গণেশ গগৈৰ ৰচনানিৰ্বাচিত সংগ্ৰহালয়

লাচিত (গণেশ গগৈ ৰচিত নাটক)-দ্বিতীয় খণ্ড

ষষ্ঠ দৃশ্য 

সীমামূৰি গড়। 

[ লাচিতৰ মােমাই, অকলে ] 

[ অদূৰত ভাগৰুৱা বৰুৱাবিলাক শুই থাকে ] 

মােমাই : ৰাতিও আৰু বেছি নাই, সিফালে গড়ৰ কাম আধাই নহ’ল। বনুৱাবিলাকে দেহি ভাগৰত অলপ জিৰাইছে ! তেজ মঙহৰ শৰীৰ ওৰেদিন হাড়ভগা পৰিশ্ৰম কৰি এই এই ৰাতিও অকণমান নিজিৰাবনে? জিৰক জিৰক এই হেন প্রকাণ্ড গড়টো ৰাতিটোৰ ভিতৰতেনাে বাৰু বান্ধি শেষ কৰিব পাৰিবনে? ৰাতিৰ কথাকে নকওঁ- কাইলৈ আবেলিৰ আগতে ওলালেও ভালকে বুলিছো ! [বেগেৰে লাচিতৰ প্ৰৱেশ ] 

লাচিত : মােমাইদেউ, পুৱাৰ লগে লগে মােগলে আমাৰ কোঠ আক্ৰমণ কৰিব ! গড়ৰ কাম শেষ ? – ইকি ! এতিয়াও অর্ধেক বাকী !-গড় হৈ উঠা নাই ! -কর্মীবােৰ ক’

মােমাই : ভাগৰত লালকাল হৈ সিহঁতে অলপ জিৰাইছে বােপা,- 

লাচিত : জিৰাইছে ! প্রত্যুষতে মদমত্ত মােগলৰ আক্ৰমণ ; আক্রমণ ব্যর্থ কৰাৰ একমাত্র সম্বল এই গড়, তাক অসম্পূর্ণ ৰাখি তােমাৰ দেশভক্ত কর্মী বিশ্রামত মগ্ন ! ধন্য এই জাতি আৰু ধন্য তুমি ৰাজকৰ্মচাৰী ! 

মােমাই : বােপা ! 

লাচিত : দেশদ্রোহী, তােমাৰ দোষতেই আজি মােৰ সােণৰ অসম যায় যায়, তােমাৰ অপদার্থতাৰ কাৰণেই চিৰ স্বাধীনা মােৰ চেনেহী জনমভূমিক মােগলৰ দাসী কৰিব লগা হ’ল। তােমাৰ দুৰ্বুদ্ধিৰ ফলতেই ইন্দ্রবংশী আহােম ৰাজত্বৰ যৱনিকা পৰো পৰোঁ পৰোঁ। 

মােমাই : লাচিত, ভাগিন ! 

লাচিত : কাপুৰুষ, মাতৃ দ্রোহী, জাতিৰ কলঙ্ক যি অকর্মণ্যই দেশক তুচ্ছ ভাবি মাতৃভূমিক হেয় জ্ঞান কৰি কৰ্তব্যত কৃপণালি কৰে, তাৰ ক্ষমা নাই ! মানুহে তাক ক্ষমা নকৰে, জাতিয়ে তাক ক্ষমা নকৰে, ঈশ্বৰে তাক ক্ষমা কৰিব নােৱাৰে ! দায়িত্বহীন আহােম বিষয়া, মাতৃ-মন্দিৰত মােৰ নিৰ্দোষী অসমীয়া ভাইসকলক বলি দিয়াৰ আগতে,- লুইতৰ বুকুত অসমীয়াৰ তেজৰ তৰঙ্গ উঠাৰ আগতে,- গড়গাঁৱৰ কাৰেঙত মােগল পতাকা উৰাৰ আগতে, লাচিতৰ প্ৰাণৰ মােমাই আঁহা, আজি তােমাৰ তেজেৰে জননীক অৰ্পণ কৰোঁ- 

