ত্যাওখামথি -আহোমৰ সপ্তমজন স্বৰ্গদেউ
(আহোমৰ সপ্তমজন স্বৰ্গদেউ আছিল ত্যাওখামথি। স্বৰ্গদেউ ত্যাওখামথি আহোম ৰাজত্বৰ ইতিহাসত এজন অন্যতম গুৰুত্বপূৰ্ণ ৰজা আছিল। এইজনা স্বৰ্গদেউৰ বিষয়ে আমাৰ চমু লেখা-)
১৩৭৬ খ্ৰীষ্টাব্দত আহোম ৰজা চুতুফাৰ মৃত্যু ঘটাত আহোম ৰাজ্যত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয় কিয়নো চুতুফাৰ কোনো সন্তান নাছিল আৰু লগতে সেইসময়ত আহোম ৰাজফৈদৰ ৰজা হ’বৰ বাবে কোনো সুযোগ্য কোঁৱৰ নাছিল। সেইহেতুকে, ১৩৭৬-১৩৮০ খ্ৰীষ্টাব্দলৈ সময়ছোৱাত মন্ত্ৰী-পৰিষদে আহোম ৰাজ্যখন শাসন কৰে আৰু অৱশেষত ৰজা নোহোৱাকৈ ৰাজ্য চম্ভালিবলৈ অসুবিধা হোৱাত আহোম অভিজাত বিষয়াসকলে ১৩৮০ খ্ৰীষ্টাব্দত চুতুফাৰ ভাতৃ তথা চুখাংফা ৰজাৰ তৃতীয়জন পুত্ৰ ত্যাওখামথিক আহোম ৰাজ্যৰ সপ্তমজন স্বৰ্গদেউ হিচাপে সিংহাসনত অধিষ্ঠিত কৰে। ত্যাওখামথি সৰুৰে পৰাই অঁকৰা-অজলা আছিল বাবেই চুতুফাৰ মৃত্যুৰ পাছতেই ত্যাওখামথিক আহোম ৰাজ্যৰ বাঘজৰী দিয়া হোৱা নাছিল। ত্যাওখামথিয়ে নিজ ৰাজত্বকালত এফালে চুতীয়া ৰাজ্যক পৰাভূত কৰিবলৈ সক্ষম হৈছিল কিন্তু আনফালে আকৌ আহোম ৰাজ্যৰ আভ্যন্তৰীণ প্ৰশাসন অত্যাধিক স্বেচ্ছাচাৰী হৈ উঠিছিল আৰু আহোম প্ৰজাৰ নানা বিলৈ হৈছিল।
ত্যাওখামথিৰ চুতীয়া ৰাজ্য আক্ৰমণ –
১৩৮০ খ্ৰীষ্টাব্দত ত্যাওখামথি ৰজাই সিংহাসনত আৰোহণ কৰিয়েই চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ মন মেলে কিয়নো চুতীয়া ৰজাই ত্যাওখামথি ৰজাৰ ভাতৃ চুতুফা ৰজাক নৃশংসভাৱে হত্যা কৰিছিল। ত্যাওখামথিয়ে আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হোৱাৰ পৰৱৰ্তী বৰ্ষতেই অৰ্থাৎ ১৩৮১ খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ যায়। এই সময়ছোৱাত আহোম ৰাজ্য পৰিচালনা কৰিবলৈ ত্যাওখামথি ৰজাই নিজৰ বৰকুঁৱৰীক দায়িত্ব অৰ্পণ কৰি থৈ যায়।
