তথ্যকোষসাময়িকী

ছিগমুণ্ড ফ্ৰয়েডৰ মনোবিজ্ঞান অথবা মনোবিশ্লেষণ

আধুনিক মনোবিজ্ঞানৰ এজন বিস্ময় পুৰুষ হ’ল ছিগমুণ্ড ফ্ৰয়েড। ফ্ৰয়েডৰ চিন্তাৰাজিয়ে কেৱল মনোবিজ্ঞানৰ ক্ষেত্ৰখনকেই সাঙুৰি লোৱা নাই। ই সেই সময়ৰ সাহিত্য, ধৰ্ম,সমাজতত্ত্ব,কলা সমালোচনা আৰু দৰ্শনৰ জগতখনতো ব্যাপক আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁৰ ৰচনাৰাজিৰ জৰিয়তে এটা অতি জটিল প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছিল। প্ৰশ্নটো হ’ল- আমি কিহৰ দ্বাৰা পৰিচালিত? আহক আমি লেখাটোৰ জৰিয়তে ইয়াৰ উত্তৰ সন্ধান কৰিবলৈ চেষ্টা কৰো।

আমি কিহৰ দ্বাৰা পৰিচালিত?

আধুনিক বিজ্ঞান অথবা দৰ্শনৰ এটা জটিল প্ৰশ্ন হৈছে- মানুহ কিহৰ দ্বাৰা পৰিচালিত? মানুহ কেৱল প্ৰকৃতিৰ এটা অংশহে নেকি? মানুহ এটা স্বতন্ত্ৰ সত্ত্বা নহয় নেকি? মানুহে যি কৰে, যি কয়, যি ভাৱে এই সকলোবোৰ কিবা শক্তিৰ দ্বাৰা পৰিচালিত নে? যদি পৰিচালিত তেনেহ’লে এই শক্তিৰ স্বৰূপ কেনেকুৱা? এনেবোৰ প্ৰশ্নৰ সঠিক উত্তৰ আমি বিজ্ঞানৰ ওচৰতো নাপাওঁ, [পালেও যিবোৰ আমাৰ সন্তোষজনক নহয়] দৰ্শনৰ ওচৰতো নাপাওঁ।  এইবোৰ উত্তৰ বিচাৰিবলৈ হ’লে আমি বিজ্ঞানৰ সিদ্ধান্তবোৰো দৰ্শনেৰে আৰু দাৰ্শনিক সিদ্ধান্তবোৰো বিজ্ঞানেৰে চালি-জাৰি চাব লাগিব। এক কথাত ক’বলৈ গ’লে এনেবোৰ প্ৰশ্নৰ উত্তৰত পৰিপূৰকতা বিৰাজ কৰে। অৰ্থাৎ এই প্ৰশ্নবোৰৰ উত্তৰ দ্বৈত।  সাধাৰণীকৰণৰ খাতিৰত আমি আলোচনা কৰিব বিচৰা প্ৰশ্নটো এটা বাস্তৱিক জীৱনৰ উপমাৰে বিচাৰ কৰি চাওঁ আহক। 

ধৰা হওঁক এটা সৰু ল’ৰাই ৰাস্তাত পৰি থকা শিলগুটি বুটলি লৈছে আৰু বিশেষ একো লক্ষ্য নোহোৱাকৈ অৰ্থহীন ভাৱেই  ৰাস্তাৰ কাষতে থকা পথাৰ খনলৈ দলি মাৰি দিছে। ধৰি লওঁক শিলগুটিটো এটা সময়ত লাহে লাহে ওপৰলৈ উঠিছে আৰু এটা সময়ত গৈ সৰ্ব্বোচ উচ্ছতাত উপনীত হৈছেগৈ। আকৌ ই লাহে লাহে তাৰ আনুভূমিক গতি আৰম্ভ কৰিব আৰু পৃথিৱীৰ ভূমিত আহি পতিত হ’ব। পদাৰ্থ বিজ্ঞানত এনেবোৰ গতিক ‘প্ৰক্ষেপ্যৰ গতি’ বুলি কোৱা হয়। আমি যদি এটা সাধাৰণ আৰু প্ৰায় সুস্থ মানৱী জীৱনৰ কথা বিবেচনা কৰি চাওঁ তেতিয়া নিশ্চয় সেই ল’ৰাজনে দলিওৱা শিলগুটিটোৰ লগত আমাৰ জীৱনবোৰৰ আংশিক হ’লেও তুলনা বিচাৰি পাম। আমাৰ জীৱনটোও জানো সেই শিলগুটিটোৰ দৰেই নহয় ? 

