পৰ্যালোচনাসাময়িকী

ভাৰতত কোভিড-১৯ ৰ টিকাকৰণ 

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ দেশৰ ৩,০০৬ টা টিকাকৰণ স্থানক সম্বোধন কৰি আজি (শনিবাৰে) দিনৰ ১০.৩০ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড-১৯ ৰ টিকাকৰণ অভিযান আৰম্ভ কৰে।

ভাৰতে দেশৰ তিনি কোটি আগশাৰীৰ কৰ্মীক টিকাকৰণ আৰম্ভ কৰাৰ লগে লগে নভেল কৰোনা ভাইৰাছৰ বিৰুদ্ধে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান আজিৰে পৰা আৰম্ভ হয়। প্ৰথম পৰ্যায়ত, প্ৰাথমিক গোটসমূহক দুটা স্বদেশী ভেকছিন- কোভেক্সিন আৰু কোভিশ্বিল্ড প্ৰদান কৰা হ’ব। ভাৰতত এতিয়ালৈকে এক কোটি আৰু ৫.২৭ লাখৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু প্ৰায় ১.৫২ লাখ লোকৰ মৃত্যু হৈছে।  

আজি কোনে কোভিড-১৯ ভেকছিন লাভ কৰিছে ?

প্ৰাথমিক গোটবোৰৰ ভিতৰত আছে স্বাস্থ্য কৰ্মী, চাফাই কাৰ্মচাৰী, সেনা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ স্বেচ্ছাসেৱকসকল। চৰকাৰে কৈছে যে, আজি দেশৰ ৩,০০৬ টা টিকাকৰণ স্থানত প্ৰায় ১০০ জনকৈ লোকে শ্বট লাভ কৰিছে। প্ৰথম পৰ্যায়ৰ এই টিকাকৰণ কেইমাহমানৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

টিকাকৰণ অভিযান কেনেদৰে সম্পন্ন কৰা হ’ব ?

ভাৰতত ১৩০ কোটি জনসংখ্যা আছে, দেশখনে ভেকছিন অভিযান চলাবলৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিছে। গৃহ মন্ত্ৰালয়ে আনকি প্ৰাথমিক গোটৰ লোকসকলক চিনাক্ত কৰিবলৈ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে শেহতীয়া ভোটাৰ তালিকাৰ তথ্য ভাগ বটোৱাৰা কৰিবলৈ নিৰ্বাচন আয়োগক  অনুৰোধ জনাইছে।

১৮ বছৰৰ অধিক বয়সৰ লোকসকলৰ বাবে এই অনুশীলনটো সম্পন্ন কৰা হ’ব। নিৰ্বাচনী বুথৰ দৰে কাম কৰা প্ৰতিটো ছাইটত হিতাধিকাৰী তালিকাৰ তিনিটা হাৰ্ড কপি থাকিব। এই নামবোৰ বিষয়াসকলে চৰকাৰৰ কো-উইন( Co-win) পোৰ্টেলত আপলোড কৰিব। জানিব পৰা মতে আজিৰ তালিকাখন দুদিন আগতীয়াকৈয়ে আপলোড কৰা হৈছিল।

এজন বিষয়াই এই সন্দৰ্ভত কৈছে- “টিকাকৰণ অধিবেশনটো পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব। যিজন ব্যক্তি বিয়লি ৫ বজাৰ আগত আহে, ঠিক নিৰ্বাচনত যেনেদৰে হয় তেনেদৰেই দৰেই ৫ বজালৈকে প্ৰতিষেধক দিয়া হ’ব।”

প্ৰধান মন্ত্ৰীয়ে কৈছে যে ভাৰতে এই অনুশীলনত সাৰ্বজনীন টিকাকৰণ কাৰ্য্যসূচী (ইউ আই পি) আৰু তাত হোৱা জন অংশগ্ৰহণৰ অভিজ্ঞতাবোৰ ব্যৱহাৰ কৰিব।

ভেকছিনটো বিনামূলীয়া নেকি ?

প্ৰথম পৰ্যায়ত প্ৰদান কৰা ভেকছিনবোৰ বিনামূলীয়া হ’ব। “কেন্দ্ৰই ৩ কোটি প্ৰাথমিক জনসংখ্যাৰ টিকাকৰণৰ বাবে ব্যয় বহন কৰিব”-এই সপ্তাহৰ আৰম্ভণিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল।

ভাৰতীয়সকলক প্ৰদান কৰা দুটা কোভিড-১৯ ভেকছিন কি কি ?

দুটা ভেকছিন – ‘কোভেক্সিন’ আৰু ‘কোভিশ্বিল্ড’ক – ভাৰতৰ ঔষধ নিয়ন্ত্ৰক সংস্থা চি.ডি.এছ.চি.অ’. য়ে অনুমোদন প্ৰদান কৰিছে। তেওঁলোকে লাভ কৰিছে “জৰুৰী পৰিস্থিতিত প্ৰতিবন্ধিত ব্যৱহাৰৰ অনুমোদন”, যাৰ অৰ্থ হৈছে কোম্পানীবোৰে নিদানিক পৰীক্ষণ সম্পূৰ্ণ নকৰা স্বত্বেও সেইবোৰ ব্যৱহাৰ কৰিব পাৰিব।

কোভিশ্বিল্ড হৈছে AZD1222-ৰ ভাৰতীয় প্ৰকাৰ–এষ্ট্ৰাজেনেকা আৰু অ’ক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত ভেকছিন। ইয়াক পুনে-স্থিত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ (এছ.আই.আই.)ৰ দ্বাৰা দেশত বিকশিত আৰু নিৰ্মাণ কৰা হৈছে। আৰু ‘কোভেক্সিন’ক হাইদৰাবাদৰ ভাৰত বায়’টেকে ৰাষ্ট্ৰীয় ভাইৰ’লজী প্ৰতিষ্ঠানৰ সহযোগত বিকশিত কৰিছে।

বৰ্তমানে, চিৰাম ইনষ্টিটিউটৰ ১.১ কোটি পালি আৰু  ভাৰত বায়োটেক ভেকছিনৰ ৫৫ লাখ পালি ভেকছিন প্ৰয়োগৰ বাবে উপলব্ধ হৈছে। প্ৰতিজন ব্যক্তিক ২৮ দিনৰ ভিতৰত দুয়োটা ভেকছিনৰ দুটা শ্বট প্ৰদান কৰা হ’ব। এই দুটাৰ উপৰিও আৰু চাৰিটা স্বদেশী ভেকছিনৰ কাম চলি আছে বুলি জানিব পৰা গৈছে।

সমগ্ৰ ভাৰতত ভেকছিনবোৰ কেনেদৰে বিতৰণ কৰা হৈছে ?

কেন্দ্ৰই ৰাজ্যবোৰৰ মাজত বিতৰণ নীতি ভৌগলিক প্ৰাথমিকতাৰ ওপৰত আধাৰিত কৰি  বা “সংক্ৰমণৰ প্ৰৱণতা অধিক” থকা স্থানত নিৰ্ণয় কৰিছে। ইয়াৰ অৰ্থ হৈছে, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ দৰে ৰাজ্য, যি সৰ্বাধিক দৈনিক ঘটনা প্ৰতিবেদন কৰি আছে, তেওঁলোকে আন ৰাজ্যবোৰৰ তুলনাত অধিক ভেকছিন লাভ কৰিব।

ইয়াৰ পৰিৱৰ্তে, ৰাজ্যসমূহে জিলা পৰ্য্যায়ত শ্বটবোৰ কেনেদৰে বিতৰণ কৰিব লাগে তাক নিৰ্ণয় কৰিব। প্ৰতিজন হিতাধিকাৰীক  ভেকছিনকেইটাৰ দুটাকৈ পালি প্ৰদান কৰিব পৰাটো নিশ্চিত কৰিবলৈ জিলা পৰ্য্যায়ত বিতৰণ সমানুপাতিক হ’ব লাগিব বুলি কেন্দ্ৰই নিৰ্দেশ দিছে।

আপোনাক টিকাকৰণ কৰাৰ পিছত কি হ’ব ?

যিসকল লোকক টিকাকৰণ কৰা হয়, তেওঁলোকৰ ডাটা কো-উইন প্লেটফৰ্মত সঠিক সময়ত আপল’ড কৰা হ’ব। হিতাধিকাৰীসকলক চিনাক্ত আৰু নিৰীক্ষণ কৰাত সহায় কৰিবলৈ চৰকাৰে আধাৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

টিকাকৰণ কৰাৰ পিছত, হিতাধিকাৰীয়ে ডিজিটেল প্ৰমাণপত্ৰ লাভ কৰিব। ই তেওঁক মনত পেলাবলৈ সহায় কৰিব কেতিয়া দ্বিতীয়টো পালি ল’ব লাগিব। লগতে ইয়াৰ দ্বাৰা কোনে পালিটো লাভ কৰিছে সেয়া জানিবলৈ চৰকাৰৰ সহায় হব। দ্বিতীয় পালিটোৰ পিছত,এক অন্তিম ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

কো-উইন প্লেটফৰ্মৰ তথ্যই ভেকছিনৰ বিষয়ে উৰাবাতৰি আৰু মিছা তথ্য নিয়ন্ত্ৰণ কৰাত আৰু টিকাকৰণৰ পিছত যদি প্ৰতিকূল ঘটনা হয়, তাৰ কাৰ্যকৰী প্ৰতিবেদন লাভ কৰাত সহায় কৰিব।

ভাৰতে কোভিড-১৯ টিকাকৰণ অভিযান চলাবলৈ সাজু নে ?

টিকাকৰণৰ প্ৰস্তুতিৰ বাবে ভাৰতে ইতিমধ্যে তিনিটা মক ড্ৰিল পৰিচালনা কৰিছে। ভেকছিন প্ৰদান কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় বুজিবলৈ আৰু লজিষ্টিক আৰু প্ৰশিক্ষণত থকা দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ দেশজুৰি এই অনুশীলন কৰা হৈছিল।

ভেকছিন প্ৰদান আৰু কো-উইন ছফ্টৱেৰৰ সৈতে সম্পৰ্কিত প্ৰশ্নৰ সমাধানৰ বাবে ইতিমধ্যে চৰকাৰে ২৪ ঘণ্টীয়া এটা হেল্পলাইন নম্বৰ – 1075 মুকলি কৰিছে।

আৰু পঢ়ক- নাগৰিকত্ব

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x