ত্যাওখামথি ৰজাই নিজেই নেতৃত্ব লৈ চুতীয়াসকলক পৰাভূত কৰিছিল আৰু চুতীয়াসকলে ত্যাওখামথিৰ আহোম সৈন্যৰ ভয়ত নিজ ৰাজ্যৰ সমতল ভূমি এৰি কাষৰীয়া পাহাৰত ৰাজ্য পাতেগৈ। কিন্তু এইটো দীৰ্ঘস্থায়ী হোৱা নাছিল। ত্যাওখামথি ৰজাই কেৱল মাত্ৰ ভাতৃ ৰজা চুতুফাৰ নৃশংস হত্যাৰ প্ৰতিশোধ পূৰণ কৰিবলৈহে চুতীয়া ৰাজ্য আক্ৰমণ কৰি পৰাভূত কৰিছিল। ত্যাওখামথিৰ এই যুদ্ধৰ যোগেদি আহোম ৰাজ্যৰ কোনো লাভ হোৱা নাছিল কিয়নো আহোমে চুতীয়াক পৰাভূত কৰাৰ পাছতো চুতীয়াই স্বাধীনভাৱেই বসবাস কৰি আছিল। চুতীয়া ৰাজ্য আহোম ৰাজ্যত চামিল কৰা হোৱা নাছিল। বৰঞ্চ এই যুদ্ধৰ বাবেই আহোম প্ৰজাৰ দুৰ্গতিহে বৃদ্ধি পাইছিল।
ত্যাওখামথিৰ পুত্ৰ বামুণী কোঁৱৰৰ জন্ম –
ত্যাওখামথিৰ ৰাজত্বৰ সময়ছোৱাৰ আটাইতকৈ উল্লেখনীয় ঘটনাৰ ভিতৰত এটা আছিল তেওঁৰ পুত্ৰ চুদাংফা ওৰফে বামুণী কোঁৱৰৰ জন্ম। ক’বলৈ গ’লে এইটো আছিল ত্যাওখামথিৰ চুতীয়া ৰাজ্য আক্ৰমণৰ এটা পৰোক্ষ প্ৰভাৱ।
ত্যাওখামথিৰ দুগৰাকী কুঁৱৰী আছিল- বৰকুঁৱৰী আৰু সৰুকুৱঁৰী। ত্যাওখামথি ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ যোৱাৰ সময়ত তেওঁৰ বৰকুঁৱৰীক ৰজাৰ নামত ৰাজ্য শাসনৰ দায়িত্ব অৰ্পণ কৰি থৈ গৈছিল। কিন্তু এই বৰকুঁৱৰী অসৎ, পেট কপটীয়া আৰু অত্যাচাৰী প্ৰকৃতিৰ আছিল।
সেইসময়ত সৰুকুৱঁৰী আছিল সগৰ্ভা। ত্যাওখামথিৰ সৰু কুঁৱৰীয়ে সেইসময়ত লৈ ফুৰিছিল আহোম ৰাজ্যৰ ভৱিষ্যতৰ স্বৰ্গদেউক। বৰকুঁৱৰীয়ে ভাবিছিল যে তেওঁৰ কোনো সন্তান নাই। সৰুকুঁৱৰীয়ে পুত্ৰ সন্তান জন্ম দিলে সৰুকুঁৱৰীৰ পুত্ৰই দেশ শাসন কৰিব। আহোম ৰাজ্যত বৰকুঁৱৰীৰ কোনো অস্তিত্ব নাথাকিব। সেয়ে, বৰকুঁৱৰীয়ে ছলে বলে কৌশলেৰে সৰুকুঁৱৰীক বিপদত পেলাবৰ বাবে চেষ্টা কৰিলে। যিহেতু সেইসময়ত ত্যাওখামথি ৰজা চুতীয়া ৰাজ্য আক্ৰমণত ব্যস্ত আছিল সেয়ে বৰকুঁৱৰীয়েই আছিল আহোম ৰাজ্যৰ হৰ্তা, কৰ্তা আৰু বিধাতা।
