ স্থায়ী বাসস্থান তেজপুৰলৈ গুছি আহে। তাতেই তেওঁ বাণ ৰঙ্গমঞ্চৰ সৈতে জড়িত হৈ সংগীত আৰু নাটকৰ চৰ্চা কৰিবলৈ লয়।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিক্ষা-

স্কুলীয়া শিক্ষা- জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্কুলীয়া শিক্ষা আৰম্ভ হয় ডিব্ৰুগড়ৰ চৰকাৰী হাইস্কুলৰ পৰা। তাৰ পাছত তেওঁৰ পৰিয়াল তেজপুৰলৈ গুছি অহাত তেওঁ তেজপুৰৰ চৰকাৰী হাইস্কুলত পঢ়ে। ১৯২১ চনত গোটেই দেশজুৰি অসহযোগ আন্দোলন আৰম্ভ হোৱাত তেওঁ মেট্ৰিকুলেছন পৰীক্ষা নিদিয়াকৈয়ে আন্দোলনত জঁপিয়াই পৰে। পাছত তেওঁ চিত্ৰৰঞ্জন দাস প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।

কলেজীয়া শিক্ষা- প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত জ্যোতিপ্ৰসাদে কলিকতাৰ নেশ্যনেল কলেজত আই. এ. শ্ৰেণীত নাম ভৰ্তি কৰে। সেই কলেজত তেওঁ দ্বিতীয় বাৰ্ষিকলৈকে পঢ়ে। ইতিমধ্যে কলেজখন উঠি যোৱাত তেওঁৰ কলেজীয়া শিক্ষা সিমানতে শেষ হয়।

বিলাতত উচ্চ শিক্ষা- ১৯২৬ চনৰ ছেপ্তেম্বৰ মাহত জ্যোতিপ্ৰসাদে উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যাত্ৰা কৰে। বিলাতত গৈ এডিনবৰা বিশ্ববিদ্যালয়ৰ মেট্ৰিকুলেশ্বন পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথমবাৰ অকৃতকাৰ্য হয়। দ্বিতীয়বাৰ তেওঁ চৰ্তসাপেক্ষে এম.এ. পঢ়াৰ অনুমতি লাভ কৰে। প্ৰথমে তেওঁ অৰ্থনীতি, সংস্কৃত আৰু পাব্লিক ল’ অধ্যয়ন কৰে। তাৰ পাছত তেওঁ অৰ্থনৈতিক ইতিহাস আৰু দৰ্শন অধ্যয়ন কৰে। পিছে তেওঁ তাত কোনো ডিগ্ৰী অৰ্জন কৰিব নোৱাৰিলে।

বোলছবি বিষয়ক শিক্ষা- গতানুগতিক শিক্ষাত বিশেষ মন নবহাত জ্যোতিপ্ৰসাদে বোলছবি নিৰ্মাণ সম্পৰ্কে শিক্ষা লোৱাৰ বাবে মনস্থ কৰে। সেয়ে তেওঁ জাৰ্মানীত সাত মাহৰ বাবে থাকি বোলছবি নিৰ্মাণ সম্পৰ্কে কাৰিকৰী শিক্ষা লয়। সেই সময়তে তেওঁ জাৰ্মানীৰ বিখ্যাত ইউ.এফ.এ. ষ্টুডিঅ’ দৰ্শন কৰাৰো সুযোগ পায়, যিয়ে তেওঁক প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণ কৰাৰ বাবে অনুপ্ৰেৰণা যোগায়।

স্বাধীনতা সংগ্ৰামী হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালা

জ্যোতিপ্ৰসাদৰ বয়স ১৭ বছৰ হৈ থাকোতেই দেশত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন আৰম্ভ হয়। তেখেতে সেই সময়তে পঢ়া- শুনা এৰি আন্দোলনত যোগ দিয়ে। কিয়নো  এজন শিল্পী মনৰ মানুহ হিচাপে জ্যোতিপ্ৰসাদৰ মনত সৰুৰে পৰা দেশপ্ৰেমৰ তেজ বৈ আছিল। তাৰোপৰি তেওঁলোকৰ তেজপুৰৰ ঘৰখনতো তেওঁ মহাত্মা গান্ধী, জৱহৰলাল নেহৰুকে আদি কৰি বহুকেইজন স্বাধীনতা সংগ্ৰামীৰ সান্নিধ্য পাইছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনৰ যি ঢৌ অসমলৈ বৈ আহিছিল সেই সময়ত তেওঁ তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিকৰ পৰীক্ষাৰ্থী আছিল। আন্দোলনত যোগ দিবলৈ তেজপুৰ হাইস্কুলৰ পৰা ওলাই অহা ছাত্ৰসকলৰ মাজত মাজত জ্যোতিপ্ৰসাদ একেবাৰে আগৰণুৱা আছিল আৰু সেই সময়তে তেওঁ “বিশ্ব বিজয়ী নৱ জোৱান’’ নামৰ গীতটো ৰচনা কৰিছিল।

১৯৩০ চনৰ ইউৰোপৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ পাছত জ্যোতিপ্ৰসাদে পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি দেশজুৰি চলা আইন আমান্য আন্দোলনত জঁপিয়াই পৰে। সেই সময়ত তেওঁৰ কৰ্মক্ষেত্ৰ আছিল ছয়দুৱাৰ অঞ্চল। ১৯৩২ চনত কংগ্ৰেছৰ সেৱাদলৰ কৰ্মী জ্যোতিপ্ৰসাদক স্বাধীনতা আন্দোলনত জড়িত থকাৰ অপৰাধত চৰকাৰে গ্ৰেপ্তাৰ কৰে। বিচাৰত পোন্ধৰ মাহৰ সশ্ৰম কাৰাদণ্ড আৰু পাঁচশ টকাৰ জৰিমনা বিহে। শিলচৰ জেইলত কাৰাবাসৰ সময়তে তেওঁ যক্ষ্মাৰোগত আক্ৰান্ত হয় যদিও কাৰাদণ্ডৰ ম্যাদ পূৰণ কৰিহে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰে। ১৯৪১ চনৰ পৰা তেওঁ কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনীৰ কামত আত্ম নিয়োগ কৰে। পিছলৈ তেওঁ সেই বাহিনীৰ সৰ্বাধিনায়ক পদো অলংকৃত কৰে। আৰু অসমৰ বিভিন্ন অঞ্চলত স্বাধীনতা-সংগ্ৰাম সংগঠনৰ কাম কৰে।

১৯৪২ চনৰ পৰা তেওঁ কলিকতাত আত্মগোপন কৰি থাকিয়েই স্বাধীনতা সংগ্ৰামৰ কাম চলাই যায়। এই সময় ছোৱাত চৰকাৰে তেওঁক ‘ফেৰাৰ অৰ্থাত্ পলৰীয়া বুলি ঘোষণা কৰে। ১৯৪৩ চনৰ আগষ্ট মাহত জ্যোতিপ্ৰসাদে তেজপুৰত আত্মসমৰ্পণ কৰে। পাছত আদালতত বিচাৰ চলে যদিও উপযুক্ত সাক্ষ্য- প্ৰমাণৰ অভাৱত চৰকাৰে নিৰ্দোষী বুলি মুক্তি দিয়ে। ইয়াৰ ওপৰিও বিভিন্ন ধৰণৰ দেশপ্ৰেম মূলক গীত আৰু কবিতাৰ ৰচনাৰে তেওঁ অসমীয়া ৰাইজৰ চেতনাক উদ্বুদ্ধ কৰি অসম আৰু ভাৰতৰ জন সাধাৰণক মুক্তি সংগ্ৰামৰ ফালে আকৰ্ষিত কৰিছিল।

জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অসমীয়া বোলছবি

ইংলেণ্ড আৰু জাৰ্মানীত বোলছবি নিৰ্মাণৰ শিক্ষা লৈ আহিছিল যদিও সেই সময়ত অসম নালাগে ভাৰতবৰ্ষতো উপযুক্ত পৰিৱেশ গঢ় লৈ উঠা নাছিল। তাৰোপৰি সেই সময়ত দেশত চলি থকা  আইন অমান্য আন্দোলনত যোগ দিব লগা হোৱাৰ বাবেও তেওঁ সেই বিষয়ত মন দিব পৰা নাছিল। কিন্তু ১৯৩২ চনত তেওঁ শিলচৰ কাৰাগাৰত বন্দী হৈ থকাৰ সময়ছোৱাতেই বন্দীত্বৰ অভিশাপৰ সময়খিনিক আশীৰ্বাদলৈ ৰূপান্তৰ কৰাৰ মানসেৰে তেওঁ প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণৰ পৰিকল্পনা কৰিলে আৰু তাৰ বাবে যাৱতীয় কাহিনী- চিত্ৰনাট্য লিখাৰ কাম আৰম্ভ কৰিলে। জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ কাহিনীৰ আধাৰ আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটক

