তথ্যকোষসাময়িকী

মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি কবিতাটোৰ বিষয়বস্তুঃ

অসমীয়া সাহিত্যত চিত্ৰকল্পবাদী ৰীতিৰ আৰ্হি প্ৰকাশ কৰাৰ ক্ষেত্ৰত নীলমণি ফুকন এজন অন্যতম দিকদৰ্শনকাৰী কবি। ‘মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি’ কবিতাটোত কবিৰ এটা ব্যক্তিগত অভিজ্ঞতাক সাৰ্বজনীনৰূপে ব্যৱহাৰ কৰিছে। কবিতাটোৰ মাজত গ্ৰাম্যজীৱনৰ এক সুন্দৰ চিত্ৰ ফুটি উঠিছে। সাধাৰণতে গ্ৰাম্য সমাজত বহুতো মহিলা আছে যিসকলে দাৰিদ্ৰতাৰ লগত সংগ্ৰাম কৰি জীৱন অতিবাহিত কৰে। তেনেধৰণৰ মানুহৰ যিটো সংগ্ৰাম; সেই সংগ্ৰামেই কবিতাটোৰ মূল বক্তব্য।

কবিয়ে কবিতাটোৰ নাম দিছে- ‘মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি’। কবিতাটোৰ নামকৰণতে এটা কৰুণ ৰস সোমাই আছে। গুৱাহাটীৰ ওচৰৰ আজাৰা নামৰ ঠাইত যিগৰাকীয়ে ঢেঁকীয়া শাক বিক্ৰী কৰিছে তেওঁ এগৰাকী দৰিদ্ৰ মহিলা। যিগৰাকীয়ে হয়তো দুবেলা দুসাঁজ পেট ভৰাই খাবলৈ নাপায়। পেট ভৰি খাবলৈ নোপোৱা মানুহৰ হাড়-ছাল যেতিয়া নিস্তেজ হৈ যায় তেতিয়া ঢেঁকীয়া ঠাৰিৰ দৰে শিৰা-উপশিৰাবোৰ ওলাই পৰে। কবিতাটোৰ নামকৰণত এটা শ্লেষ লুকাই আছে। মুঠি মুঠিকৈ বান্ধি অনা ঢেঁকীয়া শাকৰ লগত কবিয়ে সেই মহিলাগৰাকীৰ আঙুলিবোৰ তুলনা কৰিছে।

কবিয়ে ‘আজাৰাৰ আন্ধাৰত তয়ে বেচ’ বুলি সেই সময়ত আজাৰাৰ ঠাইখিনিলৈ আন্ধাৰ নামি অহাৰ লগতে মহিলাগৰাকীৰ জীৱনলৈও আন্ধাৰ নামি অহাৰ কথা ক’ব বিচাৰিছে। কাৰণ সেই সন্ধিয়া সময়ছোৱাত এগৰাকী মহিলাই ঢেঁকীয়া শাক বিক্ৰী কৰিবলৈ ৰৈ আছে। ঢেঁকীয়া শাক বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে যেতিয়া তেওঁৰ জীৱনলৈ সঁচাকৈয়ে আন্ধাৰ নামি আহিছে। ‘আজাৰাৰ আন্ধাৰত তেয় বেচ’ বুলি কবিয়ে ‘তই’ সম্বোধন কৰি কেৱল সেইগৰাকী মহিলাৰ কথাকে কোৱা নাই এনে বহু নিঃসম্বল মহিলা আছে যিসকলে এমুঠি অন্নৰ বাবে বজাৰত ঢেঁকীয়া শাক বিক্ৰী কৰে।

কবিয়ে সেই মহিলাগৰাকীক ‘বাই’ বুলি সম্বোধন কৰি আন্তৰিকতা গঢ়ি তুলি তেওঁৰ দুখৰ বুজ ল’বলৈ চেষ্টা কৰিছে। গ্ৰাম্য সমাজত এনে বহুতো মহিলা আছে যিবোৰ দৰিদ্ৰতাৰ মাজেৰেই জীৱন কটাইছে। গতিকে কবিয়ে সেই মহিলাগৰাকীক এখন গাঁৱৰ বুলি নিৰ্দিষ্টকৈ কৈ দিব খোজা নাই। ‘মৰেনে মানুহ তাত’ বুলি কৈ কবিয়ে এটা ব্যৰ্থতা প্ৰকাশ কৰিছে মানুহ মৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, মৃত্যু নিশ্চিত বুলি জানিও মানুহে মৰিব নিবিচাৰে। কবিয়ে জানে যে মহিলাগৰাকী বাস কৰা গাঁৱত মানুহ মৰে। কিন্তু ‘মৰেনে মানুহ তাত’ বুলি কৈ মহিলাগৰাকীৰ  যিটো বেদনা; অপ্ৰাপ্তিৰ বেদনা এই বেদনাখিনি আৰু প্ৰকট কৰি তুলিবৰ কাৰণে মানুহৰ মৃত্যুৰ প্ৰসংগটো আনিছে।

