পুঁজিবাদ আৰু পুঁজিবাদৰ পৰিণাম
দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা সকলো বস্তু অৰ্থাত্ ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰাৰ পৰা ৰাতি শুৱাৰ সময়লৈকে আমি যিবিলাক বস্তু ব্যৱহাৰ এই আটাইবিলাক বস্তু আহে কাৰখানাৰ পৰা বা খনিৰ পৰা নহ’লে খেতিয়কৰ খেতি পথাৰৰ পৰা। এই বস্তুবোৰ তৈয়াৰ কৰিবলৈ আমি যিবোৰ যন্ত্ৰ-পাতি, কল-কাৰাখানা, খেতি-মাটি, খনি আদি ব্যৱহাৰ কৰো সেইবোৰক ‘উত্পাদনৰ আহিলা’ বুলি আখ্যা দিছো আৰু এই উত্পাদনৰ আহিলা ব্যৱহাৰ কৰি যিবোৰ বস্তু তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰা হয় সেইবোৰক ‘পণ্য’ বুলি কোৱা হয়।
বৰ্তমান কেইখনমান সমাজতান্ত্ৰিক দেশৰ বাহিৰে পৃথিৱীৰ প্ৰায়বিলাক দেশতেই উত্পাদনৰ এই আহিলাবোৰ জনসাধাৰণৰ ব্যক্তিগত সম্পত্তি। অৰ্থাত্ যাৰ ওচৰত এই উত্পাদনৰ আহিলাবোৰ আছে কেৱল তেওঁহে এইবোৰৰ মালিক- সমাজৰ আন কোনেও এই উত্পাদনৰ আহিলাত হস্তক্ষেপ কৰিব নোৱাৰে। আৰু পুঁজিবাদৰ মূল কথাও এইটোৱেই- উত্পাদনৰ আহিলাৰ ওপৰত ব্যক্তিগত অধিকাৰ। উত্পাদনৰ আহিলাৰ ওপৰত যাৰ অধিকাৰ থাকে তেওঁ সেইবোৰ কামত খটুৱাই নানা ধৰণৰ বস্তু তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰে, যাৰ দ্বাৰা লাভ অৰ্জন কৰে। তেওঁলোকৰ মূল উদ্দেশ্যই লাভ বা মুনাফা অৰ্জন কৰা। যেতিয়ালৈকে তেওঁলোকে লাভ পাই থাকিব তেতিয়ালৈকে তেওঁলোকে পণ্য উত্পাদন কৰি থাকিব আৰু যেতিয়াই লাভ বন্ধ হব তেতিয়াই তেওঁলোকে পণ্য উত্পাদন কৰা বন্ধ কৰি দিব। সেইটোত যদি সাধাৰণ মানুহৰ অসুবিধাও হয় তাত তেওঁলোকে ভ্ৰূক্ষেপ নকৰে। অৰ্থাত্ যি সমাজত বা অৰ্থ ব্যৱস্থাত উত্পাদনৰ আহিলাসমূহৰ ব্যক্তিগত আধিকাৰ থাকে আৰু য’ত একমাত্ৰ লাভৰ বাবেই পণ্য উত্পাদন কৰা হয়, সেই সমাজ বা অৰ্থ ব্যৱস্থাটোকেই পুঁজিবাদ বুলি কোৱা হয়।
পুঁজিবাদৰ পৰিণাম
১) পুঁজিবাদে সমাজত অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি কৰে।
সমাজৰ যিসকল দুখীয়া লোক তেওঁলোকে পেটৰ তাগিদাত বাধ্য হৈ কাৰখানা, খনি বা জমিদাৰৰ মাটিত কাম বিচাৰি আহে। একমাত্ৰ শৰীৰটোৰ বাহিৰে তেওঁলোকৰ আন একো নাই, সেইবাবে এওঁলোকক বনুৱা বা শ্ৰমজীৱী বুলি কোৱা হয়। পুঁজিপতিসকলে এই বনুৱা সকলৰ দ্বাৰা যথেষ্ট পণ্য উত্পাদন কৰি লাভ আদায় কৰে আৰু সেই লাভৰ এক অংশ বনুৱা সকলক মজুৰি হিচাপে দিয়ে, এক অংশ ব্যৱহাৰ কৰি থকা মাটিৰ কৰ হিচাপে দিয়ে, এক অংশ কেঁচামালৰ দাম বা বেংকৰ পৰা লোৱা ঋণৰ কিস্তি হিচাপে দিয়ে আৰু বাকীখিনি পুঁজি পুনৰ ব্যৱসায়ত খটুৱায়। সেইবাবে তেওঁলোকৰ পুঁজিৰ পৰিমাণ দিনক দিনে বৃদ্ধি হৈ গৈ থাকে।
