দৰ্শন
চমু পৰিচয়
দৰ্শন শব্দটো ইংৰাজী ভাষাৰ ফিলʼছফী শব্দৰ অসমীয়া প্ৰতিশব্দ। ইংৰাজী ভাষাৰ এই ফিলʼছফী শব্দটো গ্ৰীক ভাষাৰ ফিলʼছ আৰু ছফীয়া শব্দ দুটাৰ পৰা আহিছে।ফিলʼছ শব্দৰ অৰ্থ হʼল প্ৰেম আৰু ছফীয়া শব্দৰ অৰ্থ হʼল জ্ঞান। অৰ্থাৎ জ্ঞানৰ প্ৰতি প্ৰেমেই হৈছে ফিলʼছফী। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত এই ফিলʼছফী শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছে। বৰ্তমান সময়ত আমি দৰ্শন বুলিলে এনে এটা জ্ঞানৰ শাখাক বুজো যʼত আমি আমাৰ অস্তিত্ব, আমাৰ জীৱন আৰু জগতখনৰ স্বৰূপ,এই জগতৰ অন্তৰালত লুকাই থকা পৰম সত্তাৰ স্বৰূপ,প্ৰমূল্যবোধ,মানৱ মন,ভাষা আদিৰ বিষয়ে আমাৰ মনত ওপজা সাধাৰণ আৰু মৌলিক প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰোঁ।
দৰ্শনৰ প্ৰধান শাখাসমূহ
১) জ্ঞানবিদ্যা(Epistemology)-জ্ঞানবিদ্যাত জ্ঞানৰ প্ৰকৃতি সম্বন্ধে আলোচনা কৰা হয়।জ্ঞানৰ বৈধতা,জ্ঞাতা আৰু জ্ঞেয়ৰ সম্বন্ধ,কোনো এটা বিষয় সম্বন্ধে কেনেকৈ জ্ঞান লাভ কৰিব পাৰি বা বিষয়টোৰ সম্বন্ধে জ্ঞান লাভ কৰা সম্ভৱ হয় নে নহয় ইত্যাদি বিষয়বোৰ আলোচনা কৰা হয়।
২) অধিবিদ্যা (Metaphysics)-অধিবিদ্যাত আমি এই জগতৰ অন্তৰালত লুকাই থকা শক্তি বা সত্তাটোৰ বিষয়ে আলোচনা কৰো।ইয়াৰউপৰি অধিবিদ্যাত আমি মন আৰু পদাৰ্থৰ মাজৰ সম্পৰ্ক,দ্ৰব্য আৰু গুণৰ মাজৰ সম্পৰ্ক,কোনো ঘটনাৰ কাৰ্য-কাৰণ সম্বন্ধ আদিৰ বিষয়েও আলোচনা কৰো।
৩) প্ৰমূল্যবিদ্যা(Axiology)-প্ৰমূল্যবিদ্যাত কোনো এটা বিষয়ৰ ভাল-বেয়া, উচিত-অনুচিত,শুদ্ধ-অশুদ্ধ, সৌন্দৰ্যতা আদিৰ বিষয়ে আলোচনা কৰা হয়।
প্ৰমূল্যবিদ্যাৰ উপশাখা সমূহ হʼল- (ক)নীতিবিদ্যা(Ethics) (খ)তৰ্কবিদ্যা(Logic)আৰু (গ)নন্দনতত্ত্ব(Aesthetics)। ইয়াৰোপৰি, ৰাজনৈতিক আৰু সামাজিক দৰ্শন, ধৰ্মৰ দৰ্শন আৰু ভাষাৰ দৰ্শন বা বিশ্লেষণকো বৰ্তমান সময়ত দৰ্শনৰ এক উল্লেখযোগ্য শাখা হিচাপে অধ্যয়ন কৰা হয়।
দৰ্শনৰ ক্ৰমবিকাশ
