তথ্যকোষসাময়িকী

ৰাষ্ট্রীয় নিয়োগ সংস্থা (NRA): এক বিশ্লেষণ

   ৰাষ্ট্ৰীয় নিয়োগ সংস্থা অৰ্থাৎ NRA হৈছে স্বচ্ছ তথা নিকা আৰু শূণ্য সহনশীল,দুৰ্নীতিমুক্ত ভাৰতৰ বাবে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ এক পদক্ষেপ। ৰাষ্ট্ৰীয় নিয়োগ সংস্থা অৰ্থাৎ NRA ই ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে এক নতুন আশাৰ থল হৈ পৰিছে। ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত কিছুমান পৰীক্ষাৰ বাবে এটাই সাধাৰণ পৰীক্ষাৰ ব্যৱস্থা কৰিব। তাৰবাবে দেশৰ কোটি কোটি চাকৰিপ্ৰত্যাশীৰ মনত আশাৰ সঞ্চাৰ কৰিছে। 

ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) কি?

   যোৱা বুধবাৰে অৰ্থাৎ ১৯ আগষ্ট তাৰিখে ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত বহা কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুযায়ী ভাৰতত নিয়োগৰ ক্ষেত্ৰখন আৰু সুচল কৰিবলৈ এটা নতুন ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) গঠন কৰা হ’ব। আৰু এই ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত ৰে’ল বিভাগ আৰু বেংকসমূহৰ গ্ৰুপ বি আৰু গ্ৰুপ চিৰ নিয়োগৰ বাবে চাকৰি প্ৰাৰ্থী সকলৰ মাজত এটা সাধাৰণ যোগ্যতাৰ পৰীক্ষা(Common Eligibility Test) অনুষ্ঠিত কৰিব। পৰৱৰ্তী পৰ্য্যায়ত ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ বি আৰু গ্ৰুপ চি পৰ্য্যায়ৰ আৰু কিছুমান পৰীক্ষাৰ সংযোজন ঘটোৱা হ’ব। ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ত দেশৰ ৰে’ল বিভাগ,বিত্ত বিভাগ,এছ এছ চি(SSC),আৰ আৰ বি(RRB) আৰু আই বি পি এছ(IBPS)ৰ প্ৰতিনিধি থাকিব। 

ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) গঠনৰ পটভূমিঃ

   ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত বিভাগসমূহৰ গ্ৰুপ বি আৰু গ্ৰুপ চিৰ  অ-কাৰিকৰী পদসমূহত নিযুক্তিৰ বাবে ভাৰতীয় ৰে’লৱে,বিভিন্ন বিভাগ আৰু বেংকসমূহে পৃথক পৃথককৈ পৰীক্ষা অনুষ্ঠিত কৰিছিল। কিন্তু এইবোৰৰ প্ৰায়ভাগতে একেই শৈক্ষিক যোগ্যতাৰ প্ৰয়োজন হয়। সকলো বিভাগৰে পৰীক্ষাবোৰ পৃথক পৃথককৈ অনুষ্ঠিত হোৱাৰ ফলত চাকৰি আৱেদনকাৰীসকলৰ এটা বোজাৰ সৃষ্টি হয়। কিয়নো প্ৰতিটো বিভাগৰ পৰীক্ষাৰ বাবে বেলেগ বেলেগকৈ মাচুল দিবলগা হয় লগতে কিছুমান পৰীক্ষাত অৱতীৰ্ণ হ’বলৈও দূৰ ভ্ৰমণ কৰিবলগা হয়। 

   সেইহেতুকে দেশৰ নিয়োগক্ষেত্ৰৰ পৰা এই সীমাবদ্ধতাবোৰ আঁতৰ কৰিবলৈ দেশত এটা ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) গঠনৰ প্ৰস্তাৱ কৰা হ’ব বুলি এই বৰ্ষৰ ১ ফেব্ৰুৱাৰী তাৰিখে ২০২০-২১ চনৰ বাজেট ভাষণত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উল্লেখ কৰিছিল। আৰু এই ঘোষণা অনুসৰিয়েই যোৱা ১৯ আগষ্ট তাৰিখে দেশৰ কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) প্ৰতিষ্ঠাত অনুমোদন জনায়। 

   এই ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগৰ বিভিন্ন পদৰ বাবে প্ৰত্যেক বছৰে দেশত দুটা সাধাৰণ যোগ্যতা পৰীক্ষা(CET) অনুষ্ঠিত কৰিব। তাৰ বাবে  ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে প্ৰথম তিনিবছৰৰ বাবে ১,৫১৭.৫৭ কোটি টকাৰ আবণ্টন কৰিছে। 

ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ৰ গঠনঃ

ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) গঠন হৈছে নিম্নোক্ত বিভাগসমূহৰ প্ৰতিনিধি সকলক লৈ-

১) ভাৰতৰ ৰে’ল মন্ত্ৰালয়(MoR) 

২) ভাৰতৰ বিত্ত মন্ত্ৰালয়(MoF) 

৩) ষ্টাফ চিলেকচন কমিশ্যন(SSC) 

৪) ৰে’লৱে ৰিকৰুইটমেণ্ট বৰ্ড(RRB)  আৰু

৫) ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকচন(IBPS)

ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই অনুষ্ঠিত কৰিবলগা সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ৰ বিষয়েঃ

   ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই অনুষ্ঠিত কৰিবলগীয়া সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ই কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত ষ্টাফ চিলেকচন কমিশ্যন(SSC),ৰে’লৱে ৰিকৰুইটমেণ্ট বৰ্ড(RRB) আৰু ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকচন(IBPS)ৰ গ্ৰুপ বি আৰু গ্ৰুপ চিৰ চাকৰিৰ বাবে প্ৰথম পৰ্য্যায়ৰ পৰীক্ষাৰ বিলুপ্তি ঘটাব। ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই মেট্ৰিক, উচ্চতৰ মাধ্যমিক(১০+২) আৰু স্নাতক পৰ্য্যায়ৰ চাকৰিৰ বাবে বাবে ক্ৰমে পৃথক পৃথককৈ সাধাৰণ যোগ্যতা পৰীক্ষা(CET) অনুষ্ঠিত কৰিব।  এই সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ত লাভ কৰা নম্বৰসমূহৰ তিনিবছৰলৈকে বৈধতা থাকিব। 

   সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ৰ দ্বাৰা প্ৰথম পৰ্য্যায়ত লাভ কৰা নম্বৰৰ তালিকা অনুযায়ী নিৰ্দিষ্ট ব’ৰ্ডসমূহে যেনে – এছ এছ চি,আৰ আৰ বি,আই বি পি এছ আদিয়ে নিজৰ নিজৰ বিভাগৰ প্ৰয়োজনীয়তা অনুসৰি দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ৰ বাচনি পৰীক্ষা অনুষ্ঠিত কৰি নিৰ্দিষ্ট পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰিব। কিন্তু সকলোৰে বাবে প্ৰথম পৰ্য্যায়ত সাধাৰণ যোগ্যতা পৰীক্ষা(CET) অনুষ্ঠিত হ’বই। 

ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) দ্বাৰা আয়োজন হ’বলগা সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ৰ মাধ্যমঃ

   সাধাৰণ যোগ্যতা পৰীক্ষা(CET) ইংৰাজী আৰু হিন্দীৰ লগতে সংবিধানৰ অষ্টম অনুসূচীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অন্য বাৰটা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব। 

ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ৰ সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ত কেইবাৰ অৱতীৰ্ণ হ’ব পৰা যাবঃ

   ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ৰ দ্বাৰা আয়োজন হ’বলগা সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ত আৱেদনকাৰীসকলে ব্যক্তিগত নিৰ্দিষ্ট বয়সৰ উৰ্দ্ধসীমালৈকে যিমানবাৰ ইচ্ছা সিমানবাৰেই অৱতীৰ্ণ হ’ব পাৰিব। তাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই। আৱেদকসকলে নিজৰ প্ৰাপ্ত নম্বৰৰ বৃদ্ধি ঘটোৱাৰ উদ্দেশ্যেৰে এই সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ত অৱতীৰ্ণ হ’ব পাৰিব। 

ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ৰ সাধাৰণ যোগ্যতা পৰীক্ষা(CET) অনুষ্ঠিত কৰিবলগা স্থানঃ

   এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আৱেদনকাৰীসকলে নিজৰ জিলাৰ বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। ৰাষ্ট্ৰীয় নিয়োগ আঁচনি(NRA)ৰ অধীনত সমগ্ৰ দেশতে মুঠ এহেজাৰ(১০০০)টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হ’ব য’ত প্ৰতিখন জিলাতে নূন্যতম এটা পৰীক্ষা কেন্দ্ৰ থাকিব। 

   সাধাৰণ যোগ্যতা পৰীক্ষা(CET) অনুষ্ঠিত হোৱাৰ পাছত অতি সোনকালে  পৰীক্ষাৰ্থীৰ প্ৰাপ্ত নম্বৰ পৰীক্ষাৰ্থীক যোগান ধৰা হ’ব। আৰু তাৰ পৰা নিৰ্দিষ্ট নিয়োগ সংস্থাসমূহক নম্বৰৰ যোগান ধৰা হ’ব। ইয়াৰ পৰা নিযুক্তি প্ৰক্ৰিয়া অধিক নিকা হ’ব। 

ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) গঠনৰ ফলত আমি বহুতো সুফল লাভ কৰিম। সেইবোৰ হৈছে –

১) এই ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) ই দেশৰ নিযুক্তি প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিব। 

২) এই ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই দেশৰ নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ কৰিব। 

৩) এই ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই কিছুমান অবাঞ্চিত টকাৰ খৰছ আৰু সময়ৰ খৰছ কমাব। 

৪) এই ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই চাকৰি আৱেদনকাৰী প্ৰাৰ্থীৰ খৰছ আগতকৈ বহুগুণে কম হ’ব কিয়নো আগতে প্ৰতিটো পৰীক্ষাৰ বাবে পৃথককৈ আৱেদন(ফৰ্ম ফিল আপ) কৰিব লগা হৈছিল কিন্তু নতুন প্ৰক্ৰিয়াত কেৱল এবাৰ আৱেদন কৰি এটাহে পৰীক্ষা দিব লাগিব। 

৫) এই ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই প্ৰাৰ্থীৰ অহা যোৱা কৰা খৰছ তথা সময় খৰছ হ্ৰাস কৰিব কিয়নো এই সংস্থাৰ অধীনত দেশৰ প্ৰতিখন জিলাতে নূন্যতম এটাকৈ পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিব যিটো আজিৰ অৱস্থাত নাই। 

৬) এই ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই হিন্দী,ইংৰাজীৰ উপৰিও নিৰ্দিষ্ট ৰাজ্যত সেই ৰাজ্যৰ ৰাজ্যভাষাত অৰ্থাৎ সংবিধানৰ অষ্টম অনুসূচীৰ বাৰটা ভাষাত পৰীক্ষা অনুষ্ঠিত কৰিব। ফলত এনে ক্ষেত্ৰত যোগ্য চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাষাৰ মাধ্যম কোনোকালেই হেঙাৰ হ’ব নোৱাৰে। 

৭) এই ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ই অনুষ্ঠিত কৰা সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ত সকলো দিশ চালি-জাৰি চাই এটা নিৰ্দিষ্ট পাঠ্যক্ৰম ঠিক কৰা হ’ব। যাৰ ফলত চাকৰি আৱেদনকাৰীসকলৰ বোজা হ্ৰাস হ’ব। আগতে যি পৃথক পৃথক পৰীক্ষাৰ বাবে পৃথক পৃথক পাঠ্যক্ৰম আছিল এতিয়া কেৱল এটা পৰীক্ষা অনুষ্ঠিত হ’ব লগতে এটা নিৰ্দিষ্ট পাঠ্যক্ৰম হ’ব। 

   দেশৰ কেন্দ্ৰীয় চৰকাৰে আৰু এটা কথা ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) অধীনত হ’বলগা সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ত এজন চাকৰি প্ৰত্যাশীয়ে লাভ কৰা নম্বৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলবোৰলৈ প্ৰেৰণ কৰিব আৰু বেচৰকাৰী খণ্ডৰ কোম্পানীসমূহকো প্ৰেৰণ কৰিব যাৰফলত ৰাজ্যিক চৰকাৰ তথা ব্যক্তিগত কোম্পানীসমূহে বিবেচনা কৰিলে বিভিন্ন চাকৰিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ৰ সাধাৰণ যোগ্যতা পৰীক্ষা(CET)ৰ প্ৰাপ্ত নম্বৰৰ পৰাও নিৰ্দিষ্ট পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰিব পাৰিব। 

   মুঠৰ ওপৰত সকলো কথা চালি-জাৰি চাই এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব পাৰি যে ভাৰত চৰকাৰৰ এই সংস্কাৰে দেশৰ চৰকাৰী নিয়োগক্ষেত্ৰত এটা আমূল পৰিৱৰ্তনৰ সূচনা কৰিব। ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ৰ গঠনে নিয়োগৰ ক্ষেত্ৰত দেখি অহা বিলম্ব তথা উৎকোচ দিয়া প্ৰথা উচ্ছেদ হ’ব আৰু সাধাৰণ চাকৰিপ্ৰাৰ্থীসকলৰ কিছু সকাহ হ’ব। ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA) ৰ সফল প্ৰয়োগে ভাৰতত যোগ্য যুৱশক্তিক যোগ্য কামত লগাব পৰা হ’ব। ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ৰ গঠনে দেশৰ কিছুমান অবাঞ্চিত খৰছ হ্ৰাস হ’ব আৰু সেই ধন জনতাৰ কল্যাণৰ অৰ্থে গ্ৰহণ কৰিব পৰা হ’ব। চৰকাৰৰ নিয়োগৰ ক্ষেত্ৰত এই সংস্কাৰ এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হ’ব আৰু ইয়াৰ সফল ৰূপায়ন হৈ কোটি কোটি নিবনুৱাৰ মুখত হাঁহি প্রদান কৰিব। 

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x