বিশ্ব ৰক্তদাতা দিৱস ২০২০ :চমু আলোচনা
প্ৰতিবছৰে ১৪ জুনৰ দিনটো বিশ্বজুৰি বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰা হয়। সুৰক্ষিত ৰক্ত আৰু ৰক্তজাত দ্ৰব্য সম্বন্ধে জনসাধাৰণক সজাগ কৰা তথা ৰক্তদাতা সকলক তেওঁলোকৰ মহান কৰ্মৰ বাবে সন্মান আৰু কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে ২০০৪ চনৰ পৰা এই দিৱসটি পালন কৰি অহা হৈছে। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ ৮ টা স্বাস্থ্য সজাগতামূলক অভিযানৰ এটা অন্যতম হ’ল- বিশ্ব ৰক্তদাতা দিৱস।
বিশ্ব ৰক্তদাতা দিৱসৰ বুৰঞ্জী-
১৮৬৮ চনৰ ১৪ জুন তাৰিখে অষ্ট্ৰিয়া দেশৰ ভিয়েনাত জন্মগ্ৰহণ কৰা জীৱবিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্মদিনটোত এই দিৱস পালন কৰা হয়। কাৰ্ল লেণ্ডষ্টেইনাৰে পোন প্ৰথমবাৰৰ বাবে ১৯০০ চনত তেজৰ ৰক্তগোষ্ঠী সমূহ নিৰূপণ কৰে আৰু আধুনিক পদ্ধতিৰে ৰক্তগোষ্ঠীসমূহক বিভাজন কৰাৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰে। এইজনা বিজ্ঞানীয়েই ১৯০৯ চনত মহামাৰী পলিঅ’ ৰোগৰ ভাইৰাছ আৱিষ্কাৰ কৰিছিল। আৰু চিকিত্সা তথা স্বাস্থ্যখণ্ডত আগবঢ়োৱা প্ৰভূত বৰঙণিৰ বাবে ১৯৩০ চনত তেওঁক নোবেল বঁটাৰে বিভূষিত কৰা হৈছিল।
‘বিশ্ব স্বাস্থ্য সংস্থা’, ‘ইণ্টাৰনেচনেল ফেডাৰেচন অব ৰেডক্ৰছ’ আৰু ‘ৰেড ক্ৰেছেণ্ট ছ’চাইটি’ৰ যুটীয়া উদ্যোগত ২০০৪ চনত প্ৰথমবাৰৰ বাবে ‘বিশ্ব ৰক্তদাতা দিৱস’ পালন কৰিবলৈ লোৱা হৈছিল। ইয়াৰ পাছৰ বছৰতে অৰ্থাত ২০০৫ চনত মে’ মাহত অনুষ্ঠিত হোৱা ৫৮ সংখ্যক ‘বিশ্ব স্বাস্থ্য সংসদ’ৰ অধিৱেশনত বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ ১৯২ খন সদস্য ৰাষ্ট্ৰৰ সহযোগিতাত প্ৰতিবছৰে ‘বিশ্ব ৰক্তদাতা দিৱস’ পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
সমগ্ৰ বিশ্বজুৰি ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত,বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে আন কেবাটাও আন্ত:ৰাষ্ট্ৰীয় সংস্থাই যুটীয়াভাৱে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সমগ্ৰ বিশ্বৰ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস পালনত সক্ৰিয়ভাৱে সহযোগ কৰে।
বিশ্ব ৰক্তদাতা দিৱস কিয় পালন কৰা হয়-
বিভিন্ন দুৰাৰোগ্য তথা জটিল ৰোগত আক্ৰান্ত, গৰ্ভৱতী মাতৃ, ৰক্তহীনতা, অস্ত্ৰোপচাৰ ইত্যাদি সম্পৰ্কীয় ৰোগীৰ চিকিত্সাৰ বাবে প্ৰয়োজন হোৱা ৰক্তৰ যোগান ধৰিবলৈ ৰক্তদাতাসকলক উত্সাহ যোগোৱাৰ লগতে ৰক্তদানৰ দৰে মানৱীয় তথা জীৱন-দায়িনী কৰ্মৰে ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ সমাজত সজাগতা সৃষ্টি কৰাতো এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য। উল্লেখযোগ্য যে বিশ্ব ৰক্তদাতা দিৱসৰ দ্বাৰা সজাগতা সৃষ্টি কৰি সুৰক্ষিত ৰক্ত আৰু ৰক্তজাত দ্ৰব্যৰ সৰবৰাহেৰে প্ৰতিবছৰে বহু মিলিয়ন ৰোগীৰ জীৱন ৰক্ষা কৰা হয়।