জন্ম হৈয়ে এজন মানুহে ল’ৰালিকাল, যৌৱনকাল, প্ৰৌঢ়কাল আৰু বৃদ্ধকালৰ মাজেদি আহি মৃত্যুক আঁকোৱালি নলয় নে? এতিয়া কথা হ’ল এটা ‘প্ৰক্ষ্যেপৰ গতি’ যেনেকৈ কিছুমান নিৰ্দিষ্ট সূত্ৰৰ দ্বাৰা পৰিচালিত তেনেকৈ মানুহৰ জীৱনবোৰো কিছুমান সূত্ৰৰ দ্বাৰা পৰিচালিত নিশ্চয়। এতিয়া আমাৰ কাম হ’ল বিভিন্ন বৈজ্ঞানিক, দাৰ্শনিক আৰু মনোবৈজ্ঞানিক তত্ত্বৰ সহায়েৰে আমাৰ প্ৰশ্নবিলাকৰ উত্তৰ আলোচনা কৰা।  

মই কোন?

যদিও আমি মানুহৰ জীৱনৰ গতিক এটা শিলগুটিৰ গতিৰ সৈতে তুলনা কৰিছো, শিলগুটিটোৰ কোনো চেতনা শক্তি নাই বা ই নিজকে নিজ ইচ্ছাৰ দ্বাৰা পৰিচালিত কৰিব নোৱাৰে। কিন্তু আমি নিজকে নিজ ইচ্ছাৰ দ্বাৰা পৰিচালিত কৰিব পাৰো অথবা আমাৰ চেতনা শক্তি আছে। যি চেতনা শক্তিৰ দ্বাৰা আমি আমাৰ অস্তিত্ববোধ অনুভৱ কৰো,এই অস্তিত্ববোধেই হ’ল মানুহৰ ‘অহং’ বা  ‘মই’ ভাৱ। আমি কিহৰ দ্বাৰা পৰিচালিত তাৰ প্ৰাথমিক উত্তৰটো হ’ল মানুহ ‘অহং’ৰ দ্বাৰা পৰিচালিত। কিন্তু আমি বিচৰা উত্তৰ এইটো নহয় । আমি যি উত্তৰ বিচাৰিছো তাৰ পৰিস্কাৰ প্ৰশ্নটো হ’ল – মানুহৰ ‘অহং’ কিহৰ দ্বাৰা প্ৰভাৱিত বা পৰিচালিত অথবা মানুহৰ অহংক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱিত কৰা কাৰকবোৰ কি কি? 

মূল আলোচনাৰ বিষয়লৈ যোৱাৰ আগতে পাঠক সকলে বিষয়বস্তুৰ গভীৰতা অনুধাৱন কৰিব পৰাকৈ এটা প্ৰশ্নৰ অৱতাৰণা কৰো। ধৰি লওঁক আপুনি আপোনাৰ বন্ধুৰ সৈতে কথা পাতিছে, আপুনি কৈছে  – “কি কবি অ’ ৰবীন এইকেইদিন মোৰ গাটো কিবা ভাল লাগি থকা নাই,পঢ়া-শুনাও ভালদৰে কৰিব পৰা নাই। সেই কাৰণে মোৰ মনটোও বৰ ভাল লাগি থকা নাই।” আকৌ, আপোনাৰ বন্ধু ৰবীনে উত্তৰ দিছে – “এ বাদ দে ৰমেন। এই কেইদিন গা-মনৰ ভাল লগা, বেয়া লগাৰ কথা ভাবি লাভ নাই। তই মানুহ হৈ জন্ম হৈছো যেতিয়া পঢ়ি-শুনি কিবা এটাটো কৰিবই লাগিব।” এতিয়া, আমি এই কথোপ-কথনটোৰ বিশ্লেষণ কৰি আমি বিচৰা প্ৰশ্নটো সংশ্লেষণ কৰো আহক। 

