অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু জোনাকীৰ জন্ম
অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ ভা উ সা) অসমীয়াৰ সাহিত্য জগতৰ এটা চিনাকি নাম। অসম তথা অসমীয়াৰ দাপোন আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা। অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিজন অসমীয়াৰ সদায় আপোন আৰু অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত তথা আধুনিকীকৰণৰ ক্ষেত্ৰত অসমীয়া সংগঠিত হোৱাৰ প্ৰথম সোপান।
অসমীয়া ভাষা উন্নতি সাধিনী সভা অৰ্থাৎ চমুকৈ “অ.ভা.উ.সা. সভা” ব্ৰিটিছ শাসনকালত গঢ় লৈ উঠা এটা অন্যতম উল্লেখযােগ্য সামাজিক – সাংস্কৃতিক তথা সাহিত্যৰ সংগঠন । ১৮৭২ চনত কলিকতাত প্ৰতিষ্ঠা লাভ কৰা “অসমীয়া ছাত্ৰৰ সাহিত্য সভা” নামৰ সংগঠনটো নিষ্ক্রিয় হোৱাত কলিকতালৈ অধ্যয়নৰ বাবে যোৱা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে অন্য এটা বিকল্প সাহিত্য সংগঠন সৃষ্টি কৰাৰ চিন্তা-চৰ্চা কৰিলে। কলিকতাৰ এই অসমীয়া ছাত্ৰসকলে ৫০ নং সীতাৰাম ঘোষ ষ্ট্ৰীট,৬২, সীতাৰাম ঘোষ ষ্ট্ৰীটত, ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীট, ১০৭ নং আৰ্মহাৰ্ষ্ট ষ্ট্ৰীট, ১৪ নং প্ৰতাপচন্দ্ৰ লেন, ইডেন হস্পিটাল ষ্ট্ৰীটত আদিত মেচ কৰি আছিল।
কলিকতা নিবাসী এই অসমীয়া ছাত্ৰসকলে সপ্তাহৰ প্রতি বুধবাৰ আৰু শনিবাৰে “টি – পার্টি” অৰ্থাৎ “চাহ মেল” নামৰ অনুষ্ঠানত মিলিত হৈছিল। তেওঁলোকৰ বুধবাৰৰ কাৰ্যক্ৰমত সংস্কাৰমূলক কথা আৰু হাস্যৰসে প্ৰাধান্য লাভ কৰিছিল। আৰু শনিবাৰে তেওঁলোকে অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়বােৰৰ ওপৰত গভীৰ আলোচনাত মগ্ন হৈছিল। তেওঁলোকৰ মনত আছিল কেৱল নিজৰ ভাষা তথা মাতৃভূমিৰ বাবে কিবা এটা কৰাৰ দুৰন্ত হেঁপাহ। তেনে আশা-আকাংক্ষা তথা দুৰ্বাৰ হেঁপাহৰ ফলশ্ৰুতিতে ১৮৮৮ চনৰ ২৫ আগষ্টৰ দিনা কলিকতাৰ ৬৭ নং মির্জাপুৰ ষ্ট্ৰীটৰ বর্ডিং হাউচ এটাত অসমীয়া ছাত্ৰ সমাজৰ প্ৰতিনিধিসকল মিলিত হৈ অসমীয়া ভাষা – সাহিত্যৰ সৰ্বাংগীন উন্নতি সাধনৰ বাবে শিৱৰাম শৰ্মা বৰদলৈক সম্পাদক হিচাপে নিৰ্বাচিত কৰি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি জীপাল কৰি তুলিবলৈ এটা সংগঠন খোলে। আৰু ইয়ে আছিল অ ভা উ সা অৰ্থাৎ “অসমীয়া ভাষা উন্নতি সাধিনী সভা”।