বিশ্ব ৰক্তদাতা দিৱসৰ উদ্দেশ্য-
(বিশ্ব স্বাস্থ্য সংস্থাই এই দিৱস পালন সম্পৰ্কে প্ৰকাশ কৰা কেইটামান উদ্দেশ্য)
১) অবৈতনিক আৰু স্বেচ্ছাকৃতভাৱে ৰক্তদান কৰা ব্যক্তিসকলক সন্মান আৰু কৃতজ্ঞতা জনাবৰ বাবে বিশ্বজুৰি এখন মঞ্চ তৈয়াৰ কৰা আৰু এটা দিন উদযাপন কৰা।
২) বৰ্তমানে কাৰ্যকৰী হৈ থকা ৰাষ্ট্ৰীয় ৰক্তদান কাৰ্যসূচী সমূহক উত্সাহ আৰু উদগনি যোগোৱা আৰু পেছাদাৰী ৰক্তদান প্ৰথাক বিলোপ ঘটোৱা।
৩) স্বেচ্ছাকৃতভাৱে আৰু নিয়মীয়াকৈ ৰক্তদান কৰিবলৈ যুৱ সমাজক উদগনি দিয়া দেশৰ সংখ্যা বৃদ্ধি কৰা।
৪) ৰাষ্ট্ৰীয় অবৈতনিক আৰু স্বেচ্ছাকৃত ৰক্তদানৰ কাৰ্যকলাপসমূহ উত্সাহ আৰু উদগনি যোগোৱা যিসমূহ হৈছে-
(i) নিয়মীয়া স্বেচ্ছাকৃত ৰক্তদাতাসকলক উত্সাহিত কৰা।
(ii) ন-ন ব্যক্তিক স্বেচ্ছাকৃত আৰু অবৈতনিকভাৱে ৰক্তদান কৰিবলৈ উত্সাহিত কৰা।
(iii) কম বিপদসংকুলভাৱে জীৱন-যাপন কৰিবলৈ তথা সুৰক্ষিত জীৱন যাপনেৰে ৰক্তদান কৰাত উদগনি যোগোৱা।
৫) ৰক্ত সংবহনৰ প্ৰয়োজন হোৱা ৰোগীৰ বাবে প্ৰয়োজনীয় ৰক্ত যোগান অব্যাহত ৰাখিবলৈ বছৰজুৰি নিয়মীয়া ৰক্তদানৰ আৱশ্যকতা সম্পৰ্কে বহুল ৰাজহুৱা সজাগতা চলোৱা।
বিশ্ব ৰক্তদাতা দিৱস, ২০২০ ৰ প্ৰতিপাদ্য বিষয়-
Safe blood saves lives অৰ্থাত সুৰক্ষিত ৰক্তই জীৱন ৰক্ষা কৰে।
আৰু শ্লোগান হৈছে-
“Give blood and make the world a healthier place” অৰ্থাত “ৰক্তদান কৰক আৰু পৃথিৱীখন স্বাস্থ্যকৰ কৰি তোলক”
এই অভিযানৰ কেইটামান উদ্দেশ্য হ’ল-
১) ৰক্তদাতা সকলক সন্মানিত আৰু পুৰস্কৃত কৰা আৰু যিসকলে এতিয়ালৈকে ৰক্তদান কৰা নাই তেওঁলোকক ৰক্তদানৰ বাবে উত্সাহিত কৰা।
(২) নিয়মীয়া আৰু সুৰক্ষিত ৰক্ত সংবহনৰ বাবে প্ৰয়োজনীয় ৰক্ত যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হোৱা আৰু এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা।
(৩) সমাজৰ স্বাস্থ্যখণ্ডৰ উন্নয়ণৰ বাবে বিশেষ ভূমিকা পালন কৰি অহা ৰক্তদাতাসকলক বিশেষ গুৰুত্বসহকাৰে লোৱা।
(৪) ৰক্ত সংবহন সুৰক্ষিত কৰাৰ বাবে সম-উপলদ্ধতাৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা আৰু সাৰ্বজনীন স্বাস্থ্যক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰা।
(৫) আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত চৰকাৰ আৰু উন্নয়নকামী গোটসমূহৰ মাজত ৰক্তদান সম্পৰ্কীয় কাৰ্যসূচীসমূহ শক্তিশালী কৰা তথা ইয়াত বিনিয়োগ কৰাৰ বাবে সমৰ্থন বৃদ্ধি কৰা।
উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বজুৰি চলি থকা মহামাৰী কৰোনাৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাই এই বৰ্ষত বিশ্ব ৰক্তদাতা দিৱস সম্পৰ্কে এক ভাৰ্চুৱেল ইভেন্ট আয়োজন কৰি ৰক্তদান সম্পৰ্কে অনলাইন সজাগতা অভিযান আৰম্ভ কৰিছে ।
তথ্যসূত্ৰঃ ইন্টাৰনেট