[ তৰোৱাল লৈ মোমায়েকক হত্যা কৰে। ]

[ অদূৰত বনুৱা-উঠ, উঠ, গড় বান্ধ-গড় বান্ধ ]

[ অদূৰত ৰাজবাটেদি বৰাগীয়ে গীত গাই যায় ] [ বৰাগীৰ গীত ]

সােণৰ অসম সুপ্ত নহয়

লুপ্ত নহয় গৰিমা তাৰ, 

বক্ষ বিদাৰি বীৰৰ তেজেৰে 

ধুৱালে ৰাতুল চৰণ যাৰ, 

জাগিছে আজি সেই গোঁসানী 

নাচিছে কলচী নাচিছে দ’ল, 

মাতৃপূজা, মাতৃপূজা,

মাতৃপূজাৰ সময় হ’ল।

সপ্তম দৃশ্য 

[ ৰাজকাৰেঙৰ অপূৰ্ব উদ্যান ] 

[ চক্ৰধ্বজ আৰু বুঢ়াগোহাঁই ]

বুঢ়াগােহাঁই : অমার্জনীয় অপৰাধ স্বৰ্গদেউ ! 

চক্রধ্বজ : কেনেকৈ ? 

বুঢ়াগোহাঁই : এজন সুদক্ষ কৰ্মচাৰীক ৰাজ আদেশ নােলােৱাকৈ, বিনা বিচাৰে-প্রাণদণ্ড কৰাটো কোনাে সভ্য দেশৰ শাসন পদ্ধতিত নাই। স্বেচ্ছাচাৰী বৰফুকনে মােমায়েকক বধ কৰি, অকল আইনকে লজ্জন কৰা নাই স্বৰ্গদেউ, ৰাজক্ষমতাৰো অমৰ্য্যদা আনিছে।

চক্ৰধ্বজ : নৰহত্যাৰ অপৰাধত হ’ব পাৰে বৰফুকন অপৰাধী, কিন্তু এজনক বধ কৰি যে, সহস্ৰ সহস্ৰ প্ৰাণ ৰক্ষা কৰিলে তাৰ বাবে কাক ধন্যবাদ দিব ভাঙৰীয়া? 

বুঢ়াগােহাঁই : মােমায়েকক বধ নকৰাকৈও গড় সম্পন্ন কৰিব পাৰিলেহেঁতেন স্বৰ্গদেউ ! চক্ৰধ্বজ : কি উপায়ে ?

বুঢ়াগােহাঁই : বনুৱাবােৰক শাস্তিৰ ভয় দেখুৱাই আৰু মােমায়েকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি। চক্ৰধ্বজ : ৰােগীয়ে শেষ নিশ্বাস ল’বৰ সময়ত, ঔষধৰ ব্যৱস্থাত ব্যয় থাকিলে, হিন্দুশাস্ত্রমতে ঘৰ অশুচি হােৱাৰ সম্ভৱ ডাঙৰীয়া ! 

বুঢ়াগোহাঁই : ক্ষমা কৰিব স্বৰ্গদেউ, বন্দীয়ে একো বুজিব নােৱাৰিলোঁ। 

চক্ৰধ্বজ : অতি সহজ। কর্মক্লান্ত বনুৱাবিলাকক শান্তিৰ ভয় দেখুৱাবলৈ মােমায়েকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ, ফুকনৰ সময় নাছিল। মতিভ্রষ্ট হৈ ফুকনে তেনে পন্থা অৱলম্বন কৰাহেঁতেন, আজি এই ৰাজকাৰেঙ কিজানি মােগল হেৰেমত পৰিণত হ’লহেঁতেন।

বুঢ়াগােহাঁই : কিন্তু এনে নৰহত্যাকাৰীক প্রশ্রয় দিয়া- 

চক্ৰধ্বজ : ফুকনে নৰহত্যা কৰা নাই ডাঙৰীয়া ! দেশৰ কল্যাণ কামনা কৰি নৃমুণ্ডমালিনীৰ চৰণত মোমায়েকক বলি দিলে, মন্দিৰৰ শঙ্খ-ঘণ্টা ধ্বনিত সচেতন হৈ-অচেতন কৰ্মী জাগি উঠিল। দেৱীপূজাৰ নিৰ্মালি শিৰত লৈ, প্রাণত বিপুল বল বান্ধি পুৱাৰ আগে আগে গড় সম্পন্ন কৰিলে। এই কাৰ্যৰ বাবে ফুকনক যি দোষী সাব্যস্ত কৰিব খােজে, সি বিচক্ষণ বিচাৰপতি নহয়-সি প্ৰকৃত ৰাজদ্ৰোহী ! 

