লাচিত (গণেশ গগৈ ৰচিত নাটক)-প্ৰথম খণ্ড
চৰিত্ৰাৱলী
চক্ৰধ্বজ, বুঢ়াগােহাঁই, লাচিত, লাচিত-মোমাই, লাচিত-পুত্র,
আওৰংজীব, ৰামসিংহ, দিলিৰ খাঁ, মাধুৰী ( লাচিত-পত্নী), ললিতা (ভিক্ষাৰিণী)
বৰাগী, কটকী, প্ৰহৰী, গৰখীয়া আদি।
প্রথম দৃশ্য
[এন্ধাৰ ৰাতি দিখৌ নৈৰ পাৰত বহি ললিতাই অকলে অকলে গীত গাইছে ]
গীত
জোনৰে জেউতি জোনতে শুকালে,
শুকালে শুৱনি তৰা,
মেঘৰে বুকুতে বিজুলী লুকালে
এন্ধাৰে ছাটিলে ধৰা।
ৰৈ ৰৈ বিনালে বিলৰে পদুমী
শােকতে পাহিটি সৰা,
উচুপি কান্দিলে গধূলি গােপালে
পদূলি মুখৰেপৰা।
[ বৰাগীৰ প্ৰৱেশ ]
বৰাগী : ললিতা, তই অকলে অকলে ইয়াত কি কৰিছহি ?
ললিতা : বৰাগী ককাই, এনেয়ে বহি আছোঁ।
বৰাগী : এই ৰাতিখন নৈৰ পাৰত অকলে থাকিব নেলাগে ঘৰলৈ বল আই !
ললিতা : ঘৰতনাে কাৰ মুখ চামগৈ ?
বৰাগী : [ স্বগতঃ ] ঘাট মাউৰী দেহি ! সংসাৰত আপােন বুলিবলৈ কোনাে নাই। সৰুতেই মাক-বাপেক ঢুকাল; যিবা দদায়েক এটা আছিল, সাদিনমানহে হৈছে-মাউৰত পৰি সিও মৰিল !
-ভগৱন্ত বস্তুতে দুখীয়াকহে মহটিয়াই ভাল পায় !
ললিতা : বৰাগী ককাই, মনে মনে থাকিলা দেখােন? অ’ হয়নে বৰাগী ককাই,-আজি মানুহে কোৱা-কুই কৰা শুনিছোঁ, আমাৰ ৰজাই বোলে যৱনৰ লগত যুদ্ধ পাতিছে ?
বৰাগী : পাতিছে । ধন সাধিবলৈ আহি যৱনৰ কটকীয়ে আমাৰ স্বৰ্গদেউক হেনাে কিবা টান কথা কৈছিলে, তাতে স্বৰ্গদেউৰ খং উঠি, ধন নিদি যুদ্ধ দিয়াটোকে বলে ঠিৰাং কৰিলে।
ললিতা : যৱনৰ কটকী নাে ক’ৰপৰা আহিছিল ?
বৰাগী : গুৱাহাটাৰপৰা।
ললিতা : বৰাগী ককাই তােমাৰ ঘৰ জানাে গুৱাহাটীত নহয় ?
বৰাগী : হয়।
ললিতা : তুমি আজি তিনি চাৰি বছৰ ঘৰলৈ যােৱা নাই – এতিয়া পিচে যুদ্ধ লাগিলে তুমি ঘৰলৈ কেনেকৈ যাবা?
বৰাগী : আমাৰ নাে বৰাগী মানুহৰ কি ঘৰ-দুৱাৰ আছে আই -আৰু যুদ্ধখনাে সদায়েই লাগি থাকিবনে।
ললিতা : হওক তেও যুদ্ধখন লাগি মােৰ এটা কাম ওলাল
বৰাগী : হেৰ ৰজাই ৰজাই যুদ্ধ কৰিব, তােৰ আকৌ কি কামটো ওলাল ?
