কাৰ্ল গুষ্টাভ য়ুং আৰু বিশ্লেষণাত্মক মনোবিজ্ঞান
বিংশ শতিকাৰ এজন বিখ্যাত মনোবিজ্ঞানী, দাৰ্শনিক আৰু সমাজ বিজ্ঞানী কাৰ্ল গুষ্টাভ য়ুং আছিল শতিকাটোৰে এজন অন্যতম বিস্ময় পুৰুষ। কাৰ্ল গুষ্টাভ য়ুং প্ৰথম অৱস্থাত মনোবিশ্লেষণৰ প্ৰতিষ্ঠাতা ছিগমুণ্ড ফ্ৰয়েডৰ এজন সহযোগী আছিল আৰু পাছলৈ ফ্ৰয়েডৰ লগত মতবিৰোধ হোৱাত নিজা চিন্তা-চৰ্চাৰে ‘বিশ্লেষাণাত্মক মনোবিজ্ঞান’ নামেৰে মনোবিজ্ঞানৰ এটি ধাৰাৰ সৃষ্টি কৰিছিল।
বিশ্লেষণাত্মক মনোবিজ্ঞানৰ মতে, অন্যান্য কাৰকসমূহৰ দৰে যাদুসদৃশ অদৃশ্য পৰিঘটনাবোৰেও এজন মানুহৰ জীৱনক প্ৰভাৱিত কৰিব পাৰে। য়ুঙে বিশ্বাস কৰিছিল যে, ফ্ৰয়েডে কোৱাৰ দৰে আমি কেৱল অৱদমিত অভিজ্ঞতাবোৰৰ দ্বাৰাই প্ৰেৰিত নহওঁ, বহুসময়ত আমি আমাৰ পূৰ্ব-পুৰুষসকলৰ পৰা প্ৰাপ্ত কিছুমান সংবেদনশীল অভিজ্ঞতাৰ দ্বাৰাও প্ৰেৰিত হওঁ। উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা এই অভিজ্ঞতাবোৰৰ প্ৰতিচ্ছবিয়ে যিটো মানসিক স্তৰৰ গঠন কৰে, তাক য়ুঙে নাম দিছিল- ‘সামূহিক অচেতন’। ‘সামূহিক অচেতন’ সেইবোৰ উপাদানেৰে গঠিত, যিবোৰ আমি ব্যক্তিগত ভাৱে কেতিয়াও অনুভৱ নকৰো কিন্তু এইবোৰ আমাৰ পূৰ্ব-পুৰুষসকলৰ যোগেদি আমাৰ মনোজগতলৈ আহিছে।
সামূহিক অচেতনৰ কিছুমান উপাদান আমাৰ মনত বিশেষভাৱে বিকশিত হৈ উঠে আৰু যিবোৰক য়ুঙে আদিৰূপ বুলি নামাকৰণ কৰিছিল। তেওঁৰ মতে, আটাইতকৈ ব্যাপক আদিৰূপটো হৈছে- আত্মোপলব্ধিৰ ধাৰণা। যাক কেৱল আমাৰ ব্যক্তিত্বৰ বিভিন্ন বিপৰীতমুখী শক্তিৰ মাজত ভাৰাসাম্য আনিহে লাভ কৰিব পৰা যায়। সেয়ে য়ুঙৰ তত্ত্বটোক বিভিন্ন বৈপৰিত্যৰ সংমিশ্ৰণ বুলি ক’ব পাৰি। য়ুঙে কৈছে মানুহবোৰ একেসময়তে অন্তৰ্মুখী আৰু বহিৰ্মুখী, যুক্তিপূৰ্ণ আৰু অযুক্তিকৰ, সচেতন আৰু অসচেতন উভয় ব্যক্তিত্বৰে অধিকাৰী হ’ব পাৰে। ইয়াৰ উপৰিও এজন মানুহক একে সময়তে যেনেকৈ অতীতৰ ঘটনাবোৰে হেঁচি থাকিব পাৰে ঠিক তেনেকৈ ভৱিষ্যতৰ আশাবোৰেও টানি থাকিব পাৰে। কোৱা হয়, য়ুঙৰ এই সামূহিক অচেতনৰ ধাৰণাটোৱে তেওঁৰ তত্ত্বটোক ব্যক্তিত্ব সম্পৰ্কীয় মনোবিজ্ঞানৰ আটাইবোৰ তত্ত্বৰ মাজতে এটা অন্যতম আকৰ্ষণীয় তত্ত্বৰূপে প্ৰতিষ্ঠিত কৰি তুলিছে।
