আলফ্ৰেড এডলাৰ আৰু ব্যক্তি মনোবিজ্ঞান
আলফ্ৰেড এডলাৰ প্ৰধানতঃ মনোবিজ্ঞানৰ জগতত ‘ব্যক্তি মনোবিজ্ঞান’ তত্ত্বৰ বাবে বিখ্যাত। একালত হাতে হাত ধৰি আগবঢ়া ছিগমুণ্ড ফ্ৰয়েডৰ সহযোগী আলফ্ৰেড এডলাৰৰ এই ‘ব্যক্তি মনোবিজ্ঞান’ তত্ত্বটো ফ্ৰয়েডৰ ‘মনোবিশ্লষণ’ তত্ত্বৰ সম্পূৰ্ণ বিপৰীত ধৰ্মী বুলি কʼব পাৰি আৰু ই সেইসময়ত ফ্ৰয়েডীয় তত্ত্বৰ এক অন্যতম প্ৰধান প্ৰতিদ্বন্দ্বী হৈ পৰিছিল।
মনোবিজ্ঞানৰ জগতত ফ্ৰয়েড আৰু এডলাৰৰ এই তত্ত্ব দুটাৰ মাজত বহুতো পাৰ্থক্য জলজল পটপট হৈ পৰে।
- প্ৰথমতে ক’ব পাৰি যে, ফ্ৰয়েডে মানুহৰ সকলোবোৰ অনুপ্ৰেৰণাৰ মূলতে যৌনতা আৰু আগ্ৰাসন বা আক্ৰমণাত্মক প্ৰবৃত্তিক চিহ্নিত কৰিছিল, ইয়াৰ বিপৰীতে এডলাৰে কৈছিল যে মানুহে সামাজিক স্বাৰ্থ আৰু নিজ শ্ৰেষ্ঠতা আৰু সফলতাৰ বাবে কৰা প্ৰচেষ্টাৰ দ্বাৰাহে বেছিকৈ অনুপ্ৰাণিত হয়।
- দ্বিতীয়তে, ফ্ৰয়েডে ধৰি লৈছিল যে, মানুহে নিজৰ ব্যক্তিত্ব গঢ় দিয়াৰ ক্ষেত্ৰত নিজৰ কোনো পছন্দ নাথাকে, কিন্তু এডলাৰে বিশ্বাস কৰিছিল যে, এজন মানুহ কেনেকুৱা সেইক্ষেত্ৰত তেওঁ নিজে সম্পূৰ্ণৰূপে দায়বদ্ধ।
- তৃতীয়তে, ফ্ৰয়েডে কৈছিল যে, মানুহৰ বৰ্তমানৰ আচাৰ-আচৰণ অতীতৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত এক সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰি এডলাৰে কৈছিল যে, মানুহৰ বৰ্তমানৰ আচৰণ নিৰ্ভৰ কৰে তেওঁৰ ভৱিষ্যতকলৈ থকা দৃষ্টিভংগীৰ ওপৰত।
- চতুৰ্থতে দেখা যায় যে, ফ্ৰয়েডে মানুহৰ আচৰণৰ ক্ষেত্ৰত, অচেতন উপাদানবোৰক বিশেষ ভাৱে গুৰুত্ব দিছিল ইয়াৰ বিপৰীতে এডলাৰে বিশ্বাস কৰিছিল যে, মানসিক ভাৱে সুস্থ মানুহবোৰে তেওঁলোকে কি কৰি আছে আৰু কিয় কৰি আছে সেই সম্পৰ্কে সম্পূৰ্ণৰূপে সচেতন। আৰু এইসমূহ ধাৰণাৰ দ্বাৰাই এডলাৰে তেওঁৰ ব্যক্তি মনোবিজ্ঞানৰ তত্ত্বটো দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰি গৈছিল।
এডলাৰৰ জন্ম আৰু শৈশৱ কাল
আলফ্ৰেড এডলাৰ ১৮৭০ চনৰ ৭ ফ্ৰেব্ৰুৱাৰী তাৰিখে ভিয়েনা চহৰৰ এখন কাষৰীয়া গাওঁ ৰুদল্ফছাইমত জন্ম হৈছিল। তেওঁৰ মাতৃ পলিন এডলাৰ এগৰাকী অতি পৰিশ্ৰমী মহিলা আছিল আৰু তেখেতে নিজৰ সাতোটি সন্তানৰ সৈতে খুওব ব্যস্ত থাকিব লগা হৈছিল। আলফ্ৰেড এডলাৰৰ দেউতাক লিওপল্ড এডলাৰ আছিল এজন মজলীয়া আয়ৰ হাংগেৰীয়ান শস্য ব্যৱসায়ী আছিল। শিশু অৱস্থাত এডলাৰ একেবাৰে দুৰ্বল আৰু ৰোগীয়া আছিল। আনকি তেওঁৰ পাঁচ বছৰ বয়সত দেখা দিয়া নিউম’নিয়া ৰোগত এবাৰ মৰো মৰো অৱস্থাও হৈছিলগৈ। তেওঁৰ শৈশৱ কালৰ এটা বিশেষ ঘটনা আছে।