ললিতা : ওলাইছে এটা, এতিয়া নকওঁ –
বৰাগী : বাৰু নেলাগে কব। ৰাতি ভালেখিনি হ’ল-ললিতা, ব’ল ঘৰলৈ ব’ল।
ললিতা: ব’লা।
[ বৰাগীৰ গীত ]
( মােৰ গুৰু ঐ) এন্ধাৰত নমনি বাট,
কেনি গ’লে পাম পানচৈ এখনি
কেনি গ’লে পাম ঘাট
(দুয়োৰে প্ৰস্থান)
দ্বিতীয় দৃশ্য
[ ৰাজ কাৰেঙৰ সমুখৰ উদ্যান ]
[ চক্ৰধ্বজ অকলে ]
চক্ৰধ্বজ : জাতিৰ অপমান ! -সকলো অপমান সহ্য কৰিব পাৰোঁ, কিন্তু জাতিৰ,-মােৰ জম্মভূমিৰ অপমান সহ্য কৰিবলৈ প্রস্তুত নহওঁ। পেচ্কচ্? জয়ধ্বজ সিংহৰ প্রতিশ্রুতি ? ময়াে ৰক্ষা কৰিলােহেঁতেন, যদি মােগলে ৰাজ যােগ্য সম্মানেৰে পেচ্কচ্ বিচাৰি পঠালেহেঁতেন !- এটা সামান্য চুবাদাৰ, আৰংজীবৰ গােলামৰো গােলাম, তাৰ অহঙ্কাৰ পূর্ণ পত্ৰ আৰু অৱজ্ঞাসূচক আস্ফালন ! -এনে তিৰস্কাৰ সহ্য কৰিব পাৰে মাত্র সেই জাতিয়ে, যি জাতিৰ মেৰুদণ্ড নাই- যাৰ শিৰেদি শােণিতৰ সোঁত নবয় ! আহােম দুর্বল নহয়। পৰাক্ৰমী আহােম জাতিয়ে ৰাজ্য শাসন কৰিবলৈ আহিছে ৰজাৰ দৰে । মােগল শক্তিৰ আগত মূৰ দোঁৱাবলৈ, মােগলৰ বিদ্রূপ বহন কৰিবলৈ, আহােমে ভিক্ষাৰী সাজি সৌমাৰত সােমােৱাহি নাই।
[ বুঢ়াগােহাঁইৰ প্ৰৱেশ ]
অ’ বুঢ়াগােহাঁই ডাঙৰীয়া ! গুৱাহাটীৰ চুবাদাৰলৈ পত্র পঠোৱা হ’লনে ?
বুঢ়াগােহাঁই : পুৱাতেই পঠোৱা হ’ল স্বৰ্গদেউ।
চক্ৰধ্বজ : বৰফুকনক সােনকালে সৈন্য সংগ্ৰহ কৰিবলৈ আদেশ দিয়ক। ৰাজধানী ৰক্ষার্থে যথেষ্ট সংখ্যক সৈন্য ৰাখি, বাকী সৈন্যৰে মােগলক ভেটিবলৈ তেওঁ যেন প্রতি মুহূর্ততে প্ৰস্তুত হৈ থাকে। মােৰ বিশ্বাস পত্র পােৱাৰ লগে লগেই সিঁহতে আমাক আক্রমণ কৰিব।
বুঢ়াগােহাঁই : স্বৰ্গদেউ, প্ৰজাৰ অৱস্থা শােচনীয়, ৰাজভঁৰালাে টনকিয়াল নহয় ; এনে অৱস্থাত মােগলৰ সৈতে ৰণ কৰাতাে-
চক্ৰধ্বজ : অবিবেচকৰ কাম হ’ব ? ডাঙৰীয়া, প্ৰজাৰ অৱস্থা শোচনীয়, ৰাজভঁৰালো শূন্যপ্ৰায় সঁচা; সেই কাৰণেই পেচ্কচৰ বাবে মােগলৰ তীব্ৰ ককৰ্থনা, চুবাদাৰৰ বিদ্ৰূপ-বাণী, আশীর্বাদ বুলি শিৰত তুলি ল’ব লাগিব ?
