EIA-2020 বনাম উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ
“সেউজী সেউজী সেউজী অ’
সেউজী ধৰনী ধুনীয়া
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে ৰ’দালিৰে ফুল ফল সেন্দুৰীয়া
আমাৰ চকুলোৰে
পানী দি জীয়ালো মানিকী মধুৰি ধান
তোমালৈ আনিছো
জগতৰে শইচ এৰা নিমাতী মান”
(জ্যোতিপ্ৰসাদ আগৰৱালা)
সেউজীয়া আমাৰ কাম্য। আমি বিচাৰো চাৰিওফালে সেউজীয়াৰ চাদৰ। সেউজীয়া সৃষ্টি হয় গছ-বনৰ সংমিশ্ৰনেৰে। অৰ্থাৎ গছ-গছনি তথা প্ৰকৃতি ৰক্ষা কৰাটো আমাৰ দায়িত্ব তথা কৰ্তব্য। আমি সবাই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য পান কৰি ভাল পাওঁ। প্ৰকৃতিৰ শ্যামল বৰণত লুকাই থাকে এক অনির্বচনীয় আনন্দ আৰু প্ৰশান্তি যিটো কেতিয়াও আন কতো পোৱা নাযায়।
ভাৰতৰ এটা প্ৰান্তত উত্তৰ-পূৰ্বাঞ্চল অৰ্থাৎ অসমকে ধৰি সাতভনীয়ে প্ৰকৃতিৰ এক বৃহৎ বৰদান লাভ কৰিছে। প্ৰাকৃতিকভাৱে উত্তৰ পূৰ্বাঞ্চল যথেষ্ট চহকী। উত্তৰ পূৰ্বাঞ্চলে এক বৃহৎ পৰিমাণৰ প্ৰাকৃতিক সৌন্দৰ্য ধৰি ৰাখিছে। জৈৱ বৈচিত্রতাৰ ক্ষেত্ৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ তুলনা হয়তো আন কোনো ঠাইৰ লগত কৰিব নোৱাৰি বা কৰাৰ প্ৰশ্নই উত্থাপন নহয়। উত্তৰ পূৰ্বাঞ্চলৰ গভীৰ অৰণ্যত পোৱা গছ-গছনি তথা জীৱ-জন্তু,চৰাই-চিৰিকটি আদিয়ে এই অঞ্চলৰ জৈৱ বৈচিত্ৰতাৰ মূল কাৰণ। জৈৱ বৈচিত্রতা আমাৰ বাবে এক চিনাকি তথা মানুহ তথা সকলো সুস্থভাৱে জীয়াই থাকি পৰিস্থিতিতন্ত্ৰ ৰক্ষা কৰিবলৈ জৈৱ বৈচিত্ৰতাৰ অত্যন্ত প্ৰয়োজন।
১৯৮৪ ৰ “ভূপাল গেছ ট্ৰেজেদী”ৰ পাছত কিছু উপলব্ধি কৰি ভৱিষ্যতে এনে ঘটনা নঘটিবলৈ ভাৰত চৰকাৰে ১৯৮৬ত প্ৰণয়ন কৰিলে “পৰিৱেশ সুৰক্ষা আইন”। এই আইনৰ এটা প্ৰক্ৰিয়াই হৈছে “EIA” অৰ্থাৎ “পাৰিৱেশিক প্ৰভাৱ নিৰূপণ”। এই প্ৰক্ৰিয়াত কয়লা খনন,নদীবান্ধ নিৰ্মাণ, শক্তি উৎপাদন, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আদি ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত হৈ থাকে। EIA ৰ দ্বাৰা এটা প্ৰকল্প কৰাৰ আগতে প্ৰকৃতিৰ ওপৰত তাৰ প্ৰভাৱ কেনেকুৱা হ’ব তাৰ অধ্যয়ন কৰা হয়। যোৱা ২৩ মাৰ্চৰ দিনা ভাৰতৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে নতুন “EIA,2020” অৰ্থাৎ পাৰিৱেশিক প্ৰভাৱ নিৰূপণ,২০২০ সন্দৰ্ভত অধিসূচনা জাৰি কৰে।
দেশৰ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা EIA ৰ এই নতুন খচৰাৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আইনখন আগতকৈ শিথিলহে কৰা হৈছে। এই EIA,2020 ৰ খচৰাখন সম্পূৰ্ণ ৮৩ পৃষ্ঠাজোৰা। ইয়াত ঔদ্যোগিক বিকাশৰ কথা কোৱা হৈছে কিন্তু এই ক্ষেত্ৰত পাছপৰি ৰৈছে পৰিৱেশ সংৰক্ষণৰ বিষয়টো। যাৰফলত ঔদ্যোগিক বিকাশ আৰু পৰিৱেশ সংৰক্ষণ দুয়োটা বিষয়ৰ মাজত ভাৰসাম্যহীনতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা ১০০ শতাংশই সত্য।
