আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

ইতিহাসে সোঁৱৰিব আহোম শাসনৰ ছশটা স্বৰ্ণিল বছৰ

আহোম এটা শব্দ য’ত নিহিত হৈ আছে এটা জাতিৰ ছশ বছৰীয়া শাসনৰ ইতিহাস যিটো বিশ্ব ইতিহাসত প্ৰায় বিৰল। আহোম এনে এটা জাতি যি কেতিয়াও শিৰনত কৰিবলৈ শিকা নাছিল। আহোমসকল মূলতঃ টাইমূলীয় লোক। আহোমসকলে সেই ত্ৰয়োদশ শতিকাতে চাওলুং চুকাফাৰ নেতৃত্বত সুদূৰ ম্যানমাৰৰ পৰা শতযোজন দূৰ বাটকুৰি বাই অসম মুলুকলৈ আহি ৰাজ্য স্থাপন কৰিছিলহি আৰু অসমত তেওঁলোকে আৰম্ভ কৰিছিলহি এটা অসমীয়া জাতি নিৰ্মাণ প্ৰক্ৰিয়া। সাতৰাজ মাৰি একৰাজ কৰি চাওলুং চুকাফা আৰু তেওঁৰ পৰৱৰ্তী আহোম স্বৰ্গদেউসকলে অসমত এক অসমীয়া জাতিসত্ত্বা গঢ়ি তুলিছিল যাৰ ফলত আমি আজি সকলোৱে অসমীয়া জাতি বুলি গৌৰৱ কৰিব পাৰো। অসমক সাংস্কৃতিক,সামাজিক,অৰ্থনৈতিক,ৰাজনৈতিক আদি সকলো ক্ষেত্রত সমৃদ্ধিশালী কৰি তুলি আহোম স্বৰ্গদেউসকলে বৰঅসমৰ ভেঁটি গঢ়িছিল। প্ৰথম আহোম স্বৰ্গদেউ চাওলুং চুকাফাই সেইসময়ৰ অসমৰ নানা জাতি-জনগোষ্ঠী মৰাণ,বৰাহী,কছাৰী,চুতীয়া আদি সকলোৰে লগত সংমিশ্ৰণ ঘটাই এক নতুন ভাৱধাৰাৰ জন্ম দিছিল। 

পাইক প্ৰথা,পচা প্ৰথা,নানা মন্দিৰ,দৌল,দেৱালয়, ৰাজপ্ৰাসাদ নিৰ্মাণৰ কৌশল, বিনোদনধৰ্মী নানা খেল-ধেমালিৰ সৃষ্টি, উৎসৱ-পাৰ্বনৰ আয়োজন আদি নানা কৰ্ম আহোম স্বৰ্গদেউ তথা সেইসময়ৰ বিষয়াসকলৰ কষ্ট তথা চিন্তা-চৰ্চাৰ ফচল আছিল। ইয়াৰোপৰি ৰাজ্যত বসবাস কৰি থকা ভিন ভিন জাতি-জনগোষ্ঠীৰ প্ৰজাক একতাৰ ডোলেৰে বান্ধি ৰখাও তেওঁবিলাকৰ এক প্ৰধান কৰ্ম আছিল। 

চুকাফাৰ পৰা পুৰন্দৰ সিংহলৈ সৰ্বমুঠ উনচল্লিছ(৩৯) জন আহোম স্বৰ্গদেৱে প্ৰায় ছশ(৬০০) বছৰ অসম মুলুকত ৰাজত্ব কৰিছিল।  প্ৰথমতে আহোম স্বৰ্গদেউসকলে কেৱল আহোম নামহে গ্ৰহণ কৰিছিল কিন্তু কালক্ৰমত স্বৰ্গদেউ চুতাম্লা ওৰফে জয়ধ্বজ সিংহৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণৰ পৰম্পৰা আৰম্ভ কৰে। আহোমৰ সমূহ স্বৰ্গদেউৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে স্বৰ্গদেউ চুখ্ৰাংফা ওৰফে ৰুদ্ৰসিংহক স্বীকৃতি প্ৰদান কৰা হয় যদিও তাৰ বিষয়ে বিভিন্ন বুৰঞ্জীবিদৰ মাজত মতপাৰ্থক্য আছে। 

আহোমৰ ৩৯ জন ৰজাৰ ভিতৰত আমি খুব কমসংখ্যক ৰজাৰ বিষয়েহে ভালকৈ জানো।  আন কিছুমান ৰজাৰ নাম তথা কাৰ্যকালৰ বিষয়ে আমি সাধাৰণতে জ্ঞাত নহয়। ইয়াত চুকাফাৰ পৰা আৰম্ভ কৰি পুৰন্দৰ সিংহলৈ সকলো আহোম ৰজাৰ কাৰ্যকালৰ বিষয়ে একাদিক্ৰমে আলোকপাত কৰাৰ চেষ্টা কৰা হৈছে আৰু আহোমৰ ৰজাসকল তথা তেওঁলোকৰ মন্ত্ৰী-পৰিষদ আৰু সেইসময়ত প্ৰচলিত ব্যৱস্থাৰ বিষয়ে বৰ্তমানৰ লোকসকলক জ্ঞাত কৰাৰ চেষ্টা কৰা হৈছে। 

একাদিক্ৰমে আহোমৰ উনচল্লিছ(৩৯) জন স্বৰ্গদেউ হৈছে – 

১) চাওলুং চুকাফা (১২২৮-১২৬৮) 

২)  চুতেউফা (১২৬৮-১২৮১) 