বন্দীত্বৰ পৰা মুক্তি পোৱাৰ পাছতেই তেওঁ ১৯৩৩ চনৰ ডিচেম্বৰ মাহৰ পৰা চনত তেওঁৰ জয়মতীৰ নিৰ্মাণৰ কামত লাগি যায়। তাৰবাবে তেওঁ ভোলাগুৰি চাহ বাগিছাত ‘চিত্ৰবন’ নামেৰে এটা ফিল্ম ষ্টুডিঅ’ৰো নিৰ্মাণ কৰে। তাতেই দুটা কেম্পত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে চলচ্চিত্ৰত অভিনয়ৰ কলা-কৌশল শিকোৱা হয়। ছবিৰ কাৰিকৰী কামৰ বাবে লাহোৰৰপৰা কলা-কুশলী আহিছিল। চলচ্চিত্ৰৰ ফিল্ম পৰিস্ফুটণৰ বাবে কলিকতাৰ বাবে বৰফ অনোৱা হৈছিল। লাহোৰৰপৰা শব্দযন্ত্ৰী হিচাপে আহিছিল ফৈজী ভাতৃদ্বয়, নিজৰ আৱিষ্কাৰ ‘ফৈজী ছাউণ্ড ছিষ্টেম’ লৈ। কেমেৰা অনা হৈছিল কলিকতাৰ ‘মেহতা’ৰপৰা।ঢাকাত ছবিখনৰ সম্পাদনাৰ কাম কৰা হয়। আৰু তাতেই জ্যোতিপ্ৰসাদে জানিবলৈ পায় যে ছুটিঙৰ সময়ত বাণীবদ্ধ কৰা শব্দবিলাক অহা নাই। জ্যোতিপ্ৰসাদে তেতিয়া শব্দ-ষ্টুডিঅ’ ভাৰালৈ লৈ নিজেই কেবা গৰাকীও শিল্পীৰ মাত কথা বাণীবদ্ধ কৰে।

তেখেতে হেনো এদিনতে ছ হাজাৰ ফুট ৰীল বাণীবদ্ধ কৰিছিল। সেয়ে ভাৰতীয় চলচিত্ৰ সমালোচক সকলে জয়মতীক তৃতীয়খন ভাৰতীয় সবাক ছবিৰ মৰ্যদা দিয়াৰ লগতে প্ৰথমখন ভাৰতীয় ডাবিং ছবিৰ স্বীকৃতি দিছে। জয়মতী ছবিকনৰ মূল চৰিত্ৰ জয়মতী ৰূপায়ণ কৰিছিল আইদেউ সন্দিকৈয়ে আৰু গদাধৰৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল ফুনু বৰুৱাই।জয়মতী ছবিখন মুক্তি দিয়া হৈছিল কলিকতাৰ ‘ৰৌণক হল’ত ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে। আৰু অসমত তাৰ দহ দিনৰ পাছত ২০ মাৰ্চ তাৰিখে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুক্তি দিয়া হৈছিল।

প্ৰায় ৫০ হাজাৰ টকা খৰছ কৰি নিৰ্মাণ কৰা জয়মতীয়ে অসমত আন্তগাঁঠনিৰ অভাৱত বিশেষ ব্যৱসায়িক সফলতাৰ মুখ নেদেখিলে ইয়াৰ বিপৰীতে অসম ভূমিত কৰা এনে মৰসাহৰ ফলস্বৰূপে ঋণৰ বোজাতহে পোত গ’ল। সেয়ে তেওঁ জয়মতীৰ পৰা লোকচানৰ বোজা উঠাবলৈ দ্বিতীয়খন অসমীয়া ছবি ‘ইন্দ্ৰমালতী’ নিৰ্মাণ কৰে। ছবিখনৰ কাহিনী জ্যোতিপ্ৰসাদৰ নিজা আছিল। ইন্দ্ৰ আৰু মালতী নামৰ এহাল প্ৰেমিক- প্ৰেমিকা সংঘৰ্ষময় প্ৰেম কাহিনীৰ এক সুন্দৰ প্ৰতিফলন ছবিখনত ঘটিছে। কিন্তু জ্যোতিপ্ৰসাদে নিজে স্বীকাৰ কৰি গৈছে যে ছবিখনৰ খৰছ কমাবলৈ যাওঁতে ছবিখনৰ মান আৰু শৈল্পিক মূল্য বহু পৰিমাণে হ্ৰাস পাইছে। ছবিখন অসমত বাণিজ্যিকভাৱে কিছু পৰিমাণে সফল হৈছিল বুলি জনা যায়। ছবিখনত ইন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল মনোভিৰাম বৰুৱাই। ফণী শৰ্মাই তেখেতৰ বন্ধু ললিতৰ চৰিত্ৰত অভিনয় কৰে। ৰাসেশ্বৰী বৰুৱাই মালতীৰ চৰিত্ৰত ৰূপদান কৰিছিল। থানু বৰাই কৰিছিল চণ্ডীৰামৰ চৰিত্ৰটো। সুন্দৰপ্ৰতীম বৰুৱা নামে কলিকতাত থকা এক চহকী অসমীয়া ব্যৱসায়ীৰ সৰু চৰিত্ৰ এটাত জ্যোতিপ্ৰসাদে নিজে অভিনয় কৰিছিল। ড॰ ভূপেন হাজৰিকাই এখন ছবিতে নিজৰ কণ্ঠৰ গান ‘বিশ্ব বিজয়ী নৱ জোৱান’ গাইছিল আৰু এজন গৰখীয়া ল’ৰাৰ চৰিত্ৰত এই গানটো গোৱাৰ অভিনয়ো কৰিছিল।

