নিৰ্দেশাত্মক নীতি আৰু মৌলিক কৰ্তব্যসমূহ -ভাৰতীয় সংবিধান(৪)
অনুচ্ছেদ ৩৬, পৰিভাষা-
প্ৰসংগক্ৰমে আন অর্থ অপেক্ষিত নহ’লে এই ভাগত ‘ৰাজ্য’ শব্দৰ অৰ্থ তৃতীয় ভাগত থকা উক্ত শব্দৰ অৰ্থৰে সৈতে একে হ’ব ।
অনুচ্ছেদ ৩৭, এই ভাগত থকা নীতিসমূহৰ প্রয়োগ-
এই ভাগত থকা উপবন্ধ সমূহ কোনাে ন্যায়ালয়ৰ দ্বাৰা বলবৎ কৰিব পৰা নহ’ব কিন্তু তথাপি তাত দিয়া নীতিবােৰ দেশ শাসনৰ বাবে মূল কথা হ’ব আৰু বিধি প্রস্তুত কৰােতে নীতিবােৰ প্ৰয়ােগ কৰাটো ৰাজ্যৰ কৰ্তব্য হ’ব ।
অনুচ্ছেদ ৩৮, লােক কল্যাণৰ উন্নতিৰ অৰ্থে ৰাজ্যৰ দ্বাৰা সামাজিক ব্যৱস্থাৰ প্ৰবৰ্ত্তন-
(১) ৰাষ্ট্ৰীয় জীৱনৰ সকলোবােৰ সংস্থাকে অনুপ্রাণিত কৰা সামাজিক, আর্থিক আৰু ৰাজনৈতিক ন্যায় থকা সমাজ ব্যৱস্থা এটা যথা সম্ভৱ ফলদায়কভাৱে স্থাপন আৰু সংৰক্ষণ কৰি লােক- কল্যাণৰ উন্নতিৰ অৰ্থে ৰাজ্যই প্রয়াস কৰিব ।
(২) ৰাজ্যই বিশেষকৈ আয়ৰ অসমতা কম কৰিবলৈ প্ৰয়াস কৰিব আৰু কেৱল ব্যক্তি সকলৰ মাজতেই নহয় বৰং বেলেগ বেলেগ ক্ষেত্ৰত বাস কৰা আৰু বেলেগ বেলেগ ব্যৱসায় কৰা ব্যক্তিসকলৰ সমষ্টি সমূহৰ মাজতাে প্রতিষ্ঠা, সা-সুবিধা তথা সুযােগৰ অসমতা নাইকিয়া কৰিবলৈ প্ৰযত্ন কৰিব ।
অনুচ্ছেদ ৩৯, ৰাজ্যৰ দ্বাৰা অনুসৰণীয় কিছুমান নীতি সূত্র-
ৰাজ্যই নিজৰ নীতি বিশেষকৈ এনেভাবে নির্দেশিত কৰিব যাৰ দ্বাৰা-
(ক) জীৱিকাৰ পৰ্যাপ্ত উপায় লাভৰ কাৰণে মুনিহ আৰু তিৰােতা সমানে সকলাে নাগৰিকৰে অধিকাৰ থাকিব ;
(খ) লােক সমাজৰ বস্তু সম্পদৰ স্বামিত্ব আৰু নিয়ন্ত্রণ যাতে এনেভাবে বন্টিত হয় যাৰ দ্বাৰা সর্বোত্তম ৰূপে সামূহিক হিত সাধিত হয় ;
(গ) আর্থিক ব্যৱস্থাৰ পৰিচালনাৰ পৰিণামত যাতে ধন-সম্পত্তি আৰু উৎপাদনৰ উপায় সর্ব-সাধাৰণৰ অহিতে কেন্দ্রীভূত নহয় ।
(ঘ) মুনিহ আৰু তিৰােতা উভয়ৰ বাবেই সমান কামৰ বাবে যাতে সমান দৰমহা হয় ;
(ঙ) মুনিহ – তিৰােতা সকলাে শ্ৰমিকৰ স্বাস্থ্য আৰু শক্তি আৰু ল’ৰা-ছােৱালীৰ কুমলীয়া বয়সৰ যাতে অপব্যবহাৰ নহয় আৰু কোনাে নাগৰিকে আর্থিক আৱশ্যকতাৰ কাৰণে যাতে তেওঁলােকৰ বয়স বা শক্তিৰ অনুপযােগী জীৱিকাৰ পথ অৱলম্বন কৰিবলৈ বাধ্য নহয় ;
(চ) শিশুসকলক সুস্থ ধৰণৰে আৰু স্বতন্ত্র তথা মর্যাদাপূর্ণ পৰিৱেশত বিকাশ লাভৰ বাবে সুযােগ – সুবিধা দিয়া হয় আৰু যাতে শিশু তথা যুৱক সকলক শোষণৰ পৰা আৰু নৈতিক তথা আর্থিক অৱহেলাৰ পৰা ৰক্ষা কৰা হয় ।
অনুচ্ছেদ ৩৯(ক), সমান ন্যায় আৰু বিনামূলীয়া বিধিক সাহায্য-
ৰাজ্যই এইটো সুনিশ্চিত কৰিব যাতে বিধি-ব্যৱস্থা প্রৱর্তনে সমান সুযােগৰ ভিত্তিত ন্যায় উপলব্ধ কৰাই আৰু বিশেষকৈ যাতে আর্থিক বা আন কোনাে নির্যোগ্যতাৰ কাৰণত কোনাে নাগৰিক ন্যায় লাভ কৰাৰ সুযােগৰ পৰা বঞ্চিত নহয় তাক সুনিশ্চিত কৰিবলৈ উপযুক্ত বিধান বা আঁচনিৰ দ্বাৰা বা আন কোনাে প্রকাৰে বিনামূলীয়া বিধিক সাহায্য ব্যৱস্থা কৰে ।
অনুচ্ছেদ ৪o, গাঁও পঞ্চায়ত সংগঠন-
ৰাজ্যই গাওঁ পঞ্চায়ত সংগঠন কৰিবলৈ দিহা কৰিব আৰু সেইবােৰক স্বায়ত্ত শাসনৰ গােট হিচাপে কাম কৰাৰ যোগ্য কৰিবলৈ যেনে ক্ষমতা আৰু প্ৰাধিকাৰৰ প্রয়ােজন তাক প্ৰদান কৰিব ।
অনুচ্ছেদ ৪১, কেতবােৰ অৱস্থাত কাম কৰা, শিক্ষা লাভ কৰা আৰু ৰাষ্ট্ৰীয় সহায়তা পােৱাৰ অধিকাৰ-
ৰাজ্যই নিজৰ আর্থিক সামর্থ্য আৰু বিকাশৰ পৰিসীমাৰ ভিতৰত কাম কৰিবৰ অধিকাৰ , শিক্ষা পাবৰ অধিকাৰ আৰু নিবনুবা , বুঢ়াকাল , ৰুগ্নতা, অঙ্গ বিকলতা আৰু অনুচিত অভাৱৰ অৱস্থাত ৰাষ্ট্ৰীয় সহায়তাৰ অধিকাৰ প্রাপ্ত কৰিবলৈ কার্য্যকৰী উপবন্ধ কৰিব ।
অনুচ্ছেদ ৪২, কামৰ ন্যায্য আৰু মানৱৱাচিত অৱস্থা সুনিশ্চিত কৰিবলৈ আৰু প্ৰসূতি মংগলৰ কাৰণে উপবন্ধ-
কামৰ ন্যায্য আৰু মানবােচিত অৱস্থা সুনিশ্চিত কৰিবলৈ আৰু প্ৰসূতি মংগলৰ কাৰণে ৰাজ্যই উপবন্ধ প্ৰস্তুত কৰিব ।
অনুচ্ছেদ ৪৩, বনুৱাসকলৰ বাবে জীৱন নির্বাহ মজুৰি আদি-
ৰাজ্যই উপযুক্ত বিধান বা আর্থিক সংগঠনৰ দ্বাৰা অথবা আন কোনাে প্রকাৰে কৃষিত কাম কৰা , উদ্যোগত কাম কৰা বা আন প্ৰকাৰৰ সকলাে বনুৱাৰ বাবে কাম, জীবন নির্বাহ মজুৰি , উপযােগী জীৱন – যাপনৰ মান আৰু অবকাশৰ সম্পূর্ণ উপভােগ সুনিশ্চিত কৰি কামৰ চৰ্ত্ত সমূহ তথা সামাজিক আৰু সাংস্কৃতিক সুযােগ সমূহ প্রাপ্ত কৰিবলৈ প্রয়াস কৰিব আৰু বিশেষকৈ, গ্রাম্য অঞ্চলত ব্যক্তিগত অথবা সমবায় ভিত্তিত কুটীৰ উদ্যোগৰ উন্নয়নৰ বাবে ৰাজ্যই প্রয়াস কৰিব ।
অনুচ্ছেদ ৪৩(ক), উদ্যোগ পৰিচালনাত কৰ্মীসকলৰ অংশ গ্রহণ-
ৰাজ্যই উপযুক্ত বিধানৰ দ্বাৰা বা আন কোনাে প্রকাৰে , কোনাে উদ্যোগৰ কামত নিয়ােজিত কোনাে উপক্রম, স্থাপনা বা অন্য সংগঠনৰ পৰিচালনাত কর্মীসকলৰ অংশ গ্রহণ সুনিশ্চিত কৰিবলৈ ব্যৱস্থা কৰিব ।
অনুচ্ছেদ ৪৪, নাগৰিকসকলৰ কাৰণে একে ধৰণৰ চিভিল সংহিতা-
ভাৰতৰ ৰাজ্যক্ষেত্ৰত নাগৰিক সকলৰ কাৰণে যাতে একে ধৰণৰ চিভিল সংহিতা এখন হয় তাৰ বাবে ৰাজ্যই প্রয়াস কৰিব ।