যতীন্দ্ৰনাথ গোস্বামীয়ে “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ জন্ম প্ৰসংগত তেখেতৰ “জাগৰণ আৰু জোনাক” গ্ৰন্থত উল্লেখ কৰিছে — “অসমীয়া ভাষাৰ পানীত হাঁহ নচৰা অৱস্থা দেখি মাতৃভাষাকনো কিদৰে সবল সতেজ কৰি যুগৰ উপযােগী সাজ পিন্ধাব সেই কথা আলচ কৰিবৰ উদ্দেশ্যে তেওঁলােকে ৬৭ নং মির্জাপুৰ ষ্ট্ৰীটৰ অসমীয়া ছাত্ৰৰ বহাত সমবেত হৈ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ যি জন্মােৎসৱ পালন কৰিলে সেয়েই পাছত জন্ম দিলে ৰােমাণ্টিচিজিম বা ৰমন্যাসৰ প্লাৱন সৃষ্টি কৰা আলােচনী ‘ জোনাকী’— যি সর্বতােভাৱে চন্দ্ৰকুমাৰৰ মানস তনয়া। “
১৮৮৮ চনত অ ভা উ সা অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা হোৱাৰ পাছত সকলো সদস্য ছাত্ৰৰ মাজত আলোচনা হয় যে পৰৱৰ্তী পদক্ষেপ হিচাপে কি কৰিব পাৰি আৰু কেনেকৈ কৰিব পাৰি। এনেদৰেই সকলো সদস্যৰ মাজত মেলে-মিটিঙে হোৱা আলোচনা-বিলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হয় যে অসমীয়া ভাষা উন্নতি সাধিনী সভাই এখন নিজৰ মুখপত্ৰ উলিয়াব। ইয়াৰ যোগেদি সকলোৰে সাহিত্যিক প্ৰতিভা জাগ্ৰত হ’ব লগতে অসমীয়া ভাষা আৰু সাহিত্যৰ ভঁৰাল চহকী হ’ব। তাকে উদ্দেশ্য কৰি অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰখনৰ নামকৰণ কৰা হয় “জোনাকী” যি অসমীয়া ভাষাৰ অগ্ৰগতিৰ পথত থকা সকলো আন্ধাৰ নাশ কৰি ভাষাৰ সোণহেৰুৱা বাটৰ বাবে পোহৰ বিলাব। আৰু তাকেই সমল হিচাপে লৈ পৰৱৰ্তী বৰ্ষতে অৰ্থাৎ ১৮৮৯ চনত “জোনাকী” আলোচনী প্ৰকাশ কৰা হয় “প্ৰতিমাৰ খনিকৰ” চন্দ্রকুমাৰ আগৰৱালাৰ সম্পাদনাত। আৰু এইখন প্ৰত্যেক মাহেই প্ৰকাশ পাইছিল।
“জোনাকী” আলোচনীয়েই অসমীয়া সাহিত্যত আধুনিকতাৰ জোৱাৰ তোলে। চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত জোনাকী ঠন ধৰি উঠে। তেখেতৰ গতিশীল নেতৃত্বই আলােচনীখনক এক শীৰ্ষবিন্দুত আৰোহণ কৰোৱায়। সেইসময়ত জোনাকীত লেখা মেলা কৰি ভালেমান নতুন অসমীয়া লেখক,কবি,সাহিত্যিকে নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। এককথাত ক’বলৈ গ’লে জোনাকী আছিল সেইসময়ত অসমীয়া সাহিত্যৰ পথাৰ আৰু এই জোনাকী নামৰ পথাৰতে নিজৰ প্ৰতিভাৰ কৰ্ষণ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা ,হেমচন্দ্ৰ গােস্বামী , কমলাকান্ত ভট্টাচাৰ্য , ৰত্নেশ্বৰ মহন্ত , লম্বােদৰ বৰা , বেণুধৰ ৰাজখোৱা,কনকলাল বৰুৱা , ৰজনীকান্ত বৰদলৈ ,পানীন্দ্ৰ গগৈ আৰু বহুজন বিখ্যাত অসমীয়াই। তেওঁলোকে নিজৰ বহুমূলীয়া লিখনি জোনাকীত প্ৰকাশৰ যোগেদি জোনাকীখন সমৃদ্ধ কৰিছিল আৰু এই জোনাকীয়ে অসমীয়া সাহিত্য জগতত “জোনাকী যুগ” বুলি এটাও যুগৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হয়।