বুঢ়াগোহাঁই : স্বৰ্গদেউ- 

চক্ৰধ্বজ : যাওক ডাঙৰীয়া,- শৰাইঘাটত তুমুল যুদ্ধ লাগিছে, জয়-পৰাজয় অনিশ্চিত, এনে সময়ত সেনাপতিৰ বিৰুদ্ধে অভিযােগ শুনিবলৈ মই অক্ষম। 

[ তলমূৰ কৰি বুঢ়াগােহাঁইৰ প্রস্থান ] [ দূৰত বৰাগীৰ গীত ] 

ঢলৰে সোঁততে নাও মেলাে বুলি 

নাও মেলাে বুলি, 

ফুকনে তৰিলে পালে মােৰ গুৰু ঐ 

ফুকনে তৰিলে পাল। (অ’ বান্ধৈ) 

নাওতে উঠিলে আই মােৰ গােঁসানী 

আই মােৰ গোঁসানী, 

মােমায়ে ধৰিলে আলে মােৰ গুৰু ঐ 

মােমায়ে ধৰিলে আল। (অ’ বান্ধৈ) 

মােমাইৰে ভৰতে নাও বুৰোঁ বুৰো 

নাও বুৰোঁ বুৰোঁ, 

পালেহি পছােৱা কাল, 

আইতকৈ ডাঙৰ মােৰ, নহয় মােমাই বুলি 

চেনেহৰ ছিঙিলে জাল 

মােৰ গুৰু ঐ চেনেহৰ ছিঙিলে জাল। 

অষ্টম দৃশ্য 

[ লাচিতৰ বহা ] [ শয্যাশায়িত লাচিত, ওচৰতে লাচিত পুত্র ] 

লাচিত : এনে মহা সঙ্কটৰ সময়ত মােক কিয় শয্যাশায়ী কৰিলা প্রভু ! মাটিয়ে পানীয়ে অবিৰাম যুদ্ধ চলিছে, শত্ৰুশক্তি উপেক্ষা কৰি হাতত হেংদান লৈ মােৰ বীৰ সৈন্যই যুদ্ধ কৰি কৰি প্ৰাণ ৰিছে–আৰু মই সিহঁতৰে সেনাপতি হৈ-উস্ – বৰ বােপা। 

লাচিত পুত্ৰ : দেউতা ! 

লাচিত : ৰাতিপুৱাবলৈ আৰু বেছি পৰ নাই, বৰগোহাঁই ডাঙৰীয়া আৰু পানীফুকনক -এবাৰ মােৰ ওচৰলৈ, নাই-নালাগে থক পাৰিলে ময়েই নিজে- 

লাচিত পুত্র : দেউতা আপুনি শােৱক । -টোপনি যাওক, এইদৰে শেহ ৰাতিলৈকে উজাগৰে থাকি ৰণৰ কথাকে ভাবি থাকিলে দিনে দিনে দুৰ্বল হৈহে যাব ! 

