বৰেণ্য অসমীয়া সাহিত্যিক হোমেন বৰগোহাঞি
হোমেন বৰগোহাঞি এটা নাম নহয় ই এটা অনুষ্ঠান। সাহিত্যিকৰ নামত যদি অসমীয়া সাহিত্যৰ যুগ বিভাজন হয় তেন্তে নিশ্চয় হোমেন বৰগোহাঞিৰ নামত নিশ্চয় এটা অন্যতম যুগ হ’ব। কলমৰ জৰিয়তে এখন সু-শৃংখলিত সমাজ নিৰ্মাণ কৰিব বিচৰা হোমেন বৰগোহাঞি আছিল একেধাৰে কবি,লেখক,ঔপন্যাসিক,গল্পকাৰ,প্ৰৱন্ধকাৰ,সমালোচক তথা সাংবাদিক। হোমেন বৰগোহাঞিয়ে তেখেতৰ অমূল্য অৱদানেৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে।
হোমেন বৰগোহাঞিৰ জন্ম, শিক্ষা আৰু চাকৰি জীৱন :-
হোমেন বৰগোহাঞিদেৱৰ জন্ম হৈছিল ১৯৩২ চনৰ সাত(৭) ডিচেম্বৰত লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ কাষৰীয়া বালিগাঁৱত। হোমেন বৰগোহাঞিদেৱৰ পিতৃৰ নাম আছিল ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাতৃৰ নাম আছিল আইতা বৰগোহাঞি। হোমেন বৰগোহাঞিদেৱে এক গাঁৱলীয়া চহকী খেতিয়ক পৰিয়ালত জন্মলাভ কৰিছিল। হোমেন বৰগোহাঞিদেৱে এই চাৰিকড়িয়া নৈখনৰ ইতিবৃত্ত আৰু তেখেতৰ লগত ইয়াৰ সম্পৰ্ক তেখেতৰ বিভিন্ন লেখাত বৰ্ণনা কৰিছে।
হোমেন বৰগোহাঞিদেৱে এটা বিদ্যানুৰাগী আৰু গ্ৰন্থানুৰাগী পৰিয়ালত জন্মলাভ কৰিছিল। তেখেতৰ পৰিয়ালৰ সকলো আছিল অধ্যয়নপিপাসু। ইয়ে তেখেতৰ শিক্ষা জীৱনত আৰু সমগ্ৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছিল। হোমেন বৰগোহাঞিদেৱে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষা ঢকুৱাখনাতে লাভ কৰে। তাৰপিছত তেখেতে ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়ত মাধ্যমিক শিক্ষা লাভ কৰে আৰু তাৰ পৰাই ১৯৫০ চনত প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত বৰগোহাঞিদেৱে কটন কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে। ১৯৫২ চনত আই এছ চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁ পুনৰ কটন মহাবিদ্যালয়তে স্নাতক কলা শাখাত ইংৰাজী বিষয়ত অনাৰ্ছ লৈ অধ্যয়ন কৰে আৰু ১৯৫৪ চনত সুখ্যাতিৰে স্নাতক উত্তীৰ্ণ হয়। স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই তেওঁৰ শিক্ষা জীৱনৰ ওৰ পৰে।
স্নাতক উত্তীৰ্ণ হোৱাৰ পাছতেই হোমেন বৰগোহাঞিদেৱে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে আৰু শিক্ষকতাৰ বৃত্তিক আপোন কৰি লয়। কিছুদিন শিক্ষকতা কৰাৰ পাছত তেওঁ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৫ চনত উপপতি সমাহৰ্তা(এছ ডি চি)ৰ চাকৰিত যোগদান কৰে। হোমেন বৰগোহাঞিদেৱে ১৯৬৮ চনত এই উপপতি সমাহৰ্তাৰ চাকৰিটোৰ পৰা ইস্তাফা দিয়ে।
