পৰ্যালোচনাসাময়িকী

মদে সঁচাকৈয়ে বচাবনে দেশৰ অৰ্থনীতি ?

বৈশ্বিক মহামাৰী কৰোণাৰ তাণ্ডৱত ক্ষতিগ্ৰস্ত হৈছে সমগ্ৰ বিশ্ব অৰ্থনীতি।

বিশ্বৰ আগশাৰীৰ দেশসমূহৰ দৰেই ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে উন্নয়নশীল দেশসমূহৰো অৰ্থনীতি।   

ইতিমধ্যে ক্ষতিগ্ৰস্ত অৰ্থনীতি আৰু ইয়াৰ পুনৰোদ্ধাৰ সম্পৰ্কে বিশ্বজুৰি চিন্তা-চৰ্চা আৰম্ভ হৈছে। ভাৰতৰ অৰ্থনীতি সম্পৰ্কেও আৰম্ভ হৈছে বিভিন্ন চৰ্চা, বিভিন্ন ব্যাখ্যা। 

দুদিনমানৰ আগলৈকে টিভি, ইন্টাৰনেটত দেখিবলৈ পোৱা এটা সঘন দৃশ্য  আছিল দেশজুৰি মদৰ দোকানৰ সন্মুখভাগত ব্যাপক ভিৰ।

ফেচবুক, ইউটিউব তথা আন আন ছচিয়েল মিডিয়াতো জোৱাৰ উঠিছিল যে, এতিয়া মদাহীসকলেহে বচাব পাৰিব দেশৰ অৰ্থনীতি ! কিন্তু সঁচাকৈয়ে মদে বচাব পাৰিবনে দেশৰ অৰ্থনীতি ? 

আমি যদি এখন দেশৰ অৰ্থনীতি, এখন ৰাজ্যৰ আয়ৰ উত্স বিশ্লেষণ কৰো, তেতিয়া দেখিম যে,  এখন ৰাজ্যৰ আয়ৰ মুঠ ৪৬ % আহে ৰাজ্যৰ নিজৰ কৰ ৰাজহৰ পৰা, ২৬ % আহে কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে, ২০ % আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা গ্ৰান্ট হিচাপে আৰু ৪ %  আহে ৰাজ্য চৰকাৰৰ অনা কৰজাত ৰাজহৰ পৰা।

এতিয়া যদি আমি এখন চৰকাৰৰ কৰজাত ৰাজহৰ শতাংশ বিশ্লেষণ কৰো, তেতিয়া দেখিম যে, ইয়াৰ ভিতৰত ৰাজ্যিক জি. এছ. টি ৩৯.৯%, পেট্ৰলজাত সামগ্ৰীৰ ভেট ২১.৫ %, আৱকাৰী কৰ (মুখ্যত মদৰ পৰা) ১১.৯ %, সম্পত্তি কিনা-বেচাৰ কৰ হিচাপে আহে ১১.২ %, গাড়ীৰ ওপৰত আৰোপ কৰা কৰ ০.৫৭ % আৰু অন্যান্য ৯.৮ % । ইয়াৰ ভিতৰত দেখা যায় যে, বৰ্তমান লকডাউনৰ বাবে বজাৰৰ সকলো পণ্য  আৰু সেৱাৰ কিনা-বেচা কমি গৈছে যাৰ ফলত জি. এছ. টি. সংগ্ৰহ ৯০ % পৰ্যন্ত হ্ৰাস হৈছে। 

গাড়ী-মটৰ চলাচল কমি যোৱাৰ বাবে পেট্ৰলজাত সামগ্ৰীৰো উপভোগো প্ৰায় কমি গৈছে। কিন্তু লকডাউন আৰু কৰোণা ভাইৰাছৰ ফলত মানুহৰ মনত সৃষ্টি হোৱা হতাশগ্ৰস্ততা মদৰ চাহিদা পূৰ্বতকৈ অধিক বঢ়াই তুলিছে। সেয়ে চৰকাৰে দেশজুৰি মদৰ দোকানসমূহ খুলি দিয়াৰ ব্যৱস্থা লৈছিল। দোকানৰ আগত দেখা গৈছিল কোনো ধৰণৰ সামাজিক দূৰত্ব নমনা অজস্ৰ গ্ৰাহকৰ ভিৰ। আৰু চৰকাৰে জনসাধাৰণৰ এই ক্ৰয় আচৰণৰ প্ৰতি লক্ষ্য ৰাখি মদৰ ওপৰত থকা কৰ ৭০ % পৰ্যন্ত বঢ়াই দিছে। 

Embed from Getty Images

দেখা গৈছে উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত একেদিনাই ৩০০ কোটি টকাৰ মদ বিক্ৰী হৈছে,  ফলত চৰকাৰে আয় কৰিছে প্ৰায় ১০০ কোটি টকাৰ আবকাৰী কৰ।  অসমেও এই ক্ষেত্ৰত কোনো প্ৰকাৰেই পিছ পৰি থকা নাই। এই আয়ে চৰকাৰক সাময়িকভাৱে লাভবান কৰিছিল বা সকাহ দিছিল যদিও এই সমাধান দীৰ্ঘস্থায়ী হ’ব নোৱাৰে।

ইয়াৰ কাৰণসমূহ বিশ্লেষণ কৰি চালে দেখা যায় যে-

১) সুৰাপানৰ ফলত জনসাধাৰণৰ যি স্বাস্থ্যৰ ক্ষতি হয় আৰু যিধৰণৰ সামাজিক বিশৃংখলতাৰ সৃষ্টি হয়, সি চৰকাৰখনক আকৌ অন্য প্ৰকাৰে ক্ষতি কৰিব।

২) মদ্যপানে যিহেতু কোনো ধৰণৰ উত্পাদনশীলতা বা নতুন সম্পদৰ সৃষ্টি কৰিব নোৱাৰে।

৩) ই এটা সময়ত জনসাধাৰণক অৰ্থনৈতিকভাৱে দুৰ্বল কৰি মদৰ ক্ৰয় ক্ষমতাই কমাই পেলাব !

সেয়ে চৰকাৰে কেৱল মদৰ  ওপৰতে গুৰুত্ব নিদি দেশৰ অৰ্থনীতি পুনৰ প্ৰচলনৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিব লাগে। 

ইয়াৰ লগে লগে জনসাধাৰণক সামাজিক দূৰত্বৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ বাধ্য কৰাব লাগে। 

ইতিমধ্যে চৰকাৰে অৰ্থনীতি পুনৰোদ্ধাৰৰ বাবে অন্য কিছু  উপায়ো অৱলম্বন কৰা দেখা গৈছে। যেনে- আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস হোৱাৰ সুযোগ লৈ পেট্ৰলজাত সামগ্ৰীৰ ওপৰত কৰ ৬৯ % লৈ বৃদ্ধি কৰিছে। আৰু দেশৰ অৰ্থনীতিৰ ভাগি পৰা ৰাজহাড় পুনৰ নিৰ্মাণৰ বাবে ২০ লাখ কোটি টকাৰো পেকেজ ঘোষণা কৰিছে। অৱশ্যে ইয়াৰ সফলতা নিৰ্ভৰ কৰিব এই ধনৰ সদব্যৱহাৰৰ ওপৰত। 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x