এবাৰ এডলাৰে তেওঁতকৈ এজন ডাঙৰ ল’ৰাৰ লগত আইচ- স্কেটিং কৰিবলৈ গৈছিল আৰু সেই ল’ৰাজনে দ্বায়িত্বজ্ঞানহীন ভাবে এডলাৰক বৰফৰ পাহাৰতে এৰি থৈ আহিল। ঠাণ্ডাত কঁপি কঁপি এডলাৰে কোনোমতে ঘৰলৈ অহা পথৰ সন্ধান কৰিবলৈ সক্ষম হৈছিল। আৰু ঘৰলৈ আহিয়েই কণমানি এডলাৰ নিজৰ শুৱনি কোঠাৰ বিছনাত অজ্ঞান হৈ শুই পৰিছিল।যেতিয়া এডলাৰে লাহে লাহে সংজ্ঞা ঘূৰাই পাইছিল, তেতিয়া তেওঁ এজন ডাক্তৰে তেওঁৰ মাক-দেউতাকক উদ্দেশ্যি কোৱা শুনিবলৈ পাইছিল–” ল’ৰাজন ঢুকাল। আপোনালোকে দুখ নকৰিব।”–এনেবোৰ অভিজ্ঞতা আৰু লগতে তেওঁৰ এজন ভায়েকৰ মৃত্যুৱে এডলাৰক ভৱিষ্যতে এজন চিকিৎসক হ’বলৈ শৈশৱতেই অনুপ্ৰাণিত কৰি তুলিছিল।
এডলাৰৰ শিক্ষা জীৱন
এডলাৰ সৰুৰে পৰা এজন সামাজিক মনৰ ব্যক্তি আছিল আৰু তেওঁ সমনীয়াৰ লগত খেলা-ধূলা কৰি খুউব ভাল পাইছিল।পঢ়া-শুনাত তেওঁ এজন মধ্যমীয়া ছাত্ৰ আছিল। ১৮৯৫ চনৰ শেষৰ ফালে এডলাৰে চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। এই ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ শৈশৱৰ সপোনটোৱে পূৰ্ণতা লাভ কৰা যেন অনুভৱ কৰিলে। ই তেওঁক জীৱনত আগবাঢ়ি যাবলৈ আৰু অধিক আত্মবিশ্বাসী কৰি তুলিলে।
এডলাৰৰ দেউতাক যিহেতু হাংগেৰীত জন্মগ্ৰহণ কৰিছিল, সেই সূত্ৰে এডলাৰো এজন হাংগেৰীয়ান নাগৰিক আছিল। আৰু সেইবাবে তেওঁ হাংগেৰীয়ান সেনা-বাহিনীত কিছুদিনৰ বাবে সেৱা আগবঢ়োৱাটোও বাধ্যতামূলক আছিল। তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লোৱাৰ পাছতেই সেই বাধ্য-বাধকতা সম্পূৰ্ণ কৰে। তাৰ পাছত তেওঁ পুনৰ ভিয়েনালৈ ঘূৰি আহি চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষা আৰম্ভ কৰে। পোনপ্ৰথমে এডলাৰে এগৰাকী চকু বিশেষজ্ঞ হিচাপে ডাক্তৰী জীৱন আৰম্ভ কৰিছিল যদিও পাছলৈ এই বিভাগটো এৰি দি মনোৰোগ বিজ্ঞান আৰু জেনেৰেল মেডিছিনৰ অধ্যয়ন আৰম্ভ কৰে।
ফ্ৰয়েডৰ সৈতে মনোমালিন্য আৰু ব্যক্তি মনোবিজ্ঞানৰ প্ৰতিষ্ঠা