অনুচ্ছেদ ৪৫, ল’ৰা-ছােৱালীৰ কাৰণে বিনা মাচুলে আৰু বাধ্যতামূলক শিক্ষাদানৰ উপবন্ধ –
এই সংবিধানৰ প্ৰাৰম্ভণিৰ দহ বছৰৰ ভিতৰত সকলােবােৰ ল’ৰা – ছােৱালীৰ কাৰণে তেওঁলােকৰ বয়স চৈধ্য বছৰ পূর্ণ নােহােৱা পর্যন্ত , বিনা মাচুলে আৰু বাধ্যতামূলক ভাবে শিক্ষা দানৰ দিহা কৰিবলৈ ৰাজ্যই প্রয়াস কৰিব।
অনুচ্ছেদ ৪৬, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য দূর্বল শ্ৰেণীৰ লােকসকলৰ শিক্ষামূলক আৰু আর্থিক সম্বন্ধীয় স্বার্থৰ উন্নয়ন-
ৰাজ্যই বিশেষ মনােযােগেৰে দুর্বল শ্ৰেণীৰ লােক সকলৰ বিশেষকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ শিক্ষামূলক আৰু আর্থিক সম্বন্ধীয় উন্নয়ন সাধিব আৰু তেওঁলােকক সামাজিক অন্যায় আৰু সকলাে ধৰণৰ শােষণৰ পৰা সংৰক্ষিত কৰিব ।
অনুচ্ছেদ ৪৭, পৰিপুষ্টিৰ আৰু জীৱন – যাপনৰ মান উন্নীত কৰিবলৈ আৰু লােক স্বাস্থ্যৰ উন্নতি কৰিবলৈ ৰাষ্ট্ৰৰ কর্তব্য –
ৰাজ্যই ইয়াৰ, লােকসাধাৰণৰ পৰিপুষ্টি আৰু জীৱন-যাপনৰ মান উন্নীত কৰা আৰু জন – স্বাস্থ্যৰ উন্নতি কৰা প্রাথমিক কৰ্তব্যৰ অন্তর্ভুক্ত বুলি মান্য কৰিব আৰু বিশেষকৈ ঔষধিক প্রয়ােজনৰ বাহিৰে ৰাগীয়াল পানীয় আৰু স্বাস্থ্য হানিকৰ ভেষজ ব্যবহাৰ প্রতিষেধ কৰিবলৈ প্ৰয়াস কৰিব ।
অনুচ্ছেদ ৪৮, কৃষি আৰু পশু পালন সংগঠন-
ৰাজ্যই আধুনিক আৰু বিজ্ঞানসন্মত প্রণালীৰে কৃষি আৰু পশু পালন সংগঠিত কৰিবলৈ প্ৰয়াস কৰিব ; বিশেষকৈ গাই আৰু পােৱালী আৰু অন্যান্য খীৰতী আৰু ভাৰ টনা গৰু – ম’হ আদিৰ বধ প্রতিষেধ কৰিবলৈ আৰু বংশ পৰিৰক্ষণ আৰু উন্নত কৰিবলৈ ব্যবস্থা গ্রহণ কৰিব ।
অনুচ্ছেদ ৪৮(ক), পাৰিপাৰ্শ্বিক অৱস্থাৰ সংৰক্ষণ আৰু উন্নয়ন তথা বন আৰু বন্যজীৱৰ ৰক্ষণ –
ৰাজ্যই পাৰিপার্শ্বিক অবস্থাৰ সংৰক্ষণ আৰু উন্নয়ন কৰিবলৈ তথা দেশৰ বন-সম্পদ আৰু বন্যজীৱক ৰক্ষা কৰিবলৈ প্ৰয়াস কৰিব ।
অনুচ্ছেদ ৪৯, ৰাষ্ট্ৰীয় গুৰুত্ব সম্পন্ন স্মাৰক আৰু স্থান আৰু বস্তুসমূহৰ সংৰক্ষণ-
সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা বা অধীনত ৰাষ্ট্ৰীয় গুৰুত্ব সম্পন্ন বুলি ঘােষিত কলাত্মক বা ঐতিহাসিক কাৰণত চিত্তাকর্ষক প্রত্যেক স্মাৰক বা স্থান বা বস্তু যথাস্থিতি লুণ্ঠন, বিৰূপকৰণ , বিনাশ, অপসাৰণ, ব্যয়ন অথবা ৰপ্তানিৰ পৰা ৰক্ষা কৰাটো ৰাজ্যৰ বাবে বাধ্যতামূলক হ’ব ।
