পৰ্যালোচনাসাময়িকী

আত্মনিৰ্ভৰ ভাৰত অভিযান

   কৰোণা মহামাৰীয়ে বিশ্ববাসীক বহু কথাই শিকাই গৈছে। কভিড ১৯ আক্ৰান্তই লাখৰ ঘৰ পাৰ হোৱা ভাৰতবৰ্ষইও এই কৰোণা মহামাৰীৰ সময়ত বহু কথাই নতুনকৈ উপলব্ধি কৰিবলৈ বাধ্য হৈছে। ভাৰতীয় সমাজ ব্যৱস্থাত কৰোণাৰ এই সময়তে আত্মনিৰ্ভৰ ভাৰত নামৰ এক নতুন ধাৰণাৰ যোগ কৰা হৈছে।  

   ভাৰতে উপলব্ধি কৰিছে, ভাৰতীয় চিকিৎসা আৰু সামাজিক স্বাস্থ্য ব্যৱস্থা, ভাৰতীয় অৰ্থব্যৱস্থা আৰু ভাৰতীয় সমাজ ব্যৱস্থালৈ যদি পৰিৱৰ্তন অনা নাযায়, তেনেহʼলে অদূৰ ভৱিষ্যতে ভাৰতে কৰোণাৰ দৰে মহামাৰীৰ সন্মুখীন হʼবলৈ গৈ আকৌ বিবুদ্ধিত পৰিব। 

   সেয়ে যোৱা ১২ মেʼ তাৰিখে প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত উচ্চ স্বৰেৰে ঘোষণা কৰিছে যে, বৰ্তমান এই সংকটৰ মুখামুখি হʼবলৈ ভাৰত আত্মনিৰ্ভৰশীল হʼব লাগিব। থলুৱা আৰু দেশীয় উৎপাদনক বহুজাতিক কোম্পানীৰ পণ্য-দ্ৰব্যতকৈ অধিক গুৰুত্ব দি থলুৱা উদ্যোগী আৰু ব্যৱসায়ী সকলক সহায় কৰিব লাগিব। 

   প্ৰধান মন্ত্ৰীয়ে ভাৰতবাসীৰ এই প্ৰচেষ্টাক আত্মনিৰ্ভৰ ভাৰত অভিযান বুলি ঘোষণা কৰিছে। আৰু ইয়াৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনিও ঘোষণা কৰিছে, যাৰ নাম দিয়া হৈছে-আত্মনিৰ্ভৰ ভাৰত অভিযান যোজনা। 

   এই যোজনাৰ সফল ৰূপায়নৰ বাবে ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকে একেলগে ২০ লাখ কোটি টকাৰ এটা আৰ্থিক পুঁজিৰো যোগান দিয়াৰ কথা ঘোষণা কৰিছে। যি ভাৰতৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ জি ডি পিৰ মুঠ ১০ শতাংশ। 

   প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে, আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত হʼব-

    • অৰ্থব্যৱস্থা
    • আন্তঃগাথঁনি
    • ২১ শতিকাৰ প্ৰযুক্তিচালিত ব্যৱস্থা আৰু পদ্ধতি
    • চাহিদা
    • ভাইব্ৰেণ্ট ডেমগ্ৰাফি

     আত্মনিৰ্ভৰ ভাৰত অভিযান যোজনাই ভাৰতৰ লঘু আৰু মধ্যম উদ্যোগ, মিউচুৱেল ফাণ্ড, কৃষক আৰু শ্ৰমিকৰ সাহাৰ্য পুঁজি, এম জি এনৰেগা, কিষাণ ক্ৰেডিট কাৰ্ড, ক্ষুদ্ৰ ব্যৱসায়িক কম সুদৰ হাৰত ঋণ প্ৰদান আদি বিষয়সমূহ সামৰি লৈছে।  

                                                               Embed from Getty Images

   দেশৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে মুঠ পাঁচটা কিস্তিত এই অৰ্থনৈতিক সাহায্য পুঁজিৰ বিষয়ে ১৩মে’ৰ পৰা ১৭ মেʼৰ ভিতৰত মুঠ পাঁচখন  সংবাদমেল যোগে ৰাইজক অৱগত কৰিছে।

    ইয়াৰে প্ৰথম কিস্তিত ঘোষণা কৰিছে  ৫,৯৪,৫৫০ কোটি, দ্বিতীয় কিস্তিত ঘোষণা কৰিছে ৩,১০,০০০ কোটি, তৃতীয় কিস্তিত ঘোষণা কৰিছে ১,৫০,০০০ কোটি, চতুৰ্থ আৰু পঞ্চম কিস্তিত ঘোষণা কৰিছে ৪৮,১০০ কোটি টকা। 

   এই ধনৰাশিৰ লগতে আছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পূৰ্বঘোষিত আঁচনিৰ ধন, যাৰ পৰিমাণ প্ৰায় ১,৯২,৪০০ কোটি টকা আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকে দিব লগা ধন,যাৰ পৰিমাণ ৮,০১,৬০৩ কোটি টকা। 

   বহুতো সমালোচকে কৈছে যে, এই অৰ্থনৈতিক পেকেজ এক ভেকোভাওনাহে। কিয়নো এই পেকেজৰ সিংহভাগেই ৰিজাৰ্ভ বেংকৰ অনুদান (৮,১০,৬০৩ কোটি টকা) আৰু ইয়াৰ সৈতে সংলগ্ন আছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পূৰ্বঘোষিত বহুতো আঁচনিৰ ধন। 

    সমালোচক সকলৰ মতে, এই আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ বাবে চৰকাৰে ব্যয় কৰিব লগা মুঠ ধন ভাৰতৰ জি ডি পি ৰ কেৱল ১ শতাংশহে। 

    মুঠৰ ওপৰত ভাৰতে আত্মনির্ভৰশীলতাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ হ’লে প্ৰত্যেক বছৰে শিক্ষাৰ ক্ষেত্ৰত থকা চৰকাৰী ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰি যাব লাগিব আৰু লগতে দক্ষতা বিকাশত অধিক গুৰুত্ব দিব লাগিব আৰু এই দক্ষতা বিকাশৰ ক্ষেত্রতো ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। বিশেষ গুণসম্পন্ন ৰাজহুৱা শিক্ষাৰ অবিহনে বিশ্বৰ কোনো দেশেই আত্মনির্ভৰশীল হ’ব পৰা নাই। আৰু শক্তিশালী জনস্বাস্থ্য ব্যৱস্থাৰ অবিহনে কোনো দেশেই উন্নতিৰ ক্ষেত্ৰত আগুৱাই যাব নোৱাৰে।

3.6 7 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x