য়ুঙৰ জন্ম আৰু শৈশৱ কাল
কাৰ্ল গুষ্টাভ য়ুঙৰ জন্ম হৈছিল ১৮৭৫ চনৰ ২৬ জুলাই তাৰিখে চুইজাৰলেণ্ডৰ কেছৱিল নামৰ এখন চহৰত। য়ুঙৰ ককাদেউতাক জেষ্ঠ কাৰ্ল গুষ্টাভ য়ুং চুইজাৰলেণ্ডৰ বাছেল চহৰৰ এখন বিখ্যাত ডাক্তৰ আৰু গণ্য-মান্য ব্যক্তি আছিল। য়ুঙৰ দেউতাক য়হান পল য়ুং আছিল গীৰ্জাৰ এজন ধৰ্মযাজক আৰু মাতৃ এমিলি পাইছৱাৰ্ক য়ুং আছিল এগৰাকী ধৰ্মতাত্ত্বিকৰ জীয়ৰী। আৰু সৰুৰে পৰা তেওঁৰ জীৱনত চিকিৎসাবিজ্ঞান আৰু ধৰ্মতত্ত্ব দুয়োটাৰে বিশেষ প্ৰভাৱ পৰিছিল।
য়ুহান পল য়ুঙৰ মুঠ তিনিজন সন্তান আছিল। কাৰ্ল য়ুঙতকৈ ডাঙৰ এজন ল’ৰা সন্তান আছিল, যিজন মাত্ৰ তিনিদিনহে জীয়াই আছিল আৰু এগৰাকী কন্যা সন্তান আছিল যিগৰাকী য়ুঙতকৈ ন বছৰ সৰু আছিল। সেয়ে ক’ব পাৰি যে, য়ুঙৰ শৈশৱ কালটো একমাত্ৰ সন্তানৰ দৰেই পাৰ হৈ গৈছিল।
য়ুঙৰ চাৰি বছৰ নৌহওঁতেই তেওঁলোকৰ পৰিয়ালটো চুইজাৰলেণ্ডৰ বাছেল চহৰৰ এখন কাষৰীয়া ঠাইলৈ উঠি গৈছিল। এইখিনি সময়ৰে পৰা তেওঁৰ জীৱনত সপোনবোৰে পোখা মেলিবলৈ আৰম্ভ কৰিছিল। এই সপোনবোৰে তেওঁৰ পাছৰ জীৱনত আৰু সামূহিক অচেতনৰ ধাৰণাটো গঠন কৰাত গভীৰ প্ৰভাৱ পেলাইছিল বুলি তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে।
য়ুঙৰ শিক্ষা জীৱন
স্কুলীয়া শিক্ষা সাং কৰি য়ুঙে পোনপ্ৰথমে পুৰাতত্ত্ব বিজ্ঞান বিষয়টো অধ্যয়নৰ বিষয় হিচাপে বাছি লৈছিল। এটা সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তি হোৱা স্বত্বেও য়ুঙৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল। সেয়ে তেওঁ ঘৰৰ ওচৰৰে পুৰাতত্ত্ব বিভাগৰ অধ্যাপক অবিহনেই চলি থকা বাছেল বিশ্ববিদ্যালয়তে পঢ়িবলৈ বাধ্য হৈছিল। ইয়াত তেওঁ পুৰাতত্ত্বৰ উপৰিও যি অন্য বিষয় অধ্যয়নৰ বাবে বাছি লৈছিল সেয়া আছিল প্ৰাকৃতিক বিজ্ঞান। কিয়নো তেওঁ সৰুৰে পৰাই প্ৰাকৃতিক জগতখনত কিবা এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰাৰ সপোন দেখি আহিছিল।