কথোপকথনটোৰ পৰা আমি গম পাইছো যে আপোনাৰ নাম ৰমেন । আপুনি উল্লেখ কৰিছে যে আপোনাৰ গাটো অথবা শৰীৰটো এই কেইদিন ভাল নাই। আপোনাৰ মনটোও এই কেইদিন ভাল নাই। এই আপুনি যে ক’লে মোৰ গাটো বা  মোৰ শৰীৰটো, ইয়াৰ অৰ্থ নিশ্চয় এইটো যে, এই শৰীৰটো আপোনাৰ কিন্তু শৰীৰটো আপুনি নহয়। আকৌ আপুনি যে কৈছে মোৰ মনটো এই কেইদিন ভাল নাই ইয়াৰ অৰ্থ এইটো নহয়নে যে এই মনটো আপোনাৰ কিন্তু মনটো আপুনি নহয়। এতিয়া আমাৰ প্ৰশ্ন হ’ল তেন্তে আপুনি কোন? এই শৰীৰটো যদি মই নহয়, এই মনটো যদি মই নহয় তেন্তে মই কোন? বা এই ‘মই’ বোলা বস্তুটো কি? এই আলোচনাত আমি পোন প্ৰথমে এই প্ৰশ্নটোৰ উত্তৰ সন্ধান কৰিম তাৰ পাছতহে আমি জীৱন আৰু জগতৰ আনবোৰ প্ৰশ্নৰ উত্তৰ সন্ধান কৰিম। মই কোন বা মই কি? এই প্ৰশ্নটোৰ উত্তৰ বিজ্ঞানৰ হাততো নাই, দৰ্শনৰ হাততো নাই। 

এই প্ৰশ্নটোৰ উত্তৰ আজিলৈকে কোনো চিন্তাশীল ব্যক্তিয়েই সৰ্বগ্ৰহণযোগ্যভাৱে দিব পৰা নাই। আমিও এবাৰ আলোচনা কৰি চোৱাত আপত্তি নাই। কিন্তু মই ব্যক্তিগতভাৱে মোৰেই দৰে দুই এজন সাধাৰণ মানুহক এই প্ৰশ্নটো সোধো [‘মই কোন?’-প্ৰশ্নটো] তেতিয়া কিছুমানে নিজৰ নামটো কয়, যেনে ৰমেন। ই এটা নামহে মাথো। আন কিছুমানে কয়- মই মানুহ আক’। কিন্তু এইবোৰ উত্তৰ ধেমেলীয়া বা মূৰ্খৰ উত্তৰহে। ৰমেন নামটো আপোনাক আন মানুহে চিনি পাবৰ বাবে দি লোৱা নামহে। ৰমেন আপুনি নহয় বা আপুনি যদি কয় আপুনি মানুহ সেইটো তাৰ প্ৰকৃত উত্তৰ নহয়। আপুনি যে মানুহ সেই আন জীৱ বা প্ৰাণীৰ শাৰিৰীক আকৃতি ৰ তুলনাতহে। এই প্ৰশ্নটোৰ উত্তৰৰ বাবে চকুৰে দেখা জগতখনৰ বিশ্লেষণত ব্যস্ত থকা বিজ্ঞানৰ গৱেষণালৈ বাট চাই থাকিলে নহ’ব। এই প্ৰশ্নটোৰ উত্তৰ আমি দাৰ্শনিক অনুভূতিৰেহে দিব পাৰিম। মই যদি দুচকু জপাই লৈ নিজৰ অস্তিত্বৰ বিষয়ে অনুভৱ কৰোঁ অতি শান্তভাৱে নিজৰ বৈষয়িক চিন্তাৰ চাপ পৰিহাৰ কৰি নিজৰ মনৰ ভিতৰতে উচ্ছাৰণ কৰো – মই, মই….। তেতিয়া আমাৰ অনুভূতি কেনেকুৱা ধৰণৰ হ’ব? 