বুঢ়াগােহাঁই : বন্দীৰ অপৰাধ মার্জনা কৰক স্বৰ্গদেউ।
চক্ৰধ্বজ : আপােনাৰ একো অপৰাধ নাই ডাঙৰীয়া, সকলাে অপৰাধ মােৰ । ৰাজ্যৰ এই দুর্দিনত ৰণ আহ্বান কৰিছোঁ, অর্থ সঙ্কটত জুৰুলা প্ৰজাৰ পৰা অর্থ সংগ্রহ কৰি মােগলৰ বিপক্ষে থিয় দিব খুজিছো, ব্যাধি প্রপীড়িত প্ৰজাক ৰণুৱা সাজেৰে সজাই শ্যামলা অসমভূমি, সিহঁতৰ বুকুৰ তেজেৰে ৰাঙলী কৰিবলৈ নিষ্ঠুৰ আদেশ কৰিছো, সকলাে অপৰাধ মােৰ। কিন্তু ডাঙৰীয়া, এই অপৰাধৰ বাবে মই অনুতপ্ত নহওঁ, মই মাত্র আকুল হৈছে, মােক ব্যাকুল কৰি তুলিছে-স্বাধীনতা শ্যমন্তক মণিয়ে। এই মহাৰত্নৰ কাৰণে মই মােৰ ৰাজ্য, ধন, প্রজা সর্বস্ব পণ কৰিছো। যদি পাৰো পাটকাই পৰ্বতৰ প্রত্যেক শিলাখণ্ড স্বাধীনতাৰ আলােকেৰে আলােকিত কৰিম, আৰু যদি নােৱাৰোঁ শস্য-শ্যামলা, নিৰুপমা মৰতৰ অমৰাৱতী মােৰ এই প্ৰাণৰ অসমভূমিৰ পৰাধীনতাৰ সোঁতত উটাই দিম । [ প্ৰস্থান ]
[ দিখৌৰ সিপাৰে গৰখীয়াৰ নাম ]
১ম গৰ : চোমনিৰ মাজতে জামুগছ এজুপি
তাতে দিয়ে কপৌৱে ৰুণ,
(আই ঐ)কিনাে দায় লগালো, নক’লে কোনেও
আটাইতকৈ মৰমী কোন ?
২য় গৰ :
দিখৌৰে সোঁততে সােৱণ দৰিকণা
দেও দিও সাঁতুৰি যায়,
আই মােৰ মৰমী বােপাই মােৰ মৰমী,
দেশতকৈ মৰমী নাই।
তৃতীয় দৃশ্য
[ লাাচিতৰ ঘৰৰ বাহিৰ কোঠা ]
(মাধুৰী অকলে)
মাধুৰী : পুৱাতেই ওলাই গ’ল, সাঁজ লাগাে লাগাে হ’লহি, এতিয়াওনাে বাৰু আহিব নেপায়নে? ওৰে দিনতাে ভােকে লঘােণে জানাে কি কৰিছে গৈ ?
[বাহিৰৰপৰা লাচিত মাধুৰী ] আহিলে ?
[লাাচিতৰ প্ৰৱেশ] আপুনিনাে এই গােটেই দিনতাে নোখােৱা-নােবােৱাকৈ থাকিব পায়নে ? কি কৰিছিলেনো -আজি?
লাচিত : নতুন কাঁড়ী সেনাবিলাকক কাঁড় মাৰিবলৈ শিকাইছিলোঁ।
মাধুৰী : কাঁড় মাৰিবলৈ শিকালে হব পাই ভােক-পিয়াহ নেলাগে ? আহক, আহক ভিতৰলৈ হাত-মুখ ধোৱকহি, খাবলৈ সজাই থৈছো।
লাচিত : ব’লা তেনে-(প্রস্থানােদ্যত-এনেতে বাহিৰৰপৰা মাতে -[ বৰফুকন দেউতা ] কোন?
কটকী : মই কটকী, স্বৰ্গদেউৱে এখন জৰুৰী পত্ৰ পঠাইছে।
লাচিত : লৈ আন। মাধুৰী তুমি ব’লা মই গৈছোঁ।
মাধুৰী : সােনকালে আহিব । – [ মাধুৰীৰ প্রস্থান ]
[ কটকীৰ প্ৰৱেশ ]
লাচিত : স্বৰ্গদেৱে দিছে ?