প্ৰসিদ্ধ দাৰ্শনিক এৰিষ্ট’টলৰ মতে,বিশ্বৰ প্ৰথম দাৰ্শনিক হৈছে থেলছ। তেওঁৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব ৬২৬ চনত প্ৰাচীন গ্ৰীচত।দাৰ্শনিক হোৱাৰ উপৰিও তেওঁ আছিল একাধাৰে গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ। সেইসময়ত বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান আৰু দৰ্শনৰ কোনো মাজত পাৰ্থক্য নাছিল।গণিতক বাদ দি জগতখনৰ ব্যাখ্যা কৰিব খোজা বিজ্ঞানৰ সকলো শাখাকেই দৰ্শন হিচাপেই অধ্যয়ন কৰা হৈছিল। এই প্ৰাচীন গ্ৰীচৰ আটাইতকৈ প্ৰভাৱশালী দাৰ্শনিকজন আছিল ছক্ৰেটিছ(খ্ৰীষ্টপূৰ্ব ৪৭০-৩৯৯)।কোৱা হয় ছক্ৰেটিছে দৰ্শনক আকাশৰ পৰা পৃথিৱীলৈ নমাই আনিছিল।যদিও ছক্ৰেটিছৰ কোনো লিখিত গ্ৰন্থ নাই তেওঁ দৰ্শনৰ মূল বিষয় আছিল মানৱ জীৱনৰ অৰ্থ,লক্ষ্য,উদ্দেশ্যে আৰু আচৰণ নিৰ্ধাৰণ। ছক্ৰেটিছৰ পাছত তেওঁৰ শিষ্য প্লেটোৱে (খ্ৰীষ্টপূৰ্ব ৪২৮-৩৪৮) দৰ্শন চৰ্চাক এক উচ্চতৰ শিখৰ পোৱাইছিলগৈ।প্লেটোৰ পাছত তেওঁৰ শিষ্য এৰিষ্ট’টলে(খ্ৰীষ্টপূৰ্ব ৩৮৪- ৩২২)দৰ্শনক ইমান প্ৰভাৱশালী বিষয় হিচাপে গঢ়ি তুলিলে যে, তেওঁৰ চিন্তাৰাজিয়ে সমগ্ৰ ইউৰোপকেই বাৰ শতিকাৰ নৱজাগৰণৰ সময়লৈকে শাসন কৰিলে। এৰিষ্ট’টলৰ পাছৰ সময়ত দৰ্শন জগতত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা দাৰ্শনিকজন হৈছে ৰেনে ডেকাৰ্ট(১৫৯৬-১৬৫০)।তেওঁক আধুনিক দৰ্শনৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়।
গণিতজ্ঞ ডেকাৰ্টে দৰ্শনক বিজ্ঞানৰ দৰে এক বিশুদ্ধ জ্ঞানৰ ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁ যুক্তিক আৰু মানৱ স্বজ্ঞাক সাৰথি কৰি লৈছিল।সেয়ে তেওঁৰ দ্বাৰা প্ৰতিষ্ঠা কৰা দৰ্শনক বুদ্ধিবাদ বুলি কোৱা হয়।ডেকাৰ্টৰ অনুসুৰী আৰু দুজন উল্লেখযোগ্য বুদ্ধিবাদী দাৰ্শনিক আছিল স্পিনোজা(১৬৩২-১৬৭৭) আৰু লেইবনিৎজ(১৬৪৬-১৭১৬)।বুদ্ধিবাদৰ বিপৰীতে সেই সময়ছোৱাত প্ৰভাৱ বিস্তাৰ কৰা দাৰ্শনিক ধাৰাটোৰ নাম আছিল অভিজ্ঞতাবাদ।অভিজ্ঞতাবাদী সকলৰ মতে,যুক্তি বা স্বজ্ঞা নহয় মানৱৰ ইন্দ্ৰিয় অভিজ্ঞতাহে জ্ঞানৰ মূল উৎস। কেইজনমান প্ৰধান অভিজ্ঞতাবাদী দাৰ্শনিক হৈছে জন লক (১৬৩২-১৭০৪), জৰ্জ বাৰ্কলি(১৬৮৫-১৭৫৩),ডেভিদ হিউম(১৭১১-১৭৭৬)। ইয়াৰ ভিতৰৰে ডেভিদ হিউম অভিজ্ঞতাবাদী হোৱাৰ উপৰিও সংশয়বাদৰো প্ৰৱক্তা আছিল।
বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদৰ সোঁতৰ বিপৰীতে দৰ্শনৰ এটা নতুন যুগৰ মুকলি কৰিছিল জাৰ্মান ভাববাদী দাৰ্শনিক ইমানুৱেল কাণ্টে(১৭২৪-১৮০৪)। তেওঁৰ দৰ্শনক কাণ্টৰ ভাৱবাদ বুলি কোৱা হয়। তেওঁৰ বিখ্যাত গ্ৰন্থ খনৰ নাম আছিল Critique Of Pure Reason।কাণ্টৰ সমানেই প্ৰভাৱশালী আৰু এজন জাৰ্মান দাৰ্শনিক আছিল হেগেল(১৭৭০-১৮৩১)। হেগেলৰ দৰ্শনক দন্দ্বাত্মক ভৱবাদ নামেৰে জনা যায়। তেওঁৰ দৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই পাছলৈ কাৰ্ল মাৰ্ক্সে দন্দ্বাত্মক বস্তুবাদ তত্ত্বৰ সৃষ্টি কৰিছিল। হেগেলৰ দৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই ঊনৈশ আৰু কুৰি শতিকাৰ বৈজ্ঞানিক চিন্তাধাৰা বিকশিত হৈছিল বুলি কোৱা হয়।
কুৰি শতিকাৰ আৰম্ভণিৰে পৰা দৰ্শনে এটা নতুন ৰূপ ধাৰণ কৰিলে। আধুনিক বিজ্ঞান আৰু গণিতৰ অধ্যয়নেৰে পুষ্ট দাৰ্শনিকসকলে তৰ্কবিজ্ঞানৰ সহায়ত দৰ্শনক এক বিশুদ্ধ বিজ্ঞানলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা চলালে।জি. ই. মুৰে তেওঁৰ দাৰ্শনিক ৰচনাৱলীত ভাববাদক সম্পূৰ্ণ ৰূপে প্ৰত্যাখ্যান কৰিলে। উইলিয়াম জেইমছে আগবঢ়ালে প্ৰয়োগবাদৰ ধাৰণা।বাৰ্ট্ৰাণ্ড ৰাছেলে জন্ম দিলে তৰ্কীয় পৰমাণুবাদৰ।হুছাৰ্লে আগবঢ়ালে প্ৰপঞ্চবাদৰ ধাৰণা।জ্যাঁ পল ছাত্ৰে মানৱতাৰ জয়গান গাই আগবঢ়ালে অস্তিত্ববাদী দৰ্শনৰ ধাৰণা।
লুডউইগ উইনগেনষ্টাইনে আগবঢ়োৱা ভাষাৰ বিশ্লেষণ আৰু ষ্ট্ৰʼছনৰ মানৱৰ ধাৰণায়ো কুৰি শতিকাৰ দৰ্শনক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল।জ্যাঁক ডেৰিডাৰ উত্তৰ-আধুনিকতাবাদ আৰু বিনিৰ্মান তত্ত্বৰ ধাৰণাই বৰ্তমান দৰ্শনৰ ক্ষেত্ৰখনত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি আছে।বৰ্তমান দৰ্শন ব্যস্ত ভাষাৰ বিশ্লেষণ বা ভাষাৰ প্ৰকৃত অৰ্থোদ্ধাৰত। যদিও দৰ্শনে বিভিন্ন দিশত আজি এক উল্লেখনীয় সফলতা কৰিবলৈ সক্ষম হৈছে বৰ্তমানেও দৰ্শনৰ বহুবোৰ প্ৰশ্নৰ উত্তৰ অমীমাংসিত হৈয়ে আছে।
যুগুতাইছে- ৰঞ্জন ভূঞাই