আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চুখাংফা -আহোমৰ চতুৰ্থজন স্বৰ্গদেউ 

স্বৰ্গদেউ চুখাংফা আছিল আহোমৰ চতুৰ্থজন স্বৰ্গদেউ। ১২৯৩ খ্ৰীষ্টাব্দত আহোমৰ তৃতীয়জন স্বৰ্গদেউ চুবিনফাৰ মৃত্যু ঘটাত তেখেতৰ বৰপুত্ৰ চুখাংফা আহোম ৰাজ্যৰ চতুৰ্থজন স্বৰ্গদেউৰূপে সিংহাসনত অধিষ্ঠিত হয়। চুখাংফাই আহোম ৰাজ্য পশ্চিমৰ দিশে ব্যাপক বিস্তাৰৰ বাবে ভালেমান উন্নয়নমূলক নীতি গ্ৰহণ কৰে। ইয়াৰ উপৰিও স্বৰ্গদেউ চুখাংফাই ভালেমান প্ৰজাহিতকৰ কাৰ্য্যও সাধন কৰিছিল। 

কমতাপুৰ আক্ৰমণ আৰু বৈবাহিক সম্পৰ্ক –

চুখাংফাৰ উনচল্লিছ (৩৯) বছৰীয়া ৰাজত্বকালৰ মাজভাগতে আনুমানিক ১৩২৪ খ্ৰীষ্টাব্দত তেওঁ পশ্চিম দিশত অৱস্থিত কমতা ৰাজ্য আক্ৰমণ কৰিবলৈ মন মেলে। চুখাংফাই নিজৰ সাহস আৰু বীৰত্বৰে যুদ্ধত কমতা ৰাজ্যক পৰাস্ত কৰিবলৈ সক্ষম হয়। 

অৱশেষত কমতা ৰাজ্যৰ ৰজা প্ৰতাপধ্বজে (কোনো কোনোৰ মতে দুৰ্লভনাৰায়ণ আৰু কোনো কোনোৰ মতে খেনবংশী ৰজা নীলধ্বজ) আত্মসমৰ্পণ কৰে আৰু বশ্যতাৰ চিনস্বৰূপে আহোম ৰাজ্যৰ সীমামূৰীয়া কমতা ৰাজ্যৰ এটা অংশ আহোম ৰজা চুখাংফাক প্ৰদান কৰে। লগতে কমতাৰাজে নিজ ভগ্নী ৰাজনী (কোনো কোনো মতে নিজ জীয়াৰী ৰাজনী আৰু ভাজনী দুয়োগৰাকী)ক আহোম ৰজা চুখাংফালৈ বিয়া দিয়ে আৰু এই বৈবাহিক সম্বন্ধৰ যোগেদিয়েই কমতা আৰু আহোম ৰাজ্যৰ মিত্ৰতা স্থাপন হয়। কমতাৰাজে ৰাজনীৰ লগতে অজস্ৰ ধন-সোণ,মণি-মুকুতা আৰু নানা মূল্যৱান সামগ্ৰী আহোম ৰজা চুখাংফালৈ উপহাৰস্বৰূপে আগবঢ়ায়। 

ইয়াৰ জৰিয়তে চুকাফাৰ পাছতেই চুখাংফাই দ্বিতীয়জন আহোম স্বৰ্গদেউ হিচাপে বৈবাহিক সম্বন্ধৰ জৰিয়তে মিত্ৰতা স্থাপন কৰে। 

বুঢ়াগোঁহাই আৰু বৰগোঁহাই –

চুখাংফাৰ ৰাজত্বকালত বৰগোঁহাইৰূপে চাওপাংবণ্ডুক আছিল আৰু সেইসময়ত বুঢ়াগোঁহাই নিযুক্তি দিয়া হোৱা নাছিল। 

ৰাজ্য শাসনঃ

চুখাংফাৰ ৰাজত্বকালত আহোম ৰাজ্যত অত্যন্ত সুখ-শান্তি বৰ্তি আছিল। চুখাংফাই তেওঁৰ ৰাজত্বকালতে অসমৰ স্থানীয় লোকসকলৰ মাজত আহোম শাসন সম্পূৰ্ণৰূপে সুদৃঢ়ভাৱে বিস্তাৰিত কৰিবলৈ সক্ষম হৈছিল। চুখাংফাৰ ৰাজত্বকালতে আহোমসকলে কাষৰীয়া ৰাজ্যসমূহৰ চকুত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল। চুখাংফাই তেওঁৰ ৰাজত্বকালতে আঠগাঁও আৰু চাৰিং অঞ্চল আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। 

ছাৰ এডৱাৰ্ড গেইটৰ বিৱৰণ অনুসৰি, সেইসময়ৰ মুঙকঙৰ নৰা ৰজাই আহোম ৰজা চুখাংফাৰ পৰা কৰ বিচাৰিছিল; কিয়নো তেওঁলোকে নিজকে মাওলুংৰ ৰজাৰ বংশধৰ বুলি দাবী কৰিছিল। কিন্তু চুখাংফাই একেষাৰেই এই কৰ দিবলৈ অস্বীকাৰ কৰিছিল। এইজন নৰা ৰজাৰ মৃত্যুৰ পাছত কিন্তু কোনো নৰা ৰজাই পুনৰ কোনেও কৰৰ দাবী কৰা নাছিল। 

চুখাংফাৰ চাৰিজন পুত্ৰ আছিল। আৰু তেওঁলোক আছিল ক্ৰমে চুখ্ৰাংফা,চুতুফা, ত্যাওখামটি আৰু চাওপুলাই। ইয়াৰ ভিতৰত চাওপুলাই কমতা জীয়াৰী ৰাজনী কুঁৱৰীৰ পুত্ৰ আছিল বুলি জনা যায়। 

স্বৰ্গদেউ চুখাংফাই প্ৰায় ৩৯ বছৰ সুখ্যাতিৰে আহোম ৰাজ্য শাসন কৰে আৰু ১৩৩২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লয়। শাসনকালত চুখাংফাই নতুনকৈ আহোম ৰাজ্যৰ বিস্তাৰ ঘটাই তথা নতুন ৰাজ্যৰ লগত মিত্ৰতা স্থাপন কৰি তেওঁৰ শাসনকাল স্বৰ্ণিল কৰি তোলে। 

সহায়ক গ্ৰন্থপঞ্জী – 

১। আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা

২। ইতিহাসে সোঁৱৰা ছশটা বছৰ – সৰ্বানন্দ ৰাজকুমাৰ

৩। The History of Medieval Assam(1228-1603) – Nagendra Nath Acharjya

আৰু পঢ়ক- চুবিনফা- আহোমৰ তৃতীয়জন স্বৰ্গদেউ

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x