সিদ্ধান্তঃ

এতিয়া যদি নিজৰ মনৰ ভিতৰতে নিজকে প্ৰশ্ন কৰোঁ – মই কোন? মই কি? ইয়াৰ উত্তৰ কেনেধৰণৰ হ’ব পাৰে। মইটো মাথো  এটা দেহ নহয়, এটা মাথো পদাৰ্থপুঞ্জ নহয় বা মই ভাৰতীয় দৰ্শনত কোৱাৰ দৰে নিজে এটা অজৰ-অমৰ আত্মা নহয়। যদি মই কেৱল আত্মাই তেনেহ’লে মোৰ এই দেহৰ অনুভৱ অস্তিত্ব কিয় ইটো নিশ্চয় ভ্ৰান্ত হ’ব নোৱাৰে। আকৌ মই যদি কেৱল পদাৰ্থপুঞ্জ হ’লোহেঁতেন,তেতিয়াহলে এই পদাৰ্থপুঞ্জক মোৰ চেতনাৰে কেনেকৈ অনুভৱ কৰিছো। এতিয়া, আমি যদি ‘মই কোন? বা মই কি? অথবা এই ‘অহং’ শক্তি’ বা ‘মই’ ভাৱনাটো কি? এই প্ৰশ্নটো কৰো তেতিয়া ইয়াৰ উত্তৰ হ’ব দ্বৈত প্ৰকৃতিৰ। মই আত্ম, মই দেহো। আৰু দুয়োটা বস্তুৱেই এটা আনটোৰ পৰিপূৰক। দেহ অবিহনে আত্মাৰ অস্তিত্ব নাই আৰু আত্মা অবিহনে দেহৰ অস্তিত্ব নাই।

এই কথাখিনি এইবাবেই অৱতাৰণা কৰা হ’ল যে, ‘মই’ অৰ্থাৎ আত্মাভাৱৰ সঠিক ভাৱে অনুভৱ নকৰাকৈ যিকোনোধৰণৰ মনস্তাত্বিক আলোচনা অসম্পূৰ্ণ হৈ পৰে। এই ভাৱক কেন্দ্ৰ কৰিয়েই আমাৰ সকলোবোৰ ভাব, অনভূতি আৰু বোধৰ উৎপতি হয়। ‘মই’ আৰু ‘মোৰ’ এই দুটাই হৈছে আমাৰ প্ৰাথমিক ভাব আৰু ইয়াক কেন্দ্ৰ কৰি আমাৰ জগত সম্পৰ্কে ধাৰণাৰ গঢ় লৈছে – এই কথাষাৰ সকলোৱে অনুভৱ কৰিব পাৰিব যদিহে আপুনি নিজৰ মনৰ মাজতে কিছু সময় মৌন হৈ ধ্যান কৰে। 

এই একেখিনি কথাকে যদি আমি বিজ্ঞানৰ দৃষ্টিৰে চাওঁ তেতিয়া আমি দেখিম যে, এই ‘মই’ হৈছে এক চৈতন্য অৰ্থাৎ চেতনাসম্পন্ন শক্তি আৰু ইয়াৰ বাহিৰে আন সকলোবোৰ হৈছে অচৈতন্য  বা চেতনাহীন পদাৰ্থ। চৈতন্যই অচৈতন্যক অনুভৱ কৰিব পাৰে , বিশ্লেষণ কৰিব পাৰে আৰু সংশ্লেষণ কৰিব পাৰে। যাক আমি জ্ঞান বুলি কওঁ আৰু চেতনাৰ আন এটা ধৰ্ম হৈছে চেতনাই পদাৰ্থক নিয়ন্ত্ৰণ কৰিব পাৰে। যাক আমি কৰ্ম বুলি কওঁ। 