অৱশেষত, তেওঁ কেৰিয়াৰ হিচাপে চিকিৎসা বিজ্ঞানক বাছি লʼলে আৰু যেতিয়া তেওঁ জানিব পাৰিলে যে, মনোৰোগ বিজ্ঞানত মানুহৰ ব্যক্তিগত পৰিঘটনাবোৰ আলোচনা কৰা হয় তেতিয়া তেওঁ মনোৰোগ বিজ্ঞানকেই কেৰিয়াৰ হিচাপে আগবঢ়াই নিবৰ বাবে সম্পূৰ্ণৰূপে মনস্থ কৰিলে।
চিকিৎসক হিচাপে কাৰ্ল গুষ্টাভ য়ুং
১৯০০ চনত বাছেল বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লোৱাৰ পাছত য়ুঙে সেইসময়ৰ বিশ্বৰ আটাইতকৈ সন্মানীয় মনোৰোগ বিজ্ঞানৰ শিক্ষাকেন্দ্ৰ ‘বুৰ্ঘল্টজলি মানসিক চিকিৎসালয়’ত ইউজেন ব্লিউলাৰ নামৰ এজন বিখ্যাত মনোবিজ্ঞানীৰ সহায়ক হিচাপে যোগদান কৰে। তাৰ মাজতে ১৯০২-১৯০৩ চনত য়ুঙে পেৰিছৰ বিখ্যাত মনোবিজ্ঞানী পিয়েৰ জেনেটৰ ওচৰতো ৬ মাহৰ বাবে শিক্ষা গ্ৰহণ কৰে।
১৯০৩ চনত তেওঁ পেৰিছৰ পৰা চুইজাৰলেণ্ডলৈ ঘূৰি আহে আৰু চুইজাৰলেণ্ডৰ এজন ধনী উদ্যোগপতিৰ কন্যা এমা ৰাউচেনবাখক বিয়া কৰায়। বিয়াৰ দুবছৰৰ পাছত য়ুঙে চিকিৎসালয়ৰ কৰ্তব্যৰ মাজতে জুৰিখ বিশ্ববিদ্যালয়তো অধ্যাপনা আৰম্ভ কৰে। আৰু তেওঁ ব্যক্তিগত ভাৱেও ৰোগী চোৱা আৰম্ভ কৰি দিয়ে।
ফ্ৰয়েডৰ সৈতে সম্পৰ্ক
ফ্ৰয়েডৰ বিশ্ববিখ্যাত গ্ৰন্থ ‘ইন্টাৰপ্ৰিটেছন অফ ড্ৰিমছ‘ প্ৰকাশ পোৱাৰ লগে লগেই য়ুঙে পঢ়িবলৈ আৰম্ভ কৰিছিল যদিও প্ৰথমবাৰ পঢ়োতে তেওঁ তাত বিশেষ একো বিচাৰি নাপালে। কিছুবছৰৰ পাছত তেওঁ যেতিয়া পুনৰ এই কিতাপখন পঢ়ে তেতিয়াহে তেওঁ ফ্ৰয়েডৰ চিন্তাৰাজি ভালকৈ বুজি পায়। তেওঁ এইবাৰ ইয়াৰ দ্বাৰা ইমানেই প্ৰভাৱিত হ’ল যে, এইবাৰ ফ্ৰয়েডৰ দৰে তেৱোঁ নিজৰ সপোনবোৰ ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিলে। ১৯০৬ চনত ফ্ৰয়েডে আৰু য়ুঙৰ মাজত এক দীঘলীয়া পত্ৰালোচনা চলে। আৰু ইয়াৰ পাছৰ বছৰেই ফ্ৰয়েডে য়ুঙক ভিয়েনালৈ মাতি পঠায়। পত্ৰালোচনাৰ মাজেৰেই ফ্ৰয়েড আৰু য়ুঙৰ মাজত এক পাৰস্পৰিক স্নেহ আৰু সন্মানৰ ভাৱ গঢ়ি উঠিছিল আৰু প্ৰথমবাৰ লগ পায়েই তেওঁলোক দুয়োৱে একেৰাহে ১৩ ঘণ্টা ধৰি কথা পাতিছিল।