কটকী : হৈছে দেউতা।
লাচিত : দে। [ লাচিতে চিঠি লৈ পঢ়িবলৈ ধৰে ]
[ দূৰত ললিতাৰ গীত ]
মাতৃ পূজাত হেলা নকৰিবি
অৰ্ঘ্য দিবৰ সময় হ’ল,
উঠ অসমীয়া, আহ অসমীয়া।
অৰুণ পদত পূজিবি ব’ল ।
লাচিত : ওঁ । বাৰু তই যা। (কটকীৰ প্রস্থান) মাধুৰী,
মাধুৰী : [ ভিতৰৰপৰা ] আহক-
লাচিত : খাবৰ আৰু সময় নাই মাধুৰী। – এই মুহুৰ্ততে যুদ্ধ যাত্ৰা কৰিব লাগে।
(মাধুৰীৰ প্ৰৱেশ)
মাধুৰী : এই মুহূর্ততে যুদ্ধ যাত্ৰা কৰিব লাগে ?
লাচিত : এই মুহুৰ্ততে। চৈয়দ চানা আৰু ফিৰােজ খাঁই অসংখ্য মােগল সৈন্য লৈ ৰাজধানী আক্রমণ কৰিবলৈ লৰি আহিছে। স্বৰ্গদেউৰ আদেশ এক মুহূর্ত সময় নষ্ট নকৰি বায়ুবেগেৰে আমাৰ সৈন্য লৈ মাজ বাটতে মােগলক বাধা দিব লাগে। -মাধুৰী, মই আৰু বেলি কৰিব নােৱাৰো, মই যাওঁ-
মাধুৰী : তেনে-তে-নে তেনে যাওক, কিন্তু এই অনাহাৰ অৱস্থাত-
লাচিত : দেৱী পূজালৈ নৈবেদ্য নিওঁতে পূজাৰী অনাহাৰেই যায় মাধুৰী- আজি মােৰ মাতৃমন্দিৰত সহস্র সন্তানৰ ৰক্তকৰবী মালাৰে জননীৰ ৰাতুল চৰণ পুজিবলৈ ওলাইছোঁ, আজি আৰু আহাৰৰ সময় নহয়। মাধুৰী, মই আৰু ৰ’ব নােৱাৰো,-মই আহিছোঁ – [প্ৰস্থান]
মাধুৰী : ভগৱান, মােৰ স্বামীক ৰক্ষা কৰিবা। (দূৰত ললিতাৰ গীত)
জম্মভূমিৰ শঙ্খধ্বনি সৃষ্টি পাগল কৰা,
মৌন আকাশ তৰুণ তপন, মুগ্ধ বতাহ ধৰা ;
মহিমা দীপ্ত তাৰেই ধ্বনি, আজিৰ পূজাত ল’হি শুনি
ল’ জননীৰ চৰণ ধূলি, চেনেহ আশীষ-ভৰা।
চতুর্থ দৃশ্য
[ ৰাজকাৰেঙৰ বাৰাণ্ডা ]
চক্ৰধ্বজ : বাঁহবাৰীৰ যুদ্ধ ! এটা জাতিৰ অস্তিত্ব নির্ভৰ কৰিছে এই যুদ্ধত ! ভাৰত বিজয়ী মােগল বাহিনীৰ বিপক্ষে মােৰ এমুঠি দেশভক্ত আহােম সৈন্য থিয় দিছে। জানাে, জাতিৰ কাৰণে, জন্মভূমিৰ কাৰণে সিহঁতে-হাঁহি হাঁহি প্রাণ দিব ।- কিন্তু তথাপিও যদি-
-দূৰত বৰাগীৰ গীত-
দীপালী দীপালী সােণালী দীপালী
আকাশে সজালে দীপালী ঐ,
মেঘৰে আঁৰতে তামুলী তৰাটি
নাচিছে ৰূপৰে ৰেঘাটি লৈ-