EIA 2020 ত চৰকাৰে ভালেমান পৰিৱেশৰ ক্ষতিকৰ সিদ্ধান্ত অন্তৰ্ভুক্ত কৰিছে। এই নৱপ্ৰস্তাৱিত খচৰাৰ জৰিয়তে অবৈধ বা সময়সীমা উকলি যোৱা কোনো প্ৰকল্পক অবাধ সুবিধা প্ৰদান কৰিছে আৰু বৈধ স্বীকৃতি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। যিকোনো প্ৰকল্প স্থাপনৰ ক্ষেত্ৰত থকা ৩০ দিনৰ ৰাজহুৱা শুনানিৰ সুবিধা হ্ৰাস কৰি ২০ দিন কৰিছে। নতুন খচৰামৰ্মে,কোনো প্ৰতিষ্ঠানে পৰিৱেশ সুৰক্ষা আইন উলংঘা কৰিলেও জনসাধাৰণে তাত মন্তব্য দিব নোৱাৰিব। কেৱল চৰকাৰেহে প্ৰতিষ্ঠানক জবাবদিহি কৰিব পাৰিব। আৰু এই EIA,2020 ৰ আটাইতকৈ ভয়ানক কথাটো হৈছে সীমান্ত এলেকাৰ ১০০ কি মি দূৰত্বৰ ভিতৰত পৰা এলেকাত চৰকাৰে কিবা প্ৰকল্প হাতত ললে তাত কোনেও কোনো আপত্তি কৰিব নোৱাৰিব।
ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল জৈৱ বৈচিত্ৰত অধিক চহকী। উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰৰ কথা সকলোৰে মুখে মুখে। বিশ্বৰ কিছুমান বিপন্নপ্ৰায় চৰাই-চিৰিকটি,জীৱ-জন্তু তথা গছ-গছনি এই অঞ্চলৰ অৰণ্যসমূহত বিৰাজ কৰিছে।
কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই EIA,2020ৰ নীতি-নিয়মে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰক আওকাণ কৰিছে। তথা অৱহেলা প্ৰকাশ কৰিছে। নতুন EIA,2020 ৰ খচৰামতে হ’বলৈ হ’লে উত্তৰ-পূৰ্বাঞ্চলখন মৰুভূমিত পৰিণত হ’ব। উত্তৰ পূবত জৈৱ বৈচিত্ৰৰ সাংঘাটিক ৰূপত স্খলন ঘটিব যাৰ আমি কেতিয়াও কল্পনা কৰিব নোৱাৰিম। এই EIA,2020ৰ বাবে উত্তৰ পূৱৰ সেউজীয়া প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যৰ অকাল মৃত্যু ঘটিব। এই EIA,2020এ সম্পূৰ্ণ মষিমূৰ কৰি পেলাব উত্তৰ পূবৰ জৈৱ বৈচিত্ৰ।
আমি আমাৰ জৈৱ বৈচিত্ৰ কেতিয়াও হানি হ’ব নিদিওঁ। জৈৱ বৈচিত্ৰতাৰ অবিহনে সকলো মূল্যহীন। জৈৱ বৈচিত্ৰতাৰ হানিয়ে এটা পৰিস্থিতিতন্ত্ৰত ব্যাঘাত জন্মাব। অসম তথা উত্তৰ পূবৰ বাবে এই EIA,2020 মুঠেই সমীচীন নহয় কিয়নো তাৰ পৰা এহাতে কেৱল সম্পদৰ শোষণ হ’ব আৰু আনহাতে প্ৰকৃতিৰ ওপৰত লুণ্ঠন হ’ব,তাকো বৈধ!লগতে ই আমাৰ অস্তিত্ব বিপন্নৰো এক ভাবুকি। জৈৱ বৈচিত্ৰ ধ্বংস হোৱাৰ লগে লগে মানুহৰ স্বাস্থ্যতো প্ৰভাৱ পৰিব আৰু তাৰ ফলত কি হ’ব সহজেই অনুমেয়।
আমি আমাৰ জৈৱ বৈচিত্ৰতা ৰক্ষা কৰি যাব লাগিব অন্যথা মানৱ জাতিৰ ভৱিষ্যত ভয়ংকৰ। আমাক ঔদ্যোগিক বিকাশ লাগে কিন্তু তাৰ লগতে প্ৰথমে সদায় পৰিৱেশৰ ভাৰসাম্য ৰক্ষা হ’ব লাগিব। তেনে বহনক্ষম উন্নয়নহে আমাৰ কাম্য। চৰকাৰলৈ এয়ে আহ্বান যাতে অতি সোনকালে উত্তৰ পূৰ্বাঞ্চলৰ বাবে EIA,2020 বাতিল কৰক আৰু এখন সম্পূৰ্ণ পৃথক আৰু নতুন EIA গ্ৰহণ কৰক যাতে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰৰ কোনো ক্ষতিসাধন নহয় আৰু লগতে উন্নয়নেও যাতে প্ৰাধান্য পায়।