ফ্ৰয়েডে য়ুঙৰ মাজত এক বিশেষ সম্ভাৱনা দেখা পাইছিল। তেওঁ য়ুঙক এজন উচ্চ বুদ্ধিসম্পন্ন ব্যক্তি বুলি মুকলিকৈয়ে প্ৰশংসা কৰিছিল। আৰু কাৰ্ল গুষ্টাভ য়ুং তেওঁৰ এজন যুগ্য উত্তৰসূৰী হ’ব পাৰিব বুলি বিশ্বাস কৰিছিল। য়ুঙৰ এটা বিশেষত্ব আছিল যে, তেওঁ ফ্ৰয়েডৰ আনবোৰ বন্ধু আৰু অনুৰাগীৰ দৰে ইহুদী বা ভিয়েনীজ নাছিল। ফ্ৰয়েডৰ মনত এটা শংকা আছিল যে, তেওঁৰ মনোবিশ্লষণৰ তত্ত্বটো কেৱল ইহুদী সম্প্ৰদায় বা ভিয়েনাৰ মাজতে সীমাৱদ্ধ হৈ নাথাকেতো? এই সকলোবোৰ কথা ভাবি-গুণীয়েই ফ্ৰয়েডে য়ুঙক নৱগঠিত ‘আন্তৰ্জাতিক মনোবৈশ্লষিক সংস্থা’ৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে নিৰ্বাচিত কৰে।
১৯০৯ চনত ফ্ৰয়েড আৰু কাৰ্ল গুষ্টাভ য়ুং দুয়োকে আমেৰিকাৰ ক্লাৰ্ক বিশ্ববিদ্যালত এলানি বক্তৃতা প্ৰদান কৰিবলৈ মাতিছিল। সেইসময়ত তেওঁলোক দুয়ো ইজনে সিজনৰ যথেষ্ট কাষ চাপি আহিছিল। আনকি সেই ভ্ৰমণৰ সময়ত তেওঁলোক দুয়োৱে ইজনে সিজনৰ সপোনবোৰো ব্যাখ্যা কৰা অনুশীলন কৰিছিল। কিন্তু তেওঁলোকৰ এই অত্যধিক অন্তৰংগতাৰ ফল ভাল নহ’ল। তেওঁলোকে এই সময়তে বুজি পালে যে, তেওঁলোকৰ মাজত যথেষ্ট তাত্ত্বিক বিৰোধ আছে।
আমেৰিকাৰ পৰা ঘূৰি অহাৰ পাছত তেওঁলোকৰ মাজত ব্যক্তিগত আৰু তাত্ত্বিক সংঘাতবোৰ আৰু অধিক প্ৰবল হৈ আহিবলৈ ধৰিলে। ১৯১৩ চনৰ পৰা তেওঁলোক দুয়োৱে ইজনে সিজনলৈ চিঠি লিখা বন্ধ কৰি দিলে। আৰু তাৰ পাছৰ বছৰেই য়ুঙে ‘আন্তৰ্জাতিক মনোবৈশ্লেষিক সংস্থা‘ৰ সভাপতি আৰু সদস্য পদৰ পৰাও অব্যাহতি ল’লে।
বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা
ফ্ৰয়েডৰ সৈতে সম্পৰ্ক ছেদ হোৱাৰ পাছত কাৰ্ল গুষ্টাভ য়ুং মানসিকভাৱে বহুত অকলশৰীয়া হৈ পৰে। এই অকলশৰীয়া সময়খিনি তেওঁ নিজৰ আত্ম-বিশ্লেষণ কৰি পাৰ কৰে। ১৯১৩ চনৰ ডিচেম্বৰ মাহৰ পৰা ১৯১৭ চনলৈকে– এই সময়খিনিতে য়ুঙে তেওঁৰ অচেতন মনৰ গভীৰ তলিয়েদি এটা মানসিক পৰিভ্ৰমণ চলায়, যাক তেওঁ জীৱনৰ আটাইতকৈ তীব্ৰ আৰু ভয়ংকৰ অভিজ্ঞতা বুলি বৰ্ণনা কৰিছে। এই অভিজ্ঞতাই তেওঁৰ ধাৰণাবোৰলৈ এক ব্যাপক পৰিৱৰ্তন আনে। আৰু অৱশেষত তেওঁ সপোনৰ ব্যাখ্যা আৰু সক্ৰিয় কল্পনাৰ ব্যৱহাৰ কৰি মানুহৰ ব্যক্তিত্ব সম্পৰ্কে এটা নতুন তত্ত্বৰ সৃষ্টি কৰে–ইয়েই হৈছে বিশ্লেষণাত্মক মনোবিজ্ঞান।