৩) চুবিনফা (১২৮১-১২৯৩) 

৪)  ত্যাওচুখাংফা (১২৯৩-১৩৩২) 

৫) চুখ্ৰাংফা (১৩৩২-১৩৬৪) 

৬)  চুতুফা (১৩৬৪-১৩৭৬) 

    মন্ত্ৰীসকলৰ শাসন (১৩৭৬-১৩৮০) 

৭) ত্যাওখাম্‌তি (১৩৮০-১৩৮৯) 

    মন্ত্ৰীসকলৰ শাসন(২য় বাৰ)  (১৩৮৯-১৩৯৭) 

৮)  চুডাংফা বা বামুনী কোঁৱৰ (১৩৯৭-১৪০৭) 

৯)  চুজাংফা (১৪০৭-১৪২২) 

১০)  চুফক্‌ফা (১৪২২-১৪৩৯) 

১১) চুচেন্‌ফা (১৪৩৯-১৪৮৮) 

১২) চুহেন্‌ফা (১৪৮৮-১৪৯৩) 

১৩) চুপিম্‌ফা (১৪৯৩-১৪৯৭) 

১৪)  চুহুংমুং ওৰফে দিহিঙ্গীয়া ৰজা (১৪৯৭-১৫৩৯) 

১৫)  চুক্লেন্‌মুং ওৰফে গড়গঞা ৰজা (১৫৩৯-১৫৫২) 

১৬) চুখাম্‌ফা ওৰফে খোৰা ৰজা (১৫৫২-১৬০৩) 

১৭) চুচেংফা ওৰফে প্ৰতাপসিংহ বা বুদ্ধিস্বৰ্গনাৰায়ণ বা বুঢ়া ৰজা (১৬০৩-১৬৪১) 

১৮)  চুৰাম্‌ফা ওৰফে ভগা ৰজা (১৬৪১-১৬৪৪) 

১৯)  চুত্যিনফা ওৰফে নৰিয়া ৰজা (১৬৪৪-১৬৪৮) 

২০) চুতাম্লা ওৰফে জয়ধ্বজসিংহ (১৬৪৮-১৬৬৩) 

২১) চুপুংমুং ওৰফে চক্ৰধ্বজসিংহ (১৬৬৩-১৬৭০) 

২২) চুন্যত‍্ফা ওৰফে উদয়াদিত্য সিংহ (১৬৭০-১৬৭৩) 

২৩)  চুক্লান্‌ফা ওৰফে ৰামধ্বজ সিংহ (১৬৭৩-১৬৭৫) 

২৪) চুহুং ওৰফে মৰাণ গোঁহাই (১৬৭৫ ) (ডেৰ মাহ) 

২৫) গোবৰ ৰজা (১৬৭৫)  (মাত্ৰ বিছ দিন) 

২৬) চুজিন্‌ফা ওৰফে শূৰসিংহ (১৬৭৫-১৬৭৭) 

২৭) চুডৈফা ওৰফে পৰ্বতীয়া ৰজা (১৬৭৭-১৬৭৯) 

২৮) চুলিক্‌ফা ওৰফে ৰত্নধ্বজসিংহ (১৬৭৯-১৬৮১) 

২৯) চুপাত্‌ফা ওৰফে গদাধৰসিংহ (১৬৮১-১৬৯৬) 

৩০) চুখ্ৰু‍ংফা ওৰফে ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪) 

৩১) চুতন‍্ফা ওৰফে শিৱসিংহ (১৭১৪-১৭৪৪) 

৩২) চুনেন্‌ফা ওৰফে প্ৰমত্তসিংহ (১৭৪৪-১৭৫১) 

৩৩) চুৰেমফা ওৰফে ৰাজেশ্বৰসিংহ (১৭৫১-১৭৬৯) 

৩৪) চুন্যেউফা ওৰফে লক্ষ্মীসিংহ (১৭৬৯-১৭৮০) 

৩৫) চুহিৎপুংফা ওৰফে গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫) 

৩৬) চুক্লিংফা ওৰফে কমলেশ্বৰ সিংহ (১৭৯৫-১৮১০) 

৩৭) চুডিন্‌ফা ওৰফে চন্দ্ৰকান্ত সিংহ (১৮১০-১৮১৮) 

৩৮) পুৰন্দৰ সিংহ (১৮১৮-১৮১৯) 

      চন্দ্ৰকান্তসিংহ (২য় বাৰ)  (১৮১৯-১৮২১) 

৩৯) যোগেশ্বৰসিংহ ১৮২১-১৮২৪

      পুৰন্দৰসিংহ (২য় বাৰ)  ১৮৩৩-১৮৩৮ (ব্ৰিটিছৰ কৰতলীয়া ৰজা হিচাপে) 

ইয়াৰ জৰিয়তে আহোমৰ সকলো ৰজাৰ নাম তথা তেখেতৰ ৰাজত্বকালৰ বিষয়ে এক থুলমূল আভাস দাঙি ধৰা হ’ল। পৰৱৰ্তী লেখাৰ পৰা একাদিক্ৰমে প্ৰতিজন আহোম ৰজাৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাৱলীৰ বিষয়ে আলোকপাত কৰা হ’ব। 

আৰু পঢ়ক- ছিগমুণ্ড ফ্ৰয়েডৰ মনোবিজ্ঞান অথবা মনোবিশ্লেষণ

1 1 vote
Article Rating
Subscribe
Notify of
guest
1
0
Would love your thoughts, please comment.x
()
x