এতিয়া আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰো যে, এইজগত দুটা উপাদানেৰেই সমষ্টি চেতনা আৰু পদাৰ্থ। চেতনা আছে বাবেই পদাৰ্থ আছে আকৌ পদাৰ্থ আছে বাবেই চেতনা আছে। এটা আনটোৰ পৰিপূৰক। এটা অবিহনে আনটোৰ অস্তিত্ব নাই। এতিয়া আমি আৰু অধিক দৰ্শনৰ জটিলতাৰ মাজলৈ যাব নিবিচাৰো। এতিয়া আমাৰ কাম হ’ব বিশ্বৰ কেইজনমান মনোবিজ্ঞানী অথবা দাৰ্শনিক ৰ কান্ধত উঠি আমাৰ এই ক্ষুদ্ৰ মানৱী জীৱনটো কিহৰ ভিত্তিত পৰিচালিত তাক বিচাৰ-বিশ্লেষণ কৰি এক সন্তোষজনক সিদ্ধান্তত উপনীত হোৱা। 

ছিগমুণ্ড ফ্ৰয়েড আৰু মনোবিজ্ঞান

আধুনিক মানুহৰ চিন্তা আৰু দৰ্শক আলোড়িত কৰা যিসকল ব্যক্তি আছে তেওঁলোকৰ ভিতৰত অষ্ট্ৰিয়া দেশত জন্মগ্ৰহণ কৰা ছিগমুণ্ড ফ্ৰয়েড অন্যতম। আধুনিক মানুহৰ চিন্তাত  নিউটনৰ বলবিজ্ঞান,ডাৰউইনৰ বিৱৰ্তনবাদ,মাৰ্ক্সৰ সাম্যবাদৰ যি প্ৰভাৱ সেই একে প্ৰভাৱৰে প্ৰভাৱ বিস্তাৰ কৰি আছে ছিগমুণ্ড ফ্ৰয়েডে প্ৰতিষ্ঠা কৰে  মনোবিশ্লেষণ [psycoanalysis] অথবা আধুনিক মনোবিজ্ঞানে। কুৰি শতিকাত জন্মগ্ৰহণ কৰা কোনো দাৰ্শনিক নাইবা মনোবিজ্ঞানীয়েই ফ্ৰয়েডৰ চিন্তাৰাজিক অতিক্ৰম কৰিব পৰা নাই। আধুনিক মনোবিজ্ঞানসকলে সি দেখিছে সেয়া ফ্ৰয়েডৰ কান্ধত থিয় হৈহে দেখিছে। বহুতো মনোবিজ্ঞানীয়ে ফ্ৰয়েডীয় তত্বৰ দোষ-ত্ৰুটি নাইবা অভাৱ দুৰ্বলতাবোৰ আঙুলিয়াই দিছে তথাপি আজিও ফ্ৰয়ডৰ যি মানৱ দৰ্শন বা মনস্তত্ব সি আপোনজ্যোতিৰে জ্যোতিষ্মান। 

ফ্ৰয়েডীয় দৰ্শন

ফ্ৰয়েডীয় দৰ্শন বা মনোবিশ্লেষণৰ মূল ভিত্তি হ’ল যৌনতা বা কাম প্ৰবৃত্তি, ঈৰ্ষা-বিদ্বেষ আৰু উদ্বিগ্নতা। ফ্ৰয়েডে তেওঁৰ দৰ্শনৰ সহায়ত মানুহৰ যিটো আৰ্হি বা মডেল প্ৰতিষ্ঠা কৰিছে সেই মডেলত ডাৰউইনৰ বিৱৰ্তনবাদৰ প্ৰভাৱ সুস্পষ্ট। ফ্ৰয়েডৰ ৰচনাৰাজিত এই ধাৰণা স্পষ্ট যে মানুহ, বাঘ-সিংহ, বান্দৰ আদি জীৱ-জন্তুৰ পৰা ক্ৰম-বিৱৰ্তিত হৈ আজিৰ অৱস্থা পোৱা এক প্ৰকাৰৰ সামাজিক জন্তুহে। সেয়ে তেওঁ সিদ্ধান্ত ল’ব পাৰিছিল যে আনবোৰ জীৱ-জন্তুৰ দৰে মানুহকো মুখ্যতঃ পৰিচালিত কৰে কাম প্ৰবৃত্তি আৰু নিজৰ শ্ৰেষ্ঠতাৰ প্ৰতিপন্নৰ বাবে আশ্ৰয় লোৱা হিংসা আৰু বিদ্বেষে। 