হোমেন বৰগোহাঞিদেৱৰ বৈবাহিক জীৱন:-
হোমেন বৰগোহাঞিয়ে ১৯৫৮ চনত বিশিষ্ট লেখিকা নিৰুপমা তামুলী(পৰৱৰ্তী কালত নিৰুপমা বৰগোহাঞি)ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু পৰৱৰ্তী কালত ১৯৭৭ চনত দুয়োজনৰে বিবাহ বিচ্ছেদ ঘটে।
হোমেন বৰগোহাঞিৰ সাহিত্যিক জীৱন :-
হোমেন বৰগোহাঞিদেৱে প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ সময়তেই প্ৰায় সাত(৭) বছৰ বয়সতে লিখিবলৈ আৰম্ভ কৰিছিল। প্ৰথমবাৰৰ বাবে হোমেন বৰগোহাঞিদেৱে তেওঁৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক কুলনাথ গগৈদেৱৰ আদেশত এটা কবিতা লিখিছিল আৰু সেয়াই আছিল তেওঁৰ আৰম্ভণি আৰু তাৰ পৰা মৃত্যুপৰ্যন্ত তেওঁৰ কলমৰ চিয়াঁহী অবিৰত সোঁতত বৈ থাকিল। আৰু তেতিয়াই হোমেন বৰগোহাঞি দেৱৰ মনত লেখক হোৱাৰ তীব্ৰ বাসনা জাগি উঠে। সৰুৰে পৰাই হোমেন বৰগোহাঞিৰ এটা অধ্যয়নপিপাসু মন আছিল কিয়নো সেইসময়তে তেওঁলোকৰ ঘৰত বহুতো গ্ৰন্থ আছিল আৰু সৰুৰে পৰা তেওঁ সেই গ্ৰন্থসমূহৰ সংস্পৰ্শতে ডাঙৰ হৈছিল। বিদ্যালয়,মহাবিদ্যালয় সকলো পৰ্য্যায়তে হোমেন বৰগোহাঞিদেৱে সাহিত্য চৰ্চা কৰিছিল। ১৯৫৭ চনত হোমেন বৰগোহাঞিদেৱে উপপতি সমাহৰ্তা ৰ চাকৰি কৰি থকাৰ সময়তে তেওঁৰ জীৱনৰ প্ৰথম গল্পসংকলন “বিভিন্ন কোৰাছ” প্ৰকাশ পায়।
হোমেন বৰগোহাঞিদেৱে তেখেতৰ “বিভিন্ন নৰক” গ্ৰন্থখন লিখি শেষ কৰিবলৈ ১৯৬৮ চনত উপপতি সমাহৰ্তাৰ চাকৰিটো ইস্তাফা দিয়ে। তেখেতে ১৯৭০ চনত পিতা-পুত্ৰ উপন্যাসখন লিখা আৰম্ভ কৰে আৰু এইখন সম্পূৰ্ণ কৰিবলৈ তেখেতক প্ৰায় পাঁচ(৫) বছৰ সময় লাগে।
অসমীয়া সাহিত্যলৈ হোমেন বৰগোহাঞিদেৱে আৰু বহুতো অৱদান দি থৈ গৈছে। অসমীয়া সাহিত্যত তেওঁ প্ৰায় শতাধিক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। গ্ৰন্থ লিখা আৰু পঢ়া তেওঁৰ বাবে আছিল নিচা। তেওঁ প্ৰৱন্ধ সংকলন,উপন্যাস,কবিতা পুথি,গল্পপুথি আৰু লগতে আত্মজীৱনীও ৰচনা কৰি থৈ গৈছে। হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা উপন্যাসসমূহ হৈছে –
১) সুবালা (১৯৬৩)
২) তান্ত্ৰিক(১৯৬৭
৩) কুশীলৱ(১৯৭০)
৪) হালধীয়া চৰায়ে বাওধান খায়(১৯৭৩)
৫) পিতা-পুত্ৰ(১৯৭৫)