চক্ৰধ্বজ : এই দুপৰ ৰাতি সৌন্দৰ্য্য মুগ্ধ কোন সেই গায়ক? অপৰূপা নীলিমাৰ ৰূপ বৰ্ণাই, গীতৰ অমিয়াধাৰা আঁজলি আঁজলি কৰি অচেতন প্ৰকৃতিৰ বুকুত ঢালি দিছে। বুজিছোঁ, কোনােবা সৌন্দৰ্য উপাসক। কিন্তু এই সংগীতে আজি মােক শান্তনা দিব নােৱাৰে-এই গীতামৃতৰ কাৰণে মই লালায়িত নহওঁ । বাঁহবাৰীৰ শাৰী শাৰী মােগল কামানৰ সন্মুখত মােৰ আহােম সেনাই অকাতৰে বুকুৰ জীয়াতেজ ঢালি দিছে। মােগল অশ্বাৰোহী সৈন্য়ৰ নিৰ্মম অস্ত্রাঘাত আলিঙ্গন কৰি জাতীয় যজ্ঞত নিজকে আহুতি দিছে- “জননী জন্মভূমিশ্চ স্বর্গাদপি গৰিয়সী” মন্ত্ৰত বলিয়ান হৈ,-প্ৰাণৰ পুত্র, কন্যা, পৰিবাৰক অনাথ কৰি, চিৰদিনৰ কাৰণে চকু মুদিছে,-গায়ক, এটা জাতিৰ জন্ম মৃত্যুৰ সন্ধি ক্ষণত-সৌন্দৰ্য্য উপাসনা কৰিবৰ সময় নহয়, যদি পাৰা শক্তি উপাসনা কৰা-
[ দূৰত বৰাগীৰ গীত ]
শতক তেজেৰে কপিলী ৰাঙলী
কাঁজলী মুখত উঠিছে ঢউ,
জননী ওঁঠত বিৰিঙি উঠিছে
স্বাধীন সুখৰ মাধুৰী মৌ।
ৰাঙলী সোঁতেৰে বইছে লুইত-
অসমভূমিৰ কীৰিতি লৈ,
দীপালী দীপালী সােণালী দীপালী,
আকাশে সজালে দীপালী ঐ !
আৰু পঢ়ক- আহোম বীৰ যোদ্ধা লাচিত বৰফুকন
পঞ্চম দৃশ্য
দিল্লীৰ ৰাজপ্রাসাদ
[ আওৰংজীৱ আৰু দিলিৰ খাঁ ]
আও : সংবাদ পাইছা দিলিৰ ?
দিলিৰ : পাইছে জাঁহাপনা !
আও : কি পাইছা ?
দিলিৰ : বাঁহবাৰী-কাজলীমুখ, ইটাখুলি আৰু গুৱাহাটী-এই চাৰিখন যুদ্ধত আমাৰ পৰাজয় হ’ল। আহােম সেনাপতি লাচিত ফুকনে চৈয়দ চানা আৰু ফিৰােজক বন্দী কৰি গড়গাঁৱলৈ পঠিয়াই দিলে, অসম ৰজাই দুয়ােকো হেনো তাতে হত্যা কৰিলে।
আওৰং : আৰু ?
দিলিৰ : লাচিত ফুকনক বদনে বৰফুকন পাতি অসম ৰজাৰ প্রতিনিধি স্বৰূপে গুৱাহাটীত ৰাখিছে।
আওৰং : দিলিৰ !
দিলিৰ : জাহাপনা !
আওৰং : পিতাক বন্দী কৰি,- দাৰা, সুজা আৰু মুৰাদক হত্যা কৰি আৰংজীব যে মােগল সিংহাসনত বহিছে, এই খবৰ অসম ৰজাই ৰাখিছেনে নাই ?
দিলিৰ : সম্ভৱ ৰাখিছে জাঁহাপনা !
আওৰং : সম্ভৱ নাই ৰখা। ৰখাহেঁতেন আওৰংজীবৰ ক্রোধাগ্নিত ক্ষুদ্র পতঙ্গৰ দৰে জাহ যাবলৈ অসম ৰজা ইমান অধৈৰ্য্য নহ’লহেঁতেন- কৈ হ্যায় ?
(প্ৰহৰীৰ প্রবেশ)
প্ৰহৰী : খােদাবন্দ !
আওৰং : ৰাজা ৰামসিংহ- [ প্ৰহৰীৰ প্ৰস্থান ] দিলিৰ !
দিলিৰ : সম্রাট !
আওৰং : গােটেই অসম দেশ জয় কৰিবলৈ কেই ঘণ্টাৰ আৱশ্যক?
দিলিৰ : এমাহৰ কমে অসম জয় কৰা অসম্ভৱ জাঁহাপনা !
আওৰং : এমাহ ! মূৰ্খ, এমাহত আলমগীৰে গােটেই দুনিয়া জয় কৰিব ! [ ৰামসিংহৰ প্ৰৱেশ ]
ৰামসিংহ : বন্দেগী জাঁহাপনা !