১৯০২ চনৰ শেষৰ ফাললৈ এডলাৰে ফ্ৰয়েডক লগ পায়। ফ্ৰয়েডে সপ্তাহৰ প্ৰতি বুধবাৰে তেওঁৰ ঘৰলৈ এডলাৰৰ লগতে আৰু তিনিজন ভিয়েনীজ ডাক্তৰক মনোবিজ্ঞান আৰু নিউৰ’পেথলজিৰ বিষয়বোৰ আলোচনা কৰিবলৈ নিমন্ত্ৰণ কৰিছিল। ১৯০৮ চনত ‘ভিয়েনা মনোবৈশ্লষিক সমিতি‘ গঠন হোৱাৰ আগলৈকে এই গোটটোক ‘বুধবৰীয়া মনোবৈজ্ঞানিক সমিতি’ বুলি জনা গৈছিল। যদিও সমিতিৰ আলোচনাবোৰৰ গুৰি ফ্ৰয়েডেই ধৰিছিল, এডলাৰে কিন্তু ফ্ৰয়েডক কেতিয়াও গুৰু মনা নাছিল। এডলাৰে ভাবিছিল যে, তেওঁলোক সকলোৱে আলাপ-আলোচনাৰ মাজেৰে মনোবিশ্লষণৰ তত্ত্বটো আগুৱাই নিব। আৰু আশা কৰিছিল ফ্ৰয়েডেও তেওঁলোকৰ চিন্তা আৰু পৰামৰ্শ বোৰ মানি ল’ব। কিন্তু ১৯০৭ চনত এডলাৰৰ ‘ষ্টাডি অফ অৰগেন ইনফেৰিঅ’ৰিটি এণ্ড চাইকিকেল কমপেনছেচন’ নামৰ গ্ৰন্থখন প্ৰকাশ হোৱাৰ পাছতে তেওঁলোকৰ মাজত মতবিৰোধ বাঢ়িবলৈহে ধৰিলে।
এডলাৰে এই গ্ৰন্থখনত মতপ্ৰকাশ কৰিছিল যে, দৈহিক অক্ষমতাবোৰেহে মানবীয় অনুপ্ৰেৰণাৰ ভেটি গঢ়ি তোলে– ফ্ৰয়েডে কোৱাৰ দৰে যৌনতাই নহয়। ইয়াৰ পাছৰ বছৰবোৰত লাহে লাহে এডলাৰ আৰু ফ্ৰয়েডৰ মাজত মতবিৰোধ আৰু বাঢ়ি আহিবলৈ ধৰিলে। এডলাৰে তেওঁৰ গ্ৰন্থৰাজীৰ মাজেৰে সজোৰে ঘোষণা কৰিলে– শ্ৰেষ্ঠতাৰ প্ৰতি কৰা মানুহৰ প্ৰচেষ্টা হৈছে যৌনতাতকৈ অধিক প্ৰাথমিক অনুপ্ৰেৰণা। সৰ্বশেষত, ফ্ৰয়েডে আৰু এডলাৰ দুয়োজনেই অনুভৱ কৰিলে যে, তেওঁলোকৰ মাজত বাঢ়ি অহা এই মতবিৰোধ অপৰিৱৰ্তনীয় আৰু ১৯১১ চনৰ অক্টোবৰ মাহত এডলাৰে ‘ভিয়েনা মনোবৈশ্লষিক সমিতি’ৰ সভাপতি পদৰ লগতে সাধাৰণ সদস্য পদো ত্যাগ কৰে। ইয়াৰ পাছত এডলাৰে ফ্ৰয়েডীয় চক্ৰৰ আন নজন প্ৰাক্তন সদস্যৰ সৈতে লগ লাগি ‘ছছাইটি ফৰ ফ্ৰি চাইক’এনালাইটিক ষ্টাডি’ নামৰ এটা সংস্থা গঠন কৰে। অৱশ্যে কিছুদিনৰ পাছতেই ইয়াৰ নাম ‘ ছ’ছাইটি ফৰ ইণ্ডিভিজুৱেল ছাইক’লজি’লৈ পৰিৱৰ্তন কৰা হয়।
এডলাৰৰ ধৰ্মীয় দৃষ্টিভঙ্গী
আলফ্ৰেড এডলাৰ এটা ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যদিও তেওঁৰ মনত বৰ বিশেষ ধৰ্মীয় ভক্তি ভাৱ নাছিল। ইয়াৰ উপৰিও তেওঁ জীৱনত কেতিয়াও আনবোৰ ইহুদী মানুহ কৰাৰ দৰে আন ধৰ্মৰ মানুহৰ পৰা দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰা নাছিল। কিন্তু ১৯০৪ চনত, ফ্ৰয়েডীয় চক্ৰৰ মাজত থকাৰ সময়তে এডলাৰে স্বইচ্ছাৰেই প্ৰটেষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল বুলি জনা যায়।
