আজিৰ বাতৰি-আজিৰ শিৰোনাম
আজিৰ সংবাদ শীৰ্ষ–১৭ ডিচেম্বৰ,২০২০ চন
ৰাজ্যিক-
১) শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত হোৱা অভিৱৰ্তনত অসম জাতীয় পৰিষদত যোগদান আছুৰ সদ্যপদত্যাগী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। এজেপিক সম্পূৰ্ণ সমৰ্থন দিব আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
২) প্ৰসাৰ ভাৰতীৰ স্থিতি স্পষ্ট – বন্ধ নহয় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কোনো আকাশবাণী কেন্দ্ৰ।
৩) তিৱা স্বায়ত্ত শাসিত পৰিষদত আজি ভোটযুদ্ধ। এতিয়ালৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে এজন।
উৎস – অসমীয়া প্ৰতিদিন
ৰাষ্ট্ৰীয় –
১) ভাৰতৰ উচ্চতম ন্যায়ালয়ত ভৎসৰ্না কেন্দ্ৰীয় চৰকাৰক- অতি শীঘ্ৰে সমাধান কৰক এই সমস্যাৰ। এই কৃষি বিলৰ বিৰোধিতা কৰি গুলীয়াই আত্মহত্যা এজন প্ৰতিবাদী কৃষকৰ।
২) দেশৰ মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাঙ্কৰ ঘোষণা -২০২১ৰ পৰা বছৰত চাৰিবাৰকৈ অনুষ্ঠিত হ’ব জে ই ই পৰীক্ষা। ফেব্ৰুৱাৰী, মাৰ্চ,এপ্ৰিল আৰু মে’ত অনুষ্ঠিত হ’ব এই পৰীক্ষা।
৩) ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিদ ১৯ প্ৰতিৰোধী কভাক্সিন ভেকচিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পন্ন। কভাক্সিন সুৰক্ষিত প্ৰতিপন্ন হৈছে প্ৰথম পৰ্য্যায়ত।
৪) ৰাষ্ট্ৰসংঘৰ মানৱ বিকাশ সূচকাংকত ভাৰতৰ স্থান ১৩১। পূৰ্বতকৈ দুটা স্থান পিছুৱালে ভাৰতে।
উৎস – হিন্দুস্তান টাইম্ছ
আন্তঃৰাষ্ট্ৰীয়-
১) অহা বৰ্ষৰ জুলাইলৈ ৰাছিয়াৰ সহযোগত পাকিস্তানে নিৰ্মাণ সম্পূৰ্ণ কৰিব ১১০০ কিলোমিটাৰৰ এল এন জি পাইপলাইনৰ।
২) অহা ফেব্ৰুৱাৰীলৈ ব্ৰাজিলত ব্যৱহাৰ কৰা হ’ব কোভিদ ১৯ প্ৰতিৰোধী এষ্ট্ৰেজেনেকা আৰু চিন’ভেক ভেকচিন।
৩) বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নী – ২০২১ ৰ প্ৰথমভাগত ইউৰোপত পুনৰ বৃদ্ধি হ’ব পাৰে কোভিদ ১৯ৰ সংক্ৰমণ।
৪) আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইলেক্টৰেল কলেজে সাক্ষাৎ কৰিলে জ’ বিডেনক। জ’ বিডেনক নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ পাছত নিযুক্তিৰ বাবে কৰিলে সাক্ষাৎ।
উৎস – হিন্দুস্তান টাইম্ছ