অসমীয়া সাহিত্যলৈ জ্যোতিপ্ৰসাদৰ অৱদান

কুৰি শতিকাৰ অসমীয়া সাহিত্যৰ জগতখন আজিৰ দৰে বিশাল নাছিল। ঠন ধৰি উঠিছিলহে মাত্ৰ। সেয়ে তেওঁৰ অসমীয়া ভাষাৰ জেউতি বৃদ্ধি কৰাৰ লগতে তেওঁৰ সুন্দৰৰ সাধনা কৰিব খোজা মনটোৰ হাবিয়াস পূৰাবলৈ সাহিত্যৰ সৃষ্টিতে মনোনিৱেশ কৰিছিল। হাইস্কুলত পঢ়ি থকা অৱস্থাত ১৪ বছৰ বয়সতেই  তেওঁ ‘শোণিত কুঁৱৰী’ নাটক আৰু ‘গছে গছে পাতি দিলে’ নামৰ প্ৰকৃত অসমীয়া সুৰ থকা আধুনিক গীত ৰচনা কৰিছিল।

জ্যোতিপ্ৰসাদৰ সাহিত্যৰাজিক তালিকাভুক্ত কৰিবলৈ গ’লে হ’ব এনেধৰণৰ-

গীত- সৰ্বমুঠ ৩৭৭ টা গীত সংৰক্ষিত, যি তেওঁৰ নাটক, চিত্ৰনাট্য আন্যান্য ৰচনা আৰু কথাছবিত আদিত নিহিত আছে।

কবিতা- ৪৬ বা তাতোধিক দীঘলীয়া আৰু চুটি সংৰক্ষিত কবিতা।

নাটক- শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা, খনিকৰ, সোণপখিলী, কনকলতা।

শিশু- সাহিত্য- শিশু-কবিতা, জ্যোতি-ৰামায়ণ, ঘোঁৰা-ডাঙৰীয়া।

জীৱনী- চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী

চুটিগল্প- ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিযান, যুঁজাৰু, সতীৰ সোঁৱৰণী, সন্ধ্যা, প্ৰত্নতাত্ত্বিক কালঘুমটি, নীলা চৰাই।

উপন্যাস- আমাৰ গাঁও( অৰ্ধ সমাপ্ত)

সংবাদসেৱা- ১৯৪৪ চনৰ পৰা বন্ধ হৈ থকা ‘অসমীয়া’ কাকতৰ তেখেতে পুনৰ প্ৰকাশ আৰু সম্পাদনা কৰিছিল।

ব্যক্তিগত জীৱন-

জ্যোতিপ্ৰসাদ আগৰৱালাই সাহিত্য- সংস্কৃতিৰ জগতলৈ এই পৰ্বতসম অৱদান আগবঢ়াই যোৱাৰ উপৰিও তেওঁলোকৰ পৰিয়ালৰ স্বতাধিকাৰ থকা ডিব্ৰুগড়ৰ তামোলবাৰী চাহ- বাগিছাৰ পৰিচালনাৰ ভাৰো গ্ৰহণ কৰিছিল। তেওঁ ডিব্ৰুগড়ৰ দেৱযানী ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁৰ দুজন পুত্ৰ সন্তানৰ নাম হৈছে চিন্ময় আৰু বিশ্বেন্দু। আৰু পাঁচ গৰাকী কন্যা সন্তান হৈছে যথাক্ৰমে জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমশ্ৰী, মনশ্ৰী।

মৃত্যু

জীৱনৰ শেষৰছোৱা বয়সত জ্যোতিপ্ৰসাদ দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিত্সাধীন হয়। আৰু ১৯৫১ চনৰ ১৭ জানুৱাৰী তাৰিখে মাত্ৰ ৪৮ বছৰ বয়সতে মৃত্যু বৰণ কৰে। ক’ব পাৰি যে, যদি জ্যোতি প্ৰসাদ আগৰৱালাই আৰু কিছু দীঘল আয়ুস পালেহেঁতেন তেনেহ’লে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ জগতখনে আৰু অধিক মূল্যবান ৰত্ন লাভ কৰিলেহেঁতেন।

3.8 5 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] প্ৰতীক হৈ পৰিছিল। উদাহৰণ স্বৰূপে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত- ‘লুইতৰ পাৰৰে আমি ডেকা ল’ৰা, […]

1
0
Would love your thoughts, please comment.x
()
x