শিক্ষক দিৱস আৰু এজন মহান শিক্ষক সৰ্বপল্লী ৰাধাকৃষ্ণণ
শিক্ষা হৈছে জীৱন আলোকিত কৰা এক মাধ্যম। শিক্ষাই শক্তি। শিক্ষা দান কৰা লোকক শিক্ষক অথবা গুৰু বুলি অভিহিত কৰা হয়। শিক্ষকসকলৰ সন্মানাৰ্থে তথা শিক্ষকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ সমগ্ৰ বিশ্বত ৫ অক্টোবৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৯৯৪ চনৰ পৰা ইউনেস্ক’ৰ সিদ্ধান্তমৰ্মে এই দিনটো আন্তঃৰাষ্ট্ৰীয় শিক্ষক দিৱসৰূপে পালন কৰি অহা হৈছে। আমাৰ ভাৰতবৰ্ষতো সমূহ শিক্ষকৰ সন্মানাৰ্থে ১৯৬২ চনৰ পৰা ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। এজন মহান ভাৰতীয় শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোতে অৰ্থাৎ ৫ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষই শিক্ষক দিৱস হিচাপে পালন কৰে।
দাৰ্শনিক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ সমূহ ভাৰতীয়ৰ এজন শ্ৰদ্ধাৰ ব্যক্তি। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদলৈকে অধিষ্ঠিত হৈছিল যদিও তেওঁ সদায় নিজকে এজন শিক্ষক হিচাপে পৰিচয় দিবলৈ গৌৰৱবোধ কৰিছিল। শিক্ষকতা আছিল তেখেতৰ জীৱনৰ ধৰ্ম। সেয়ে,এইজনা মহান ব্যক্তিৰ জন্মদিনটো আঁকি শিক্ষক দিৱস হিচাপে উদযাপন কৰোঁ।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে,সেইসময়ৰ মাদ্ৰাছৰ তিৰুতানি নামে গাঁৱত। তেওঁৰ জন্ম হৈছিল এটা তেলেগু ব্ৰাহ্মণ পৰিয়ালত। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পিতৃৰ নাম আছিল বীৰস্বামী আৰু তেওঁৰ মাতৃৰ নাম আছিল সীতাম্মা। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ঘৰখন এখন ধৰ্মচর্চাৰ কেন্দ্ৰস্থল আছিল। ইয়াৰ পৰাই তেওঁৰ মনত বিভিন্ন ধৰ্ম-দৰ্শন সম্পৰ্কে এক অজান অনুৰাগে বাহ লয়।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বাল্যকাল তিৰুতানি আৰু তিৰুপটিত পাৰ হয়। ডঃ ৰাধাকৃষ্ণণে প্ৰাথমিক শিক্ষা লাভ কৰে তিৰুতানিৰ কে. ভি. হাইস্কুলত। তাত প্ৰাথমিক শিক্ষা সাং কৰি তেওঁ তিৰুপটিৰ লুথেৰান মিছন হাইস্কুলত নামভৰ্তি কৰে। তাৰপৰা উত্তীৰ্ণ হৈ তেওঁ ভেলোৰৰ “বুৰহেজ কলেজ”ত নামভৰ্তি কৰে আৰু তাতে তেওঁ এফ এ উপাধিও লাভ কৰে। তাৰ পৰৱৰ্তী সময়ত তেওঁ মাদ্ৰাছ খ্ৰীষ্টিয়ান কলেজৰ পৰা দৰ্শনত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে সেইসময়ৰ সমাজত বাধ্যবাধকতাৰ বাবে ১৬ বছৰ বয়সতে বাল্যবিবাহত বহিবলগা হৈছে তেখেতৰ পত্নী আছিল শিৱকামু। ডঃ ৰাধাকৃষ্ণণৰ পাঁচগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছিল।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে স্নাতকোত্তৰ পঢ়ি শেষ কৰিয়েই ১৯০৯ চনত মাদ্ৰাছ প্ৰেচিডেন্সী কলেজত মালায়ালম ভাষাৰ এটা অস্থায়ী পদত শিক্ষকতাৰে তেওঁৰ শিক্ষক জীৱন আৰম্ভ কৰিছিল। তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ সন্মানীয় প্ৰবক্তা হিচাপে যোগদান কৰিলে। ১৯২১ চনত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক কলকাতা বিশ্ববিদ্যালয়ৰ ৰজা পঞ্চম জৰ্জ আসনৰ অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৯৩১ ত চনত ডঃ ৰাধাকৃষ্ণণক অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হয়। আৰু তেওঁ ১৯৩৬ লৈকে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁক ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়লৈ প্ৰবক্তা হিচাপে যোগদান কৰিবলৈ নিমন্ত্ৰণ জনোৱা হ’ল। তাৰপাছত পণ্ডিত মদন মোহন মালব্যৰ আমন্ত্ৰণত ডঃ ৰাধাকৃষ্ণণে ১৯৩৯ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ গ্ৰহণ কৰে। আৰু তেওঁ ১৯৪৮ চনলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত থাকে।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৪৬ ৰ পৰা ১৯৫২ চনলৈ ইউনেস্ক’ত ভাৰতৰ প্ৰধান প্ৰতিনিধি আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ডঃ ৰাধাকৃষ্ণণ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। ১৯৪৯ চনত গঠন হোৱা ভাৰতৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ তেওঁ সভাপতি আছিল আৰু অতি দক্ষতাৰে তেওঁ সফলতাৰে এই শিক্ষা আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৫২ চনত ভাৰতৰ উপৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয়। আৰু তেওঁ পুনৰবাৰ ১৯৫৭ টো ভাৰতৰ উপৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয়। তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে ১৯৬২ চনত ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত ডঃ ৰাধাকৃষ্ণণে তেওঁৰ ৰাজনৈতিক জীৱনৰ অন্ত পেলায়।
আৰু তাৰপাছত তেওঁ নিজৰ মাদ্ৰাজৰ পুৰণি ঘৰখনলৈ ঘূৰি গ’ল আৰু জীৱনৰ অন্তিম দিনকেইটা তাতে থাকিবলৈ ল’লে। আৰু অৱশেষত ১৯৭৫ চনৰ ২২ জুনৰ দিনা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মৃত্যু হয়। ভাৰতবাসীৰ শ্ৰদ্ধাৰ এই মহান শিক্ষকজনে সকলোকে কন্দুৱাই নিজৰ পাৰ্থিৱ দেহ ত্যাগ কৰিলে। আৰু তেওঁৰ মৃত্যুক শ্ৰদ্ধা নিবেদিবলৈ ভাৰত চৰকাৰে সাতদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ এজন গুণী জ্ঞানী ব্যক্তি আছিল। তেওঁ খুব অধ্যয়নশীল ব্যক্তি আছিল। তেওঁ সৰ্বমুঠ ২৭ বাৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁ শান্তিৰ নোবেলৰ বাবে মনোনীত হৈছিল এঘাৰবাৰ আৰু সাহিত্যৰ নোবেলৰ বাবে মনোনীত হৈছিল ষোল্লবাৰ। তেওঁ বহুতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেওঁ ৰচনা কৰা গ্ৰন্থসমূহ হৈছে-
The philosophy of Rabindranath Tagore
Indian Philosophy
The Hindu View of Life
An Idealist View of Life
Eastern Religions and Western Thought আদি।
মুঠৰ ওপৰত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এক জ্ঞানৰ মূৰ্তি। তেওঁ নিজকে সদায় শিক্ষকৰূপে পৰিচয় দি ভাল পাইছিল আৰু সেয়ে নিজৰ জন্মদিনটোও তেওঁ শিক্ষক দিৱসৰূপে পালন কৰিব বিচাৰিলে। আজিৰ ভাৰতীয়ই তেখেতৰ অৱদানৰ বাবে তেখেতক সদায় মনত ৰাখে। তেওঁ কেৱল ভাৰতৰে নহয় তেওঁ এজন বিশ্বৰ বৰেণ্য ব্যক্তি আছিল।
Very nice