ইয়াৰোপৰি ফ্ৰয়েডীৰ দৰ্শনৰ আৰু এটা বৈশিষ্ট্য হ’ল নিৰ্জ্ঞান মনৰ ধাৰণাৰ অৱতাৰণা। ফ্ৰয়েডৰ আগলৈকে  কোনো দাৰ্শনিক বা মনোবিজ্ঞানীয়ে মানুহৰ আচৰণ আৰু কৰ্ম-কাণ্ডত নিজৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ বাহিৰৰ নিৰ্জ্ঞান বা অচেতন মনৰ অস্তিত্ব সম্পৰ্কে চিন্তা-চৰ্চা কৰা নাছিল। ফ্ৰয়েডে মানুহৰ মনটোক সাগৰত উপঙি থকা এটুকুৰা বৰফৰ সৈতে তুলনা কৰিছিল। বৰফটুকুৰাৰ অধিকাংশই যিদৰে পানীৰ ভিতৰত ডুবি থকাৰ বাবে অদৃশ্য হৈ থাকে তেনেকৈ মানুহৰ মনটোও প্ৰায় ৯০ শতাংশই মানুহৰ প্ৰত্যেক্ষ চেতনাৰ বাহিৰত থাকে। অৰ্থাৎ মানুহৰ চেতনাৰ প্ৰভাৱ মনটোৰ প্ৰায় ১০ শতাংশতহে বিদ্যমান। বাকী প্ৰায় ৯০ শতাংশইহে মূলতঃ  মানুহক নিয়ন্ত্ৰণ কৰে। 

চেতন, অৱচেতন আৰু প্ৰাক-চেতন মন

অৰ্থাৎ  ফ্ৰয়েডৰ যুক্তি মতে মানুহৰ চেতন মনে অধিকাংশ কাৰ্য-কলাপ কৰে মনৰ এই অৱচেতন বা অনিয়ন্ত্ৰিত অংশ প্ৰয়োজন পূৰাবৰ বাবেহে। ফ্ৰয়েডে যিদৰে মানুহৰ নিৰ্জ্ঞান মন বা অচেতন মনৰ অৱতাৰণা কৰিছিল,সেইদৰে  তেওঁ মনৰ সজাগতাৰ সম্পূৰ্ণ ব্যাখ্যা  আগবঢ়াবলৈ গৈ ইয়াক তিনিটা স্তৰত ভাগ কৰিছিল অচেতন বা নিৰ্জ্ঞান মন [unconcious mind] প্ৰাক-চেতন মন [pre concious mind] আৰু চেতন মন বা জ্ঞান মন [concious mind]।  মানুহৰ মনৰ অচেতন স্তৰ সেইবোৰ চিন্তা, আবেগ-অনুভূতিৰে পূৰ্ণ  যিবোৰৰ প্ৰতি আমি সজাগ নহয় অথচ সেইবোৰে আমাৰ চেতন স্তৰৰ ক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰে। 

ফ্ৰয়েডৰ মতে, আমাৰ ভোক-পিয়াহ,যৌন কামনা ইত্যাদি জৈৱিক প্ৰবৃত্তিবোৰ হ’ল অচেতন মনৰ মূখ্য  সামগ্ৰী। আকৌ, প্ৰাক-চেতন মন [pre concious mind] সেইবোৰ উপাদানেৰে পূৰ্ণ যিবোৰ কোনো এজন ব্যক্তি বৰ্তমান সময়ৰ চেতনাৰ বাহিৰত অথচ সেইবোৰ কিছু চেষ্টাৰ বলতেই চেতনা মনলৈ আনিব পাৰি। সৰ্বশেষত আহিল চেতন মন [concious mind] । চেতন মন সেইবোৰ চিন্তা, আবেগ, অনুভূতি আৰু সংবেদনেৰে পূৰ্ণ যিবোৰৰ প্ৰতি কোনো এজন ব্যক্তি সেই মুহূৰ্তত সজাগ আৰু সচেতন। চেতন মন একে সময়তে বাহ্যিক জগতৰ প্ৰতিও সজাগ আৰু লগতে ই মনৰ অন্তৰ্ভাগৰ লগতো সকলো সময়তে সম্পৰ্ক ৰাখে। ফ্ৰয়েডৰ তত্ত্বমতে, মনৰ অচেতন স্তৰৰ উপাদানে প্ৰায়ে চেতন স্তৰলৈ উঠি আহিব বিচাৰে। ফ্ৰয়েডৰ মতে এইবোৰ উপাদানেই হ’ল আমাৰ মনত কেতিয়াবা কেতিয়াবা দেখা দিয়া অসামাজিক উদ্ভূত চিন্তা বা কল্পনা। 