বজাৰত আৰু বহুত পুঁজিপতি থাকে। পণ্য বিক্ৰীৰ কৰাৰ বাবে তেওঁলোকে পৰস্পৰে প্ৰতিযোগিতাত নামিব লগীয়া হয়। এই প্ৰতিযোগিতাত তেৱেই জিকে যি বজাৰত আটাইতকৈ কম দামত পণ্য বিক্ৰি কৰিব পাৰে। আৰু সেই কাৰণেই সকলো পুঁজিপতিয়েই চেষ্টা কৰে যাতে আটাইতকৈ কম খৰচত কেনেকৈ অধিক পণ্য উত্পাদন কৰিব পাৰে। তাৰ বাবে তেওঁলোকে বিজ্ঞানী আৰু অভিযন্তাৰ সহায়ত নানা ধৰণৰ যন্ত্ৰ-পাতি আৱিষ্কাৰ কৰি সেইবোৰ পণ্য উত্পাদনৰ কামত ব্যৱহাৰ কৰে।
এফালেদি যেনেকৈ পুঁজিপতিৰ পুঁজি, ধন-সম্পত্তি বাঢ়ি গৈ থাকে, অন্যহাতে আকৌ সমাজত দ্ৰৰিদ্ৰতাও বাঢ়ি গৈ থাকে। যিসকলৰ পুঁজি কম, তেওঁলোকে বেছি পুঁজি থকা সকলৰ সৈতে প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰি সৰ্বস্ৰান্ত হৈ বনুৱা শ্ৰেণীত ভিৰ কৰেহি। এনেকৈয়ে শ্ৰমিক সকলৰ সংখ্যা বাঢ়ি গৈ থাকে। অন্যহাতেদি যন্ত্ৰপাতিৰ আৱিষ্কাৰ হোৱাত যন্ত্ৰৰ দ্বাৰাই সকলো কৰিব পৰা হয়গৈ। ফলত যেনেকৈ শ্ৰমিক সকলৰ সংখ্যা বাঢ়ি যায় তেনেদৰে তেওঁলোকৰ কৰ্ম সংস্থাপনো কমি যায়। সেইবাবে শ্ৰমিকসকলে মজুৰি হিচাপে যি পায়, সেই মজুৰিতে কাম কৰিবলৈ ৰাজী হয়। আৰু সেই সুবিধাতে পুঁজিপতি সকলেও তেওঁলোকক কামত খটোৱাৰ চেষ্টা কৰে। কম দৰমহা দিলে পণ্য উত্পাদন কৰা খৰছো কমি যায় আৰু সিমানেই অধিক লাভ হয়। সমাজত সেইবাবে কেইজনমান মানুহ অধিক ধনী হৈ গৈ থাকে আৰু বাকীসকল ক্ৰমান্বয়ে দুখীয়া হৈ গৈ থাকে। এনেকৈয়ে পুঁজিবাদে সমাজৰ মুষ্টিমেয় মানুহক ধনী কৰি বেছিখিনি মানুহক দুখীয়া কৰি পেলায়।
২) পুঁজিবাদে বাণিজ্য সংকট আৰু নিবনুৱা সমস্যাৰ সৃষ্টি কৰে।
পুঁজিবাদে যে কেৱল শ্ৰমিক শ্ৰেণীৰ উপাৰ্জন কমাই আনি তেওঁলোকক দুখীয়া কৰি তোলে এনে নহয় বৰঞ্চ মাজে সময়ে তেওঁলোংকৰ উপাৰ্জনৰ পথ বন্ধ কৰি দি একেবাৰে ভিক্ষাৰীত পৰিণত কৰে। যিহেতু বজাৰত পণ্য বিক্ৰী হ’লেহে পুঁজিপতিয়ে লাভ আদায় কৰিব পাৰে কিন্তু বজাৰৰ কিছু অংশ পণ্য পুঁদিপতি সকলে নিজেই কিনে যদিও বেছিভাগ পণ্য কিনে শ্ৰমিক, কৃষক আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহ বিলাকে। কিন্তু যেতিয়া এওঁলোকৰ উপাৰ্জন কমি আহে তেতিয়া এওঁলোকে ক্ৰমাত্ পণ্যবোৰ কিনিব নোৱাৰা হৈ আহে। ফলত পণ্য বজাৰত বিক্ৰী নেহোৱা এই বস্তু বিলাক দোকান, গুদাম বা কাৰখানাত জমা হৈ ৰয়। পণ্য বিক্ৰী নেহোৱাত পুঁজিপতি সকলে দিনকদিনে লোকচানৰ দিশলৈ গতি কৰিবলৈ লয় আৰু এনেদৰেই পুঁজিপতিসকলে এদিন তেওঁলোকৰ কাৰখানাবোৰ বন্ধ কৰি দিবলৈ বাধ্য হয়। কাৰখানাবোৰ বন্ধ হৈ যোৱাত বেংক আৰু অৰ্থ ব্যৱস্থাও ভাগি পৰে, ফলত হাজাৰ হাজাৰ শ্ৰমিক কৰ্মহীন হৈ পৰে। পুঁজিবাদৰ এই অৱস্থাক কোৱা হয় ‘বাণিজ্য সংকট’। বাণিজ্য সংকটৰ সময়ত শ্ৰমিক সকলৰ দুৰ্দশাৰ সীমা নাইকিয়া হয়। বজাৰত বিক্ৰী নোহোৱা পণ্যবোৰ অৰ্থাত্ কাৰখানা, গুদামত জমা হৈ থকা বস্তুবোৰ পুঁজিপতিসকলে বজাৰত চাহিদা কমি যাব বুলি ভাবি কম দামত বিক্ৰী কৰাৰ পৰিৱৰ্তে সেইবোৰ ধবংস কৰি পেলায়। পুঁজিবাদী ব্যৱস্থাত এনে ধৰণৰ প্ৰাচুৰ্য আৰু দ্ৰাৰিদ্য সঘনাই দেখা যায়। এই বাণিজ্য সংকট আৰু মানুহক নিবনুৱাত পৰিণত কৰাটোৱেই হ’ল পুঁজিবাদৰ দ্বিতীয় কুপৰিণতি।
৩) পুঁজিবাদে গ্ৰাম্য অৰ্থনীতি ধ্বংস কৰি পেলায়-
পুঁজিবাদৰ আন এটা উল্লেখযোগ্য কুফল হ’ল গাঁৱৰ অৰ্থনৈতিক ব্যৱস্থাক ধ্বংস কৰি দিয়া। যদিও আধুনিক প্ৰযুক্তিবিদ্যা আৰু বৈজ্ঞানিক পদ্ধতিৰ কৃষি কৰ্মই যথেষ্ট উন্নতি লাভ কৰিছে তথাপিও বেছিভাগ দেশতেই বছৰটোৰ কেইমাহমান সময় কৃষকসকলৰ হাতত কৃষিৰ বাবে কোনো কাম নাথাকে, গতিকে এই কেইমাহত তেওঁলোকৰ অধিকাংশই ঘৰুৱাভাবে নিৰ্মিত বস্তু-বাহানি বজাৰত বিক্ৰী কৰে। কোনোৱে লোহাৰ সৰঞ্জাম, কোনোৱে কাঠ- বাঁহৰ কাম কৰে।এনেদৰেই এই সময়খিনিত তেওঁলোকে পৰিয়াল চলাবলৈ কিছু পৰিমাণৰ অৰ্থ উপাৰ্জন কৰে।
পুঁজিবাদী আমোলত এইবিলাক বস্তু ঘৰুৱা কুটীৰ- শিল্পতকৈ কল-কাৰকানাত বহুত কম দামতেই উত্পন্ন হয়, ফলত গাঁও- ভূঁইৰ বজাৰো কাৰখানাৰ বস্তুৰে উপচি পৰে। গাৱত হাতেৰে তৈয়াৰী বস্তু বেছি দাম দি কোনেও নিকিনা হয়, ফলত গাঁৱৰ খেতিয়কসকল আৰু হাতৰ কাম কৰা লোকসকল কৰ্মহীন হৈ পৰে। যাৰ ফলত তেওঁলোকৰ পৰিয়াল চলোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। তেতিয়া বাধ্য হৈ তেওঁলোকে জমিদাৰ জমিদাৰ বা ধনীক শ্ৰেণীৰ ওচৰত ঋণৰ জালত সোমাই পৰে। দিনক দিনে ঋণৰ বোজা বাঢ়ি অহাৰ ফলত তেওঁলোকে উপায়হীন হৈ মাটি- ভেটি বিক্ৰী কৰিব লগাত পৰে আৰু সৰ্বশ্ৰান্ত হৈ পৰে গাঁৱৰ ভূমিহীন খেতিয়কত পৰিণত হৈ পৰে।
পুঁজিবাদৰ আৰু বহুতো কুফল দেখা পোৱা যায় ( যেনে- প্ৰাকৃতিক পৰিৱেশ ধ্বংস, সাম্ৰাজ্যবাদ, বজাৰ দখলৰ বাবে বিশ্বযুদ্ধ আদি) যদিও এনে নহয় যে, পুঁজিবাদৰ সকলো ফলাফলেই ঋণাত্মক। পুঁজিবাদৰ কিছুমান সুফলো আছে। যেনে- পুঁজিবাদে এজন ব্যক্তিৰ প্ৰতিভা আৰু ব্যক্তিত্বক সম্পূৰ্ণ ভাবে বিকাশৰ স্বাধীনতা দিয়ে, পুঁজিবাদৰ ফলত বিজ্ঞান- প্ৰযুক্তিৰ প্ৰভূত উন্নতি হৈ সামাজিক কু-সংস্কাৰবোৰ নাইকিয়া কৰে আৰু অন্য অৰ্থ ব্যৱস্থাতকৈ পুঁজিবাদত সামগ্ৰিক অৰ্থ ব্যৱস্থাটোৰ অধিক উন্নতি হয়।
আৰু পঢ়ক- ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাত