চুতেউফা : আহোমৰ দ্বিতীয়জন স্বৰ্গদেউ
১২৬৮ খ্ৰীষ্টাব্দত প্ৰথমজনা আহোম স্বৰ্গদেউ চুকাফাৰ মৃত্যু ঘটাত চুতেউফা আহোম ৰাজ্যৰ দ্বিতীয়জন ৰজা হয়। চুতেউফা আছিল চুকাফাৰ তিনি সন্তানৰ জ্যেষ্ঠজন সন্তান। যিহেতু আহোম ৰাজবংশৰ সিংহাসনত আৰোহণৰ কোনো প্ৰচলিত পৰম্পৰা নাছিল (কেৱল আহোম ৰাজবংশৰ তেজ হলেই সিংহাসনত আৰোহণ কৰিব পাৰিছিল) সেয়ে সেইসময়ত প্ৰচলিত পৰম্পৰাগত বংশানুক্ৰমিক নীতি অনুসৰিয়েই চুকাফাৰ পাছত চুতেউফা ৰজা হৈছিল। চুতেউফাৰ ৰাজত্বকাল বৰ বেছি ঘটনাবহুল নাছিল যদিও তেওঁৰ ৰাজত্বকালত কছাৰী ৰাজ্যৰ কিছু অংশ আহোমৰ হাতলৈ আহে।
চুতেউফাৰ দিনৰ প্ৰধান বিষয়াঃ
স্বৰ্গদেউ চুতেউফাৰ দিনতে আহোমৰ প্ৰথম বুঢ়াগোঁহাই থাওমুংক্লিংলুংমাংৰায়ৰ আৰু প্ৰথম বৰগোঁহাই থাওমুংকানঙ্গৰ মৃত্যু হোৱাত তেওঁলোক দুজনৰ পুত্ৰ ক্ৰমে থাওৰুৰু আৰু চাওবিনক তেওঁলোকৰ পিতৃৰ বুঢ়াগোঁহাই আৰু বৰগোঁহাই পদবীত অধিষ্ঠিত কৰা হয়।
চুতেউফাৰ কছাৰী ৰাজ্য বশঃ
আহোম স্বৰ্গদেউ চুতেউফাৰ ৰাজত্বৰ সময়ত কছাৰী ৰাজ্য অতি শক্তিশালী আছিল। সেয়ে,চুতেউফাই ছলে-কৌশলে কছাৰী ৰাজ্যৰ কিছু অংশ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰে।
প্ৰথমে চুতেউফাই ছল কৰি কছাৰী ৰাজ্যৰ ৰজাৰ ৰাজসভালৈ দূত প্ৰেৰণ কৰি এইবুলি পত্ৰ প্ৰেৰণ কৰে যে কছাৰী ৰাজ্যৰ একাংশ আহোম ৰাজ্যৰহে অংশ। আহোম ৰাজ্যৰ ভূমিতে কছাৰীয়ে ঘৰ-বাৰী কৰি পুখুৰী খান্দিছে। গতিকে,অতিশীঘ্ৰেই কছাৰী ৰজাই সেই অঞ্চল আহোম ৰজাক বিনাচৰ্তে এৰি দিয়ে অন্যথা কছাৰী ৰজাই সেই অঞ্চলৰ বিনিময়ত আহোম ৰজাক কৰ সোধাব লাগিব। কিন্তু কছাৰী ৰজাই মানিবলৈ প্ৰস্তুত নাছিল আৰু প্ৰত্যুত্তৰ দিছিল যে আমি কছাৰীয়ে যোৱা তিনিপুৰুষৰ পৰা এই ঠাইত বসতি কৰি আছো। তোমালোকৰ এই কথা ভিত্তিহীন।
তেতিয়াই আকৌ আহোম স্বৰ্গদেউ চুতেউফাই ছল কৰি ক’লে যে তোমালোকৰ কথাৰ কোনো প্ৰমাণ নাই। উপযুক্ত প্ৰমাণ নহলে আমি এইখন তোমালোকৰ ৰাজ্যৰ অংশ বুলি মানি নলও। তোমালোকে যদি একে নিশাৰ ভিতৰতে ৰাতিপুৱা কুকুৰাই ডাক দিয়াৰ আগতেই এই ঠাইৰ পৰা দিখৌলৈ এটা খাল খান্দি বোৱাই লৈ যাব পাৰা তেতিয়াহে আমি এই ঠাই কছাৰীৰ বুলি মানি ল’ম।
তেতিয়া কছাৰী ৰজাই খঙতে আহোম ৰজাক ক’লে যে আজি ৰাতিয়েই তেনে হৈ যাওক। যদি ৰাতি পুওৱাৰ পাছত খাল খান্দি শেষ হয় তেন্তে ৰাজ্য তোমালোকৰ আৰু যদি ৰাতিপুৱাৰ আগতেই খাল খান্দি শেষ হয় তেন্তে ৰাজ্য আমাৰ।
এনেদৰে কথা হৈ যোৱাৰ পাছতেই আহোম ৰজাই ছল কৰি কছাৰী পৰা সেই অঞ্চল কাঢ়ি লবলৈ নিজৰ বিশ্বস্ত কেইজনমান ব্যক্তিক কুকুৰা অলপ দি দিখৌৰ পাৰৰ হাবিত থৈ দিলে। সেইদিনা ৰাতি কছাৰীসকলে সেই ঠাইৰ পৰা দিখৌলৈ খাল খন্দা আৰম্ভ কৰিলে। মাজত হাবি আছিল বাবে খাল খান্দি দিখৌলৈ বোৱাই আনিবলৈ সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু মাজনিশা পাৰ হোৱাৰ পাছতেই কছাৰীয়ে খাল খান্দি নি প্ৰায় দিখৌ পাওঁ পাওঁ অৱস্থা হ’ল। তেতিয়াই আহোম ৰজাৰ মানুহকেইজনে কুকুৰা মেলি দিলে আৰু তৎক্ষণাত কুকুৰাই ডাক দিলে। সেইটো সময়ত আছিল জোনাক নিশা। জোনাক নিশাত কুকুৰাৰ ডাক শুনি কছাৰীসকলে ৰাতিপুৱা হ’ল বুলি আশ্বস্ত হ’ল আৰু আহোমৰ বশ্যতা স্বীকাৰ কৰি সেই ঠাইডোখৰ এৰি দিলে। তাৰপাচতেই দিখৌ নৈৰ পূবৰ সমগ্ৰ কছাৰী ৰাজ্যখণ্ড আহোমৰ হস্তগত হয় আৰু কছাৰীসকল চাৰিঙলৈ পিছুৱাই যায়।
মৃত্যুঃ
প্ৰায় তেৰ (১৩) বছৰ সুকলমে ৰাজত্ব কৰি ১২৮১ খ্ৰীষ্টাব্দত আহোমৰ দ্বিতীয়জন স্বৰ্গদেউ তথা চুকাফাৰ পুত্ৰ চুতেউফাই মৃত্যুক সাৱটি লয়। চুকাফাই গঢ়ি যোৱা বৰঅসমৰ ভেঁটিটোক চুতেউফাই কিছু শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছিল আৰু আহোম ৰাজ্যৰ ক্ৰমবৰ্ধমানমান শক্তিত ইন্ধন যোগাবলৈ সক্ষম হৈছিল।
আৰু পঢ়ক আনন্দৰাম বৰুৱা
[…] আৰু পঢ়ক স্বৰ্গদেউ চুতেউফা […]