৬) তিমিৰ তীৰ্থ(১৯৭৫)
৭) অস্তৰাগ(১৯৮৬)
৮) মৎস্যগন্ধা(১৯৮৭)
৯) সাউদৰ পুতেকে নাওঁ মেলি যায়(১৯৮৭)
১০) নিঃসংগতা(২০০০)
১১) বিষন্নতা(২০০২)
১২) এদিনৰ ডায়েৰী(২০০৩)
লগতে হোমেন বৰগোহাঞিদেৱে ১৯৭১ চনত তেখেতৰ পত্নী নিৰুপমা বৰগোহাঞি দেৱৰ লগত “পুৱাৰ পুৰৱী সন্ধিয়াৰ বিভাস” নামৰ এখন উপন্যাস লিখি উলিয়ায়।
হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে হৈমন্তী(১৯৮৭)।
হোমেন বৰগোহাঞিদেৱে বহুতো গল্প লিখিছিল। তেওঁৰ গল্পসমূহ সন্নিৱিষ্ট হৈ থকা গল্প সংকলনসমূহ হৈছে –
১) বিভিন্ন কোৰাছ(১৯৫৭)
২) প্ৰেম আৰু মৃত্যুৰ কাৰণে(১৯৫৮)
৩) গল্প আৰু নক্সা(১৯৬৬)
৪) স্বপ্ন,স্মৃতি,বিষাদ(১৯৬৭)
৫) অস্তিত্বৰ জ্যোতিৰ্ময় চেতনা
হোমেন বৰগোহাঞিদেৱে ভালেমান প্ৰৱন্ধ সংকলন ৰচনা কৰিছে। তেওঁ ৰচনা কৰা প্ৰৱন্ধ সংকলনসমূহ হৈছে –
“বিভিন্ন নৰক”,”প্ৰজ্ঞাৰ সাধনা”, “গদ্যৰ সাধনা”, “পাঠকৰ টোকাবহী”, “উচ্চাকাংক্ষা”, “আশীৰ দশকৰ দস্তাবেজ”, “বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি”,”ধূসৰ দিগন্ত”,”আধুনিক যুগৰ জন্ম কাহিনী”,”শৰীৰ আৰু হৃদয়”, “সাৰাংশ”, “জিজ্ঞাসা”, “স্বৰ্গ আৰু নৰক”, “ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা”,”আনন্দ আৰু বেদনাৰ সন্ধানত”, “মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প”,”স্বাস্থ্য”,”জীৱনৰ মানচিত্ৰ”,”জীৱনৰ পৰা আমি কি বিচাৰো”, “জীৱনৰ মধুৰতম সময়”, “হৃদয়ৰ মানচিত্ৰ”, “সুস্থ দেহত সুস্থ মন”, “ডাৰউইন”, “মই যেতিয়া ক্লান্ত হওঁ”, “বিপদৰ বন্ধু”,”জীৱনৰ সাধনা”,”ইতিহাসৰ সাক্ষী”,”সুখ-দুখ”,”সপ্তম দশক”, “কিতাপ,মানুহ আৰু প্ৰকৃতিৰ সংগত”,”আত্মদীপো ভৱ”, “কথা-বাৰ্তা”,”বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি”,”জীৱন জিজ্ঞাসা”,”জীৱনৰ উপহাৰ”, “কথাৰ মূৰৰ কথা”,”কল গাৰ্ল”,”মোৰ টোকাবহীৰ পৰা” আদি।
হোমেন বৰগোহাঞিয়ে শিশু উপযোগী দুখনমান গ্ৰন্থ লিখি থৈ গৈছে। সেইকেইখন হ’ল-
১) “অ আ ক খ”
২) “কিতাপ পঢ়াৰ আনন্দ”(১৯৯১)
৩) “আমাক কিতাপ লাগে”(১৯৯৩)
৪) “মানুহ হোৱাৰ গৌৰৱ”(১৯৯৪)
৫) “মোৰ প্ৰিয় মানুহ: চক্ৰেটিছ”(১৯৯৪)
৬) “অন্তহীন প্ৰেৰণাৰ উৎস:লুই পেষ্টিয়ৰ”(১৯৯৪)
৭) “আধুনিক যুগৰ জন্ম কাহিনী”(১৯৯৬)
৮) প্ৰতিভাৰ সংজ্ঞা বিচৰা মানুহজন(১৯৯৬)
৯) বেঞ্জামিন ফ্ৰেংকলিন
হোমেন বৰগোহাঞিদেৱে কেইবাখনো আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সেইকেইখন হৈছে –
