পৰ্যালোচনাসাময়িকী

বিশ্বজোৰা লকডাউন আৰু খাৰুৱা তেলৰ মূল্য

   লকডাউনে যে কেৱল আপোনাক-মোকেই ঘৰতে বান্ধি ৰাখিছে তেনে নহয়। ই আমাৰ নিত্য সংগীস্বৰূপ বাহনবোৰ,আকাশৰ আগুৰি উৰি ফুৰা উৰাজাহাজবোৰ,উকি মাৰি গুছি যোৱা ৰেʼল গাড়ীবোৰ সকলোকেই যেন বন্দীত্বৰ যাতনা ভোগাইছে। যাৰ ফলত পেট্ৰলজাত সামগ্ৰীৰ ব্যৱহাৰতো এক ব্যাপক সংকোচন আহি পৰিছে। ফ্ৰান্সৰ পেৰিছস্থিত ইণ্টাৰনেচনেল এনাৰ্জি এজেঞ্চীয়ে এক প্ৰতিবেদনত কৈছে যে, বিশ্বজোৰা এই লকডাউনৰ পৰিপ্ৰেক্ষিত দৈনিক খাৰুৱা তেলৰ ব্যৱহাৰ ৯.৩ মিলিয়ন বেৰেলকৈ (১ বেৰেল= ১৫৯ লিটাৰ)হ্ৰাস পাইছে। আৰু তেওঁলোকে শক্তি খণ্ডৰ বজাৰৰ বাবে ইয়াক ‘ব্লেক এপ্ৰিল’ বুলি ঘোষণা কৰিছে। কোৱা হৈছে যে, যোৱা দশকতোৰ ভিতৰতে ই আটাইতকৈ হতাশাজনক।

   কেৱল যে লকডাউনেই খাৰুৱা তেলৰ বজাৰখন প্ৰভাৱিত কৰিছে তেনে নহয়। ২০২০ বৰ্ষটোৰ আৰম্ভণিৰে পৰা চলি থকা ছৌদি আৰব, ৰাছিয়া আৰু আমেৰিকাৰ মাজৰ ত্ৰিকোণীয়া মূল্য যুদ্ধখনৰ বাবেও খাৰুৱা তেলৰ মূল্য প্ৰায় ৬০% হ্ৰাস পাইছে। খাৰুৱা তেলৰ এই যুদ্ধখন বৰ্ণনা কৰিবলৈ গ’লে এনেধৰণৰ-অতীজৰে পৰা খাৰুৱা তেলৰ বজাৰ খন নিয়ন্ত্ৰণ কৰি আহিছিল অপেক দেশসমূহে (OPEC- Organization of the Petroleum Exporting Countries)। অপেকৰ অন্তৰ্গত মুঠ ১৩ খন দেশ হʼল-ছৌদি আৰৱ, ইৰাণ,ভেনিজুৱেলা,ইৰাক,লিবিয়া, নাইজেৰিয়া, আলজেৰিয়া, কুৱেইট, সংযুক্ত আৰৱ এমিৰেট,গেবন,এনগলা,ইকুৱেটৰিয়েল গুৱেনা আৰু কংগো। এই অপেক দেশসমূহক প্ৰত্যাহ্বান জনাবলৈ ২০১০-২০১৪ চনৰ ভিতৰত আমেৰিকাই এক নতুন প্ৰযুক্তি আৰু ব্যৱসায়িক বুদ্ধিৰে তেলৰ বজাৰত প্ৰৱেশ কৰিলে। এই নতুন প্ৰযুক্তিৰ নাম আছিল- চেইল তেল নিষ্কাশন পদ্ধতি। এই প্ৰযুক্তিৰ সহায়ত কম খৰছত অধিক তেল উৎপাদন কৰি আমেৰিকা গোটেই বিশ্বৰে এখন আগশাৰীৰ তেল উৎপাদনকাৰী দেশলৈ উন্নীত হৈ পৰে।

   আৰু তাৰ বিপৰীতে অপেক দেশসমূহ ব্যাপক লোকচানৰ সন্মুখীন হয়। আমেৰিকাৰ এই আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰিবলৈ অপেক দেশসমূহে ৰাছিয়াৰ লগতে আৰু ৯ খন দেশক লগত লৈ অপেক প্লাছ নামৰ এটা নতুন গোট গঠন কৰে আৰু সকলোৱে একলগ হৈ বুজাবুজিৰ সহায়ত তেলৰ উৎপাদন আৰু মুল্য নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।অপেক প্লাছ গঠন কৰিয়েই তেওঁলোকে সিদ্ধান্ত লʼলে যে, পূৰ্বতকৈ তেওঁলোকৰ তেল উৎপাদন বঢ়াব।ইয়াৰ উদ্দেশ্য আছিল-তেলৰ যোগান বৃদ্ধি কৰা,যাৰ ফলত তেলৰ চাহিদা আৰু মূল্য হ্ৰাস পাব।এই কৌশলত ৰাছিয়া কিছু দূৰ সফল নোহোৱাকৈ নাথাকিল। যদিও অপেক প্লাছ দেশসমূহে নিজেও যথেষ্ট লোকচানৰ সন্মুখীন হʼল,তেওঁলোকে কিন্তু আমেৰিকাৰ বহুবোৰ সৰু সৰু তেল উৎপাদনকাৰী কোম্পানীক দেউলীয়া কৰি পেলালে। পিছে আমেৰিকাৰ কিছুমান বৃহৎ পৰিৰসৰ তেল কোম্পানী ইমানেই ধনী আছিল যে,ৰাছিয়া আৰু অপেক দেশসমূহৰ আক্ৰমণে তেওঁলোকক বিশেষ ক্ষতিগ্ৰস্ত কৰিব নোৱাৰিলে। আৰু এইখিনিৰে পৰা যুঁজখনে লʼলে এক নতুন গতি।