বৰকুঁৱৰীয়ে সৰুকুঁৱৰীক এটা মিছা অভিযোগ তুলি ছল কৰি সেই অভিযোগ প্ৰতিপন্ন কৰি সৰুকুঁৱৰীক দোষী সাব্যস্ত কৰিলে আৰু সৰুকুঁৱৰীক শিৰচ্ছেদৰ আদেশ দিলে। সেইসময়ত ডা-ডাঙৰীয়াসকলে বুদ্ধি কৰি সৰুকুঁৱৰীৰ জীৱন বচোৱাৰ নিমিত্তে এখন নাঁৱত তুলি ব্ৰহ্মপুত্ৰত এৰি দিলে। আৰু চাউদাঙে এটা কুকুৰ কাটি তাৰ তেজ সৰু কুঁৱৰীৰ তেজ বুলি বৰকুঁৱৰীক দেখুৱালে। ইফালে সৰুকুঁৱৰীৰ নাওঁ গৈ হাবুঙ পালেগৈ। তাৰ এজন বামুণ লোকে সৰুকুঁৱৰীক পাই নিজ গৃহলৈ লৈ গ’ল আৰু তেতিয়া সৰুকুঁৱৰীৰ পৰা সকলো কথা গম পালে। অৱশেষত, কিছুদিনৰ পাছত হাবুঙীয়া সেই ব্ৰাহ্মনৰ ঘৰতে সন্তান জন্ম দিয়েই সৰুকুঁৱৰী মৃত্যুমুখত পৰিল। আৰু সেই সন্তানেই আছিল বামুণী কোঁৱৰ ওৰফে চুদাংফা যি ভৱিষ্যতৰ আহোম ৰাজ্যৰ ৰজা হৈছিল।
ত্যাওখামথিৰ মৃত্যু –
চুতীয়াক পৰাভূত কৰি নিজ ৰাজ্যলৈ ঘূৰি অহাৰ পাছত সৰুকুঁৱৰীৰ বিষয়ে সকলো কথা শুনি ত্যাওখামথি ৰজা অত্যন্ত দুঃখিত হ’ল। কিন্তু তেওঁ বৰকুঁৱৰীৰ বিপক্ষে একো পদক্ষেপ ল’বলৈ সাহস নকৰিলে কিয়নো তেওঁ বৰ তিৰোতাসেৰুৱা আছিল। এই ঘটনাৰ পাছত ত্যাওখামথি ৰজাই ৰাজ্য শাসনত বৰকৈ মন নিদিয়া হ’ল। আনফালে বৰকুঁৱৰীৰ অত্যাচাৰে সীমা চেৰাই গ’ল। বৰকুঁৱৰীয়ে সকলোৰে ওপৰত নিজৰ শাসন চলাবলৈ গৈছিল আৰু ৰাজ্যৰ পৰিস্থিতি দিনে দিনে বেয়াৰ ফাললৈ ঢাল খাইছিল। এনে পৰিস্থিতিত সেইসময়ৰ আহোমৰ অভিজাত বিষয়াসকলে বৰকুঁৱৰী আৰু ৰজা ত্যাওখামথিক হত্যা কৰাৰ সিদ্ধান্ত ল’লে আৰু ১৩৮৭ চনত এনেদৰেই আহোমৰ সপ্তম ৰজা ত্যাওখামথিৰ জীৱনৰ কৰুণ পৰিসমাপ্তি ঘটে।
১৩৮০ ৰ পৰা ১৩৮৭ লৈ প্ৰায় ৭ বছৰ আহোম ৰাজ্য শাসন কৰি ত্যাওখামথি ৰজাই এক কৰুণ মৃত্যুক সাৱটি ল’বলগা হয়। ত্যাওখামথিৰ ৰাজত্বকালত আহোম ৰাজ্যত অধিক স্বেচ্ছাচাৰী শাসনৰ উকমুকনি ঘটিছিল আৰু প্ৰজাৰ অৱস্থা এইসময়ত বেয়াৰ ফাললৈ ঢাল খাইছিল।
আৰু পঢ়ক- স্বৰ্গদেউ চুতুফা
সহায়ক গ্ৰন্থপঞ্জী –
আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
[…] আৰু পঢ়ক ত্যাওখামথি […]
[…] আহোম ৰাজ্যৰ সপ্তমজন স্বৰ্গদেউ ত্যাওখামথিৰ মৃত্যু ঘটিল। সেইসময়ত আহোম ৰাজ্যৰ […]