Beyond the Clouds: আশা আৰু মুক্তিৰ সাধু
Beyond the Clouds: আশা আৰু মুক্তিৰ সাধু
জোনবাই এ’ বেজি এটি দিয়া
বেজিনো কেলৈ– মোনা চিলাবলৈ……..
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ইৰানী কথাছবি নিৰ্মাতা মাজিদ মাজিদিৰ Beyond the Clouds ছবিখন চোৱাৰ পাছত পোনছাতেই মনলৈ আহে ল’ৰালিতে পাঠশালাত পঢ়িবলৈ পোৱা এই সুন্দৰ শিশু কবিতাটি৷ প্ৰথম অৱস্থাত অভিনয়ৰ যোগেদি ছবি জগতত আত্মপ্ৰকাশ কৰা মাজিদিয়ে বিখ্যাত পৰিচালক Mohsen Makhmalbaf ৰ ছবিটো (Boycott) অভিনয় কৰিছিল আৰু পাছলৈ নিজে ছবি নিৰ্মাণ কৰিবলৈ লয়৷ বিশ্বমানৰ কলাসন্মত ছবিৰ নিৰ্মাতাগৰাকীয়ে ইতিমধ্যে Children of Heaven, The song of Sparrow, Baran, The color of Paradise, Mohammad: The messenger of God আদি বহুকেইখন ছবিৰ যোগেদি দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে৷ ইয়াৰে Children of Heaven ছবিখন একাডেমী এৱাৰ্ডৰ বাবে মনোনীত হোৱা প্ৰথমখন ইৰানী ছবি৷ প্ৰখ্যাত ভাৰতীয় ছবি নিৰ্মাতা সত্যজিৎ ৰায়ৰ যোগেদি ভাৰতীয় বোলছবি জগতৰ সৈতে পৰিচয় হোৱা এইগৰাকী পৰিচালকে বিগত ২০১৮ বৰ্ষত মুক্তি দিয়ে হিন্দী ছবি Beyond the Clouds৷ পৰিচালকগৰাকীৰ ভাষাত– ‘ভাৰত আৰু ইৰান দুই দেশৰ মাজত সাংস্কৃতিক আৰু ভাষাগত মিল আছে৷ ইয়াৰ উপৰিও চিনেমাৰ এটা নিৰ্দিষ্ট ভাষা আছে, যি বাকী সকলো কথা আওকাণ কৰিব পাৰে৷ ’
ছবিৰ কাহিনীভাগঃ মুম্বাই মহানগৰীৰ এটা কোলাহলপূৰ্ণ বস্তি অঞ্চলত বায়েকৰ সৈতে বাস কৰা এটা কিশোৰ আমিৰ আৰু তাৰ বায়েক তাৰাৰ জীৱনৰ এছোৱা অত্যন্ত সাৱলীলভাৱে উপস্থাপনেৰে নিৰ্মিত হৈছে পৰিচালক মাজিদ মাজিদিৰ Beyond the Clouds ছবিখন৷ ছবিখনৰ আৰম্ভণিতে দেখা যায় পোন্ধৰ-ষোল্ল বছৰীয়া কিশোৰ আমিৰক তাৰ বন্ধুৰ সৈতে ড্ৰাগছ্ ক্ৰয় কৰা আৰু সৰবৰাহ কৰাৰ দৃশ্যৰাজি৷ এদিন বহুত ডাঙৰ মানুহ হোৱাৰ সপোন মনত পুহি ৰখা কিশোৰ আমিৰে নিজৰ বিষয়ে কোৱা অনুসৰি মাক-দেউতাকক দুৰ্ঘটনাত হেৰুওৱাৰ পাছত বায়েক আৰু ভিনিহিয়েকৰ সৈতে থাকিবলৈ লৈছিল৷ কিন্তু মদাহী ভিনিহিয়েকৰ অত্যাচাৰ সহিব নোৱাৰি দুয়ো সেই বস্তি অঞ্চলত থাকিবলৈ আৰম্ভ কৰে৷ আমিৰে সৰু-সুৰা কাম কৰে আৰু আশা কৰে এদিন বহুত ডাঙৰ কাম কৰিব যিটোৱে তাৰ জীৱনৰ গতিপথ সলনি কৰি দিব৷ ভৱিষ্যত বুলিবলৈ একো নথকা আমিৰে এদিন ড্ৰাগছৰ সৰবৰাহত লিপ্ত হয়৷ কৰ্কশ যেন লগা ড্ৰাগছ ব্যৱসায়ীজনৰ হাতত ড্ৰাগছৰ সৰু টোপোলাটো তুলি দিওঁতে সদায়ে তাৰ টকাৰ কাৰণে বাক-বিতণ্ডা হয়৷ আমিৰে পাছলৈ ব্যৱসায়ীজনৰ তীব্ৰ যৌনক্ষুধাৰ সুযোগ লোৱা দৃশ্যও ছবিখনত দেখা পোৱা যায়৷ পূৰ্বৰ বাকী টকা আদায় নিদিয়াৰ বাবে হোৱা বাক-বিতণ্ডাৰ পাছত আমিৰক এসেকা দিবলৈ ব্যৱসায়ীজনে আমিৰৰ বন্ধুৰ হতুৱাই পুলিচৰ সমুখত ফান্দত পেলায়৷ ছবিখনৰ ঔৎসুকতাপূৰ্ণ আৰু বিৰামহীন কাহিনীৰাজি আৰম্ভ হয় ইয়াৰ পাছৰ পৰাই৷
পুলিচে খেদি নিয়া আমিৰে তাৰ সৰু বস্তিটোত সোমাই বায়েকৰ ওচৰত আত্মগোপন কৰিব খোজে৷ বায়েক তাৰাই আমিৰক ঘৰৰ পাছফালে থকা ধোবীৰ ওচৰলৈ নি কাপোৰৰ দ’ম এটাৰে ঢাকি লুকুৱাই ৰাখে৷ অৱশ্যে বায়েক তাৰায়ো ধোবীৰ কাম কৰা দেখা যায়৷ ইয়াৰ পাছৰভাগত আমিৰক তাৰাই ঘৰৰ পৰা আঁতৰাই ভাৰাঘৰত ৰখাৰ সিদ্ধান্ত লয়৷ ঘৰৰ পৰা যোৱাৰ সময়ত ৰাস্তাত আমিৰে তাৰ ড্ৰাগছ্ৰ পেকেটটো বিছাৰি উন্মাদৰ দৰে হয়৷ তাৰ পাছদিনা তাৰাই তাক পেকেটটো দিবলৈ যাবৰ বাবে সাজু হয়৷ তেনেতে চুবুৰীয়া ধোবা অক্ষিয়ে তাৰাক শুকাবলৈ শাৰী শাৰীকৈ মেলি দিয়া কাপোৰৰ মাজলৈ মাতি নিয়ে আৰু তাইক ভায়েকৰ ওচৰলৈ যোৱাত বাধা দিয়ে৷ ছবিখনত মেলি থোৱা কাপোৰৰ মাজত তাৰাৰ আৰু অক্ষিৰ টনা-আঁজোৰা হোৱা দৃশ্যটো ছাঁ আৰু পোহৰৰ এটা সুন্দৰ দৃশ্যৰে উপস্থাপন কৰা হৈছে৷
অক্ষি দক্ষিণ ভাৰতৰ পৰা আহি মুম্বাইত কাম কৰা শ্ৰমিক যি তাৰাৰ প্ৰেমিক কিন্তু তাৰাই অক্ষিক পাৰ্যমানে এৰাই চলে৷ আনকি অক্ষিয়ে তাৰাক ধৰ্ষণ কৰাৰ কথাও ছবিখনত স্পষ্ট৷ সেয়া যি কি নহওক, টনা-আঁজোৰাত তাৰাই খঙত একো নাই হৈ ওচৰতে পোৱা শিল এচটাৰে অক্ষিৰ মূৰত মাৰি পলাবলৈ ধৰোঁতেই ধৰা পৰে আৰু পুলিচে আটক কৰে আৰু পাছত জেললৈ প্ৰেৰণ কৰে৷ এই ঘটনাৰ খবৰ পাই ভায়েক আমিৰে তাৰাক লগ পাবৰ বাবে পুলিচ থানালৈ যায় যদিও পুলিচে আমিৰক বাহিৰ কৰি দিয়ে৷ লগে লগে উন্মাদৰ দৰে আমিৰে হস্পিটেলত থকা অক্ষিৰ ওচৰলৈ যায় আৰু অক্ষি ভাল হ’লে তাৰ মুখেৰে তাৰা যে নিৰ্দোষী এই কথা স্বীকাৰ কৰাই তাৰাক মুকলি কৰি অনাৰ কথা চিন্তা কৰে৷
ইয়াৰ লগে লগে আমিৰেবায়েক তাৰাৰ জীৱনৰ জটিলতাখিনি উপলদ্ধি কৰিবলৈ আৰম্ভ কৰে৷ আৰু বায়েকক ঘূৰাই অনাৰ আশাত হস্পিটেলত আমিৰে বহুত কষ্টৰে অক্ষিক অভিভাৱকৰ দৰে শুশ্ৰূষা কৰে যদিও পাছলৈ অক্ষিৰ জ্ঞান ঘূৰি অহাত আমিৰে প্ৰাণ কাঢ়ি নিয়াৰ চূড়ান্ত ভাবুকি দিয়া দেখা যায়৷ আমিৰৰ বাবে যেন তাৰা জেলৰ পৰা মুকলি হৈ অহাটোৱেই শেষ কথা৷ ইমানলৈকে সৰলৰৈখিকভাৱে চলি থকা কাহিনীভাগত হঠাৎ জটিলতাৰ সৃষ্টি কৰে দক্ষিণ ভাৰতীয় অক্ষিৰ মাক আৰু দুজনী জীয়েকৰ আগমনে৷ হিন্দী আৰু ইংৰাজী কোনোটো ভাষাই ভালদৰে ক’ব আৰু বুজিব নোৱাৰা পৰিয়ালটোৰ বাবে আমিৰৰ অন্য এক আহুকালৰ সৃষ্টি হয়৷ অৱশ্যে অক্ষিৰ ডাঙৰ জীয়েকে ইংৰাজী কিছু ক’ব আৰু বুজিব পৰা বাবে বেছি অসুবিধা নহ’ল৷
তেওঁলোকৰ ধাৰণাত আমিৰে অক্ষিক চোৱা-চিতা কৰিছে, তেওঁলোকক আশ্ৰয় দিছে, খাবলৈ দিছে গতিকে আমিৰ এটা ভাল ল’ৰা৷ আমিৰৰ চিন্তা আৰু মানসিকতাৰ পৰিৱৰ্তন হৈছে এইখিনিৰ পৰাই৷ বেপৰোৱা আৰু উদণ্ড আমিৰে পৰিয়ালটোৰ সৰু ছোৱালী ‘আশা’ৰ সৈতে খেলিবলৈ আৰম্ভ কৰে, ছাঁ-পোহৰেৰে পৰ্দাত চিনেমাৰ দৰে নৃত্য-ভংগীমাৰ ছবি সৃষ্টি কৰি ধেমালি কৰে৷ ইফালে জেলত একেটা চেলতে থকা এজনী মানুহৰ সৰু ছোৱালী ‘ছটো’ৰ সান্নিধ্যত নিজৰ দুখ পাহৰিবৰ চেষ্টা কৰে৷ বেমাৰী মাকৰ মৃত্যুৰ পিছত তাইক তুলি-তালি ডাঙৰ কৰাৰ সকলো দায়িত্ব তাৰাই যেন মূৰ পাতি লৈছে এনে ভাৱ হয়৷ একমাত্ৰ সৰু ছোৱালীজনীৰ বাবেই তাৰা জী থাকিব খোজে৷ হস্পিটেলত অক্ষিৰ মৃত্যুৰ পাছত আমিৰে তাৰাক দেখা কৰিবলৈ যাওঁতে এই কথা উন্মাদৰ দৰে চিঞৰি চিঞৰি কয়৷
