আজিৰ বাতৰি-আজিৰ শিৰোনাম
আজিৰ সংবাদ শীৰ্ষ–১৩ ডিচেম্বৰ,২০২০ চন
ৰাজ্যিক-
১) ঘোষণা কৰা হ’ল বি টি চি নিৰ্বাচনৰ ফলাফল। ধূসৰ হৈ আছে বি টি চিৰ নিৰ্বাচনী ফলাফল। ১৭ খন আসনেৰে হাগ্ৰামা মহিলাৰীৰ বি পি এফ একক বৃহত্তম দল,প্ৰমোদ বড়োৰ ইউ পি পি এলে লাভ কৰিলে ১২ খন আসন,সৰ্বশক্তি প্ৰয়োগ কৰি বিজেপিয়ে লাভ কৰিলে ৯ খন আসন,এখন এখনকৈ আসনতে সীমাবদ্ধ কংগ্ৰেছ আৰু নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টি।
২) ঘোষণা কৰা হ’ল বহুপ্ৰত্যাশিত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ ফলাফল।
৩) আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাজ্যজুৰি পুনৰ কা আন্দোলনৰ দামামা।ৰাজ্যজুৰি পঞ্চশ্বহীদক অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি।
৪) বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য – প্ৰতিটো সমষ্টিতে চাৰিটাকৈ জৰীপ চলোৱাৰ অন্ততহে তাৰ প্ৰতিবেদনৰ ভিত্তিত বিধানসভাৰ নিৰ্বাচনত লাভ কৰিব বিজেপিৰ দলীয় টিকট।
উৎস – অসমীয়া প্ৰতিদিন
ৰাষ্ট্ৰীয় –
১) পুনেৰ চেৰাম ইনষ্টিটিউটত গৱেষণা চলি থকা অক্সফোর্ডৰ এষ্ট্ৰেজেনেকা ভেকচিন ভাৰতত উপলব্ধ হ’ব ২০২১ বৰ্ষৰ প্ৰথমাৰ্দ্ধত।
২) ইৰাণৰ চাবাহৰ সামুদ্ৰিক বন্দৰ উমৈহতীয়া ব্যৱহাৰৰ যোগেদি ব্যৱসায়-বাণিজ্যৰ সম্ভাৱনা বৃদ্ধি কৰাক লৈ অহা ১৪ ডিচেম্বৰত ভাৰত,ইৰাণ আৰু উজবেকিস্তানৰ ত্ৰিপাক্ষিক আলোচনা।
৩) ২০১২ চনত চেন্নাইৰ পৰা চি বি আয়ে জব্দ কৰা ৪০০.৪৭ কেজি সোণৰ প্ৰায় ৪৫ কোটি টকা মূল্যৰ ১০৩ কেজি সোণ নাইকিয়া হ’ল চি বি আয়ে ৰখা সুৰক্ষিত স্থানৰ পৰা।
৪) কৃষক বিদ্ৰোহৰ নেতাৰ ঘোষণা – প্ৰথমতে কৃষি বিল উঠাই লওক,তাৰ পাছতহে চৰকাৰৰ সৈতে বহিব আলোচনাত।চলি থাকিব দিল্লী চলোঁ কাৰ্যসূচী। অহা ১৪ ডিচেম্বৰত ভোক হৰতাল পালন কৰিব প্ৰতিবাদী কৃষকে।
উৎস – টাইমছ অফ ইণ্ডিয়া
আন্তঃৰাষ্ট্ৰীয়-
১) অহা ১৪ ডিচেম্বৰৰ পৰা আমেৰিকাত দিয়া হ’ব কোভিদ-১৯ৰ ভেকচিন।
২) আটলাণ্টাৰ মেয়ৰ কেইছা বটমে প্ৰত্যাখ্যান কৰিলে জ’ বিডেনৰ কেবিনেট মন্ত্ৰীৰ প্ৰস্তাৱ।
৩) উত্তৰ-পশ্চিম নাইজেৰিয়াৰ কেটচিনাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিজ্ঞান বিদ্যালয়ত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনা। শতাধিক ছাত্ৰ-ছাত্ৰী সন্ধানহীন।
৪) আফগান টিভি সাংবাদিক মালালা মাইয়াণ্ডক জালালাবাদত গুলিয়াই হত্যা।
উৎস –বি বি চি