লাচিত : টোপনি আহিলহেঁতেন বৰবােপা, ৰণৰ চিন্তাই মােৰ মূৰ নুঘূৰালেহেঁতেন, যদি-মােৰ স্বৰ্গদেউ চক্রধ্বজসিংহই আজি জীয়াই থাকিলহেঁতেন ! কিন্তু অসমৰ দুর্ভাগ্য, সেই প্ৰজা-ৰঞ্জক পিতৃতুল্য স্বৰ্গদেউ আজি নাই ! উস্ এটোপা পানী (পানী খায়) [ দূৰত ৰণভেৰী আৰু কামানৰ শব্দ ] 

লাচিত : মােগল কামান ফুটিল ! (কামানৰ শব্দ) সেইয়া আকৌ। সেইয়া আকৌ ! শত্ৰুৰ ৰণতৰী আগুৱাইছে; আন্ধাৰু বালিৰ পােণ পাওঁ পাওঁ হৈছেহি। ৰাজ্যলোভী, পৰম্বোপহাৰী মোগল আহ, আহ আহি থাক ! আৰু খন্তেকৰ পাচত অসমীয়া বৰটোপৰ গুলীয়ে, বিজয় গৰ্ব্ব খৰ্ব্ব কৰি লুইতৰ বুকুত তহঁতৰ কবৰ সাজিব ! – (কামানৰ ধ্বনি) সেইয়া আকৌ সিহঁতৰে ধ্বনি !- শত্ৰু আন্ধাৰু বালি পাৰ হওঁ হওঁ হ’লহি, আমাৰ বৰটোপবােৰ এতিয়াও ফুটা নাই কিয় !-বৰবােপা ! 

লাচিত পুত্র : দেউতা ! [ কামান ধ্বনি ] 

লাচিত : সেইয়া আকৌ শত্ৰুৰ কামানৰ গৰ্জন ! সিহঁতৰেই বিজয় নিনাদ। আমাৰ-আমাৰ হিলৈ, বৰটোপ এতিয়াও নিমাত! – বৰবােপা, বৰবােপা আমাৰ সৈন্যই কৰিছে কি? [ বেগেৰে ললিতাৰ প্রবেশ ] 

ললিতা : বৰফুকন ডাঙৰীয়া ! 

লাচিত : কোন ?-কোন তুমি আই ?

ললিতা : মই ভিক্ষাৰিণী। 

লাচিত : ভিক্ষাৰিণী ? বাহিৰত তুমুল যুদ্ধ লাগিছে, এনে সময়ত জীর্ণ, কয় লাচিতৰ শয্যাৰ কাষলৈ কি ভিক্ষা বিচাৰি আহিলা আই ? 

ললিতা : ভিক্ষা বিচাৰি অহা নাই ডাঙৰীয়া ! মােগলৰ বিজয় বার্তা বহন কৰি আনিছোঁ। 

লাচিত : মােগলৰ বিজয় বার্তা ?-অসম্ভৱ প্ৰতাৰণাময়ী ছদ্মবেশীনী কোন তুমি নাৰী ? 

ললিতা : মই অসম জীয়াৰী। আন্ধাৰু বালি পাৰ হৈ বিজয় গৰ্বেৰে মোগলৰ ৰণতৰী গুৱাহাটীৰ কাষ চাপিছেহি। তথাপিও অসমীয়া সৈন্যই সিহঁতৰ গতিৰোধ কৰা নাই- হিলৈ ফুটা নাই, বৰটোপ গৰজি উঠা নাই। সকলাে নিমাত নিস্তব্ধ !

লাচিত : কিয়? 

ললিতা : সুক্ষণৰ কাৰণে গণকৰ গণনাৰ অপেক্ষা কৰিছে। 

লাচিত : গণনাৰ অপেক্ষা কৰিছে ? শত্ৰুৱে সৰ্বস্ব হৰণ কৰিবলৈ লৰি আহিছে, অন্ধ অসমীয়া, নিৰ্ব্বাক, নিষ্পন্দ হৈ সুক্ষণৰ স্বপ্ন দেখিছ ? (মােগলৰ জয়ােল্লাস, কামানৰ গৰ্জন) সেইয়া শত্ৰুৰ জয়ােল্লাস ! উঠ, উঠ লাচিত ! দেশ যায়-জন্মভূমি যায়-এবাৰ শেষ চেষ্টা কৰি চা ! -শক্তি দিয়া, শক্তি দিয়া ভগৱান ! উস্ আজি মােৰ- শক্তি কিয় কাটি নিলা প্রভু ! উস্ নােৱাৰোঁ নােৱাৰোঁ শক্তিহীন -দুর্বল মই- বৰবােপা, বৰবােপা, ল-ল-মােক শয্যাৰে সৈতে ৰণক্ষেত্ৰলৈ লৈ ব’ল-যদি পাৰো চেনেহী জননীক উদ্ধাৰ কৰোঁ।