দিলিৰ : লেগ হাপনা।
আওৰং : আঁহা ৰামসিংহ ! দিলিৰ ক্ষন্তেকৰ কাৰণে মোক অব্যাহতি দিয়া, মই মহাৰাজৰ লগত অলপ গােপনীয়- (প্ৰস্থান)
দিলিৰ : যাে হুকুম।
আওৰং : ৰামসিংহ !
ৰামসিংহ : জাহাপনা !
আওৰং : সমগ্র হিন্দুস্থান জয় কৰি শেষত কি আওৰংজীৰে অসম ৰজাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিব ?
ৰামসিংহ : কেতিয়াও নহয় ! পৰাজয় স্বীকাৰ কৰা দূৰৰ কথা জাঁহাপনা, মােগল শক্তিৰ সমুখত অসম ৰাজ্য ধূলি হৈ উৰি যাব।
আওৰং : কিন্তু প্রথম চাৰিখন যুদ্ধ মােগল পৰাজিত; চৈয়দ চানা আৰু ফিৰােজ হত, গুৱাহাটী আহােমৰ কৰলত গত-
ৰামসিংহ : জানাে জাঁহাপনা, কিন্তু সেই যুদ্ধত ৰামসিংহই সেনাপতিত্ব কৰা নাই।
আওৰং : উত্তম ! এইবাৰ তােমাক অসম যুদ্ধৰ সেনাপতি পাতিলোঁ। ভাৰত বিজয়ী আওৰংজীবৰ দক্ষিণ হস্ত তুমি, পৰাক্ৰমী ৰাজপুতৰ দৰ্প তুমিয়েই চূর্ণ কৰিছা। যােৱা ৰামসিংহ, অসম ৰজাক বন্দী কৰি আহােম ৰাজ্য কামানৰ আগত উৰাই দিয়া। বৰ্বৰ অসমীয়াই মােগলৰ ক্ষমতা বুজক, আলমগীৰৰ পৰাক্ৰমত হিন্দুস্থান স্তব্ধ হওক ! দিলিৰ- [ নেপথ্যত দিলিৰ-জাঁহাপনা ]
ৰামসিংহ আৰু কাল ক্ষয় কৰাৰ প্ৰয়ােজন নাই। যাত্ৰাৰ কাৰণে প্রস্তুত হোৱাগৈ। মােৰ লগত নচৰত্ খাঁ, চৰিণ খাঁ, ৰঘূসিংহ আদি যাব, যোৱা। [ ৰামসিংহৰ প্ৰস্থান, দিলিৰৰ প্ৰৱেশ ]
দিলিৰ : জাঁহাপনাই মোক মাতিছিল ?
আওৰং : মাতিছিলোঁ দিলিৰ !
দিলিৰ : আদেশ কৰক-
আওৰং : আদেশ কৰিবলৈ মতা নাই দিলিৰ, মাতিছোঁ-উপদেশ বিচাৰি। দাক্ষিণাত্যত কাফেৰ শিৱাজী, অসমত বৰ্বৰ চক্ৰধ্বজ-শিৱাজী চতুৰ, কূট ; চক্ৰধ্বজ দাম্ভিক, অভিমানী ! উপদেশ দিয়া দিলিৰ !
দিলিৰ : জাঁহাপনাই ৰামসিংহক অসম যুদ্ধৰ সেনাপতি পাতিছে?
আওৰং : মিছা কথা ! অ’ পাতিছো দিলিৰ পাতিছো, হিন্দুৰ দ্বাৰা হিন্দুৰ ধ্বংস অতি সহজ, সেই কাৰণেই অম্বৰাধিপতিক এই যুদ্ধৰ-বুজিছা ?
দিলিৰ : নচৰৎ খাঁক সেনাপতি পতা হ’লেও-সহজে অসম জয় কৰিব পাৰিলেহেঁতেন জাঁহাপনা!
আওৰং : মুছলমানক ! স্বজাতিক ?-দিলিৰ-মূৰ্খ-ৰাজনীতিত তুমি অনভিজ্ঞ।
আগলৈ…
[…] পঢ়ক- লাচিত (প্ৰথম খণ্ড) […]
[…] এনেদৰেই বহুকেইটা পদত অধিষ্ঠিত হৈ লাচিত অৱশেষত বৰফুকন […]