আলফ্ৰেড এডলাৰৰ কৰ্মজীৱন আৰু প্ৰকাশিত গ্ৰন্থৰাজি
জীৱনৰ শেষৰ বছৰকেইটাত এডলাৰে সঘনাই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ভ্ৰমণ কৰিছিল। আলফ্ৰেড এডলাৰৰ ‘ব্যক্তি মনোবিজ্ঞান’ তত্ত্বটো আমেৰিকা যুক্তৰাষ্ট্ৰত বিশেষ ভাৱে জনপ্ৰিয় হৈছিল। তাত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয় আৰু ‘নিউ স্কুল ফ’ৰ ছছিয়েল ৰিচাৰ্ছ’ত ব্যক্তি মনোবিজ্ঞান পঢ়াইছিল।
১৯৩২ চনৰ পৰা তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা হৈ পৰিছিল। তাত তেওঁ লং আইলেণ্ড কলেজ অফ মেডিচিন, ডাউনষ্টেট মেডিকেল স্কুল আৰু ষ্টেট ইউনিভাৰ্ছিটি অফ নিউয়ৰ্কত মেডিকেল ছাইক’লজি বিভাগৰ অতিথি অধ্যাপকৰ পদ লাভ কৰিছিল।
এডলাৰে তেওঁৰ জীৱনকালত ৩০০ তকৈও অধিক গ্ৰন্থ আৰু প্ৰবন্ধ ৰচনা কৰিছিল। আলফ্ৰেড এডলাৰৰ প্ৰধান গ্ৰন্থসমূহ হ’ল- দ্যা প্ৰেকটিছ এণ্ড থিয়ৰি অফ ইণ্ডিভিজুৱেল চাইক’লজি(১৯২৭), আণ্ডাৰষ্টেণ্ডিং হিউমেন নেছাৰ (১৯২৭), হোৱাট লাইফ কুড মিন টু ইউ (১৯৩১), দ্যা পেটাৰ্ণ অফ লাইফ (১৯৩০), দ্যা ছায়েন্স অফ লিভিং (১৯৩০), দ্যা নিইউৰ’টিক কনছটিটিউছন (১৯১৭), দ্যা প্ৰবলেমছ অফ নিইউৰ’ছিছ (১৯৩০) ইত্যাদি।
বিবাহ আৰু ব্যক্তিগত জীৱন
১৮৯৭ চনৰ ডিচেম্বৰ মাহত এডলাৰে এগৰাকী স্বাধীনমনা ৰাছিয়ান মহিলা ৰাইছা ইপষ্টেইনক বিবাহ কৰাইছিল আৰু তেওঁলোকৰ চাৰিজন সন্তান আছিল।
আজৰি সময়ত এডলাৰে সংগীত শুনি আটাইতকৈ ভাল পাইছিল। ইয়াৰ উপৰিও কলা আৰু সাহিত্যতো তেওঁৰ বিশেষ ৰাপ আছিল। তেওঁৰ ৰচনাৰাজিত প্ৰায়ে বিভিন্ন লোক-কথা, বাইবেল, ছেইকচপিয়াৰ আৰু গ’টেৰ সাহিত্যবোৰৰ উদাহৰণ পোৱা গৈছিল।
মৃত্যু
মাজ শৈশৱ কালৰে পৰা ৬৭ বছৰ বয়সলৈকে এডলাৰে যথেষ্ট সুন্দৰ আৰু শক্তিশালী স্বাস্থ্যৰে জীৱন নিৰ্বাহ কৰিছিল। ১৯৩৭ চনৰ আৰম্ভণিৰ কালছোৱাত, এডলাৰে যেতিয়া নেডাৰলেণ্ডত বক্তৃতা প্ৰদান কৰিবলৈ গৈছিল, সেইসময়তে তেওঁ নিজ কন্যা সম্বন্ধীয় এটা দুঃসংবাদ পাইছিল। তেতিয়াই তেওঁ বুকুত এটা সামান্য বিষ অনুভৱ কৰিছিল। ডাক্তৰে তেওঁক জিৰণি ল’বলৈ উপদেশ দিয়ে। কিন্তু তেওঁ সেই উপদেশ নামানি স্কটলেণ্ডৰ এৰাবডিনত বক্তৃতা দিবলৈ গ’ল। আৰু তাতে তেওঁ ১৯৩৭ চনৰ ২৮ মে’ তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
[…] আৰু পঢ়ক আলফ্ৰেড এডলাৰ আৰু ব্যক্তি মনোবিজ্ঞান […]