নৱম দৃশ্য

[ ৰণক্ষেত্র, ব্ৰহ্মপুত্ৰৰ পাৰ ] 

[ ধুমুহা-শিলা বৃষ্টি ] [ শয্যা সৈতে লাচিতক লৈ আহে। লগত ললিতা আৰু লাচিপুত্ৰ ] 

লাচিত : দে, দে, মােক নাৱত তুলি দে-

লাচিত পুত্ৰ : দেউতা, এই গাৰেই আপােনাক- 

লাচিত : তর্ক নকৰিবি, প্রতিবাদ নকৰিবি ! হওক, ধুমুহা শিলা-বৃষ্টি -পৰিলে পৰক বজ্ৰপাত, কৰিলে কৰক-মোগলৰ গুলীয়ে শৰীৰ ক্ষত বিক্ষত- দে, দে মােক নাৱত তুলি দে-

 (মােগলৰ কামান গৰ্জ্জন)

শত্ৰুৰ মাজলৈ মােৰ নাও পাৰি দে নাৱৰীয়া !- মূৰ্খ, কাপুৰুষ অসমীয়া, কাঠৰ পুতলাৰ দৰে ভেবা লাগি কি চাই আছ? মােৰ আদেশ, টোপত জুই দে। মােক সুক্ষণ কুক্ষণ নালাগে, জ্যোতিষ নালাগে, গণকৰ গণনা নালাগে। হিলৈ মাৰ-বৰটোপ মাৰ [ জয় অসমৰ জয় ] আহােম সৈন্য, মােগলক আক্রমণ কৰ, আক্রমণ কৰ, নাৱে নাৱে জপিয়াই পৰ। মৃত্যুৰ ভয়ত ভীৰুৰ দৰে পাচ নুহুহঁকিবি – 

[ মাজে মাজে দুটা এটা কামান ফুটে ] [ ব্ৰহ্মপুত্ৰৰ পাৰত বৰাগীৰ গীত ] 

অস্ত্র ল ! অস্ত্র ল ! ল, অসমীয়া ল, 

শােণিত অস্ত্র ল ! 

শােণিত অস্ত্র ল, অসমীয়া ! 

আপােন অস্ত্র ল ! 

—পট পৰিৱৰ্তন — 

ৰামসিংহ : নােৱাৰিলোঁ ! নােৱাৰিলোঁ ! সকলো চেষ্টা ব্যর্থ হৈ গ’ল ! বিজয় গৰ্বেৰে কামান গৰ্জন কৰি কৰি অবাধে মােৰ ৰণতৰী আগুৱাইছিল, গুৱাহাটী পাওঁ পাওঁ, ভাবিছিলো জয় অনিবার্য !  কিন্তু হঠাৎ ব্ৰহ্মপুত্ৰৰ বুকু কঁপাই আহােমৰ বৰটোপ গৰজি উঠিল ! শত্রু সৈন্যৰ সমুখত মােৰ অপৰাজেয় মােগলবাহিনী পলকতে ছত্রভঙ্গ হ’ল। (টোপনিধ্বনি -জয় লাচিত ফুকনৰ জয়) সেইয়া, সেইয়া শত্ৰুৱে খেদি আহিছে আৰু মােৰ সৈন্যই প্রাণ লৈ পলাইছে-আৰু মোৰ সৈন্যই প্ৰাণ লৈ পলাইছে- উস্- ( অদূৰত লাচিত) 

লাচিত : নপলাবি-নপলাবি-বিশ্ববিজয়ী-মােগলবাহিনী ! নপলাবি নপলাবি ৰামসিংহ অম্বৰাধিপতি ! অসমত প্রতিষ্ঠা কৰিবলৈ সুদূৰ দিল্লীৰপৰা তােৰ সম্রাট আওৰংজীবে দি পঠোৱা বিজয় স্তম্ভ লুইতৰ পাৰত প্ৰতিষ্ঠা কৰি যা-