অনুচ্ছেদ ৫০,কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাক পৃথক কৰণ-
ৰাজ্যৰ লােক সেৱা সমূহত কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাক পৃথক কৰিবলৈ ৰাজ্যই ব্যৱস্থা গ্ৰহণ কৰিব ।
অনুচ্ছেদ ৫১,আন্তঃ ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ উৎকর্ষ সাধন :
ৰাজ্যই-
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰিবলৈ ;
(খ) ৰাষ্ট্ৰবৰ্গৰ মাজত ন্যায্য আৰু সন্মানজনক সম্বন্ধ ৰক্ষা কৰিবলৈ ;
(গ) সংগঠিত লােকপুঞ্জৰ মাজত পাৰস্পৰিক ব্যৱহাৰত আন্তঃৰাষ্ট্ৰীয় বিধি আৰু সন্ধিজনিত দায়িত্ববােৰৰ প্রতি শ্রদ্ধা বঢ়াবলৈ ; আৰু
(ঘ) মধ্যস্থতাৰ যােগেদি আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তি কৰাত উৎসাহ দিবলৈ প্ৰয়াস কৰিব ।
চতুর্থ ‘ক’ ভাগ
মৌলিক কৰ্তব্যসমূহ
অনুচ্ছেদ ৫১(ক), মৌলিক কৰ্তব্যসমূহ–
(১) ভাৰতৰ প্রত্যেক নাগৰিকৰ কৰ্তব্য হ’ব –
(ক) এই সংবিধান মানি চলা আৰু ইয়াৰ সকলাে আদর্শ আৰু সংস্থা তথা ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সঙ্গীতক শ্রদ্ধা কৰা ;
(খ) স্বতন্ত্ৰতাৰ বাবে কৰা আমাৰ ৰাষ্ট্ৰীয় আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শ সমূহ পােষণ আৰু অনুসৰণ কৰা ;
(গ) ভাৰতৰ সার্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা আৰু তাক অক্ষুন্ন ৰখা ;
(ঘ) দেশখনক ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা ;
(ঙ) ভাৰতৰ সকলাে লােকৰ মাজত ধর্মীয়, ভাষিক আৰ আঞ্চলিক অথবা সাম্প্রদায়িক অনৈক্য অতিক্ৰম কৰি সম্প্রীতি আৰু সামূহিক ভাতৃত্বভাব বৃদ্ধি কৰা ; নাৰীৰ মৰ্য্যাদা হানিকৰ আচৰণ ত্যাগ কৰা ;
(চ) আমাৰ মিশ্রিত সাংস্কৃতিৰ মূল্যবান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা ;
(ছ) বন, হ্রদ, নদী আৰু বন্যজীৱকে ধৰি প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰা, তাৰ উন্নয়ন কৰা তথা সকলাে জীৱিত প্ৰাণীৰ প্রতি দয়াভাব ৰখা ;
(জ) বৈজ্ঞানিক দৃষ্টিকোণ, মানৱতাবোধ আৰু অনুসন্ধিৎসা তথা সংস্কাৰৰ মনােভাব বিকাশ সাধন কৰা ;
(ঝ) ৰাজহুৱা সম্পত্তি ৰক্ষা আৰু হিংসাত্মক কার্য পৰিহাৰ কৰা ;
(ঞ) ব্যক্তিগত আৰু সামূহিক কাম- কাজৰ সকলাে ক্ষেত্ৰত উৎকর্ষ সাধনৰ বাবে প্রয়াস কৰা যাতে ৰাষ্ট্ৰই প্ৰযত্ন আৰু সফলতাৰ উচ্চতৰ পৰ্য্যায়লৈ নিৰন্তৰ আগুৱাই যায়।