যদিও ফ্ৰয়েডে তেওঁৰ মনোবিশ্লেষণৰ তত্ত্বত অচেতন মনৰ ধাৰণাক এক গুৰুত্বপূৰ্ণ স্থান দিছে তথাপিও বহুতো দাৰ্শনিক আৰু মনোবিজ্ঞানীয়ে অচেতন মনৰ ধাৰণাটো মানি ল’ব খোজা নাই। তেওঁলোকৰ মত এই যে, মানুহ সম্পূৰ্ণৰূপে এক স্বাধীন সত্ত্বা। মানুহে প্ৰতিটো কাম কৰোঁতে নিজেই সিদ্ধান্ত লয় নিজৰ চিন্তা আৰু যুক্তিৰ সামৰ্থ্য অনুযায়ী। ইয়াৰ ওপৰত কোনো অচেতন মনৰ প্ৰভাৱ অথবা প্ৰৰোচনা নাথাকে। সম্প্ৰতি ফ্ৰয়েডৰ অচেতন মনৰ ধাৰণাটো পৰীক্ষামূলক মনোবিজ্ঞানী সকলেও নাকচ কৰিছে। 

বহুতো মনোবিজ্ঞানীয়ে ফ্ৰয়েডৰ মনোবিশ্লেষণক বিজ্ঞান বুলিও অভিহিত কৰিবলৈ টান পায়। কিয়নো ফ্ৰয়েডৰ ধাৰণাবোৰৰ কোনো প্ৰমাণিত তথ্য পাতি পাবলৈ নাই। ফ্ৰয়েড আছিল মূলতঃ এজন স্নায়ু বিশেষজ্ঞ চিকিৎসক। তেওঁ মনোবিশ্লেষণৰ  ধাৰণাবোৰ বিকাশ কৰিছিল কিছুমান মানসিক আৰু স্নায়ুৰোগীৰ চিকিৎসাৰ সময়ত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিতহে। সেই ফালৰ পৰা চাবলৈ গ’লে ফ্ৰয়েডৰ মনোবিশ্লেষণ হ’ল মনৰ এক দাৰ্শনিক বিশ্লেষণহে। কিয়নো এই বিশ্লেষণ  বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰিব পৰাকৈ প্ৰামাণিক তথ্য পাতি নাই। কিন্তু এই কথা স্বীকাৰ কৰিবই লাগিব যে সমগ্ৰ কুৰি শতিকা জুৰি অথবা আজিৰ তাৰিখলৈকে  ফ্ৰয়েডৰ মনোবিশ্লেষণ হ’ল মনোৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰা এক সফল আৰু অপ্ৰতিদ্বন্দী চিকিৎসা কৌশল।

শেষ উত্তৰ

সামৰণিত আমি যদি আমাৰ প্ৰশ্নটোৰ আকৌ এবাৰ অৱতাৰণা কৰো তেন্তে তাৰ ফ্ৰয়েডীয় উত্তৰটো হ’ব-মানুহ জৈৱিক প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত যি মানুহৰ বংশগতিৰ ধাৰা অব্যাহত ৰখাৰ লগতে জীৱনৰ নিৰাপত্তাৰ সৈতে পোনপটীয়াকৈ জড়িত।

আৰু পঢ়ক সাম্প্ৰতিক অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ

5 1 vote
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] এই ‘ব্যক্তি মনোবিজ্ঞান’ তত্ত্বটো ফ্ৰয়েডৰ ‘মনোবিশ্লষণ’ তত্ত্বৰ সম্পূৰ্ণ বিপৰীত ধৰ্মী বুলি কʼব পাৰি […]

2
0
Would love your thoughts, please comment.x
()
x