ললিতা : (দূৰৰপৰা) সেই বিজয় ও ব্ৰহ্মপুত্ৰৰ বুকুত-জহি গ’ল। [ কামানৰ শব্দ-“আল্লা” ] ৰামসিংহ :  সৌৱা সৌৱা গুলীৰ আঘাত- চৰিপ খাঁৰ আৰ্তনাদ ! – গ’ল গ’ল সকলাে গ’ল ! মােৰ সহস্ৰ সহস্র মােগল সৈন্য ব্ৰহ্মপুত্ৰৰ ঢউত লীণ হ’ল !-শত্ৰুৱে সংহাৰ মূৰ্তি ধৰি খেদি আহিছে, চাৰিওফালৰপৰা অগণন গুলী বৰষিছে,-ইফালে ধুমুহা, শিলাবৃষ্টি, -কেনি যাওঁ,- কেনি পলাওঁ !- ৰামসিংহ-অসম জয় কৰিবলৈ আহি আজি তােৰ এই অৱস্থা ! আৰংজীৱ, সম্রাট নােৱাৰিলোঁ তােমাৰ ইচ্ছা পূর্ণ কৰিব নােৱাৰিলোঁ ! অসম বিজয় মাত্ৰ এটা অলীক স্বপ্ন ! 

দশম দৃশ্য 

[ মানাহৰ পাৰ ] 

লাচিত : এইয়ে মানাহ। কুলু নাদিনী, পুণ্য প্রবাহিনী, গিৰি নন্দিনী মানাহ। আজি ইয়াৰ পাৰতে থিয় হৈ মােৰ ঋণ-মুক্তা জননীৰ হাঁহিভৰা মুখখনি দেখিবলৈ পাম। জননী, তােৰ আশীর্বাদ শিৰত লৈ, তােৰ সন্তানে মুছলমানৰ দ্বাদশ আক্রমণ ব্যর্থ কৰিলে। তোৰ অনন্ত শক্তিৰ এটি কণালৈ-অসমীয়া সৈন্যই মােগলৰ দৰ্প চূৰ্ণ কৰি ৰামসিংহৰ বিজয় পত বাধা দিলে। 

[ ললিতাৰ প্ৰৱেশ ] 

ললিতা : বৰফুকন ভাঙৰীয়া ! 

লাচিত : ললিতা ! 

ললিতা : গুৱাহাটীলৈ কেতিয়া উলটি যাব ? 

লাচিত : আজিয়েই যাম আই ! 

ললিতা : আজিয়েই ? হাদিৰাত চকী আৰু হাট পতা শেষ হ’লনে? 

লাচিত : হ’ল আই ! 

ললিতা : তেনে ব’লক। দিখৌৰ পাৰত বহি আকৌ এবাৰ আইৰ মুখখনি হেঁপাহ পলুৱাই চাই লওঁগৈ ! 

লাচিত : মানাহৰ পাৰলৈকে মােৰ আইৰ সেউজীয়া আঁচলখনি আজি উৰি আহিছে ললিতা ! -সৌৱা চোৱা, দূৰত হাস্যবদনা, শ্যামল বৰণা, চিৰ স্বাধীনা-মােৰ চেনেহী জননীৰ কি বিশ্ববিমােহিনী ৰূপ ! -আই, আই অসম !

[ ললিতা আৰু বৰাগীৰ গীত] 

“অসম, অসম সােণৰ অসম 

অ’ আই তােৰ চেনেহী বেশ, 

কোন খনিকৰে গঢ়িলে প্রতিমা 

কোনে দিলে তােক লাহতী কেশ ? 

অ’ মােৰ সাদৰী আই, 

তােৰ মান লৱণি নাই, 

তােৰ মান শুৱনি নাই। 

দিলে ফেহুঁজালি পূৱালি বেলিয়ে 

সােণালী কপালী তােকে পিন্ধায় ”

[ মহন্ত ] 

— শেষ —

পঢ়ক- লাচিত (প্ৰথম খণ্ড)

3.5 2 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x