১) “আত্মানুসন্ধান”, (১৯৮৮)
২) “মোৰ সাংবাদিক জীৱন”,(১৯৮৯)
৩) “ধুমুহা আৰু ৰামধেনু [তিনিটা খণ্ডত সমাপ্ত আত্মজীৱনীৰ ১ম খণ্ড(১৯৯৭) আৰু ২য় খণ্ড(১৯৯৮)]”,
৪) “মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ”
হোমেন বৰগোহাঞিদেৱৰ ৰচনা সমগ্ৰ:-
হোমেন বৰগোহাঞিদেৱৰ ৰচনাসমূহ সংকলন কৰি দুখন ৰচনা সমগ্ৰ প্ৰকাশ কৰা হৈছে। সেই দুখন হ’ল –
১) চাৰিটা দশকৰ ফচল:উপন্যাস সমগ্ৰ
২) চাৰিটা দশকৰ ফচল:গল্প আৰু প্ৰৱন্ধ সমগ্ৰ
হোমেন বৰগোহাঞিদেৱৰ সাংবাদিক জীৱন:-
চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিয়েই হোমেন বৰগোহাঞিদেৱৰ সাংবাদিকতাক বৃত্তি হিচাপে গ্ৰহণ কৰে। ১৯৬৮ চনত চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত হোমেন বৰগোহাঞিদেৱে “নীলাচল” নামৰ এখন সাপ্তাহিক কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে সম্পাদনা কৰে আৰু ১৯৭৭ চনলৈকে তেওঁ ইয়াত কাৰ্যনিৰ্বাহ কৰে। ১৯৭৭ চনত হোমেন বৰগোহাঞিদেৱে “নীলাচল” কাকতৰ সম্পাদক পদৰ পৰা অব্যাহতি লয় আৰু “সাপ্তাহিক নাগৰিক” নামৰ এখন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে দায়িত্ব গ্ৰহণ কৰে। ১৯৮০ চনত বৰগোহাঞিদেৱে “লোকায়ত” নামৰ এখন কাকতৰ সম্পাদনা কৰে। ১৯৮১ চনত তেখেতে কলিকতাৰ পৰা প্ৰকাশিত এখন বাংলা দৈনিক কাকত “আজকল”ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ প্ৰতিনিধি হিচাপে নিযুক্তি লাভ কৰে। ১৯৮৭ চনত তেওঁ “সমকাল” নামৰ এখন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে দায়িত্ব বহন কৰে। ১৯৮৯ চনত তেওঁ “সূত্ৰধাৰ” নামৰ এখন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯১ চনত তেওঁ “কিশোৰ” নামৰ এখন চেমনীয়া আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে দায়িত্বভাৰ লয়।
১৯৯৩ চনত হোমেন বৰগোহাঞিদেৱে “অসম বাণী” কাকতৰ সম্পাদকৰূপে নিযুক্তি লাভ কৰে। ১৯৯৭ চনত বৰগোহাঞিদেৱে “অসম বাণী” কাকতৰ সম্পাদকৰ পদৰ পৰা অব্যাহতি লয় আৰু “আমাৰ অসম” কাকতত সম্পাদকৰূপে যোগদান কৰে। ২০০৪ চনত তেওঁ “আমাৰ অসম”কাকতৰ পৰা পদত্যাগ কৰি “দৈনিক বাতৰি” কাকতৰ মুখ্য সম্পাদকৰূপে দায়িত্ব গ্ৰহণ কৰে আৰু ২০০৫ বৰ্ষত তেওঁ তাৰপৰা পদত্যাগ কৰে। তেওঁ ২০০৫ চনৰ পৰা “সাতসৰী” আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৫ চনত ‘নিয়মীয়া বাৰ্তা” কাকতৰ মুখ্য সম্পাদক পদত অধিষ্ঠিত হৈ মৃত্যুলৈকে হোমেন বৰগোহাঞিদেৱ “নিয়মীয়া বাৰ্তা” কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। এনেদৰে, হোমেন বৰগোহাঞিদেৱে অসমৰ বহুতো আগশাৰীৰ কাকত,আলোচনীৰ সম্পাদনা কৰিছিল আৰু তেওঁ যোৱা প্ৰায় পঞ্চাশ(৫০)টা বছৰ ধৰি সাংবাদিকতা ক্ষেত্ৰৰ লগত জড়িত হৈ আছিল।
হোমেন বৰগোহাঞিদেৱে টেলিভিছনটো সাংবাদিকতা কৰিছিল। অসমৰ এটা জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভত পূৰ্বতে তেওঁৰ “মুখামুখি” অনুষ্ঠান সম্প্ৰচাৰ হৈছিল আৰু বৰ্তমান তেখেতৰ “কথা-বাৰ্তা” অনুষ্ঠান সম্প্ৰচাৰ হৈ আছিল।
হোমেন বৰগোহাঞি আৰু অসম সাহিত্য সভা:-
২০০১ চনত হোমেন বৰগোহাঞি অসম সাহিত্য সভাৰ সভাপতিৰূপে নিৰ্বাচিত হয়। তেওঁ অসম সাহিত্য সভাৰ ২০০১ চনৰ ডিব্ৰুগড় অধিৱেশনত আৰু ২০০২ চনৰ কলগাছিয়া অধিৱেশনত সভাপতিত্ব কৰে। হোমেন বৰগোহাঞিদেৱৰ সাহিত্য সভাৰ কাৰ্যকালতে অসম সাহিত্য সভাই “বিশ্বকোষ” আৰু “বিজ্ঞানকোষ” প্ৰকাশ কৰে। হোমেন বৰগোহাঞিদেৱে এইক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল।
হোমেন বৰগোহাঞিয়ে লাভ কৰা বঁটা:-
হোমেন বৰগোহাঞিয়ে চিৰজীৱন অসমীয়া ভাষা-সাহিত্যৰ বাবেই নিজকে উচৰ্গা কৰে। তেখেতৰ সাহিত্যিক অৱদানসমূহৰ বাবে তেখেতে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সেইকেইটা হৈছে :-
◆ পিতা-পুত্ৰ উপন্যাসৰ বাবে ১৯৭৭ চনত অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰে।
◆ পিতা-পুত্ৰ উপন্যাসৰ বাবে ১৯৭৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
◆ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বানে ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।
◆ ২০০০ চনত বংগীয় সাহিত্য পৰিষদৰ হৰনাথ ঘোষ পদক লাভ কৰে।
◆ নীলমণি ফুকন বঁটা লাভ কৰে।
◆ ২০০৭ চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে।
◆ ২০১৫ চনত মৎসেন্দ্ৰ নাথ বঁটা লাভ কৰে।
সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবেও হোমেন বৰগোহাঞিয়ে বঁটা লাভ কৰিছিল। সেইকেইটা হ’ল-
◆ ২০০০ চনত অসম সাহিত্য সভাৰ পৰা কৃতি সাংবাদিকৰ লক্ষ্মীনাথ ফুকন বঁটা লাভ কৰে।
◆ ২০০২ চনত উৎকৃষ্ট সাংবাদিকতাৰ বাবে জয়কৃষ্ণ ৰামদয়াল বঁটা লাভ কৰে।