এনেদৰেই অসমীয়া ভাষা উন্নতি সাধিনী সভাই কলিকতাত মুখ্য কাৰ্যালয় স্থাপন কৰি অসমৰ বিভিন্ন ঠাইত শাখা সভাও খুলিছিল, যেনে — কহিমা তেজপুৰ, শিৱসাগৰ,নগাঁও,ডিব্ৰুগড়, গোলাঘাট,গোৱালপাৰা,বৰপেটা, গুৱাহাটী , উত্তৰ লক্ষীমপুৰ আদিত শাখা সভা স্থাপন কৰি অসমীয়া ভাষা উন্নতি সাধিনী সভাক এটি অসমীয়া জাতীয় অনুষ্ঠানৰ ৰূপ প্ৰদান কৰে।
১৮৯৫ চনত সভাই অসমীয়া ভাষা উন্নতি সাধিনী সভাই এখন অসমীয়া কিতাপৰ তালিকা প্ৰস্তুত কৰে। আৰু লগতে অসমীয়া ভাষা উন্নতি সাধিনী সভাই পুৰণি অসমীয়া সাঁচিপতিয়া পুথি কিছুমান প্ৰকাশৰো দায়িত্ব লয়। একেদৰে ,এই অসমীয়া ভাষা উন্নতি সাধিনী সভাই পানীন্দ্ৰ গগৈৰ ল’ৰা শিক্ষাৰ দ্বিতীয় ভাগৰ সম্পাদনা কৰে । তেনেদৰে,হেমচন্দ্র গােস্বামী আৰু কনকলাল বৰুৱাই প্ৰাচীন অসমীয়া সংস্কৃতি,পুথিৰ উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল। লগতে অসমীয়া ভাষা উন্নতি সাধিনী সভাই ইয়াৰ শাখা সভা আৰু মুখপত্র জোনাকীৰ যোগেদি সমগ্র অসমত সাহিত্য, সংস্কৃতিৰ এটা নতুন বাতাৱৰণ সৃষ্টি কৰিছিল। আৰু এনেদৰেই অসমীয়া ভাষা উন্নতি সাধিনী সভাই এটা অসমীয়া ভাষাৰ বিপ্লৱ গঢ়ি তুলিছিল। অসমীয়া ভাষাৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত জনসাধাৰণক এক নতুন দিগন্তৰ সন্ধান দিছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাই।
আৰু প্ৰায় ৮/৯ বছৰকাল সম্পূৰ্ণ সক্ৰিয়তাৰে কাৰ্য্য সম্পন্ন কৰি লাহেকৈ অসমীয়া ভাষা উন্নতি সাধিনী সভা নিষ্ক্ৰিয় হৈ পৰিছিল।
মুঠৰ ওপৰত অসমীয়া ভাষা উন্নতি সাধিনী সভা আছিল অসম তথা অসমীয়া ভাষাৰ বাবে এক জীৱনদান। অসমীয়া ভাষা সাহিত্যক অসমীয়া ভাষা উন্নতি সাধিনী সভাই এক নিৰ্দিষ্ট দিশ তথা মাত্ৰা প্ৰদান কৰে। অসমীয়া সাহিত্যত আধুনিকীকৰণৰ প্ৰচেষ্টা অসমীয়া ভাষা উন্নতি সাধিনী সভাই আৰম্ভণি ঘটাইছিল। অসমীয়া তথা অসমীয়াত্ব জীয়াই থাকে মানে চিৰদিন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ঐতিহ্য আৰু কৰ্মৰাজি অসমীয়াৰ মাজত জীয়াই থাকিব।
[…] ১৮৮৮ চনত কলিকতাত প্ৰতিষ্ঠা হোৱা “অসমীয়া ভাষা উন্নতি সাধিনি সভা“ক অসম সাহিত্য সভাৰ বীজ বুলি ক’ব […]
[…] ১৮৮৮ চনত কলিকতাত প্ৰতিষ্ঠা হোৱা “অসমীয়া ভাষা উন্নতি সাধিনী সভা“ক অসম সাহিত্য সভাৰ বীজ বুলি ক’ব […]