আকণ গছ চিৰসেউজীয়া হ’লেও বিষ গছ। কবিয়ে এই গছজোপাৰ জৰিয়তে আচলতে গ্ৰাম্য মহিলাৰ অভাৱ, বিষেৰে পৰিপূৰ্ণ এটা জীৱনৰ কথা কৈছে। তেওঁলোকৰ জীৱন বিষেৰে পৰিপূৰ্ণ হ’লেও জীয়াই থকাৰ এটা প্ৰৱল স্পৃহা আছে। গ্ৰাম্য সমাজৰ অন্যতম এটা প্ৰয়োজনীয় বস্তু হৈছে পুখুৰী। পুখুৰীত মানুহে মাছ জীয়াই ৰাখে কেতিয়াবা আকালৰ দিনত খাবলৈ নাইবা মাছ বিক্ৰী কৰি দুপইচা অৰ্জন কৰিবলৈ। ইয়াৰ মাজেদি কবিয়ে অভাৱ পীড়িত মানুহৰ জীৱনৰ কথাকে ইংগিত কৰিছে।

গ্ৰাম্য জীৱনটোৱেই যেন অভাৱৰ জীৱন। তাতে যদি তেওঁৰ স্বামী নাথাকে তেতিয়াহ’লে তেওঁৰ জীৱনটো বেছি যন্ত্ৰণাদায়ক হ’ব পাৰে। কবিয়ে কবিতাটোৰ আৰম্ভণিতে ইংগিত দিছে যে, মহিলাগৰাকীয়ে ঢেঁকীয়া বেচি আছে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তেওঁৰ স্বামী হয়তো ক’ৰবালৈ ওলাই গৈছিল আৰু বৰ্তমানলৈকে ঘূৰি অহা নাই।

বাইৰ গাওঁখন হয়তো নৈপৰীয়া। নৈপৰীয়া গাওঁবোৰত সঘনে বানপানী হয়। বেৰখন ফুটা যদিও পোনপটীয়াকৈ বাইৰ ঘৰলৈ নদী এখন সোমাই আহিব নোৱাৰে। সোমাই আহিব পাৰে নদীৰ ঢল। ‘মাজৰাতি’ শব্দটোৰ মাজেৰে বানপীড়িত অঞ্চলৰ দুৰৱস্থাৰ ভয়ংকৰ ৰূপটোৰ কথা কবিয়ে ক’ব বিচাৰিছে।

দৰিদ্ৰক্লিষ্ট মানুহে হয়তো উজাগৰি ৰাতি কটাব পাৰে। কাঞ্চন গছৰ আন্ধাৰৰ মাজেৰে মহিলাগৰাকীৰ যন্ত্ৰণাৰ কথা ক’ব বিচাৰিছে। আৰু মহিলাগৰাকীৰ অন্ধকাৰ জীৱনৰ কথা কবিয়ে ক’ব বিচাৰিছে।

কবিয়ে শেষত আকৌ সুধিছে ‘বাই তোৰ কোন গাঁৱত ঘৰ’। ইয়াৰ দ্বাৰা কবিয়ে সঁচাকৈয়ে সুধিব খোজা নাই তেওঁৰ গাওঁখন ক’ত কবিয়ে জানে যে ঢেঁকীয়া বিক্ৰী কৰা সেই মহিলাগৰাকী নিশ্চিতভাৱে কোনো অভাৱপীড়িত অঞ্চলৰে হয়। কবিয়ে কৈছে যে ‘পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত’। কলিজাত মানুহে জেতুকা লগাব নোৱাৰে। কলিজা এনেয়েও ৰঙা। কবিয়ে তেওঁৰ দুখখিনিক ‘ফাটি যোৱা কলিজাত’ শব্দটো ব্যৱহাৰ কৰি আৰু বেছি তীব্ৰ কৰি তুলিছে। তেওঁৰ অত্যন্ত দুখ, পূঞ্জীভূত বেদনা আছে। তেওঁক অকল দাৰিদ্ৰই জৰাগ্ৰস্ত কৰা নাই, প্ৰাথমিক দুৰ্যোগেও সৰ্বশ্ৰান্ত কৰিছে। এনেধৰণৰ অসংখ্য বেদনা আছে। এই সমস্ত বেদনাবোৰ তেওঁ আনৰ আগত ব্যক্ত নকৰি ফাটি যোৱা কলিজাত ঢালি ৰাখিছে।

এই সকলোবোৰ কথা কবিতাটোৰ মাজেৰে খুব সুন্দৰকৈ প্ৰকাশ পাইছে।  

5 2 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x