এই তত্ত্বৰ জৰিয়তে য়ুঙে মনোবিশ্লেষণে দিয়া মন সম্পৰ্কীয় পূৰ্বৰ ধাৰণাক নস্যাৎ কৰি মনক নতুনকৈ তিনিটা স্তৰত ভাগ কৰে– চেতন, ব্যক্তিগত অচেতন আৰু সামূহিক অচেতন। য়ুঙে কয় যে, চেতন মনক মানুহৰ অহঙৰ দ্বাৰা অনুভৱ কৰিব পাৰি। আমি চকুৰে দেখি থকা ছবিবোৰ, কাণেৰে শুনি থকা শব্দবোৰ আৰু মনৰ দ্বাৰা অনুভৱ কৰি থকা ভাৱ-অনুভূতিবোৰ হৈছে চেতন মনৰ উপাদান। আকৌ ব্যক্তিগত অচেতনে এজন মানুহৰ অৱদমিত আৰু বিস্মৃত হৈ থকা তেওঁৰ ব্যক্তিগত ভাৱ-অনুভূতিবোৰ সামৰি লয়। ব্যক্তি বিশেষৰ অভিজ্ঞতা যিহেতু সদায় বেলেগ বেলেগ হয়, সেয়ে ব্যক্তিগত অচেতনো সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হয়।
য়ুঙৰ আটাইতকৈ বেছিকৈ আলোচিত ধাৰণাটো হৈছে সামূহিক অচেতনৰ ধাৰণা। য়ুঙৰ মতে, সামূহিক অচেতন সেইবোৰ মানসিক ধাৰণা বা উপাদানেৰে গঠিত যিবোৰ যুগ যুগ ধৰি মানৱ জাতিৰ মাজত প্ৰবাহিত হৈ আছে। যেনে- ঈশ্বৰ, মা, পানী, পৃথিৱী আদিৰ ধাৰণা। য়ুঙৰ মতে, এইবোৰ আমি ব্যক্তিগত ভাৱে অনুভৱ কৰা ধাৰণা নহয়। এইবোৰ ধাৰণা আমি জন্মগতভাৱেই আমাৰ মনত লৈ আহো। সেয়ে পৃথিৱীৰ সকলো জাতি বা সংস্কৃতিৰ মাজতেই এই ধাৰণা সমূহ প্ৰায়ে একে নহ’লেও বহুখিনি মিল থকা দেখা যায়। ইয়াৰ উপৰিও মানুহৰ সামূহিক অচেতনত কিছুমান আদিৰূপ(Archetypes) নিহিত হৈ থাকে, যিবোৰ আমাৰ মনত বিশেষভাৱে জাগ্ৰত অৱস্থাত থাকে। তাৰে কেইটামান উল্লেখযোগ্য আদিৰূপ হৈছে- মুখা(Persaona), ছায়া(Shadow), এনিমা(Anima), এনিমাছ(Animus), মহান মাতৃ (Great Mother), জ্ঞানী বৃদ্ধ(Wise old man), বীৰ(Hero) আৰু আত্ম(Self)।
য়ুঙৰ প্ৰকাশিত গ্ৰন্থৰাজি
য়ুঙে তেওঁৰ জীৱনকালত বহুকেইখন অমূল্য গ্ৰন্থ লিখি মানৱজাতিক উপহাৰ দি গৈছে। এই গ্ৰন্থসমূহৰ যোগেদি তেওঁ আধুনিক মানুহক ন ন চিন্তাৰ খোৰাক দি যোৱাৰ উপৰিও তেওঁৰ মতবাদ বিশ্লেষণাত্মক মনোবিজ্ঞানৰো ভেটি সুদৃঢ়কৈ প্ৰতিষ্ঠা কৰি গৈছে। তাৰে কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে–ছাইক’লজি অফ দ্যা অনকনছিয়াছ(১৯১২), ছেভেন ছাৰমনছ টু দ্যা ডেড(১৯১৬), ছাইক’লজিকেল টাইপছ(১৯২১), মডাৰ্ণ মেন ইন চাৰ্ছ অফ এ চউল(১৯৩৩), ছাইক’লজি এণ্ড এলকেমি(১৯৪৪), আইঅন: ৰিচাৰ্ছেচ ইনটু দ্যা ফেনমেন’লজি অফ দ্যা ছেল্ফ(১৯৫১), ছিম্বলছ অফ ট্ৰান্সফৰমেছন(১৯৫২), আনছাৰ টু দ্যা জব (১৯৫৪), মিষ্টেৰিয়াৰাম কনয়ঙচনাইজ (১৯৫৬), আৰু তেওঁৰ আত্মজীৱনী মেম’ৰিজ, ড্ৰিমছ, ৰিফ্লেকচনছ (১৯৬১)।
ব্যক্তিগত জীৱনত কাৰ্ল গুষ্টাভ য়ুং
যদিও য়ুঙে তেওঁৰ মনোবিজ্ঞানৰ গৱেষণাৰাজিৰ বাবে সমগ্ৰ বিশ্বৰে বিভিন্ন দেশ ভ্ৰমণ কৰি ফুৰিছিল, তথাপিও তেওঁ আজীৱন জন্মভূমি চুইজাৰলেণ্ডৰেই বাসিন্দা হৈ আছিল। তেওঁ জুৰিখ মহানগৰীৰ ওচৰৰ খুচনাখট নামৰ ঠাইখনত নিজ পৰিয়ালৰ সৈতে বসবাস কৰিছিল। তেওঁ চাৰিটা সন্তানৰ পিতৃ আছিল। তাৰে ভিতৰত তিনিগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছিল।
কাৰ্ল গুষ্টাভ য়ুং জন্মসূত্ৰে এজন খ্ৰীষ্টিয়ান হোৱা স্বত্বেও তেওঁ স্বইচ্ছাৰে কেতিয়াও গীৰ্জালৈ যোৱা নাছিল। তেওঁ কাঠ আৰু শিলত বিভিন্ন কাৰু-কাৰ্য কৰি ভাল পাইছিল আৰু আজৰি সময়ত চুইজাৰলেণ্ডৰ কনষ্টেনছ হ্ৰদত নাওঁ চলাইছিল। মনোবিজ্ঞানৰ বিশাল গৱেষণাৰাজিত ব্যস্ত থকাৰ ওপৰিও তেওঁ ৰসায়ন শাস্ত্ৰ, পুৰাতত্ত্ব, পাচ্য দৰ্শন শাস্ত্ৰ, ইতিহাস, ধৰ্ম,পুৰাণবিদ্যা,জাতিতত্ত্ব আদি বিষয়বোৰতো নিজৰ অধ্যয়ন চলাই নিছিল।
য়ুঙৰ মৃত্যু
১৯৪৪ চনত য়ুং চুইজাৰলেণ্ডৰ বাছেল বিশ্ববিদ্যালয়ত মেডিকেল ছাইক’লজি বিভাগৰ অধ্যাপক ৰূপে নিযুক্ত হয়। কিন্তু তেওঁৰ স্বাস্থ্য ক্ৰমাৎ ভাগি পৰাত তাৰ পাছৰ বছৰেই সেই পদৰ পৰা অব্যাহতি ল’ব লগা হয়। ১৯৫৫ চনত তেখেতৰ পত্নীৰ মৃত্যুৰ পাছত তেওঁ একেবাৰে অকলশৰীয়া হৈ পৰে। আৰু অৱশেষত, ১৯৬১ চনৰ ৬ জুন তাৰিখে ৮৬ বছৰ পূৰ্ণ হ’বলৈ কেইদিনমান থাকোতেই এইজনা মহান মনীষীয়ে জীৱন নাটৰ সমাপ্তি ঘটায়। মৃত্যুৰ সময়ত তেওঁৰ খ্যাতি কেৱল মনোবিজ্ঞানৰ ক্ষেত্ৰখনতেই নহয় দৰ্শন,ধৰ্ম অধ্যয়ন আৰু সাংস্কৃতিক অধ্যয়নৰ ক্ষেত্ৰখনতো সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিছিল।
আৰু পঢ়ক আলফ্ৰেড এডলাৰ আৰু ব্যক্তি মনোবিজ্ঞান
[…] আৰু পঢ়ক- কাৰ্ল গুষ্টাভ য়ুং আৰু বিশ্লেষণাত্মক… […]