ছবিখনক মাক-দেউতাকক অকালতে হেৰুওৱা দুজনী সৰু ছোৱালী আশা আৰু ছটো ৰ নিষ্পাপ আৰু কোমল হাঁহিত একে সময়তে আমিৰ আৰু তাৰাই সকলো দুখ-যন্ত্ৰণা পাহৰি যোৱা দৃশ্যই এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ আৰু শেষত হস্পিটেলৰ পৰা ঘূৰি অহাৰ সময়ত হোলী খেলি থকা এদল ল’ৰা-ছোৱালীৰ মাজেদি আমিৰে আশাক কোলাত তুলি লৈ গৈছে, আনফালে জেলৰ ভিতৰত তাৰাই জোনবাই চাবলৈ মন কৰা ছটোক মাজৰাতি শিকলিৰে বান্ধি ৰখা দুৱাৰৰ ফাঁকেৰে আকাশখন দেখুৱাইছে আৰু তাইৰ হাঁহিটোত আপোন পাহৰা হৈ বাহিৰৰ বৰষুণ হাতেৰে চুইছে৷ ইয়ো ছবিখনৰ এক ইংগিতধৰ্মী আবেদন বহন কৰি দৰ্শকক এক আৱেগিক উপলদ্ধি কৰাবলৈ সক্ষম হৈছে৷
ছবিখন কাহিনী আৰু চৰিত্ৰবোৰৰ উপৰিও কাৰিকৰীভাৱেও যথেষ্ট উন্নত মানদণ্ডৰ হৈছে৷ বিশেষকৈ চিনেমেটোগ্ৰাফী আৰু কেমেৰাই ছবিখন দৰ্শকৰ চকুত জীৱন্ত ৰূপত তুলি ধৰিলৈ সক্ষম হৈছে৷ ছবিখনৰ কলা-কুশলীসকলৰ ভিতৰত অনিল মেহতাৰ চিনেমেটোগ্ৰাফী আৰু এ আৰ ৰহমানৰ সংগীত বিশেষভাৱে উল্লেখযোগ্য৷ অভিনয় শিল্পীৰ ভিতৰত আমিৰৰ চৰিত্ৰত অভিনয় কৰা ঈশান খাট্টাৰ, তাৰাৰ চৰিত্ৰত মালবিকা মোহনন আৰু অক্ষিৰ চৰিত্ৰত অভিনয় কৰা বাংলা ছবি নিৰ্মাতা গৌতম ঘোষৰ অভিনয় অত্যন্ত সুন্দৰ হৈছে৷ সমালোচনাত্মক দৃষ্টিৰে চালে ছবিখন পঞ্চাশৰ দশকৰ ইটালিয়ান ছবি [বাইচাইক’ল থিভছ্ ইত্যাদি ] আৰু প্ৰাসঙ্গিকভাৱে সত্যজিত ৰায়ৰ কিছু ছবিৰ সৈতে সাদৃশ্য থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ অন্যহাতেদি বহুক্ষেত্ৰত ছবিখনে ভাৰতীয় ছবিৰ আৱেগিক উপস্থাপনশৈলীটোক নেওচা দিয়া দেখা যায়৷ ছবিখনৰ বহুকেইটা দৃশ্যত আৱেগিক ৰূপ দিয়াত পৰিচালক যিমান সফল হ’ব লাগিছিল সিমান হোৱা নাই যেন অনুভৱ হয়৷ ইয়াৰ উপৰিও সংলাপৰ ক্ষেত্ৰত সৰু সৰু দুই-এটা আঁসোৱাহ থকা যেন লাগে৷ তদুপৰি ভাৰতীয় ন্যায় ব্যৱস্থাত চলি থকা অনিয়ম আৰু অন্যায়ক আলোকপাত কৰিবৰ বাবে পৰিচালক সম্পূৰ্ণ সফল হোৱা নাই যেন ভাৱ হয়৷ সেয়া যি কি নহওক, মাজিদিৰ প্ৰথমখন বলিউডী ছবি হিচাপে সম্পূৰ্ণ সফল নহ’লেও আগ্ৰহী দৰ্শকৰ বাবে এখন উৎকৃষ্ট মানদণ্ডৰ ছবি হিচাপে গণ্য কৰিব পাৰি৷
তথ্যসূত্ৰঃ ইণ্টাৰনেট