◆ ২০১৯ চনত সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰা তেওঁ “জীৱনজোৰা সাধনা”ৰ বঁটা লাভ কৰে।
হোমেন বৰগোহাঞিদেৱৰ মৃত্যু:-
অসমীয়া সাহিত্যৰ এক মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যু হয় যোৱা ২০২১ চনৰ ১২ মে’ তাৰিখে পুৱা ৬ বাজি ৫৮ মিনিটত। হোমেন বৰগোহাঞিদেৱে প্ৰায় এপষেক ধৰি কোভিড ১৯ মহামাৰীৰ সৈতে যুঁজি আছিল আৰু ইয়াত তেওঁ জয়ী হৈ সুস্থ অৱস্থাত নিজ গৃহলৈ উভতিছিল। কিন্তু তাৰপাছতেই কোভিড ১৯ৰ পৰা হোৱা পাৰ্শ্বক্ৰিয়াৰ বাবে তেখেত দুৰ্বলতাৰ চিকাৰ হয় আৰু ক্ৰমাৎ তেখেতৰ হৃদযন্ত্র,হাওঁফাওঁ আদি বিকল হৈ পৰে আৰু অৱশেষত দুৰ্ভাগ্যজনকভাৱে ৮৯ বছৰ বয়সত চিৰনমস্য এই অসমীয়া সাহিত্যিকজনে আমাৰ মাজৰ পৰা বিদায় লয়।
হোমেন বৰগোহাঞিদেৱ অসমীয়া সাহিত্যৰ এক জীৱন্ত পুথিভঁৰালস্বৰূপ আছিল। হোমেন বৰগোহাঞিদেৱে জীৱনৰ প্ৰায় পাঁচটা দশক অসমীয়া সাহিত্য তথা সংবাদ জগতৰ সেৱাতে নিমগ্ন হৈ থাকিল। তেওঁ নিজে বিচৰাৰ দৰেই তেওঁ মৃত্যুলৈকে কাম কৰিয়েই থাকিল। হোমেন বৰগোহাঞিদেৱৰ জীৱনৰ আদৰ্শ তথা মূলমন্ত্ৰই আছিল কৰ্ম।
হোমেন বৰগোহাঞিদেৱৰ ৰচনাই সকলোকে জীয়াই থকাৰ বাবে প্ৰেৰণা দিছিল। তেখেতৰ কলমত অন্তৰ্নিহিত হৈ আছিল এক অমোঘ মোহিনী শক্তি। সৰুৰে পৰাই হাতত কলম তুলি লোৱা হোমেন বৰগোহাঞিয়ে আমৃত্যু হাতত কলম লৈয়েই থাকিল। সাহিত্য চৰ্চা আৰু গ্ৰন্থ অধ্যয়ন আছিল হোমেন বৰগোহাঞিদেৱৰ মানসিক খাদ্য যিটো নোহোৱাকৈ তেওঁ এদিনো থাকিব নোৱাৰিছিল। অসমীয়া সাহিত্য ভগতত হোমেন বৰগোহাঞিদেৱ আৰু তেওঁৰ সৃষ্টিসমূহ চিৰকাল ধ্রুৱতৰাৰ দৰে জিলিকি থাকিব আৰু সমূহ অসমীয়াই চিৰকাল তেওঁক মনত ৰাখিব। হোমেন বৰগোহাঞিৰ জন্মদিন অৰ্থাৎ সাত(৭) ডিচেম্বৰৰ দিনটো “প্ৰজ্ঞাৰ দিন”ৰূপে পালন কৰা হয়। হোমেন বৰগোহাঞি আছিল অসমীয়া সাহিত্য তথা সংবাদ জগতৰ এক বটবৃক্ষ। হোমেন বৰগোহাঞিৰ স্পষ্টবাদী ব্যক্তিত্বই সকলো শ্ৰেণীৰ লোককে তেখেতৰ প্ৰতি আকৃষ্ট কৰিছিল। চিৰতৰুণ হোমেন বৰগোহাঞিৰ লেখাত ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক, সাহিত্যিক, স্বাস্থ্যগত আদি সকলোৰে সোৱাদ পোৱা গৈছিল। অসমীয়া সাহিত্যত তেওঁৰ সৃষ্টিৰাজি সদায় সোণালী আখৰেৰে জিলিকি থাকিব।
আৰু পঢ়ক- চুহুংমুং – আহোমৰ চতুৰ্দশজন স্বৰ্গদেউ
আগুৱাই যোৱা দাদা
very good writeup
বহুত ভাল তথ্য দাদা। আগুৱাই যাওক।
বহুত ভাল তথ্য দাদা তুমি আগুৱাই যোৱা শুভেচ্ছা থাকিল