   ছৌদি আৰৱকে ধৰি অন্য অপেক দেশ সমূহে আৰু অধিক লোকচান সহ্য কৰি তেল উৎপাদন কৰাত একেবাৰেই অনাগ্ৰহী হৈ পৰিল। ৰাছিয়াই কিন্তু হাৰ নামানিলে।ৰাছিয়াই এতিয়াও বিশ্বাস কৰে যে,ৰাছিয়াই আৰু বহুদিনলৈ লোকচান সহ্য কৰি থাকিব পাৰিব আৰু আমেৰিকাৰ ডাঙৰ ডাঙৰ তেল কোম্পানীকো দেউলীয়া কৰি বজাৰৰ দৌৰৰ পৰা বাহিৰ কৰিব পাৰিব।যাৰ ফলস্ৰুতিত ৰাছিয়া এদিন হৈ পৰিব তেলৰ বজাৰখনৰ একছত্ৰী সম্ৰাট। ২০২০ৰ আৰম্ভণিৰে পৰা ৰাছিয়াৰ লগ ছৌদি আৰৱকে ধৰি অন্য অপেক দেশ সমূহে এৰি পেলাইছে আৰু ওলোটাই ৰাছিয়াৰ প্ৰতিদ্বন্দ্বীহে হৈ পৰিছে। বৰ্তমান আমেৰিকাৰ তেল কোম্পানী সমূহ ব্যাপক লোকচানৰ সন্মুখীন হৈছে।তেলৰ বজাৰত উভৈনদী হৈ পৰিছে তেল। আৰু অৰ্থনীতিৰ সূত্ৰ মানি মূল্য হৈ পৰিছে একেবাৰেই নুন্যতম।তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি পৰিছেহি বিশ্বজোৰা লকডাউন। সকলোকে আচৰিত কৰি বৰ্তমান খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত হৈ পৰিছে ২০ মাৰ্কিন ডলাৰ আৰু আমেৰিকাত এই মূল্য ০ ডলাৰতকৈও কম হৈ পৰিছে।

   দেখা গৈছে খাৰুৱা তেলৰ এই অভাৱনীয় মূল্য হ্ৰাসে ভাৰত,চীন,জাপানকে আদি কৰি তেল আমদানিকাৰী দেশসমূহক লাভান্বিত কৰিব। আৰু ই আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিব ইৰাণ,ইৰাক,ব্ৰাজিল,আৰ্জেণ্টিনা আদি দৰে সৰু সৰু তেল উৎপাদনকাৰী দেশসমূহক।এই দেশ সমূহৰ অৰ্থনীতি একেবাৰে ভাগি পৰাৰ সম্ভাৱনাই দেখা দিছে।হিচাপ কৰি পোৱা গৈছে যে যদি এই হাৰতেই খাৰুৱা তেলৰ মূল্য চলি থাকে এই বৰ্ষটোত ভাৰতে খাৰুৱা তেল আমদানিৰ বাবদ ব্যয় কৰিব মুঠ ৬৪ বিলিয়ন ডলাৰ।যি যোৱা বছৰটোত আছিল প্ৰায় ১১২ বিলিয়ন ডলাৰ।

   খাৰুৱা তেলৰ এই মূল্য হ্ৰাসে নিশ্চয়কৈ বিশ্ব অৰ্থনীতিলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে।লগতে পৰিৱেশ সম্পৰ্কীয় বিষয়বোৰতো ই বিশেষ প্ৰভাৱ পেলাব । পেট্ৰোলিয়ামজাত সামগ্ৰীৰ মূল্য হ্ৰাসে সিহঁতৰ ব্যৱহাৰ বঢ়াই তুলিব।যাৰ ফলত প্ৰদূষণ বাঢ়িব আৰু ইলেকট্ৰনিক বাহনৰ উদ্যোগটোত যি সম্ভাৱনা দেখা গৈছিল সি যথেষ্ট লেহেমীয়া হৈ পৰিব। নবীকৰণযোগ্য ইন্ধন আৰু নবীকৰণযোগ্য প্লাষ্টিকৰ ক্ষেত্ৰখনতো যি সম্ভাৱনীয়তা দেখা গৈছিল সিয়ো হৈ পৰিব একেবাৰেই নিৰাশাজনক।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x